উমাকান্ত বৈৰাগী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উমাকান্ত বৈৰাগী
জন্ম ৫ ছেপ্টেম্বৰ, ১৯৪২
ডিব্ৰুগড়, অসম, ভাৰত
মৃত্যু ২৬ জুলাই, ২০২৩ (৮০ বছৰ)
গুৱাহাটী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম বৈৰাগী
পেচা সংগীতকাৰ, গায়ক


উমাকান্ত বৈৰাগী (ইংৰাজী: Umakanata Bairagi) (জন্ম ৫ ছেপ্তেম্বৰ ১৯৪২–মৃত্যু ২৬ জুলাই ২০২৩) অসমৰ লোক-সংস্কৃতিৰ এগৰাকী শিল্পী৷ অসমৰ লোক-সংগীতসমূহৰ ভিতৰত টোকাৰী গীত অন্যতম৷ এই টোকাৰী গীতৰেই সাধক-শিল্পী উমাকান্ত বৈৰাগী৷ তেওঁৰ জন্ম হয় ১৯৪২ চনত, ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ওচৰৰ চাউলকৰা গাঁৱত৷[1]

শিক্ষা[সম্পাদনা কৰক]

উমাকান্ত বৈৰাগীৰ আদি নাম আছিল উমাকান্ত গগৈ৷ তেওঁ নাজিৰাপৰীয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল৷ পিছত শেনচোৱাপুখুৰী মজলীয়া বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈকে পঢ়ি হাইস্কুলত নাম লগায় যদিও তাত শিক্ষাগ্ৰহণ নকৰি ঘৰৰ অজ্ঞাতে সেনাবাহিনীত ভৰ্তি হয়৷[1]

টোকাৰী গীত[সম্পাদনা কৰক]

আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা টোকাৰীক প্ৰধানতঃ সংগত কৰি গোৱা হয় বাবেই এই গীতক টোকাৰী গীত বোলে৷ টোকাৰী গীতসমূহ দেহ বিচাৰৰ গীতৰ সমপৰ্যায়ৰ৷ আধ্যাত্মিকতা আৰু লোক-কাহিনীক ভিত্তি কৰি টোকাৰী গীতবোৰ ৰচনা কৰা হয়৷ ই এবিধ লোক-সংগীতৰ ভিতৰুৱা গীত৷ বহু পুৰণি কালৰে পৰা টোকাৰী গীত অসমৰ জন-সমাজত প্ৰচলিত৷

কৰ্মজীৱন[সম্পাদনা কৰক]

সেনাবহিনীত সৈনিকৰূপে কৰ্মজীৱন আৰম্ভ কৰিলেও তেওঁ বিছিদিন তাত নাথাকি চাকৰি এৰি ঘৰলৈ ঘূৰি আহিছিল৷ তাৰপাছত তেওঁ ঘৰৰ অমততে বিয়া কৰাই জীৱিকাৰ বাবে সৰুসুৰা ব্যৱসায় কৰি চাৰ্কাচৰ ৰিং মাষ্টাৰৰ লগত কিছুদিন যাদুবিদ্যা শিকিছিল৷ তেওঁ তন্ত্ৰ-মন্ত্ৰৰ সাধনাও কৰিছিল আৰু এই উদ্দেশ্যে বিভিন্ন ঠাইত ঘুৰী ফুৰি “বেজ’’ নাম পাইছিল৷ পাছত অৱশ্যে ঘৰৰ মানুহে এই কৰ্ম বেয়া পোৱাত তেওঁ বেজালি কাম এৰি দিছিল৷[1] পিছত উমাকান্তই এদিন ঘৰৰ চাঙত দেউতাকে বজোৱা এখন পুৰণি টোকাৰী ভগ্নপ্ৰায় অৱস্থাত পাই সেইখন মেৰামতি কৰাৰ পাছত নকুল বৈৰাগী নামৰ এজন টোকাৰী বাদকৰ পৰা টোকাৰী বজোৱাৰ শিক্ষা লয় আৰু পৰৱৰ্তীকালত সেইখনতেই তেওঁ মন-প্ৰাণ সঁপি দিয়ে৷[1] উমাকান্ত বৈৰাগী যদিও “টোকাৰী গীত’’ৰ শিল্পীৰূপে জনাজাত; তেওঁ বিহুনাচ, ভাওনা, দিহানাম আদিৰো সমানে চৰ্চা অব্যাহত ৰাখিছিল৷ তেওঁ ভোৰতাল, খৰতাল আদি চৰ্চা কৰাৰ লগতে নতুন প্ৰজন্মক শিকোৱাৰ চেষ্টাও চলাই গৈছিল৷ বৈৰাগীয়ে প্ৰায় ১৪০০ টোকাৰী গীত ৰচনা কৰিছে৷ তেওঁৰ টোকাৰী গীতসমূহ দুখন পুথিৰ আকাৰত সংৰক্ষণ কৰি ৰাখে যদিও অৰ্থৰ অভাৱত ছপা কৰি প্ৰকাশ কৰিব পৰা নাছিল৷[2] ২০০২ চনত এটি প্ৰশিক্ষণ কেন্দ্ৰ খুলি ৫০ জন শিক্ষাৰ্থীক প্ৰশিক্ষণ দিছিল আৰু তাৰ ভিতৰৰ ১৭ জনে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰি সন্মান বুটলিবলৈ সক্ষম হয়৷ উমাকান্ত বৈৰাগীয়ে পৰিৱেশন কৰা এটি গীতৰ কিছু অংশ;

শংকৰদেৱে দি গ’ল নামৰ মালা,
মাধবদেৱৱ দি গ’ল ভকতিৰ ধাৰা৷
ভকতিৰ ৰস বান্ধৈ হৰিৰ নাম,
ভকতৰ সংগত বহি লওঁ হৰিৰ নাম......

স্বীকৃতি[সম্পাদনা কৰক]

১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিয়ে৷ তেতিয়াৰে পৰা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত তেওঁ টোকাৰী গীত নিয়মীয়াকৈ পৰিৱেশন কৰি যায়৷ উমাকান্ত বৈৰাগীয়ে ২০১৩-১৪ চনৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰে৷[3][4] ১৯৭১ চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই তেওঁক “বৈৰাগী’’ উপাধি প্ৰদান কৰে৷[5][1] ২০১১ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ে বৈৰাগীক “গুৰু’’ উপাধিৰে বিভূষিত কৰিছিল৷[6][1] তেখেতে অসম চৰকাৰৰ শিল্পী পেন্সন, সদৌ টাই আহোম সমাজৰ স্বীকৃতি বঁটা, ভূপেন হাজৰিকা সংহতি বঁটা, প্ৰতিমা পাণ্ডে বঁটা আদি সন্মান লাভ কৰে৷[7]

মৃত্যু[সম্পাদনা কৰক]

দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত ২০২৩ৰ ২৬ জুলাইত গুৱাহাটীৰ হেঙেৰাবাৰীৰ কাঞ্চন নগৰস্থিত নিজ বাসভৱনত উমাকান্ত বৈৰাগীয়ে শেষ নিশ্বাস ত্যাগ কৰে। নৱ প্ৰজন্মৰ মাজত টোকাৰী গীতক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত বৈৰাগীয়ে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 গগৈ, ইন্দ্ৰ (৫ আগষ্ট ২০২৩). "এক আজন্ম শিল্পীসত্তা". অসমীয়া প্ৰতিদিন: ৪. 
  2. সংযোজন, সাদিন, ১৫ মে’, ২০২২
  3. "President confers Akademi Award to Bairagi". The Assam Tribune. https://assamtribune.com/amp/president-confers-akademi-award-to-bairagi। আহৰণ কৰা হৈছে: ৮ জুলাই ২০২২. 
  4. "President presents Sangeet Natak Akademi awards". The Hindu. https://www.thehindu.com/news/national/president-presents-sangeet-natak-akademi-awards/article5903355.ece/amp/। আহৰণ কৰা হৈছে: ৮ জুলাই ২০২২. 
  5. "উমাকান্ত বৈৰাগী আৰু নাই". https://www.asomiyapratidin.in/amp/story/assam/umakanta-bairagi-died-age-of-80। আহৰণ কৰা হৈছে: 26 July 2023. 
  6. "টোকাৰী গীতৰ শিল্পী". https://assam.news18.com/news/assam/noted-artist-umakanta-bairagi-passes-away-skd-314820.html। আহৰণ কৰা হৈছে: 26 July 2023. 
  7. সংযোজন, সাদিন, ১৫ মে’, ২০২২