কবিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অসমীয়া সাহিত্য
শ্ৰীশ্ৰীশঙ্কৰদেৱ.JPG Hemchandra Barua.gif
Laksminath Bezbaruah.jpg Hemchandra Goswami.jpg
Kamalakanta Bhattacharya.jpg জ্যোতিপ্ৰসাদ আগৰৱালা.JPG

চৰ্যাপদ পুথি
শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা
হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া সাহিত্য
(শ্ৰেণী: সাহিত্য)
অসমীয়া ভাষা
সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যিকসকলৰ তালিকা
কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা
অসমীয়া সাহিত্যিক
ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ
সাহিত্যধাৰা
প্ৰাচীন আৰু মধ্যযুগীয়
চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য
আধুনিক যুগৰ সাহিত্য
উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান
প্ৰতিষ্ঠান আৰু পুৰস্কাৰ
ভাষা শিক্ষায়ন
সাহিত্য পুৰস্কাৰ
সম্পৰ্কীয় প্ৰবেশদ্বাৰ
সাহিত্য প্ৰবেশদ্বাৰ
অসম প্ৰবেশদ্বাৰ

কবিতা সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল গদ্য। কবিতা সম্ভবত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ। কবিতা হ'ল জীৱনৰ বৈচিত্ৰ্যময় আৰু জটিল সৃষ্টি। কবি হৃদয়ৰ ভাবানুভূতিৰ কল্পনাৰে মণ্ডিত,ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টি।

কবিতাৰ জন্ম আৰু সংজ্ঞা[সম্পাদনা কৰক]

এইটো অনুমান কৰা হৈছে যে, আদি কবি বাল্মীকিৰ হাততেই অৰ্থাৎ পুণ্যভূমি ভাৰতবৰ্ষতেই পোন প্ৰথমে কবিতাৰ জন্ম হৈছে। ক্ৰৌঞ্চ বিয়োগ-জনিত শোকেই আপুনা - আপুনি বাল্মিকীৰ মুখৰপৰা শ্লোকৰূপে উচ্ছাৰিত হৈছিল। সহচাৰী-বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাত কবি চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহসা 'পৰিপূৰ্ণ বাণীৰ সঙ্গীত' জন্মগ্ৰহণ কৰি অপূৰ্ব ছন্দত কবি-কণ্ঠত উচ্চাৰিত হ’ল[1] -

মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্॥

কবিতাৰ সংজ্ঞা[সম্পাদনা কৰক]

প্ৰাচ্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ প্ৰাচ্যৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্তুধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্যৰ কেৱল দুজন আলংকৰিকৰ লেখাতহে কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ'ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।

কাব্যলংকাৰ প্ৰণেতা ভামহৰ মতে,"শব্দাৰ্থৌ সহিতৌ কাব্যম"- অৰ্থাত্‍ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।

বিশ্বনাথ কবিৰাজে তেওঁৰ "সাহিত্য দৰ্পণ" নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-"বাক্যং ৰসাত্মকং কাব্যম"-অৰ্থাত্‍ ৰসময় বাক্যই কবিতা। পাশ্চাত্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ জনচনৰ মতে,"কবিতা হ'ল ছন্দোবদ্ধ ৰচনা। "

ৱৰ্ডচৱৰ্থৰ মতে, "নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা। "

অন্য এটা সংজ্ঞাত তেওঁ আকৌ কৈছে, "উপচি উঠি আপোনা-আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা। "

মেথিউ আৰ্নল্ডৰ মতে,"কবিতা হ'ল জীৱন-বীক্ষা। "

ক'লেৰিজৰ মতে,"উত্‍কৃষ্টতম শব্দপুঞ্জৰ উত্‍কৃষ্টতম বিন্যাসেই কবিতা।

অডেনৰ মতে," কবিতা হ'ল স্মৰণীয় বাক্য়। "

কাৰ্লাইলৰ মতে, "কবিতা হ'ল সংগীতময় চিন্তা। "

থিয়োডৰ ৱাট্ছ-ডাণ্টনৰ মতে, কবিতা হ'ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি। "

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সাহিত্য-সন্দৰ্শন, শ্ৰীশচন্দ্ৰ দাশ, বৰ্ণ বিচিত্ৰ, ঢাকা, ৬ষ্ঠ সংস্কৰণ, ১৯৯৫, পৃষ্ঠা-৩০