সমললৈ যাওক

আদিল হুছেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আদিল হুছেইন

লাইফ অৱ পাই চলচ্চিত্ৰখনৰ এখন সংবাদমেলত
জন্ম ০৫ অক্টোবৰ, ১৯৬৩ (৬২ বছৰ)
গোৱালপাৰা, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান নেচনেল স্কুল অৱ ড্ৰামা
ড্ৰামা ষ্টুডিঅ' লণ্ডন
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৯৯–বৰ্তমানলৈ
জনা যায় লাইফ অৱ পাই, দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট

আদিল হুছেইন (ইংৰাজী: Adil Hussain) অসমৰ এজন প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। তেখেতে বহুকেইখন হিন্দী আৰু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। তেখেতে দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট (২০১২) আৰু লাইফ অৱ পাই (২০১২) আদিৰ দৰে হলিউডৰ চলচ্চিত্ৰটো অভিনয় কৰিছে।[1]

আদিল হুছেইনে মঞ্চ নাটকৰ পৰা আৰম্ভ কৰি আন্তর্জাতিক পৰ্যায়ৰ পৰ্দালৈকে নিজৰ প্ৰতিভা বিস্তাৰ কৰিছে। অসমৰ বহুতো চিনেমাত তেখেতে অভিনয় কৰাৰ লগতে, বলিউডত একাধিক জনপ্ৰিয় চলচ্চিত্ৰত অংশগ্ৰহণ কৰিছে। তেওঁৰ স্বাভাৱিক আৰু শক্তিশালী অভিনয়শৈলীৰ বাবে সমালোচকৰ পৰা বিৰাট প্ৰশংসা লাভ কৰিছে।[2]

চমু জীৱনী

[সম্পাদনা কৰক]

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

আদিল হুছেইনৰ জন্ম অসমৰ গোৱালপাৰা জিলাত হৈছিল আৰু তেওঁৰ শৈশৱ তাতেই অতিবাহিত হয়। তেওঁৰ পিতৃ পেচাত এজন শিক্ষক আছিল। মুঠ ৭জন সন্তানৰ ভিতৰত তেওঁ সকলোতকৈ সৰু আছিল।[3]

হুছেইনে বিদ্যালয়ত অনুষ্ঠিত নাটক আদিত অভিনয় কৰিছিল[4]। তেখেতে ১৮ বছৰ বয়সত ঘৰ এৰি[5] দৰ্শন শিক্ষা অধ্যায়নৰ বাবে গুৱাহাটীবি বৰুৱা মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰে[3]। মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাত তেখেতে নাটকত ব্যংগাত্মক চৰিত্ৰসমূহত অভিনয় কৰে। তেখেতে অসমৰ বিখ্যাত কৌতুকগোষ্ঠী "ভায়ামামা"ত বলিউডৰ অভিনেতাসকলৰ ব্যংগাত্মক চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পাছত তেখেতে এখন ভ্ৰাম্যমাণ থিয়েটাৰত যোগ দিয়ে আৰু কিছু স্থানীয় ছবিটো কাম কৰে[5][6]। তেখেত এনেদৰে প্ৰায় ৬ বছৰ কাল অসমত অতিবাহিত কৰে। ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ তেখেতে দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (National School of Drama) অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত তেখেতে "চাৰ্লছ ৱালেছ ইণ্ডিয়া ট্ৰাষ্ট"ৰ বৃত্তি পাই লণ্ডন"ড্ৰামা ষ্টুডিঅ’ লণ্ডন"ত অভিনয়ৰ উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয়[7][8][9]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৪ চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত, হুছেইনে অসমৰ 'হেঙুল থিয়েটাৰত' যোগদান কৰি ৩ বছৰ কাম কৰি পুনৰ দিল্লীলৈ যায়[3]। দিল্লীত তেখেতে মঞ্চ কেৰিয়াৰৰ আৰম্ভণি কৰে যদিও তেখেতে "খালিদ ত্যাবজী"ৰ তত্ত্বাৱধানত অভিনয় শিক্ষা বৰ্তাই ৰাখে। ত্যাবজীৰ পাছত তেখেতে পণ্ডিচেৰীৰ "অৰবিন্দ্ৰ আশ্ৰম"ত "সৌপান বসু"ৰ তত্ত্বাৱধানত, আৰু পাছত পুনৰ দিল্লীৰ "দিলীপ শংকৰ"ৰ ওচৰত অভিনয় শিক্ষা লয়[3]। অভিনেতা হিচাপে, ১৯৯৯ চনত আদিলে "অ’থেল’: এ প্লে ইন ব্লেক এণ্ড হোৱাইট" (Othello: A Play in Black and White) নাটকৰ বাবে "এডিনবাৰ্গ ফ্ৰিঞ্জ" পুৰস্কাৰ লাভ কৰিছিল[7]। ইয়াৰ পাছতেই "ৰয়ষ্টেন এবেল" (Roysten Abel) পৰিচালিত "গুডবাই ডেচডি’মনা" (Goodbye Desdemona) নাটকত অভিনয়ৰ বাবেও প্ৰশংসিত হৈছিল। হাম্পিৰ "ছ’চাইটি ফৰ আৰ্টিষ্ট এণ্ড পাৰফৰ্মাছ"ৰ ২০০৪ চনৰ পৰা ২০০৭ চনলৈ প্ৰশিক্ষক হোৱাৰ উপৰিও[6] হেগ চহৰৰ "ৰয়েল কনজাৰভেটৰী অব্‌ পাৰফৰ্মিং আৰ্ট"ৰ[10] আৰু তেখেতৰ পূৰ্বৰ অভিনয়ৰ শিক্ষাস্থল দিল্লীৰ "ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়"ত এজন অনিয়মিত প্ৰশিক্ষক। হিচাপে কাম কৰিছিল[6][9]

২০০৪ চনত তেওঁ ছোহা আলি খানৰ সৈতে ইতি শ্ৰীকান্ত বোলছবিৰ মুখ্য চৰিত্ৰত অভিনয়েৰে বঙালী ছবিজগতত খোজ পেলায়।[11] দূৰদৰ্শনত বিবিচি ৱৰ্ল্ড চাৰ্ভিচ ট্ৰাষ্টে প্ৰযোজনা কৰা ডিটেকটিভ ধাৰাবাহিক জাচুচ বিজয়ৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। যদিও তেওঁ কেইখনমান অসমীয়া চলচ্চিত্ৰ,[9] বিশাল ভৰদ্বাজকমিনে' আৰু ছ'না জৈনৰ ফৰ ৰিয়েল বোলছবিৰ দুই-এটি সৰু চৰিত্ৰত অভিনয় কৰিছিল, ২০১০ চনত মুক্তিপ্ৰাপ্ত অভিষেক চৌবে'ইস্কিয়া বোলছবিৰ জৰিয়তেহে তেওঁ বলিউডৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।[12] বলিউডত তেওঁ প্ৰথমটো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে ২০১২ চনৰ এজেণ্ট বিনোদ বোলছবিত। একেবছৰতে তেওঁ অভিনীত বোলছবি ইটালীৰ পৰিচালক Italo Spinelliৰ 'Gangor', মীৰা নায়াৰৰ 'দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট' আৰু এং লীৰ 'লাইফ অৱ পাই' মুক্তি পায়।[8]

তেওঁ শ্ৰীদেৱীৰ সৈতে ইংলিছ ৱিংলিছ (২০১২) বোলছবিত অভিনয় কৰি ছবি সমালোচকৰপৰা উচ্চ প্ৰশংসা লাভ কৰে। লেছন্‌ছ ইন ফৰগেটিং বোলছবিত কৰা অভিনয়ৰ বাবেও New Jersey Independent South Asian Cine Festত তেওঁ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।[13]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

হুছেইন এজন বিবাহিত পুৰুষ আৰু তেখেতৰ এজন পুত্ৰ সন্তান আছে। তেখেত বৰ্তমান দিল্লীৰ বাসিন্দা।[6]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
দূৰদৰ্শন ধাৰাবাহিক
চুটি ছবি (সত্যজিৎ ৰায় চলচ্চিত্ৰ আৰু দূৰদৰ্শন ইনষ্টিটিউটৰ বাবে)

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

[সম্পাদনা কৰক]
আদিল হুছেইনৰ অভিনীত চলচ্চিত্ৰসমূহ
চলচ্চিত্ৰৰ নামমুক্তিৰ বৰ্ষভাষা
ইন অথেল২০০৩ইংৰাজী
ইতি শ্ৰীকান্ত২০০৪বঙালী
কমিনে'২০০৯হিন্দী
ইস্কিয়া২০১০হিন্দী
এজেণ্ট বিনোদ২০১২হিন্দী
ইংলিছ ৱিংলিছ২০১২হিন্দী
দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট২০১২ইংৰাজী
লাইফ অৱ পাই২০১২ইংৰাজী
লেছনচ ইন ফৰগেটিং (Lessons in Forgetting)২০১২ইংৰাজী
লুটেৰা২০১৩হিন্দী
ৰাগ - দ্য ৰিদম অৱ লাভ২০১৪অসমীয়া
কাঞ্চি - দ্য আনব্ৰেকেবোল২০১৪হিন্দী
দ্য এক্সপ'জ২০১৪হিন্দী
শৃংখল২০১৪অসমীয়া
ৰ'দৰ চিঠি২০১৪অসমীয়া
জেদ প্লাচ২০১৪হিন্দী
টাইগাৰছ্ / হোৱাইট লাইজ২০১৪হিন্দী
মেই অউৰ চাৰ্লচ২০১৫হিন্দী
জয় হো ডেম'ক্ৰেচি২০১৫হিন্দী
আনফ্ৰিড'ম২০১৫হিন্দী
পাৰ্চড২০১৫হিন্দী
ফিষ্ট অৱ্ বাৰাণসী২০১৫হিন্দী
য়াট্চান২০১৫তামিল
আহান২০১৫হিন্দী
নানক শ্বাহ ফকিৰ২০১৫ইংৰাজী
অৰুনোদয়২০১৫মাৰাঠী
এংগ্ৰি ইণ্ডিয়ান গডেছ২০১৫হিন্দী
হৰ হৰ ব্যোমকেশ২০১৫বঙালী
উম্ৰিকা২০১৫হিন্দী
দ্য ভায়'লিন প্লেয়াৰ২০১৬হিন্দী
ক্ৰেচ টেষ্ট আলগে২০১৬
বম্বাৰিয়া২০১৬হিন্দী
ফ'ৰ্ছ ২২০১৬হিন্দী
কথানদী২০১৬অসমীয়া
লীনাচ বিউটি পাৰ্লাৰ২০১৬
চক্ৰ২০১৬হিন্দী
কামাণ্ডো ২ ২০১৭হিন্দী
Love Sonia২০১৬হিন্দী
মন্ত্ৰ ২০১৭হিন্দী
মুক্তি ভৱন২০১৭হিন্দী
দোবাৰা: ছি ইয়'ৰ এভিল২০১৭হিন্দী
হোৱাট ৱিল পিপ'ল চে[14] ২০১৭নৰৱে'
মাজ ৰাতি কেতেকী[15] ২০১৭অসমীয়া
Naval Enna Jewel২০১৭মালায়ালম
দ্য ইলিগেল২০১৭ইংৰাজী[16]
মাটি২০১৮বঙালী
অহাৰে মন২০১৮বঙালী
আইয়াৰী২০১৮হিন্দী
বায়'স্ক'পৱালা২০১৮হিন্দী
2.0 (film)[17]২০১৮তামিল
Nine Hours In Mumbai২০০১৮হিন্দী[18]
ৰাজমা চাৱল ২০১৮হিন্দী
দিল্লী ক্ৰাইম২০১৯হিন্দী
কবীৰ সিং২০১৯হিন্দী
গুড নিউজ২০১৯হিন্দী
নিৰ্ভনা ইন্২০১৯হিন্দী
ৰাহগীৰ২০১৯হিন্দী
ৰাম২০১৯মালায়ালম
আখুনি (চলচ্চিত্ৰ)২০২০হিন্দী
পৰীক্ষা২০২০হিন্দী
চন শ্ৰেণী চলচ্চিত্ৰ ফলাফল
২০১৭ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – বিশেষ উল্লেখ (ফিচাৰ চলচ্চিত্ৰ) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – বিশেষ জুৰী বঁ‌টা / বিশেষ উল্লেখ (ফিচাৰ চলচ্চিত্ৰ) মুক্তি ভৱন বিজয়ী
২০১৭ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – বিশেষ উল্লেখ (ফিচাৰ চলচ্চিত্ৰ) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – বিশেষ জুৰী বঁ‌টা / বিশেষ উল্লেখ (ফিচাৰ চলচ্চিত্ৰ) মাজ ৰাতি কেতেকী বিজয়ী

অন্যান্য বঁ‌টা/সন্মান

[সম্পাদনা কৰক]

নৰৱে’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হোৱাট উইল পিপ’ল চে ছবিত কৰা সাৱলীল অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে সন্মানীয় ‘আমান্দা বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছিল।[19]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Life of Pi - a fascinating story". EF News International. 28 November 2012. Archived from the original on 1 November 2013. https://web.archive.org/web/20131101005406/http://www.efi-news.com/2012/11/life-of-pi-fascinating-story-movie.html.
  2. আদিল হুছেইনৰ জীৱনী: Dev Library অসমৰ বিশ্বখ্যাত অভিনেতা Post Updated 21-09-2025
  3. 1 2 3 4 "Grey Matter". India Today. December 28, 2012. Archived from the original on February 18, 2013. https://web.archive.org/web/20130218180014/http://indiatoday.intoday.in/story/adil-hussain-is-bollywood-life-of-pi-english-vinglish-ishqiya/1/239865.html আহৰণ কৰা হৈছে: Feb 25, 2013.
  4. "Psychologies: ‘English Should Not Diminish Respect For All Languages’". Tehelka. 2013-03-02, Issue 09 Volume 10. Archived from the original on 2013-11-03. https://web.archive.org/web/20131103094827/http://www.tehelka.com/psychologies-english-should-not-diminish-respect-for-all-languages/ আহৰণ কৰা হৈছে: Feb 25, 2013.
  5. 1 2 "Steamed to perfection". The Hindu. 3 October 2012. http://www.thehindu.com/life-and-style/Food/steamed-to-perfection/article3961330.ece.
  6. 1 2 3 4 "A new thinking woman’s pin-up is born". Time Out, Mumbai. 27 April 2012. Archived from the original on 22 September 2013. https://web.archive.org/web/20130922085947/http://www.timeoutmumbai.net/film/features/look-who%E2%80%99s-talking আহৰণ কৰা হৈছে: 25 February 2013.
  7. 1 2 "Role call". The Hindu. 9 September 2010. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/article621922.ece.
  8. 1 2 "Goalpara boy hits the big time". The Times of India. 23 Mar 2012. Archived from the original on 2013-01-03. https://archive.today/20130103100519/http://articles.timesofindia.indiatimes.com/2012-03-23/guwahati/31229682_1_adil-hussain-ang-lee-bollywood.
  9. 1 2 3 "Adil Hussain: Destiny's child". The Times of India, Crest Edition. 29 January 2011. Archived from the original on 16 October 2013. https://web.archive.org/web/20131016211933/http://www.timescrest.com/culture/adil-hussain-destinys-child-4672.
  10. "I’m Sridevi’s husband: Adil Hussain". Hindustan Times. 1 April 2012. Archived from the original on 3 November 2012. https://web.archive.org/web/20121103065533/http://www.hindustantimes.com/Entertainment/Bollywood/I-m-Sridevi-s-husband-Adil-Hussain/Article1-833360.aspx.
  11. "Adil is back". The Times of India. 11 Nov 2009. Archived from the original on 2013-01-03. https://archive.today/20130103114424/http://articles.timesofindia.indiatimes.com/2009-11-11/news-interviews/28080926_1_adil-hussain-irrfan-nsd.
  12. "I'm paid well now: Adil Hussainref". The times of India. 16 Sep 2010. Archived from the original on 2013-08-22. https://web.archive.org/web/20130822113341/http://articles.timesofindia.indiatimes.com/2010-09-16/news-interviews/28217312_1_saif-ali-khan-kareena-omkara.
  13. "'English Vinglish' star Adil Hussain wins best actor award at US fest". CNN-IBN. 12 Oct 2012. Archived from the original on 2012-10-15. https://web.archive.org/web/20121015021038/http://ibnlive.in.com/news/english-vinglish-star-adil-hussain-wins-best-actor-award-at-us-fest/300039-8-66.html.
  14. "Iram Haq making a film about how she was kidnapped by her own parents". Cineuropa.org. 21 February 2017. http://cineuropa.org/nw.aspx?t=newsdetail&l=en&did=323647 আহৰণ কৰা হৈছে: 15 June 2017.
  15. "People will go to theatres if quality of films improve: Adil". Business Standard. Press Trust of India (Guwahati). 17 December 2015. http://www.business-standard.com/article/pti-stories/people-will-go-to-theatres-if-quality-of-films-improve-adil-115121700705_1.html আহৰণ কৰা হৈছে: 4 January 2016.
  16. "Looking forward to start 'The Illegal' shoot: Adil Hussain". The New Indian Express. 30 June 2017. https://www.newindianexpress.com/entertainment/hindi/2017/jun/30/looking-forward-to-start-the-illegal-shoot-adil-hussain-1622594.html আহৰণ কৰা হৈছে: 9 February 2020.
  17. "Adil Hussain has a role in 2.0". Times of India. http://www.timesofindia.com/entertainment/tamil/movies/news/Adil-Hussain-has-a-role-in-2-0/articleshow/52054145.cms আহৰণ কৰা হৈছে: 15 June 2017.
  18. "Nine Hours In Mumbai Movie: Showtimes, Review, Trailer, Posters, News & Videos | eTimes". timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/entertainment/hindi/movie-details/nine-hours-in-mumbai/movieshow/61934638.cms আহৰণ কৰা হৈছে: 3 January 2018.
  19. "নৰৱে’ৰ চলচ্চিত্ৰ সন্মানীয় ‘আমান্দা বঁটা’ লাভ কৰা আদিল হুছেইনক অভিনন্দন মুখ্য মন্ত্ৰী সোণোৱালৰ". নৰ্থ-ইষ্ট নাও. https://assam.nenow.in/assam-cm-sonowal-congratulates-adil-hussain-for-winning-amanda-award-in-norway/ আহৰণ কৰা হৈছে: 21 June 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]