নিমাতী কইনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিমাতী কইনা
নিমাতী কইনা নাটৰ এটি দৃশ্য
নিমাতী কইনা নাটৰ এটি দৃশ্য
লিখক জ্যোতিপ্ৰসাদ আগৰৱালা
চৰিত্ৰসমূহ
  • নিমাতী কইনা
  • সবিতাপ্ৰিয়
  • আচাৰ্যদেৱ
  • মন্ত্ৰী
  • ৰূপকোঁৱৰ
  • গন্ধৰ্বৰজা
  • ৰত্নাৱলী
  • চিত্ৰাৱলী
  • মুক্তাৱলী
  • ৰূপাৱলী
  • নিদ্ৰাৱলী
  • গন্ধৰ্ব নৃত্যবিশাৰদা
  • গন্ধৰ্ব ওজা

নিমাতী কইনা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এখনি লিৰিকধৰ্মী কাব্য-নাট[1]। ১৯৩৬ চনত তেঁও এই নাটখনি ৰচনা কৰিছিল। নিমাতী কইনা নামৰ লক্ষ্মীনাথ বেজবৰুৱাৰ এটি বেলাড জাতীয় কবিতাৰ ওপৰত এই নাটখনি প্ৰতিষ্ঠিত। বিষয়বস্তুৰ পৰিকল্পনা, ৰূপায়ন, সৌন্দৰ্য্য আৰু কাব্যিক আবেদনৰ ক্ষেত্ৰত এই নাটখনিক যথেষ্ট উৎকৰ্ষ বুলিব পাৰি। সমালোচকৰ মতে- সমসাময়িক মধ্যবিত্ত সমাজৰ অনাদৰ-অৱহেলাৰ প্ৰতি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক্ষোভ আৰু অভিমানে এই নাটত তীব্ৰ উষ্মাৰ ৰূপ লৈছে। ব্যক্তিগত সংকটৰ স্তৰৰ পৰা শিল্পকলাৰ নৈৰ্ব্যক্তিকতালৈ সম্পূৰ্ণ ঊধাব নোৱাৰা বাবে ই সৰ্বাংগসুন্দৰ নহয় [2]। সেয়ে বোধহয় জ্যোতিপ্ৰসাদে ইয়াক শিশু নাটিকা বুলিছে।


কাহিনী সাৰাংশ[সম্পাদনা কৰক]

ৰতনপুৰৰ অপূৰ্ব সুন্দৰী নিমাতী ৰাজকুমাৰীৰ মুখৰ পৰা এষাৰ মাত উলিয়াবলৈ বিভিন্নজনে চলোৱা আপ্ৰান চেষ্টাৰ এটি ৰসাল কাহিনীৰে নাট্যকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নাটখনিৰ সৃষ্টি কৰিছে। উপস্থাপনৰীতি আৰু কাব্যধৰ্মই ইয়াক অভিনৱ সৌন্দৰ্য্য প্ৰদান কৰিছে।

নাটখনিৰ শেষত কঙাল, ভিকহু বীন বৈৰাগীৰূপী ৰূপকোঁৱৰে নিমাতীৰ মাত উলিয়াবলৈ সক্ষম হয়। ৰূপ নহয়, বিজ্ঞান নহয়, পাণ্ডিত্য নহয়, অৱহেলিত আৰু অনাদৃত শিল্পীয়েহে নাটখনিত নিমাতীৰ মাত ফুটাব পাৰে। এনেদৰে পাণ্ডিত্যৰ গৰ্ব, ধনৰ গৰ্ব, ৰূপৰ ভেম আদি বিভিন্ন দিশৰ ভুৱা অস্তিত্ব নাট্যকাৰে নাটখনত উপস্থাপন কৰিছে।

চৰিত্ৰাৱলী[সম্পাদনা কৰক]

  • নিমাতী কইনা - ৰতনপুৰৰ ৰাজকুমাৰী
  • সবিতাপ্ৰিয় - ৰতনপুৰৰ ৰজা
  • আচাৰ্যদেৱ - ৰাজসভাৰ পণ্ডিত
  • মন্ত্ৰী - ৰতনপুৰৰ মন্ত্ৰী
  • ৰূপকোঁৱৰ - জ্যোতিদেশৰ কোঁৱৰ
  • গন্ধৰ্বৰজা - সুন্দৰৰ সাধক
  • ৰত্নাৱলী - নিমাতীৰ সখীয়েক
  • চিত্ৰাৱলী - নিমাতীৰ সখীয়েক
  • মুক্তাৱলী - নিমাতীৰ সখীয়েক
  • ৰূপাৱলী - নিমাতীৰ সখীয়েক
  • নিদ্ৰাৱলী - নিমাতীৰ সখীয়েক
  • গন্ধৰ্ব নৃত্যবিশাৰদা
  • গন্ধৰ্ব ওজা

খেতিয়ক ছোৱালীবিলাক, শিপিনী ছোৱালীবিলাক, নানা দেশৰ ছোৱালী, নানা দেশৰ ৰাজকুমাৰ, প্ৰহৰী, দূত, ভাট আদি

'নিমাতী কইনা'ত সংলগ্ন গীত[সম্পাদনা কৰক]

  1. আজি পুৱতি কিহৰে আৰতি[3]
  2. মাতা অ' নিমাতী ! মাতা অ' নিমাতী ![4]
  3. নিমাতী কইনা, নাহাঁহি মইনা ![5]
  4. চিৰসুন্দৰ  ! হে চিৰ সুন্দৰ  ! মোৰ ৰাগ কৰবীৰে পতা ল'বি পূজা[6]
  5. জোনাকী কাৰেঙত কোনে বীণ বায় ?[7]
  6. সেউজী সেউজী সেউজী অ’[8]
  7. জাগা-জাগা, নক্ষত্ৰৰ প্ৰভাতে প্ৰভাতে[9]
  8. জানো জানো জানো, বিফলে নাযায় মোৰ গানো[10]
  9. জাগা অভিনৱ ছন্দে,কণ্ঠে কণ্ঠে[11]
  10. জয় ৰূপ মুগ্ধ, জয় সুৰমুগ্ধ[12]

নাট্যকাৰৰ দৰ্শন[সম্পাদনা কৰক]

'"নিমাতী কইনা"'ৰ এটি দৃশ্যত নিমাতীৰ মাত উলিয়াই নিমাতীক পাবলৈ পাৰস্যৰ বুঢ়া ৰজাৰ প্ৰয়াস।

নাট্যকাৰ আগৰৱালাই কল্পনা কৰিছিল এখন শিল্পীৰ পৃথিৱী। "'পোহৰলৈ"' নামৰ প্ৰৱন্ধত তেখেতে উল্লেখ কৰিছে যে "য'ত ভৱিষ্যতৰ জ্ঞানময় জনতন্ত্ৰৰ গুঁৰিধৰোতা সকল কবি-দাৰ্শনিক, শিল্পী-দাৰ্শনিক- যিসকল একেলগে স্ৰষ্টা আৰু দ্ৰষ্টা হ'বলৈ লাগিব- মহামহত্বৰ বিৰোধী আসুৰী শত্ৰুক জয় কৰি।"এয়ে আছিল তেখেতৰ ৰাজনৈতিক-দৰ্শন, শৈল্পীক-দৰ্শন,সমাজ দৰ্শন।জ্যোতি প্ৰসাদ আগৰৱালাৰ এয়া আছিল প্ৰকৃত উপলদ্ধি।আৰু এই উপলব্ধিৰে তেখেতে কাব্য নাট-ৰূপ দিছে নিমাতী কইনাত।[13]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড. হীৰেণ গোঁহাই, পাতনি. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ
  2. ড° হীৰেন গোহাঁই, নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ/জ্যোতিপ্ৰসাদৰ নিমাতী কইনা/দুই
  3. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-১
  4. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-২
  5. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-১০
  6. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-১৭
  7. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-১৮
  8. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-২২
  9. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-৩৫
  10. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-৪৯
  11. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-৫১
  12. নিমাতী কইনা, অসম প্ৰকাশন পৰিষদ,পৃষ্ঠা-৫১
  13. নাটক আৰু অভিনয় প্ৰসংগ/সত্যপ্ৰসাদ বৰুৱা/পৃষ্ঠা-২১৭