সমললৈ যাওক

টোকাৰী গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

টোকাৰী গীত হ'ল এবিধ অসমীয়া লোকগীতটোকাৰী বাদ্য সংগত কৰি এই গীত গোৱা হয় বাবে ইয়াক টোকাৰী গীত বোলা হয়।[1] এফালে লোক-বিশ্বাস আৰু আনফালে আধ্যাত্মিক বিশ্বাসক লৈ এই গীতসমূহ ৰচিত হয়[1] আৰু ব্যক্তিভেদে ঠায়ে ঠায়ে এই গীতবোৰে মুখ বাগৰে। টোকাৰী গীত অসমীয়া লোক-সাহিত্যৰ এক বৈশিষ্ট্যপূৰ্ণ কলা। এই গীতসমূহত তন্ত্ৰ আৰু দেহ-তত্ত্বৰ চৰ্চা হৈছে। কোনো ৰচকে যদি গীতৰ মাজেৰে শিৱ-পাৰ্বতীৰ গুণ গাইছে, কোনোৱে দেহটোকে টোকাৰীৰ লগত ৰিজাইছে।[1] টোকাৰী গীত বহু পুৰণি কালৰে পৰা অসমীয়া সমাজ জীৱনত প্ৰচলিত আৰু এতিয়াও ই শেষ হৈ যোৱা নাই।

টোকাৰী আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ[2] অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰ জাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়। ই অসমৰ প্ৰাচীন লোকবাদ্য। আম বা চাম কাঠৰ খোলা এটাত সাধাৰণতে গুঁইৰ ছালেৰে ছোৱাই এই বাদ্য তৈয়াৰ কৰা হয়।[3] নামনি অসমত প্ৰচলিত আন এক এনেধৰণৰ লোকবাদ্য দোতাৰাৰ সৈতে ইয়াৰ বহুখিনি মিল দেখা পোৱা যায়।[4] টোকাৰীৰ আকাৰ দোতোৰাতকৈ কিছু ডাঙৰ আৰু বহল হয়। চীনৰ এক বাদ্যযন্ত্ৰ ৰুৱান (Ruan)-ৰ সৈতেও ইয়াৰ বহুখিনি সাদৃশ্য আছে।[4] অনুমান কৰা হয় যে টোকাৰী নামৰ উত্‍পত্তি "টোকৰ" শব্দৰ পৰা হৈছে, অৰ্থাত্‍ টোকৰ দিয়াৰ ফলত শব্দ সৃষ্টি হোৱা বাবেই এই বাদ্যৰ নাম টোকাৰী ৰখা হয়।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 ড॰ লীলা গগৈ (জানুৱাৰী, ২০০৭). অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ৬৮-৭২. ISBN ৮১-৭৩৩৯-৩২৭-৩. 
  2. সাদিন, লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে, তাৰিখ: ৬ এপ্ৰিল, ২০১২, আহৰণ: ১০ এপ্ৰিল, ২০১২, পৃষ্ঠা: ৯
  3. ধৰ্মেশ্বৰ বৰুৱা (২০০৫). অসমৰ বাদ্যযন্ত্ৰ. প্ৰকাশক গুৱাহাটী: বীণা মন্দিৰ. পৃষ্ঠা. ৪৪. 
  4. 4.0 4.1 4.2 Dilip Ranjan Barthakur (2003). The Music And Musical Instruments Of North Eastern India. Mittal Publications. পৃষ্ঠা. 131–. ISBN 978-81-7099-881-5. http://books.google.co.in/books?id=oP4vH-4oSEcC&lpg=PA131&ots=PMUr_T5yqd&dq=tokari%20instrument&pg=PA131#v=onepage&q=tokari%20instrument&f=false.