জ্যোতি সংগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

জ্যোতি সংগীত বুলিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত অসমীয়া গীতসমূহক বুজা যায়। জ্যোতিপ্ৰসাদৰ হাততে অসমীয়া গীতি-সাহিত্যই পাশ্চাত্য আৰু শাস্ত্ৰীয় প্ৰভাৱৰ পৰা আঁতৰি আহি অসমৰ থলুৱা সুৰ-লয়ক আঁকোৱালি লয়।[উদ্ধৃতিৰ প্ৰয়োজন] জ্যোতিপ্ৰসাদৰ গীতবোৰত ৰোমাণ্টিক চেতনা, সুন্দৰ চেতনা, বিজ্ঞান চেতনা, স্বদেশপ্ৰেম, গাওঁপ্ৰীতি, সমাজবীক্ষা আদি বিভিন্ন দিশ ফুটি উঠিছে। এই গীতসমূহৰ কিছুসংখ্যক নাটক, গল্প, উপন্যাস, প্ৰবন্ধ তথা চিত্ৰনাট্যত অন্তৰ্ভুক্ত আৰু বাকীবোৰ স্বতন্ত্ৰ গীত।

অসমীয়া সংগীতৰ ভাৱধাৰা[সম্পাদনা কৰক]

অসমৰ সংগীতৰ পৰম্পৰা অষ্টম একাদশ শতিকাৰ চৰ্যাপদৰ পৰা আৰম্ভ হৈ বৰগীত, ভটিমা, ঘোষা , পাচালী গীতৰ মাজেৰে ঊনবিংশ শতিকালৈ আগবাঢ়ে। কিন্তু ঊনবিংশ শতিকাৰ তৃতীয়-চতুৰ্থ দশকত অসমীয়া গীতি সাহিত্য আৰু সংগীতে এক ৰূপান্তৰণৰ মাজেৰে পাৰ হয় আৰু এই ৰূপান্তৰণৰ কাৰণ আছিল ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি আৰু খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ অসমীয়া ধৰ্ম-সংগীতৰ সৃষ্টি। এই ধৰ্মীয় সংগীতৰ মাজেৰেই পশ্চিমীয়া সংগীতৰ সুৰে অসমত প্ৰৱেশ কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নব্য বংগ সংস্কৃতিৰ অনুপ্ৰেৰণাত অসমত উচ্চ ৰাগ-তালযুক্ত হিন্দুঃস্থানী সংগীতে খোপনি পুতি লয়।[1] অসমীয়া উচ্চ-শিক্ষিত সমাজে সম্পূৰ্ণ অসমীয়া সুৰ-লয়ৰ সংগীতৰ সৃষ্টি কৰিবলৈ আগবাঢ়ে। বিংশ শতিকাৰ আৰম্ভণিতে বৰগীত আৰু নাম-কীৰ্তনৰ ভিত্তিত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সংগীত ৰচনা কৰিবলৈ লয়। তেওঁ কিছুমান গীতত থলুৱা সুৰ প্ৰয়োগৰো প্ৰচেষ্টা চলাই যদিও পৰ্যাপ্ত পৰিমাণে সফল নহ'ল। তেওঁৰ সমসাময়িক কীৰ্তিনাথ শৰ্মা বৰদলৈয়েও হিন্দুঃস্থানী আৰু থলুৱা সুৰৰ মিশ্ৰণ ঘটাই অসমীয়া গীত ৰচনা কৰে। ইয়াৰ উপৰিও উমেশচন্দ্ৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ, কমলাকান্ত ভট্টাচাৰ্য, পাৰ্বতি প্ৰসাদ বৰুৱা, আনন্দি ৰাম দাস আদি উল্লেখযোগ্য। বিংশ শতাব্দীৰ ত্ৰিশৰ পৰা চল্লিশৰ দশকত জ্যোতিপ্ৰসাদে নিজস্ব প্ৰকাশভংগী, স্বকীয় বৈশিষ্ট্যপূৰ্ণ স্বৰবিন্যাসেৰে সংগীত ৰচনা কৰে।

অনুপ্ৰেৰণা[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আগৰৱালা এগৰাকী সংগীতজ্ঞ আছিল। তেওঁ লক্ষ্মীৰাম বৰুৱাৰ সহযোগী আছিল আৰু বহু কেইবিধ বাদ্যযন্ত্ৰ বজাবলৈ জানিছিল। তদুপৰি তেওঁৰ মাতৃ কিৰণময়ী আগৰৱালাও আই-নাম, বিয়া-নাম আদি সুৰীয়াকৈ গাব জানিছিল। এই সাংস্কৃতিক পৰিৱেশৰ দ্বাৰা শৈশৱৰ পৰা জ্যোতিপ্ৰসাদৰ মন প্ৰভাৱান্বিত হৈছিল। জ্যোতিপ্ৰসাদৰ শিল্পী-প্ৰতিভাৰ বিকাশ আৰু উত্তৰণত অসমীয়া জাতীয় জীৱনৰ আদৰ্শপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱো দেখা যায়। জ্যোতিপ্ৰসাদে পদ্মধৰ চলিহাফুলনিৰ গীতবোৰৰ পৰা অনুপ্ৰেৰণা পাইছিছিল। পদ্মধৰ চলিহাই ফুলনিৰ গীতবোৰ অসমীয়া থলুৱা সুৰৰ আধাৰত ৰচনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ গীতবোৰতো অসমীয়া নামৰ সুৰৰ ছাপ দেখা যায়। কীৰ্তিনাথ বৰদলৈয়েও দুৰ্গাবৰী, টোকাৰী গীত আদিৰ সুৰৰ ভেটিত গীত ৰচিছিল। কিন্তু জ্যোতিপ্ৰসাদে আংগিক, শব্দ-চয়ন, ছন্দ, কথা আৰু সুৰৰ সামঞ্জস্য ৰক্ষাৰ দিশৰপৰা এক নতুন পথৰ সন্ধান দিয়ে। জ্যোতিপ্ৰসাদক অসমীয়া আধুনিক যুগৰ নৱন্যাসৰ বাটকটীয়া বুলি কোৱা হয়।[1] তদুপৰি জ্যোতিপ্ৰসাদে ইউৰোপত থকা সময়ছোৱাত পশ্চিমীয়া সংগীতৰ সংস্পৰ্শলৈ আহিছিল। আৰু স্বদেশলৈ উভতি আহি হিন্দুঃস্থানী সুৰ আৰু পশ্চিমীয়া সুৰৰ সৈতে থলুৱা অসমীয়া সুৰৰ মিশ্ৰণ ঘটাই এক নতুন পদ্ধতিৰ সুৰৰ সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত হৈছিল।[2]

জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভা[সম্পাদনা কৰক]

অসমীয়া সংগীত জগতত জ্যোতিপ্ৰসাদৰ কনিষ্ঠ সহযোগী ৰূপত বিষ্ণু ৰাভাৰ আগমন ঘটে। ১৯২৯ চনৰ তেজপুৰত বহা ছাত্ৰ সন্মিলনৰ অধিৱেশনত গাবলৈ জ্যোতিপ্ৰসাদে বিলাতৰ পৰা পঠিওৱা গীতৰ স্বৰলিপি মতে বিষ্ণু ৰাভা আৰু কমলাপ্ৰসাদ আগৰৱালাই সুৰ দিয়ে। তেওঁ জ্যোতিপ্ৰসাদৰ গীতবোৰক 'জ্যোতিৰ গান' নাম দিযে। ৰাভাৰ মতে জ্যোতিপ্ৰসাদৰ গীতসমূহ তিনিটা যুগত বিভক্ত - শোণিত কুঁৱৰী যুগ, কাৰেঙৰ লিগিৰী যুগ আৰু লভিতা যুগ। বিষ্ণু ৰাভাৰ সৈতে লগ লাগি জ্যোতিপ্ৰসাদে ভাৰতীয় সংগীতৰ হিন্দুঃস্থানী আৰু কৰ্ণাটকী পদ্ধতিৰ উপৰিও কামৰূপীয় সংগীত পদ্ধতি সম্পৰ্কে গৱেষণা কৰে। তেজপুৰ সাহিত্য সন্মিলনৰ লগতে হোৱা সংগীত সন্মিলত জ্যোতিপ্ৰসাদ আৰু ৰাভা যুটীয়া সম্পাদক থাকে যদিও জ্যোতিপ্ৰসাদৰ অসুস্থতাৰ পৰিপ্ৰেক্ষিতত ৰাভাই সন্মিলনৰ কাম কাজ চলাই। তেজপুৰৰ বাণ ৰঙ্গমঞ্চকাৰেঙৰ লিগিৰী নাট মঞ্চস্থ হওঁতে তেওঁ মোৰে জীৱনৰে সখা কৃষ্ণ আৰু অ' সোঁৱৰণি গীত দুটিত সুৰ দিয়ে।[3]

গীতৰ শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদৰ সৰহ সংখ্যক গীত ১৯৪৮-৪৯ বছৰ দুটাত ৰচনা কৰা।[4] জীৱন কালত তেওঁ ভালেসংখ্যক গীত সেই সময়ৰ কাকত-আলোচনীলৈ পঠিওৱা এই গীতসমূহ নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, চিত্ৰনাট্য আদিত অন্তৰ্ভুক্ত হৈ থকাৰ উপৰিও স্বতন্ত্ৰ লিখা হৈছে। সম্প্ৰতি অসম প্ৰকাশন পৰিষদৰ জ্যোতিপ্ৰসাদ ৰচনাৱলীত ৩৭৭টা গীত সংযোজিত হৈছে। ইয়াৰে ৪৫টা গীত নাটসমূহৰ অংশ।

...কথা আৰু সুৰ দুযোটা দিশৰ পৰাই জ্যোতিপ্ৰসাদৰ গীতৰ অভিনৱত্ব কোনেও নুই কৰিব নোৱাৰে আৰু হয়তো সেইবাবেই বৰ্তমান কালৰ অসমীয়া সুগম বা আধুনিক গীতৰ উৎকৃষ্ট নিদৰ্শন ৰূপে এই গীতবিলাকে সংগীতৰসিক আৰু সুৰকাৰসকলক চিৰকাল প্ৰেৰণা যোগাই থাকবলৈ সক্ষম হ'ব।

- বীৰেন্দ্ৰকুমাৰ ফুকন, প্ৰকাশ, ১৯৮১

নাটকৰ গীতসমূহ[সম্পাদনা কৰক]

কথাচিত্ৰৰ ভাষাত জ্যোতিপ্ৰসাদৰ নাটকত গীতৰ ব্যৱহাৰক মণ্টাজ (Montage)ৰ লগত তুলনা কৰিব পাৰি। শ্বেইকছপীয়েৰৰ নাটৰ গীতৰ দৰেই ই গভীৰ আৰু ব্যঞ্জনাময়।[5] জ্যোতিপ্ৰসাদৰ নাটবোৰৰ ভিতৰত শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম নাটকেইখনত সন্নিবিষ্ট গীতৰ সংখ্যা অধিক আৰু প্ৰায়বোৰ গীতেই জনপ্ৰিয়। কিন্তু জ্যোতিপ্ৰসাদে এই গীতবোৰ সংশ্লিষ্ট নাটবোৰৰ বক্তব্যৰ তাগিদাত সংযোজন কৰিছে। প্ৰতিটো গীতৰ পৰিবেশনৰ বাবে ৰচনা কৰা হৈছে কিছুমান বিশেষ পটভূমি। দৰাচলতে জ্যোতিপ্ৰসাদে ল'ৰাকালিতে পদ্মধৰ চলিহাৰ পৰা অসমীয়া গীতৰ বিষয়ে অনুপ্ৰেৰণা পাইছিল। সেই সময়ত অসমীয়া সমাজত হিন্দুঃস্থানী সংগীতৰ প্ৰভাৱ বেছিকৈ পৰিছিল আৰু অসমীয়া চহৰীয়া সমাজত বৰগীত, বনগীত, বিহুগীত আদিৰ আদৰ কমকৈ হোৱা দেখা গৈছিল। কিন্তু শোণিত কুঁৱৰীৰ গীত আৰু সুৰে অসমীয়া সংগীত জগতলৈ এক নতুন যুগ আনে আৰু শিক্ষিত সমাজত বিহুগীত, আই নাম, দেহ-বিচাৰৰ গীত, টোকাৰী গীত, বনগীত আদিৰ বহুল প্ৰচলন হ'বলৈ ধৰে।

শোণিত কুঁৱৰী[সম্পাদনা কৰক]

তেজপুৰৰ বাণ থিয়েটাৰশোণিত কুঁৱৰী মঞ্চস্থ হোৱাৰ আগে আগে জ্যোতিপ্ৰসাদে আন অনুবাদ নাটক সমূহত অভিনয় কৰিছিল আৰু কলিকতাত সেই নাটকবোৰৰ অভিনয় চাই সুৰ সংগ্ৰহ কৰি আনিছিল। কিন্তু জাতীয় আবেগৰ সোঁতত তেওঁ গানসমূহত নিজে সুৰ দিয়াৰ কথা চিন্তা কৰে আৰু হিন্দুঃস্থানী সংগীতৰ সুৰৰ বাহিৰে অন্য সুৰৰ সন্ধান কৰে। এদিন শোণিত কুঁৱৰীৰ আখৰা কৰি উভতিবৰ সময়ত পিতৃ পৰমানন্দ আগৰৱালাই মাউথ অৰ্গেনত কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে পদটি শুনা পাই আৰু তেওঁৰ মনত নতুন গানসমূহত অসমীয়া গানৰ সুৰ দিয়াৰ কথা মনলৈ আহে। প্ৰথম তেওঁ গছে গছে পাতি দিলে গীতটি অসমীয়া নামৰ সুৰত গালে আৰু আন আন গীতসমূহো আইনাম, বিহুগীত আদিৰ সুৰত সকলোকে গাবলৈ দিয়ে। কিন্তু সকলোৱে তেওঁৰ গান শুনি ঠাট্টা-মস্কৰা কৰাত তেওঁ নতুন সুৰত গান নাগালে শোণিত কুঁৱৰী নাটকখন কাকো কৰিবলৈ নিদিয়ে বুলি অভিমান কৰে। পিছত অৱশ্যে প্ৰফুল্লচন্দ্ৰ বৰুৱাই গীতবোৰৰ প্ৰশ্ংসা কৰাত সেই সুৰে সকলোৰে মন আকৰ্ষণ কৰে। তাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীঅসম সাহিত্য সভাৰ সপ্তদশ বাৰ্ষিক ৰ্অধিৱেশন বহাত প্ৰফুল্লচন্দ্ৰ বৰুৱাই গছে গছে পাতি দিলে আৰু ৰূপহ কোঁৱৰৰ চুমা পৰশতে গান দুটা গাবলৈ ঠিক কৰে। প্ৰথমাৱস্থাত তেওঁ অপমানিত হ'ব বুলি লাজ কৰে যদিও পিছত সকলোৱে তেওঁৰ গীত আৰু সুৰৰ ভূয়সী প্ৰশংসা কৰে।[6] শোণিত কুঁৱৰী নাটৰ গীতসমূহৰ এক উল্লেখযোগ্য দিশ হ'ল গীতসমূহৰ মাজেৰে ৰোমণ্টিক চেতনাৰ প্ৰতিফলন। ইউৰোপৰ ৰোমাণ্টিক সাহিত্যৰ প্ৰভাৱ আওপকীয়াকৈ অসমীয়া সাহিত্য-সংস্কৃতিত পৰিছিল।[7] জ্যোতিপ্ৰসাদে এক ধৰ্মীয় কাহিনীক ৰোমাণ্টিক চেতনা প্ৰধান কাহিনীক উপস্থাপন কৰে আৰু গীতসমূহে এই ৰোমাণ্টিক ভাৱটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰে। জ্যোতিপ্ৰসাদৰ আগতেও নাট্যকাৰসকলেনাটকত গীত ব্যৱহাৰ কৰিছিল যদিও এই ক্ষেত্ৰত যথেষ্ট পৰিকল্পনা কৰা হোৱা নাছিল। জ্যোতিপ্ৰসাদে এই ক্ষেত্ৰত এক সচেতন শৈল্পিক ধাৰণা লৈ গীত সংযোজনাত প্ৰবৃত্ত হৈছিল। নাটকৰ গছে গছে পাতি দিলে, অ সখী আহিব পিয়া, নূপুৰে মাতে ৰুনজুন আদি গীতে চৰিত্ৰসমূহৰ হিয়াৰ আকূলতা, মানসিক অৱস্থা,সম্ভাব্য ভৱিষ্যত,কাহিনীৰ গতিময়তা আদিৰ প্ৰকাশত সহায় কৰিছে। শোণিত কুঁৱৰী নাটত সৰ্বমুঠ তেৰটা গীত আছে।

কাৰেঙৰ লিগিৰী[সম্পাদনা কৰক]

কাৰেঙৰ লিগিৰী নাটখনত সৰ্বমুঠ সাতটা গীত আছে। ইয়াত নাটকৰ বিভিন্ন দ্বন্দ্ব্ব্ব সৃষ্টিত গীতসমূহে সহায় কৰিছে। শেৱালি চৰিত্ৰটিয়ে আৰম্ভণিতে গোৱা সোণৰ পালেঙতে অ' মনেতৰা গীতটোৱে এক নিষ্পাপ প্ৰেমৰ বতৰা কঢ়িয়াইছে যদিও পিছৰ ফালৰ বাৰিষাৰে ঘন ঘোৰ গীতটিয়ে অৰণ্যত নিৰ্বাসিতা শেৱালিৰ মনৰ বেথা প্ৰকাশ কৰিছে। শেষৰ অংকৰ প্ৰথম দৰ্শনৰ শেৱালিয়ে অৰণ্যত অকলে বহি গোৱা গীতটিয়ে তাইৰ বিফল প্ৰেমৰ অনুভৱৰ বৰ্ণনা কৰাত সফল হৈছে।[7]

যাউতিযুগীয়া ধনে মোৰ অ'
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোৱৰণী সুৱদীয়া
বুকত ভালে পোৱা অ' প্ৰাণৰ ধনে
যাউতি যুগীয়া ধনে মোৰ অ'।

ৰূপালীম[সম্পাদনা কৰক]

ৰূপালীম নাটলৈকে জ্যোতিপ্ৰসাদৰ গীতত ৰোমাণ্টিক চেতনাৰ প্ৰৱাহ অবিৰত হৈ থাকে। প্ৰথম অংকৰ প্ৰথম দৰ্শনতেই জিৰ জিৰ জিৰ নিজৰি গীতটিয়ে মায়াব' আৰু ৰূপালীমৰ মাজত থকা প্ৰণয়ৰ আভাস দিছে। আন আন গীতসমূহেও ৰূকমী ৰাজ্যৰ সৌন্দৰ্য আৰু পাহাৰীয়া পৰিৱেশত দুই প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমৰ কথা বৰ্ণনা কৰে। নাটৰ শেষত বৌদ্ধ ভিক্ষুৰ গীত হিচাপে থকা 'জয় আলোকময়' গীতটোৱে এজন নিষ্ঠুৰ, কঠুৱা ৰজাৰ পৰা এজন মসৃণ হৃদয়ৰ ব্যক্তিলৈ হোৱা মণিমুগ্ধৰ পৰিৱৰ্তনৰ কথা বুজাই।[7] এই নাটখনত চাৰিটা গীত আছে।

নিমাতী কইনা বা ৰূপকোঁৱৰ[সম্পাদনা কৰক]

নিমাতী কইনা নাটত নটা গীত আছ। নাটখনৰ প্ৰথম গীতটোৱেই নাটকখনৰ বিষয়বস্তু সম্পৰ্কে আভাস দিয়ে। নাটখনত আনন্দ আৰু শান্তিৰ প্ৰতীক কলালক্ষ্মী বা নিমাতী কইনাৰ মাত উলিয়াবলৈ বিভিন্নজনে চেষ্টা কৰিছে। কিন্তু শেষত চিৰসুন্দৰৰ সাধক ৰূপকোঁৱৰৰ সাধনাৰ অন্তত হে নিমাতী কইনা জাগ্ৰত হৈছে। নাটকখনৰ মূল উপজীৱ্যক ফুটাই তোলাত গীতসমূহে সহায় কৰিছে।

লভিতা[সম্পাদনা কৰক]

লভিতা নাটত সৰ্বমুঠ আঠটা গীত আছে। ইয়াত জ্যোতিপ্ৰসাদৰ গীতে পূৰ্বৰ ৰোমাণ্টিক লয় পৰিহাৰ কৰি নতুন ৰূপ পাইছে। বিয়াল্লিছৰ বিপ্লৱ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সমযত সংকটাপন্ন অসমীয়া জাতীয় জীৱনৰ চিত্ৰ গীতবোৰত প্ৰকাশিত হৈছে-

সাজু হ সাজু হ নৱ জোৱান!
সাজু হ সাজু হ নৱ জোৱান।
তই কৰিব লাগিব অগ্নিস্নান!

এই নাটৰ গীতসমূহত জ্যোতিপ্ৰসাদৰ স্বদেশ প্ৰেমো প্ৰতিফলিত হৈছে

অ' আমাৰ গাওঁ!
অ' আমাৰ গাওঁ
আমাৰ গাৱৰ মান ৰাখি মৰিবলৈ যাওঁ!

এই গীতটিত অসমৰ গাওঁ অঞ্চলৰ সৌন্দৰ্যৰ বৰ্ণনা দিয়াৰ লগতে জয়মতী, কনকলতা আদিৰ কথা উল্লেখ কৰি এক স্বদেশপ্ৰেমৰ ইতিহাসৰ বৰ্ণনা দিয়া হৈছে।[7] জ্যোতিপ্ৰসাদৰ অন্য নাটকৰ গীতসমূহেও সুন্দৰ চেতনা আৰু স্বদেশপ্ৰেমৰ ভাৱধাৰা প্ৰকাশ কৰে। ইয়াৰে সোণপখিলীত চাৰিটা আৰু খনিকৰত দুটা গীত আছে।

গল্প আৰু উপন্যাসৰ গীত[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদৰ আমাৰ গাঁও নামৰ উপন্যাস আৰু তেওঁৰ দ্বাৰা ৰচিত গল্প সমূহতো গীতৰ ব্যৱহাৰ দেখা যায়। তেওঁৰ বগীতৰা, ৰূপহী, সন্ধ্যা আদি গল্পৰ গীতসমূহে গাভৰু কালৰ আকূলতা আৰু ৰোমণ্টিক ভাৱপ্ৰৱণতাৰ চিত্ৰ প্ৰকাশ কৰে। আমাৰ গাওঁ উপন্যাসখনত থকা একমাত্ৰ গীতটোৱে স্বদেশৰ প্ৰতি থকা মোহ ৰ ৰূপ দাঙি ধৰিছে।[7]

প্ৰবন্ধৰ গীত[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদৰ শিল্পীৰ পৃথিৱী নামৰ লিখিত ভাষণটিত মুঠতে ছটা গীতৰ সংযোজন আছে। এই গীতকেইটাতো তেওঁৰ শিল্প চেতনা আৰু স্বদেশপ্ৰেমৰ প্ৰতিফলন ঘটিছে।[7] আন আন প্ৰবন্ধবোৰত সন্নিৱিষ্ট গীতসমূহত খং, ক্ৰোধ আদি অশুভ শক্তিৰ পৰা মুক্ত হৈ কৰ্মৰ শুভ শক্তিলৈ ৰূপান্তৰ হোৱাৰ কথা কোৱা হৈছে।[7]

ৰেকৰ্ডিং আৰু চিত্ৰনাট্যৰ গীত[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদৰ ৰেকৰ্ডিং আৰু চিত্ৰনাট্যৰ গীতসমূহো স্বদেশপ্ৰেম আৰু ৰোমাণ্টিক ভাৱধাৰাৰে পৰিপূৰ্ণ। ইয়াৰ ভিতৰৰ জয়মতী আৰু ইন্দ্ৰমালতী কথাছবি আৰু ৰেকৰ্ড নাটিকা শোণিত কুঁৱৰীৰ গীতবোৰ ধৰা হৈছে। জয়মতী কথাছবিৰ এটি বিখ্যাত গীত হ'ল

লুইতৰে পানী যাবি অ' বৈ!

জয়মতীৰ আন দুটি গীত আগবাৰীত ফুলিলে সোণে মোৰ চম্পা আৰু ফুলৰে মৌ খাম গীতদুটি তথা শোণিত কুঁৱৰী ৰেকৰ্ডৰ গীতবোৰ ৰোমাণ্টিক ভাৱযুক্ত।[7]

জ্যোতিপ্ৰসাদৰ মানৰ দিনৰ অগ্নিসুৰ নামৰ অসম্পূৰ্ণ চিত্ৰনাট্যখনতো স্বদেশপ্ৰেম বোধক গীত কিছুমান সন্নিৱিষ্ট হৈছে। ইয়াৰ ভিতৰত জাগা জননীৰ সন্তান, অগ্নিৰে মই খেলা খেলিছো, লুইতৰ পাৰৰে আমি ডেকা ল'ৰা আদি গীত জনপ্ৰিয়।

অন্যান্য গীত[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদৰ গীতে ডেকাসকলৰ মনত এনে এটা প্ৰেৰণা আনিছিল যে ডেৰশমান ডেকাৰ এটা সমদল বিশ্বনাথত বহা নদুৱাৰ ৰায়ত সন্মিলনলৈ খোজ কাঢ়ি গৈছিল। এই সমযতেই জ্যোতিপ্ৰসাদে তেওঁৰ কেইবাটাও বিখ্যাত গীত সমদলত গৈ থাকোঁতে ৰচনা কৰিছিল আৰু সুৰ দিছিল।

- অমিয় কুমাৰ দাস

এই গীতসমূহৰ উপৰিও জ্যোতিপ্ৰসাদে স্বতন্ত্ৰভাৱেও কিছুমান গীত ৰচনা কৰিছে। সেই গীতবোৰত ৰোমাণ্টিক চেতনা, সুন্দৰ চেতনা, বিজ্ঞান চেতনা, স্বদেশপ্ৰেম, গাওঁপ্ৰীতি, সমাজবীক্ষা আদি দিশ ফুটি উঠিছে। গীতবোৰত তেওঁ সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ বিপৰ্যয় আৰু শোষিত জনগণৰ অৱস্থাৰ কথা চিত্ৰিত কৰিছে। বৃটিছৰ হাতৰ পৰা শাসন আঁতৰি অহাৰ পিছতো জনসাধাৰণৰ অৱস্থাৰ উন্নতি নোহোৱাৰ কথা তেওঁ গীতসমূহত বৰ্ণনা কৰিছে। সমাজ বিশ্লেষণকাৰী গীতসমূহত তেওঁ নিজৰ ভাষা-সংস্কৃতিক অৱহেলা কৰি বাহিৰৰ সংস্কৃতিক আঁকোৱালি লোৱাসকললক তেওঁ তিৰষ্কাৰ কৰিছে। ইয়াৰ উপৰিও অসমৰ সম্পদৰাজিক গীতবোৰত তেওঁ 'সোণ' ব্যঞ্জনা দিছে আৰু অসমৰ গ্ৰাম্য সংস্কৃতি আৰু সুন্দৰ প্ৰকৃতিৰ প্ৰশংশা কৰিছে। [7]

ভাষা[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদৰ গীতত সুৱদি অসমীয়া কথ্য ভাষাৰ শব্দৰ প্ৰয়োগ বেছি। তেওঁৰ শব্দবোৰ কোমল লাহি আৰু প্ৰাঞ্জল।[8][9] বিশেষকৈ তেওঁৰ গ্ৰাম্যজীৱন বিষয়ক গীতৰাজিত তিৰ্ বিৰ ৰ'দ, জিক্ মিক্ পোহৰ, বনজোনাকী, গাওঁলখিমী আদি শব্দৰ প্ৰয়োগ লক্ষণীয়। আকৌ ৰোমাণ্টিক ভাৱৰ গীতসমূহৰ ভাষা কোমল আৰু শব্দৰ বিন্যাস আৱেগময়। শোণিত কুঁৱৰী, ৰূপালীম আৰু কাৰেঙৰ লিগিৰী নাটৰ গীতবোৰত এনে শব্দ বিন্যাস পৰিলক্ষিত হয়।[9] জ্যোতিপ্ৰসাদৰ যিবোৰ গীতত জনগণৰ শোষণ আৰু বঞ্চনাৰ কথা প্ৰকাশ পাইছে তাত কোমলতা বা মধুৰতা অনুপস্থিত। তদুপৰি দেশপ্ৰেমমূলক গীতসমূহত শক্তিশালী শব্দৰ নিৰ্বাচন কৰা দেখা যায়। বিশ্ববিজয়ী নৱজোৱান, কোন ক'ত আছ আহ আদি গীতত তেওঁ কঠিনতা আৰোপ কৰিছে যদিও এনে সৃষ্টিৰ মাজেৰে মধুৰতাও প্ৰকাশ পাইছে। জনতাক মূল শক্তি হিচাপে লৈ তেওঁ একাধিক গীত ৰচনা কৰিছে। জ্যোতিপ্ৰসাদৰ গীতসমূহৰ ভিতৰত বহু সংখ্যক শিশু-গীতো আছে। এই গীতসমূহৰ ভাষাত শিশুসুলভতা, অলৌকিকতা আৰু ৰহস্যপূৰ্ণ ভাৱ দেখা যায়। এই গীতসমূহত শিশুৰ থুনুক-থানাক মাতৰ ব্যৱহাৰ কৰাৰ লগতে শিশুৰ আকৰ্ষণৰ বস্তু যেনে জোন, বেলি, তৰা, পাখিলগা ঘোঁৰা, পখিলা, ভূত, যখিনী আদিৰে গীতসমূহ ভৰপূৰ। এই গীত সমূহত বিভিন্ন শিশুসুলভ শব্দ যেনে কোঁটোলোক্-কোটোলোক্, কেংকুৰু-কেংকুৰু, চেচেং-চেচেং, ডিডিং-ডিডিং আদি ব্যৱহাৰ কৰা হৈছে।[9] জ্যোতিপ্ৰসাদৰ গীতত সংস্কৃত মূলৰ তৎসম শব্দৰ প্ৰয়োগ দেখা যায়। তোৰে মোৰে আলোকৰে যাত্ৰা, জননীৰ সন্তান, আজি জাগ্ৰত ভাৰতৰ পোহৰৰ গানে গানে আদি গীতত এনে শব্দ ব্যৱহৃত হৈছে। তদুপৰি তেওঁৰ গীতত বিশেষ্য আৰু বিশেষণ শব্দৰ এক সংযোগ দেখা যায়:

  • বিশেষ্য + বিশেষ্য = বিজুলি বজ্ৰ, আলোক বসন্ত আদি
  • বিশেষ্য + বিশেষণ = পোহৰ ধুনীয়া আদি
  • বিশেষণ + বিশেষ্য = অভিনৱ জ্যোতি, নবীন বীণা আদি।[10]

সুৰ আৰু শৈলী[সম্পাদনা কৰক]

জ্যোতিসংগীত সমূহ অসমৰ থলুৱা সুৰ, হিন্দুঃস্থানী ৰাগ-সংগীত আৰু পশ্চিমীয়া কৌশলৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা হৈছিল। ইয়াক এক নৱযুগীয়া সংগীতৰ ধাৰা বুলিব পাৰি। ক্ৰমবিকাশ অনুসৰি শোণিত কুঁৱৰী , জয়মতী আৰু ইন্দ্ৰমালতীৰ গীতৰ সুৰসমূহ আছিল প্ৰথম পদক্ষেপ, ৰূপালীম, ৰূপকোঁৱৰ আৰু লভিতাৰ সুৰসমূহ আছিল দ্বিতীয় পদক্ষেপ। জ্যোতিপ্ৰসাদৰ বিলাত ভ্ৰমণৰ অন্তত সৃষ্টি হোৱা গীতসমূহ আৰু স্বাধীনতা সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা গীতসমূহ অন্য এক পদক্ষেপ।[11] জ্যোতিপ্ৰসাদে মত পোষণ কৰিছিল যে অসমৰ থলুৱা সংগীত, হিন্দুঃস্থানী সংগীত আৰু অসমলৈ আমদানি ঘটা পাশ্চাত্য সংগীতৰ সংগম অসমীয়া সংগীতৰ আদৰ্শ হ'ব লাগে। জ্যোতিপ্ৰসাদৰ হিন্দুঃস্থানী সংগীতৰ ওপৰত ভেটি দি ৰচনা কৰা গীতবোৰত দুৰ্গা, ভূপালী, বিলাৱল আদি ৰাগৰ প্ৰাধান্য দেখা যায়।[12] তেওঁৰ আগতেও পদ্মধৰ চলিহাৰ ফুলনিৰ গীতবোৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ শ্যাম বৰণীয়া কেতেকী ধুনীয়া আদি গীতত অসমীয়া থলুৱা গীতৰ সুৰ দেখা যায়। কিন্তু জ্যোতিপ্ৰসাদৰ শোণিত কুঁৱৰীৰ গীতসমূহৰ পৰা ইয়াৰ সঠিক আৰম্ভণি হয়। শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত শুন শুন ৰে সুৰৰ সুৰত ৰচনা কৰা লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, নিচুকণি গীতৰ সুৰত ৰচনা কৰা লুইতৰে পানী যাবি অ' বৈ আদি এনে গীতৰ উদাহৰণ। জ্যোতিপ্ৰসাদে অধিকসংখ্যক গীত ত্ৰিমাত্ৰিক আৰু চতুৰ্মাত্ৰিক ছন্দত ৰচনা কৰিছে। কিন্তু ভালেমান গীতত দুই ধৰণৰ ছ্ন্দৰ সংমিশ্ৰণো ঘটাইছে। সেউজী সেউজী সেউজী গীতটি এনে কৌশলৰ উদাহৰণ। ইয়াত প্ৰথম অৱস্থাত ত্ৰিমাত্ৰিক ছন্দ ব্যৱহাৰ হৈছে যদিও সোণোৱালী শস্যৰ পথাৰ কোলাত শোভে বুলি গাঁৱতে চতুৰ্মাত্ৰিক ছন্দ ব্যৱহৃত হৈছে।[2] জ্যোতিপ্ৰসাদে বিদেশত থকা কালত খ্যাতনামা সংগীতজ্ঞ সকলৰ সংগীত শুনিছিল। কিন্তু তেওঁ পাশ্চাত্য আৰু ভাৰতীয় সংগীতৰ মৌলিক পাৰ্থক্যখিনি বুজি পাইছিল আৰু পাশ্চাত্য সংগীতৰ কিছুমান টেকনিক অসমীয়া সংগীতত ব্যৱহাৰ কৰিছিল।[2] জ্যোতিপ্ৰসাদৰ গীতৰ আন এটি বৈশিষ্ট্য হ'ল গীতৰ সুৰত নাটকীয় ভংগীৰ প্ৰকাশ। নিমাতী কইনা নাটত ৰূপকোঁৱৰে গীত এটা গাই বেগাই আহি থাকে, গতিকে গীতৰ সুৰো মধ্য সপ্তকৰ পৰা তাৰ সপ্তকলৈ অৰ্থাত তলৰ পৰা ওপৰলৈ বেগাই উঠে। গীতৰ কথাৰ লগতো কাহিনী ভাগৰ মিল আছে।[12] এনেবোৰ কৌশলে নাটৰ গতিশীলতাত অৱদান যোগাইছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 বীৰেন্দ্ৰনাথ দত্ত (২০০২). "অসমীয়া সংগীতৰ ঐতিহ্য আৰু জ্যোতিপ্ৰসাদ". In গীতাশ্ৰী তামুলী, অখিল গগৈ. শিল্পীৰ আলোকযাত্ৰা. জ্যোতি প্ৰকাশন. 
  2. 2.0 2.1 2.2 বীৰেন্দ্ৰকুমাৰ ফুকন. "সুৰকাৰ জ্যোতিপ্ৰসাদ". In গীতাশ্ৰী তামুলী, অখিল গগৈ. শিল্পীৰ আলোকযাত্ৰা. জ্যোতি প্ৰকাশন. 
  3. বিষ্ণু ৰাভা. "অমৰ জ্যোতি". In গীতাশ্ৰী তামুলী, অখিল গগৈ. শিল্পীৰ আলোকযাত্ৰা. জ্যোতি প্ৰকাশ. 
  4. সমীন্দ্ৰ হুজুৰি. "পাদটীকা". জ্যোতিপ্ৰসাদ ৰচনাৱলী. অসম প্ৰকাশন পৰিষদ. 
  5. লক্ষ্মীনাথ তামুলী (২০০৪). "প্ৰকাশকৰ কৈফিয়ত". In হীৰেণ গোহাই, লক্ষ্মীনাথ তামুলী. জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ. 
  6. জ্যোতিপ্ৰসাদ আগৰৱালা (২০০৪). [জ্যোতিপ্ৰসাদৰ নাটক দ্বিতীয় তাঙৰণৰ পাতনি]. অসম প্ৰকাশন পৰিষদ. জ্যোতিপ্ৰসাদৰ নাটক. 
  7. 7.0 7.1 7.2 7.3 7.4 7.5 7.6 7.7 7.8 ছবি গগৈ (২০১১). অসমীয়া গীতি-সাহিত্যৰ সমাজশাস্ত্ৰীয় মূল্য. পৃথিৱী প্ৰকাশন. ISBN 81-202-8828-6. 
  8. বিশ্বেশ্বৰ হাজৰিকা (১৯৮২). "জ্যোতিপ্ৰসাদৰ ভাষা". প্ৰকাশ: ১৫৭. 
  9. 9.0 9.1 9.2 হীৰেণ গোহাই (২০০৭). "সম্পাদকীয়". জ্যোতিপ্ৰসাদ ৰচনাৱলী. অসম প্ৰকাশন পৰিষদ. 
  10. ড॰ মদন শৰ্মা. গীতাশ্ৰী তামুলী, অখিল গগৈ. ed. শিল্পীৰ আলোকযাত্ৰা. জ্যোতি প্ৰকাশন. 
  11. নিৰ্মল চক্ৰৱৰ্তী. "জ্যোতি সংগীত - পাঠ আৰু সুৰৰ বৈশিষ্ট্যৰ ওপৰত দৃষ্টিপাত". শিল্পীৰ আলোকযাত্ৰা. জ্যোতি প্ৰকাশন. 
  12. 12.0 12.1 দিলীপ শৰ্মা. "জ্যোতিপ্ৰসাদৰ গীত". In গীতাশ্ৰী তামুলী, অখিল গগৈ. শিল্পীৰ আলোকযাত্ৰা. জ্যোতি প্ৰকাশন.