আখুনি (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আখুনি

আখুনিৰ প'ষ্টাৰ
পৰিচালক নিক’লাছ খাৰকংগ’ৰ
প্ৰযোজক সিদ্ধান্ত আনন্দ কুমাৰ
বিক্ৰম মেহৰা
অভিনয়ত চায়ানী গুপ্তা
বিনয় পাঠক
ড’লি আহলুৱালিয়া
লিন লাইশ্ৰাম
আদিল হুছেইন[2]
চিত্ৰগ্ৰহণকাৰী পৰাশৰ বৰুৱা
সম্পাদনা সুৰেশ পাই
সংগীত পৰিচালক তজদাৰ জুনেইদ
প্ৰযোজনা
কোম্পানী
সাৰেগামা ইণ্ডিয়া
য়ুডলি ফিল্মছ[3]
মুক্তি
২ অক্টোবৰ ২০১৯ (2019-10-02) (লণ্ডন চলচ্চিত্ৰ মহোৎসৱ)
১৯ অক্টোবৰ ২০১৯ (2019-10-19) (মুম্বাই চলচ্চিত্ৰ মহোৎসৱ)
১২ জুন ২০২০ (2020-06-12) (ভাৰত)[1]
দৈৰ্ঘ্য
৯৬ মিনিট
দেশ  ভাৰত
ভাষাসমূহ হিন্দী, ইংৰাজী, অন্যান্য উত্তৰ পূবমূলীয় ভাষা

আখুনি (ইংৰাজী: Axone) নিক’লাছ খাৰকংগ’ৰ পৰিচালিত মূলতঃ হিন্দী ভাষাৰ এখন হাস্যমধুৰ তথা নাটকীয় উপাদানযুক্ত চলচ্চিত্ৰ। সাৰেগামা ইণ্ডিয়া আৰু য়ুডলি ফিল্মছৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ ২০১৯ চনত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হয়। ২০২০ চনৰ ১২ জুনত আখুনিয়ে নেটফ্লিক্সৰ মাধ্যমেৰে ভাৰতত মুক্তিলাভ কৰে। সাংস্কৃতিক বৈষম্য আৰু সংঘাতক প্ৰধান বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা[4] এই ছবিখনত চায়ানী গুপ্তা, বিনয় পাঠক, আদিল হুছেইন, লিন লাইশ্ৰাম আদি অভিনেতাই অভিনয় কৰিছে। ছবিখনৰ ঘটনাক্ৰম উত্তৰ-পূবৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে এক বিবাহ অনুষ্ঠানৰ আয়োজন কৰিব বিচৰাক কেন্দ্ৰ কৰি আগবাঢ়িছে।[5]

পটভূমি[সম্পাদনা কৰক]

মূলতঃ জাতিগত বৈষম্য আৰু ৰক্ষণশীল সাংস্কৃতিক ভাৱধাৰাক উপজীৱ্য হিচাপে লৈয়েই আখুনিৰ কাহিনীভাগ ৰচনা কৰা হৈছে। উত্তৰ পূবৰ লোকসকলৰ জীৱনশৈলী আৰু তেওঁলোকে সন্মুখীন হৈ অহা জাতিগত বৈষম্যক লৈ নিৰ্মিত এইখনেই প্ৰথমখন মূলসুঁতিৰ হিন্দী চলচ্চিত্ৰ।[6]

দক্ষিণ দিল্লীৰ হুমায়ুনপুৰ নিবাসী উত্তৰ পুৰ্বাঞ্চলৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে এগৰাকী বান্ধৱীৰ বিবাহৰ আয়োজন কৰে। এই উপলক্ষত তেওঁলোকে আখুনি নামৰ এক বিশেষধৰণৰ ব্যঞ্জন ৰান্ধিবলৈ লোৱাক কেন্দ্ৰ কৰিয়েই কাহিনীয়ে গতি লাভ কৰিছে। আখুনি হৈছে নাগালেণ্ডত পৰম্পৰাগতভাৱে শুকুৱাই সংৰক্ষণ কৰি ৰখা ছয়াবীনৰ সৈতে ৰন্ধা গাহৰি মাংসৰ ব্যঞ্জন বিশেষ। যিসকল এই খাদ্যবিধৰ সৈতে পৰিচিত নহয় তেওঁলোকৰ বাবে আখুনিৰ তীব্ৰ গোন্ধ অস্বস্তিকৰ হ'ব পাৰে। গতিকে এই ব্যঞ্জনবিধ ৰন্ধাক লৈ ভাড়াঘৰৰ গৰাকী আৰু অন্যান্য ভাড়াতীয়াৰ সৈতে এলানি হাস্যমধুৰ ঘটনা সংঘটিত হয়।[6] আখুনিৰ উৎকট গোন্ধৰ বাবে ভাড়াঘৰৰ পঞ্জাবী মালিকনী গৰাকীয়ে মণিপুৰী যুৱতী চান্‌বি (লিন লাইশ্ৰাম) আৰু তেওঁৰ নেপালী বান্ধৱী উপাসনাক (চায়ানী গুপ্তা) খাদ্যবিধ ৰন্ধাত বাধা আৰোপ কৰিছে। ইয়াৰ ফলত তেওঁলোকে আন ঠাইলৈ আখুনি ৰান্ধিবলৈ নি বিভিন্ন অবাঞ্ছিত আৰু বৈষম্যমূলক ঘটনাৰ সন্মুখীন হৈছে।[2][7]

অভিনয় শিল্পী[সম্পাদনা কৰক]

ক্ৰমিক নং অভিনয় শিল্পী চৰিত্ৰ
চায়ানী গুপ্তা উপাসনা
লিন লাইশ্ৰাম চান্‌বি
লানুআকুম আও বেনডাং
টেনজিং ডালহা জ'ৰেম
আছেনলা জামিৰ মিনাম
মেৰেনলা ইমচঙ বালামন
ড'লী আহলুৱালিয়া ভাড়াঘৰৰ মালিকনী
বিনয় পাঠক ভাড়াঘৰৰ মালিক
ৰোহন যোশী শিব
১০ মিল' চুনকা হইনা
১১ আকাশ ভৰদ্বাজ হিৰণ্য
১২ আদিল হুছেইন বিশেষ চৰিত্ৰ ৰূপায়ণ

নিৰ্মাণ আৰু মুক্তিলাভ[সম্পাদনা কৰক]

পৰিচালক নিক'লাছ খাৰকংগ'ৰে ২০১৭ চনত আখুনিৰ কাহিনী লিখি শেষ কৰে আৰু ২০১৮ চনৰ জুন মাহত ২৫ দিনৰ ভিতৰতে দিল্লীত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰা হয়।[8] পৰিচালকজনে কয় যে আখুনিৰ পটভূমি তেওঁৰ নিজৰ ব্যক্তিগত জীৱনৰ ওপৰতে আধাৰিত কাৰণ অন্য উত্তৰ-পূৰ্বাঞ্চলীয় লোকৰ দৰে তেওঁৰ নিজৰো জাতিগত বৈষম্যৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা আছে। ২০১৪ চনত চুলিৰ ৰঙৰ বাবেই এনে বৈষম্যৰ চিকাৰ হৈ দিল্লীত গণপ্ৰহাৰত মৃত্যুবৰণ কৰা অৰুণাচলী ছাত্ৰ নিড' তানিয়া সম্পৰ্কেও চলচ্চিত্ৰখনত পৰোক্ষভাৱে উপস্থাপন কৰা হৈছে।[9]

২০১৯ চনৰ অক্টোবৰত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত আখুনিৰ প্ৰিমিয়াৰ সম্পন্ন কৰা হয় আৰু একেই মাহতে মুম্বাই চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শন কৰা হয়।[9] ২০২০ চনৰ ১২ জুনত নেটফ্লিক্সৰ যোগেদি আখুনিয়ে ভাৰতত মুক্তিলাভ কৰে।[9]

সংগীত[সম্পাদনা কৰক]

আখুনিৰ সংগীত পৰিচালনা তজদাৰ জুনেইদৰ।[10] ছবিখনত মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম, অসম আদি ভাৰতৰ উত্তৰ-পুৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লোকসংগীত সন্নিৱিষ্ট কৰা হৈছে।[11] পাপনে ইয়াৰে 'ডান্স ইট আউট' শীৰ্ষক এটি গীতত কণ্ঠদান কৰিছে[12] আৰু এটি টোকাৰী গীতত উমাকান্ত বৈৰাগীয়ে কণ্ঠদান কৰিছে।[13]

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰসুৰগায়ক দৈৰ্ঘ্য
1. "ডান্স ইট আউট"  বৈভৱ মোদিপাপনপাপন ৩:০দ
2. "ছ'ৰাৰেন"  খ. মাংগি সিংএম. মাংগাংছানামাংকা মায়াংলামবাম পেনা, ম্ৰজিং এম. ৩:১৭
3. "নুৰা পাখাং"  খ. মাংগি সিংমাংকা মায়াংলামবামমাংকা মায়াংলামবাম পেনা, ম্ৰজিং এম. ২:৪৩
4. "বেংডাঙ্‌ছ ড্ৰিমী পিয়ানো"  তজদাৰ জুনেইদতজদাৰ জুনেইদ- ১:৪৪
5. "বেংডাঙ্‌ছ ৱাকিং এৱে"  -তজদাৰ জুনেইদ- ২:১২
6. "কুকিং আপ ষ্ট'ৰ্ম"  -তজদাৰ জুনেইদ- ১:০১
7. "কাজিন ভজন"  -তজদাৰ জুনেইদ- ০:২৩
8. "হয় কিউ নৃত্য সংস্কৰণ"  -তজদাৰ জুনেইদ- ১:৪১
9. "হয় কিউ ছং"  মেক্সটাৰ ৱাৰজিৰিতজদাৰ জুনেইদএলিছেবা খংঠাও, প্যানদাবিয়াংফুল ৱান্নিয়াং, ফ্ৰেদি কনৰ খাৰমোটি, গ্ৰেবিয়েল জি. মমিন, ডেনজিল এন. মাৰ্বানিয়াং, ফিলিপ কাৰ্ছন বাছায়াওমইট, ৰিহুনলাং এম. বাছায়াওমইট ১:৪০
10. "লুকিং ইনটু ভইড"  -তজদাৰ জুনেইদ- ২:০০
11. "টোকাৰী গীত"  --উমাকান্ত বৈৰাগী ৪:৩১
12. "উপাসনাছ থীম"  -তজদাৰ জুনেইদ- ১:৪৮
মুঠ দৈৰ্ঘ্য:
২৬:০৯

প্ৰতিক্ৰিয়া[সম্পাদনা কৰক]

আখুনি চলচ্চিত্ৰখনৰ প্ৰতি সমালোচকসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া আগবঢ়ায়। কিছুসংখ্যক সমালোচকে ছবিখন "বুদ্ধিমত্তাৰে নিৰ্মাণ কৰা সামাজিক মন্তব্য প্ৰদানকাৰী ছবি"[14] আখ্যা দিয়াৰ বিপৰীতে মিনাম চৰিত্ৰটোক অধিকাংশ সময়ত দৃশ্যপটৰ পৰা আঁ‌তৰাই ৰখাৰ বাবে সমালোচনা কৰে।[15] ইয়াৰ লগতে আখুনি সম্পৰ্কত আৰু অধিক তথ্যৰ সংযোগ কৰাৰ থল থকাৰ বিষয়েও কিছুসংখ্যক চলচ্চিত্ৰ সমালোচকে মত পোষণ কৰে।[16]

আইএমডিবিত আখুনিয়ে ১০ ৰ ভিতৰত ৭.২ তাৰকা পোৱাৰ বিপৰীতে[17] ফাৰ্ষ্টপ'ষ্টে ইয়াক ৫ ভিতৰত ৩-ৰে মূল্যাংকন কৰে।[18]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hazarika, Myithili (3 June 2020). "Northeast filmmaker's 'Axone' ready for Netflix with its distinctive cast, theme and aroma". https://theprint.in/features/northeast-filmmakers-axone-ready-for-netflix-with-its-distinctive-cast-theme-and-aroma/434913/. 
  2. 2.0 2.1 Rohan Naahar (Jun 14, 2020). "Axone movie review: Migrant lives matter in moving new film starring Sayani Gupta, out on Netflix". Hindustan Times. https://www.hindustantimes.com/bollywood/axone-movie-review-migrant-lives-matter-in-moving-new-film-starring-sayani-gupta-out-on-netflix/story-BYxOkis2IFGwVPcKUThhNP.html। আহৰণ কৰা হৈছে: 16 June 2020. 
  3. "Yoodlee Films". www.saregama.com. https://www.saregama.com/yoodleefilms/axone.html। আহৰণ কৰা হৈছে: 2020-06-15. 
  4. Kennith Rosario (JUNE 13, 2020). "‘Axone’ movie review: Witty and culturally-rooted". The Hindu. https://www.thehindu.com/entertainment/movies/axone-movie-review-witty-and-culturally-rooted/article31819108.ece। আহৰণ কৰা হৈছে: 16 June 2020. 
  5. "Axone (2019)". imdb.com. https://www.imdb.com/title/tt8747548/। আহৰণ কৰা হৈছে: 15 June 2020. 
  6. 6.0 6.1 Seema Sinha (Jun 14, 2020). "Sayani Gupta on playing a Northeastern character in Netflix film Axone: Authenticity is most important". Firstpost. https://www.firstpost.com/entertainment/sayani-gupta-on-playing-a-northeastern-character-in-netflix-film-axone-authenticity-is-most-important-8475931.html। আহৰণ কৰা হৈছে: 16 June 2020. 
  7. Akanksha Bhatia (Jun 15, 2020). "17 Scenes From ‘Axone’ That Truly Captured The Pain Of Being The ‘Other’ In Your Own Country". Scoopwhoop.com. https://www.scoopwhoop.com/entertainment/17-scenes-from-axone-that-made-us-fall-in-love-with-this-film-its-amazing-cast/। আহৰণ কৰা হৈছে: 16 June 2020. 
  8. MYITHILI HAZARIKA (3 June, 2020). "Northeast filmmaker’s ‘Axone’ ready for Netflix with its distinctive cast, theme and aroma". The Print. https://theprint.in/features/northeast-filmmakers-axone-ready-for-netflix-with-its-distinctive-cast-theme-and-aroma/434913/। আহৰণ কৰা হৈছে: 16 June 2020. 
  9. 9.0 9.1 9.2 Nandini Ramnath (Oct 09, 2019). "North Eastern food ingredient axone plays a starring role in a film about racism and friendship". Scroll.in. https://scroll.in/reel/939757/north-eastern-food-ingredient-axone-plays-a-starring-role-in-a-film-about-racism-and-friendship। আহৰণ কৰা হৈছে: 16 June 2020. 
  10. "Axone". Pune International Film Festival. https://www.piffindia.com/Axone.php। আহৰণ কৰা হৈছে: 17 June 2020. 
  11. "Axone Review: A Rare Slice-Of-Life Portrayal Of The Life Of North Easterners". Box Office Worldwide. https://boxofficeworldwide.com/reviews/axone-review-a-rare-slice-of-life-portrayal-of-the-life-of-north-easterners/। আহৰণ কৰা হৈছে: 17 June 2020. 
  12. "PAPON’S SONG ‘DANCE IT OUT’ FOR MOVIE AXONE RELEASED". newslivetv.com. 11 June 2020. https://newslivetv.com/papons-song-dance-it-out-for-movie-axone-released/। আহৰণ কৰা হৈছে: 17 June 2020. 
  13. "Axone – Music Review (Bollywood Movie Soundtrack)". www.musicaloud.com. https://www.musicaloud.com/2020/07/05/axone-music-review-bollywood-movie-soundtrack/। আহৰণ কৰা হৈছে: ৯ জুলাই ২০২২. 
  14. Aakash Mishra (12 June 2020). "Axone Film Review: A delightful and compelling satire on discrimination faced by the Northeast Indian community". The Scrbblr. Archived from the original on 17 June 2020. https://web.archive.org/web/20200617161323/https://thescrbblr.in/reelbox/axone-film-review-a-delightful-and-compelling-satire-on-discrimination-against-northeast-indian-community/। আহৰণ কৰা হৈছে: 17 June 2020. 
  15. Donna (2 October 2019). "BFI #LFF 2019: AXONE FILM REVIEW". Franklymydearuk. https://www.franklymydearuk.co.uk/bfi-lff-2019-axone-film-review/। আহৰণ কৰা হৈছে: 17 June 2020. 
  16. Sayed Saad Ahmed (16 June 2020). "‘Axone’ Review: A Flavourful Tale Of Alienation And Belonging". Silverscreen India. https://silverscreenindia.com/movies/reviews/axone-movie-review-netflix-nicholas-kharkongor-lin-laishram-sayani-gupta-dolly-ahluwalia-lanuakum-ao-jimpa-bhutia/। আহৰণ কৰা হৈছে: 17 June 2020. 
  17. "Axone (2019)". IMDb. https://m.imdb.com/title/tt8747548/। আহৰণ কৰা হৈছে: 17 June 2020. 
  18. Devansh Sharma (12 June 2020). "Axone movie review: A clever yet meandering satire on discrimination against Northeast migrants in Delhi". Firstpost. https://www.firstpost.com/entertainment/axone-movie-review-a-clever-yet-meandering-satire-on-discrimination-against-northeast-migrants-in-delhi-8463831.html। আহৰণ কৰা হৈছে: 17 June 2020.