গদ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পটভূমি শঙ্কৰ-মাধৱৰ তিৰোধানৰ পিছৰ এশ বছৰ অৰ্থাৎ খৃষ্টীয় ষোড়শ শতিকাৰ শেষ দশকৰ পৰা অষ্টাদশ শতিকাৰ প্ৰাৰম্ভলৈকে বিস্তৃত যুগটোক আমি চৰিত পুথি আৰু গদ্য সাহিত্যৰ উদ্ভৱৰ যুগ বুলিব পাৰোঁ। মহাভাৰত, ৰামায়ণ, ভাগৱত আৰু অন্যান্য দুই-চাৰিখন পুৰাণৰ আংশিক অনুবাদ, অঙ্কীয়া নাট আৰু গীত ৰচনাৰ ধাৰা অব্যাহত থকাৰ উপৰিও এই যুগৰ বিশিষ্ট লক্ষণ হ’ল চৰিত পুথিৰ উদ্ভৱ, ভকতীয়া গদ্যৰ বিকাশ আৰু বুৰঞ্জী গদ্যৰ আৱিৰ্ভাৱ। চৰিত সাহিত্যৰ উদ্ভৱৰ প্ৰায় ২০২৫ বছৰ মানৰ আগতে গদ্য সাহিত্যৰ উদ্ভৱ হয়। চৰিত সাহিত্যৰ উদ্ভৱ সপ্তদশ শতিকাৰ দ্বিতীয়-তৃতীয় দশক মানত বুলি ধৰি ল’ব পাৰো আৰু গদ্যৰ উদ্ভৱ সেই হিচাপে ষোড়শ শতিকাৰ শেষ দশকত নাইবা সপ্তদশ শতিকাৰ প্ৰাৰম্ভত। মহাপুৰুষৰ অঙ্কীয়া নাটত গদ্যৰ প্ৰথম নিদৰ্শন পালেও সেই গদ্যক প্ৰকৃত অসমীয়া গদ্যৰ চানেকি বুলি কোৱা টান। প্ৰথম কথা, সেই গদ্যত মৈথেলীৰ আধিপত্য পোৱা যায় আৰু দ্বিতীয়তে গদ্য ৰচনাৰ বাক্য বিন্যাস-প্ৰণালী তাত ৰক্ষা কৰা নাই। ভট্টদেৱৰ হাতত প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টি হয়। এই গদ্যৰ উৎপত্তিৰ মূলতে কেইটামান কাৰণ নিৰ্দেশ কৰিব পাৰি। প্ৰথমটো হ’ল এই যে জনসাধাৰণে গদ্য ভঙ্গীতহে কথা কয়, ছন্দত নহয়। গতিকে কথা কোৱাৰ ভঙ্গীত যদি সাহিত্য ৰচনা কৰা যায় তেতিয়া সেই সাহিত্য বুজাত সহজ হ’ব। দামোদৰদেৱে এই কাৰণেই ভট্টদেৱক ‘স্ত্ৰী-শূদ্ৰে’ বুজিব পৰাকৈ কথাবন্ধে ভাগৱত ৰচনা কৰিবলৈ কৈছিল। এওঁ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা। ভট্টদেৱৰ কীৰ্তিস্তম্ভ হ’ল ‘কথা ভাগৱত’ আৰু ‘কথাগীতা’। কথা ভাগৱত, পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ যুক্তি মতে, ১৫৯৬ খৃষ্টাব্দ মানত সম্পূৰ্ণ হয়। দুখন অতি প্ৰসিদ্ধ, পৱিত্ৰ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰি ভট্টদেৱে অসমীয়া ভাষাক উচ্চ মৰ্যাদা দান কৰাৰ লগে লগে তত্ত্ব গধুৰ ভাব প্ৰকাশৰ সহজ বাহন ৰূপে অসমীয়া ভাষাক থিয় কৰায়। গীতা আৰু ভাগৱত দুয়োখনেই ভাৱগধুৰগ্ৰন্থ, অসমীয়া গদ্যত দুয়োখন অনুবাদ কৰি ভট্টদেৱে অসমীয়া গদ্য ভাষাৰ প্ৰকাশিকা শক্তিৰ পৰিচয় দিয়ে।

দৈনন্দিন কথ্য ভাষাক ভট্টদেৱে গ্ৰহণ কৰা নাই। কথ্য ভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে। পদ পুথিত ব্যৱহাৰ কৰা শব্দাৱলী আৰু বৈয়াকৰণিক গঢ়সমূহ তেওঁ গ্ৰহণ কৰি কথিত ভাষাৰ বাক্য ৰচনাৰ প্ৰণালীত সেইবোৰ প্ৰয়োগ কৰিছে। গদ্য বা কথাৰীতিক প্ৰকাশৰ মাধ্যম ৰূপে গ্ৰহণ কৰিলেও ‘পদবন্ধ’ৰ মোহ একেবাৰে এৰিব পৰা নাছিল। বিশেষকৈ ‘কথাভাগৱত’ৰ ঠায়ে ঠায়ে তেওঁৰ ৰীতি লয় প্ৰসাৰী হৈছে। বিশেষকৈ কোনো ধৰ্ম সমাজত শাস্ত্ৰ ব্যাখ্যা কৰোঁতে যি ৰীতিত প্ৰশ্ন উত্থাপন কৰি তাৰ উত্তৰ দি যায় সেই ৰীতিতে গীতা আৰু ভাগৱত ৰচনা কৰিছে।

ভট্টদেৱৰ বাক্যত শব্দ বিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগ বিশুদ্ধ। বাক্যবোৰ সাধাৰণতে চুটি চুটি, কিন্তু স্থান বিশেষে সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত হ’ব নোৱাৰি সমাসবদ্ধ বাক্য প্ৰয়োগ কৰা দেখা যায়। তৎসম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে। ছন্দোবদ্ধ ৰচনাত প্ৰয়োগ নোহোৱা উত্তম পুৰুষৰ ভৱিষ্যৎ কালৰ প্ৰত্যয় ‘ম’ (কৰিম) আৰু তৃতীয় পুৰুষৰ ‘ব’ প্ৰত্যয়ৰ প্ৰয়োগ ভট্টদেৱৰ গদ্যৰ বিশেষত্ব। তদপুৰি কাৰক বিভক্তিৰ ‘পৰা’ প্ৰত্যয়ৰো ব্যৱহাৰ দুই-এঠাইত লক্ষ্য কৰা যায়। মাজে মাজে ঘৰুৱা উপমা বা চিত্ৰ প্ৰয়োগ কৰি বক্তব্য বিষয় পৰিস্ফুট কৰাৰ এটি ক্ষীণ চেষ্টা দেখা যায়। একোটি চুটি চুটি বাক্যত ভালেখিনি কথা সুমুৱাই ৰাখিব পৰা ক্ষমতা ভট্টদেৱৰ দেখা যায়। ভট্টদেৱৰ ভাষাৰ প্ৰকাশিকা শক্তি এই নিদৰ্শনটোৱে দাঙি ধৰিব— “যদ্যপি তুমি সকলো পাপীত কৰি অত্যন্ত পাপকাৰী হোৱা তথাপি পাপ সমুদ্ৰক জ্ঞান নাৱে অনায়াসে তৰিবা। যেনে কাষ্ঠসমূহক প্ৰজ্বলিত অগ্নিয়ে ভষ্ম কৰে তেমনে জ্ঞানাগ্নিয়ে প্ৰাৰব্ধ বিনে সকল কষ্টকে ভষ্ম কৰে।” (কথাগীতা, ৪ৰ্থ অধ্যায়)।

অসমীয়া গদ্যক গধুৰ ভাৱ প্ৰকাশৰ বাহনৰূপে প্ৰয়োগ কৰি ভট্টদেৱে অসমীয়া ভাষাক যি মৰ্যাদা দান কৰিলে তাৰ কাৰণে অসমীয়া সাহিত্যৰ বুৰঞ্জীত তেওঁৰ বিশেষ স্থান থাকিব। পূৰ্বতে উল্লেখ কৰা হৈছে যে অসমীয়া গদ্যই ষোড়শ শতাব্দীৰ শেষ ভাগত জন্ম লাভ কৰি সপ্তদশ শতিকাত বিস্তৃতি লভে। ষোড়শ শতাব্দীৰ শেষ দশকত কথা ভাগৱত আৰু কথাগীতা ৰচিত হয়। সপ্তদশ শতিকাৰে শেষৰ ফালে বুৰঞ্জী আৰু চৰিত্ৰ পুথিৰ ৰচনা আৰম্ভ হয়। অষ্টাদশ শতিকাত বুৰঞ্জী, চৰিত পুথি, বংশাৱলী, ৰজাঘৰীয়া পেৰাকাকত, ভূমিদান লিপি আৰু নানা বিষয়ক গদ্য পুথিৰ ৰচনা হয়। সপ্তদশ শতিকাৰ শেষলৈকে ছন্দোবদ্ধ সাহিত্যৰ প্ৰাধান্য আছিল, গদ্যৰ প্ৰয়োগ তুলনামূলকভাৱে সামান্য বুলি ক’ব লাগিব। অষ্টাদশ শতিকাত কিন্তু গদ্যই পদ্যৰ সমান স্থান অধিকাৰ কৰি ললে। এই যুগত যিমান সাহিত্যৰ সৃষ্টি হৈছিল, তাৰ প্ৰায় আধা গদ্যত ৰচিত। এই যুগৰ গদ্য আলোচনাৰ সুবিধাৰ অৰ্থে তলত উল্লেখ কৰা ধৰণে শ্ৰেণী বিভাগ কৰি ল’ব পাৰোঁ—

১. ঐতিহাসিক গদ্য (বুৰঞ্জী, পেৰাকাকত আদি)

২. চৰিত পুথি আৰু বংশাৱলীৰ গদ্য

৩. ধৰ্মপুথিৰ গদ্য

৪. বিবিধ বিষয়ক গদ্য

বুৰঞ্জীৰ গদ্য বুৰঞ্জী সাহিত্য আহোমসকলৰ অৱদান আৰু ইয়াৰ সৃষ্টি হয় সপ্তদশ শতিকাৰ মাজভাগত। অষ্টাদশ শতিকাত এই সাহিত্যই বিস্তৃতি লাভ কৰে।

বুৰঞ্জীসমূহ কথিত ভাষাত ৰচিত। ঐহিক জীৱনৰ বাস্তৱধৰ্মী ঘটনা প্ৰকাশৰ উপযোগী মাধ্যম কথিত ভাষা। গতিকে ধৰ্ম বিষয়ক পুথিৰ গদ্যৰ ভাষাৰ দৰে ইয়াৰ ভাষাত কৃত্ৰিমতা নাই; অপ্ৰচলিত শব্দ বা ক্ৰিয়াৰ ৰূপ দিবলৈ যাওঁতে বুৰঞ্জী লেখকসকলে ভাষাৰ ব্যৱহাৰিক ৰূপটোহে গ্ৰহণ কৰি লৈছিল, কিন্তু সেইবুলি বুৰঞ্জীসমূহ ঐতিহাসিক ঘটনাৰ নীৰস ধাৰাবাহিক বিৱৰণৰ সমষ্টি নহয়। ড. সূৰ্যকুমাৰ ভূঞাদেৱৰ ভাষাত, বুৰঞ্জীৰ কথা শুকান হাৰ-ছাল নহয়, তাত ভাবৰ সমাৱেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি। সেই দেখি এই বুৰঞ্জীসমূহক বুৰঞ্জীৰ শাৰীৰ পৰা আনি বিশুদ্ধ সাহিত্যৰ অঙ্গীভূত কৰা হৈছে। বুৰঞ্জী আৰু সাহিত্যৰ এনে অপূৰ্ব সঙ্গম বৃটিছৰ পূৰ্ব যুগৰ কোনো ভাৰতীয় সাহিত্যতে দেখিবলৈ পোৱা নাযায় বুলি কলেও সত্যৰ অপলাপ নহয়।

বুৰঞ্জী লেখকৰ দৃষ্টিভঙ্গী আৰু ৰচনা ভঙ্গী ব্যক্তি নিৰপেক্ষ (objectivity) এটি মন কৰিবলগীয়া বিশেষত্ব। ব্যক্তিগত ৰুচি-অভিৰুচি, বিৰাগ-আসক্তি বিসৰ্জন দি নিৰপেক্ষ দৃষ্টিৰে ৰাজনৈতিক সকলো কথা বৰ্ণনা কৰি গৈছে। এই নিৰপেক্ষতাৰ লগতে আন এটি বিশেষত্ব হ’ল বৰ্ণনাৰ পুঙ্খানুপুঙ্খতা। কোনো বিশেষ ঘটনাৰ শক, তাৰিখ, দণ্ড-পল পৰ্যন্ত সন্নিবেশ কৰা হৈছে। বুৰঞ্জীবোৰৰ ভাষাত আৰবী-ফাৰ্চী শব্দৰ প্ৰয়োগ যথেষ্ট দেখা যায়। বিশেষকৈ চিঠি-পত্ৰাদিত নবাব বাদচাহৰ বিৱৰণ দিয়াত আৰু কিছুমান বস্তুৰ নামত ফাৰ্চী-আৰবী শব্দ প্ৰচুৰভাৱে প্ৰয়োগ কৰিছে।

ৰাজনৈতিক ঘটনাৰ লগত সংশ্লিষ্ট ব্যক্তিসমূহৰ উক্তি-প্ৰত্যুক্তিবোৰো যথাযথভাৱে উদ্ধৃত কৰি বৰ্ণনীয় বিষয়ক নাটকীয় গুণ বিশিষ্ট কৰি তোলা হৈছে। গৌণ বা পৰোক্ষ উক্তিৰ (indirect narration) ব্যৱহাৰ নাছিল। কোনো ব্যক্তিয়ে কোৱা কথা দিব লগা হ’লে হুবহু যেনেভাৱে কৈছিল, সেই ভাৱেই উদ্ধৃত কৰি দিয়া হয়।

বৰ্ণনীয় বিষয়ৰ প্ৰকৃতি আৰু চৰিত্ৰৰ মানসিক অৱস্থাৰ বা অনুভূতিৰ তীব্ৰতাৰ মাত্ৰা অনুসৰি ভাষাক গঢ় দিয়া হৈছে। তলৰ চমু উদ্ধৃতিকেইটাই বুৰঞ্জীৰ ভাষাৰ স্বাভাৱিক ৰীতি আৰু অনুভূতি প্ৰকাশ ক্ষমতাৰ ইঙ্গিত দিব:

১. “মই মাটিৰ গড় বান্ধিম খহিব, কাঠৰ গড় বান্ধিম পছিব, মই কথাৰ গড় বান্ধি দিছো প্ৰাণ পৰিভুগী হ’ব।” (দেওধাই অসম বুৰঞ্জী)

২. “নাও তল যাব, শিল ওপঙিব, কোৱা বগা হ’ব, লুইত উজাই ব’ব তেবে কি আমাৰ কবুল ছাৰিবেক।” (দেওধাই অসম বুৰঞ্জী)

চৰিত পুথিৰ গদ্য অষ্টাদশ শতিকাত গদ্যত ৰচনা কৰা চৰিত-পুথিৰ বিশেষ বিকাশ দেখা যায়। তাৰ ভিতৰত উপেন্দ্ৰ চন্দ্ৰ লেখাৰু সম্পাদিত ‘কথা গুৰু চৰিত’, গোবিন্দ দাসৰ ‘সন্ত-সম্প্ৰদা’, ভট্টদেৱৰ নামত প্ৰচলিত ‘সৎ সম্প্ৰদায় কথা’ বিশেষভাৱে উল্লেখযোগ্য। ‘কথা গুৰু চৰিত’ আৰু ‘বৰদোৱা গুৰু চৰিত’ আকাৰত যেনেকৈ ডাঙৰ, তেনেকৈ গদ্যৰ চানেকি ৰূপেও উৎকৃষ্ট নিদৰ্শন।

গদ্য চৰিত-পুথিৰ ভাষা ভট্টদেৱৰ বা ৰঘুনাথ মহন্তৰ পুথিৰ ভাষাৰ পৰা পৃথক যদিও বুৰঞ্জীৰ লগতো এক নহয়। কথিত ভাষাৰে এটি অতিশয় পৰিমাৰ্জিত ৰূপ ইয়াত পোৱা যায়। এই গদ্য সত্ৰীয়া ভকত সমাজত প্ৰচলিত ভাষাৰ ঠাচৰ ওপৰত প্ৰতিষ্ঠিত। এই হিচাপে ভট্টদেৱৰ সাহিত্যিক গদ্য আৰু বুৰঞ্জীৰ দৈনন্দিন কথিত গদ্যৰ মাজতে এই গদ্যৰীতিক স্থাপন কৰিব পাৰি। ইয়াত হুবহু কথিত ৰূপ যেনেকৈ আছে তেনেকৈ ঠাই বিশেষে পদ পুথিৰ ভাষাৰ ব্যৱহাৰো আছে। উপমা, দৃষ্টান্ত, পদ-পুথিৰ উদ্ধৃতি আৰু প্ৰত্যক্ষ বৰ্ণনা (direct narration)ৰ সঘন প্ৰয়োগৰ দ্বাৰা বৰ্ণনা ৰসাল কৰি তোলা হয়। গোবিন্দ দাসৰ ‘সন্ত সম্প্ৰদা’ গ্ৰন্থৰ গদ্যত বৰ্ণনাৰ সংযম, ভাষাৰ মিতব্যয়িতা আৰু ৰচনা ভঙ্গীৰ নিৰপেক্ষতা (objectivity) প্ৰশংসনীয়।

ধৰ্ম বিষয়ক গদ্য ধৰ্ম বিষয়ক গ্ৰন্থৰ ভিতৰত কথা ৰামায়ণ উল্লেখযোগ্য। এইখন ৰঘুনাথ মহন্তৰ শ্ৰেষ্ঠ গ্ৰন্থ। অসম্পূৰ্ণ হ’লেও বৰ্ণনাৰ সংযম আৰু গাম্ভীৰ্য, ভক্তিভাবৰ গাঢ়তা আৰু সৰস গদ্যভঙ্গীয়ে এই গ্ৰন্থক অসমীয়া সাহিত্যৰ ইতিহাসত এক বিশেষ স্থান দিছে। ‘কথা ৰামায়ণ’ৰ প্ৰথম তিনিটা কাণ্ডৰ ভাষাত ব্ৰজাৱলী শব্দৰূপ আৰু ক্ৰিয়াৰূপৰ সঘন প্ৰয়োগ ঘটিছে। গদ্যৰ ঠাচ ভট্টদেৱৰ গদ্যঠাচৰ অনুৰূপ, কিন্তু ভট্টদেৱতকৈ কিছু সৰল। ‘কথা ৰামায়ণ’ৰ ভাষাৰ নিদৰ্শন— “জনকনন্দিনী স্বামী আসিবাৰ দেখি আগবাঢ়ি স্বামীক নমিলা। শ্ৰীৰামৰ ভাৱ দেখি বুলিলা— হে প্ৰাণনাথ কেনে তোমাৰ মুখপঙ্কজ ম্লান ভৈল ৰাজচিহ্ণ কেনে নাহি? শ্ৰীৰামে বোলন্ত— হে প্ৰিয়ে হামাৰ ৰাজ্য পদ গুচি বনপদ ভৈল।”

‘কথা ৰামায়ণ’ৰ বাহিৰে আৰু দুই-চাৰিখন গদ্য পুথি পোৱা যায়। সেইবোৰৰ ভিতৰত পৰশুৰামৰ কথা ঘোষা, পদ্ম পুৰাণৰ অংশ বিশেষৰ কথানুবাদ আৰু সাত্বত তন্ত্ৰৰ অনুবাদ বিশেষভাবে লেখত ল’বলগীয়া। ‘সাত্বত তন্ত্ৰ’ৰ গদ্য ভট্টদেৱৰ গদ্যৰ অনুৰূপ। তদপুৰি বুৰঞ্জী আৰু পুৰাতত্ব বিভাগে ‘তীৰ্থ কৌমুদী’ নামে এখন সচিত্ৰ গদ্য পুথি মঙ্গলদৈৰ পৰা উদ্ধাৰ কৰি আনিছে। এই গ্ৰন্থ অষ্টাদশ শতিকাৰ এখন মূল্যবান গ্ৰন্থ। ইয়াৰ গদ্য কথিত গদ্যৰ অনুৰূপ আৰু সৰল। লেখকৰ নাম অজ্ঞাত।

ব্যৱহাৰিক জ্ঞানৰ পুথিৰ গদ্য মহাৰাজ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্ব কালত অসমীয়া গদ্যত কেইবাখনো ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচনা কৰা হৈছিল। সেইবোৰৰ ভিতৰত সুকুমাৰ বৰকাথৰ সচিত্ৰ ‘হস্তী বিদ্যাৰ্ণৱ’ (১৭৩৪ খৃঃ), ‘ঘোঁৰা নিদান’ (১৭৪০ খৃঃ), কবিৰাজ চক্ৰৱৰ্তীৰ জ্যোতিষ সম্পৰ্কীয় ‘কথা গ্ৰন্থ ভাস্বতী’ উল্লেখযোগ্য। ‘হস্তী বিদ্যাৰ্ণৱ’ৰ ভাষাৰ লগত বুৰঞ্জীৰ ভাষা একে। অঙ্কৰ আৰ্যা, নৃত্য আৰু মুদ্ৰাৰ পুথি ‘শ্ৰীহস্তমুক্তাৱলী’ নামৰ সংস্কৃত গ্ৰন্থৰ সুচান্দ ওজা কৃত অসমীয়া কথা ভাঙনি, কামৰত্ম তন্ত্ৰৰ শ্লোকৰ অসমীয়া কথা ভাঙনি বিশেষভাবে উল্লেখযোগ্য। ‘নীতি লতাঙ্কুৰ’ গ্ৰন্থৰ মূল পাঠ্যসমূহ সংস্কৃতত, কিন্তু তাৰ ভাঙনিসমূহ অসমীয়া গদ্যৰ বিশুদ্ধ চানেকি।

বত্তৰ্মান সাহিত্যৰ পটভূমি ইং ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসমদেশ ইংৰাজৰ অধীনলৈ যায়। ইংৰাজে অত্যাচাৰী মানক খেদি বৃটিছ ৰাজত্ব প্ৰতিষ্ঠা কৰিলে আৰু অসমীয়া মানুহেও ইংৰাজ শাসনৰ ভৱিষ্যৎ ফলাফলৰ পিনে দৃষ্টি নকৰি মানৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাতে স্বস্তিৰ নিশ্বাস পেলালে। সাধাৰণ প্ৰজাই ইংৰাজ শাসন মানি লৈছিল যদিও আগৰ ডা-ডাঙৰীয়া শ্ৰেণীৰ লোকে সহজে বিদেশী শাসন মানি লোৱা নাছিল। পিয়লি ফুকন, গমধৰ কোঁৱৰ আদিৰ বিদ্ৰোহেই তাৰ প্ৰমাণ। তাৰ উপৰিও দাঁতিকাষৰীয়া পৰ্বতীয়া জাতিৰ উপদ্ৰৱৰ ফালেও সততে দৃষ্টি ৰাখিব লগা হৈছিল। গতিকে প্ৰথম দহ বছৰত ইংৰাজবিলাকে ৰাজ্য সুপ্ৰতিষ্ঠিত কৰা কাৰ্যত ব্যস্ত থাকিব লগা হৈছিল, দেশৰ শিক্ষা সমস্যা বা ভাষাৰ সমস্যা আদিলৈ চকু দিব পৰা নাছিল। আগৰ পৰা চলি অহা ব্যৱস্থাই বলবৎ আছিল, কিন্তু পিয়লি ফুকন আদিৰ বিদ্ৰোহত সম্ভ্ৰান্ত বংশীয় লোকসকল জড়িত থকা দেখি আৰু উজনি অসমৰ উচ্চ শ্ৰেণীৰ লোকে ইংৰাজ ৰাজত্বক ভাল চকুৰে নোচোৱা দেখি আৰু ইংৰাজ শাসন ব্যৱস্থাৰ লগত তেওঁলোকক অনিভজ্ঞজ্ঞ দেখি বঙ্গদেশৰ পৰা বঙালী কেৰাণি-মহৰী আমদানি কৰি দেশৰ শাসন ব্যৱস্থা চলাবলৈ আৰম্ভ কৰে। অসমীয়া লোকক নলৈ বঙালীক অনাৰ হয়তো কাৰণ দুটা আছিল—

(১) অসমীয়া শিক্ষিত সম্প্ৰদায় আৰু সম্ভ্ৰান্ত শ্ৰেণীক বিশ্বাস কৰিবলৈ টান পাইছিল।

(২) তেওঁলোক ইংৰাজ শাসন ব্যৱস্থা সম্পৰ্কে অনিভজ্ঞ আছিল।

বঙালী কেৰাণি-মহৰীবোৰে আত্মস্বাৰ্থ সংৰক্ষণ কৰিবৰ কাৰণে আৰু ভৱিষ্যতেও তেওঁলোকৰ স্থান অব্যাহত ৰাখিবৰ উদ্দেশ্যে ইংৰাজ বিষয়াসকলক বুজাই দিলে যে অসমীয়া এটা স্বতন্তৰীয়া ভাষা নহয়, বঙালীৰ এটা গ্ৰাম্য অপভ্ৰংশ মাত্ৰ। তেওঁলোকৰ কথাত বিশ্বাস কৰি ১৮৩৬ খৃষ্টাব্দত স্কুল-কাছাৰী আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষাক ইংৰাজে প্ৰতিষ্ঠা কৰিলে।

এনেয়ে মান-মৰাণৰ উপদ্ৰৱত থান-থিত নোহোৱা অসমীয়াই শিক্ষা আৰু সাহিত্যলৈ পিঠি দি কোনোমতে জীৱন নিৰ্বাহ কৰিব পৰাটোৱেই ভাগ্যৰ কথা বুলি ধৰি লৈছিল তাতে আকৌ যেতিয়া অসমীয়া ভাষাক বহিষ্কাৰ কৰি বঙালীক পঢ়াশালি আৰু আদালতত ঠাই দিলে, তেতিয়া শিক্ষা আৰু সাহিত্য চৰ্চাৰ সামান্য সম্ভাৱনাকণো নষ্ট পালে। ১৮৩৬ খৃষ্টাব্দৰ পৰা ১৮৭৩ খৃষ্টাব্দলৈকে প্ৰায় দুকুৰি বছৰ বঙালীয়ে অসমৰ পঢ়াশালি আৰু আদালতত আধিপত্য লাভ কৰাৰ ফলত অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত অশেষ ক্ষতি সাধিত হ’ল আৰু ফলস্বৰূপে অসমীয়া মানুহ পঞ্চাশ বছৰ কালৰ পশ্চাদগামী হ’ব লগাত পৰিল। ১৮৩৭ চনত স্থানীয় ভাষা আদালত আৰু পঢ়াশালিত চলাব পাৰে বুলি যি আইন হ’ল, অসমৰ ক্ষেত্ৰত কিন্তু সি প্ৰযোজ্য নহ’ল।

কিন্তু ‘ঘনান্ধকাৰেষু ইব দীপদৰ্শনম’ৰ দৰে ১৮৩৬ চনতে আমেৰিকান বেপ্তিষ্ট মিছনে হাতত খৃষ্টধৰ্মৰ জোৰ লৈ অসমত ভৰি দিলেহি। সেই চনৰ মাৰ্চ মাহত পোন প্ৰথমে ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু টি কট্টৰ সপৰিয়ালে শদিয়া পায়হি। কেইমাহমানৰ পিছতে ডক্টৰ মাইলচ ব্ৰন্সন আৰু জেকব থমাচ অসম পায়হি, কিন্তু দুৰ্ভাগ্যক্ৰমে ব্ৰহ্মপুত্ৰত নাও বুৰি জেকব থমাচৰ মৃত্যু হয়। শদিয়াত ব্ৰাউন, কট্টৰ আৰু ব্ৰন্সনে ধৰ্ম প্ৰচাৰত আত্মনিয়োগ কৰে, কিন্তু চিংফৌ আৰু খামতিবোৰৰ অত্যাচাৰত কাম কৰিবলৈ টান পাই লক্ষীমপুৰ জিলাৰ জয়পুৰলৈ গুচি আহে। পৰ্বতীয়া জাতিৰ মাজত ধৰ্ম প্ৰচাৰ কৰা সহজ নহ’ব বুলি ভাবি ভৈয়ামৰ লোকৰ মাজত খৃষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ ব্ৰাউন, ব্ৰন্সন, বাৰ্কাৰ আদি মিছনেৰীসকলে শিৱসাগৰ, নগাওঁ আৰু গুৱাহাটীত সত্ৰ পাতে। এইদৰে তেওঁলোকে বিভিন্ন ঠাইত পঢ়াশালি আৰু অনাথ আশ্ৰম পাতি ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। কিন্তু প্ৰচাৰ আৰম্ভ কৰোঁতেই দেখা দিলে ভাষা সমস্যাই। তেওঁলোকে বঢ়িয়াকৈ বুজিছিল, থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি-পাঁজী প্ৰকাশ নকৰি বিদেশী বঙলা ভাষাৰ সহায় ল’লে উদ্দেশ্য সিদ্ধি নহয়। অথচ দেখা পালে যে মাতৃভাষাৰ সলনি তেতিয়া পঢ়াশালি, আইন-আদালত আৰু শাসন-ব্যৱস্থা সকলোতে বঙালীৰহে প্ৰচলন। বিদেশী আচহুৱা ভাষাৰ যোগেদি যে এটা জাতিক শিক্ষিত আৰু জ্ঞানী কৰি তুলিব যে নোৱাৰি সেই কথা মিছনেৰীসকলে বুজি পাইছিল। কিন্তু শাসকসকলেহে সেই সাধাৰণ কথাটো বুজিও নুবুজাৰ দৰে বঙালী প্ৰৱৰ্তন কৰিবলৈ লৈছিল। ইয়াৰ বহুত আগতেই ১৮১৩ চনত নগাঁৱৰ আত্মাৰাম শৰ্মাৰ হতুৱাই বঙ্গদেশৰ শ্ৰীৰামপুৰৰ মিছনেৰী ৰেভাৰেণ্ড উইলিয়াম কেৰিয়ে ‘বাইবেল’ পুথি অসমীয়ালৈ অনুবাদ কৰাইছিল আৰু সেই পুথি শ্ৰীৰামপুৰৰ মিছনেৰী প্ৰেছৰ পৰা ১৮১৩ চনত ছপা হৈয়ো ওলাইছিল। অসমৰ মিছনেৰীসকলেও ১৮৪০ চনত শিৱসাগৰত ছপাখানা বহুৱাই দুই-এখনকৈ খৃষ্টানী ধৰ্মপুস্তক প্ৰকাশ কৰিবলৈ ধৰে। ইয়াৰ এবছৰ আগতে অৰ্থাৎ ১৮৩৯ চনত ৰবিন্সন চাহাবৰ ইংৰাজীত ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ (A Grammar of Assamese Language) ওলায়।

কেৱল অসমীয়াত পুথি প্ৰণয়ন কৰিয়েই মিছনেৰীসকল ক্ষান্ত থকা নাছিল। বঙালী ভাষাক অসমীয়াৰ ওপৰত জাপি দি তেতিয়াৰ ইংৰাজ চৰকাৰে যি ভুল ভাষানীতি লৈছিল, তাৰ বিৰুদ্ধে এওঁলোকে যুদ্ধ দিছিল। কাগজে-পত্ৰই আৰু পদে-প্ৰমাণে চৰকাৰৰ নীতিৰ ভুল এওঁলোকে আঙুলিয়াই দিছিল। এওঁলোকৰ লগতে যোগ দিছিল আনন্দৰাম ঢেকিয়াল ফুকনকে আদি কৰি স্বদেশপ্ৰেমিক শিক্ষিত যুৱক কেইজনমানে। ১৮৫৩ চনৰ মোফাত মিলচৰ অসম সম্পৰ্কে দিয়া টোকাটোত বঙালী ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাৰ প্ৰচলন কৰাৰ সপক্ষে মত দিছিল। এইদৰে দেশী-বিদেশী অসম প্ৰেমীসকলৰ আশাশুধীয়া চেষ্টাৰ ফলতে ইংৰাজ চৰকাৰে অৱশেষত অসমত প্ৰয়োগ কৰা ভাষানীতি পৰিৱৰ্তন কৰাৰ প্ৰয়োজন বোধ কৰিলে। ইংৰাজ চৰকাৰে নিজৰ ভুল বুজি পাই ১৮৭৩ চনত পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰি ন্যায্য স্থান ঘূৰাই দিয়ে। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে বঙালী ভাষা প্ৰচলন হোৱাৰ কাৰণে অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত যি অপূৰণীয় ক্ষতি হ’ল, তাৰ ফলত অসমীয়া আন প্ৰদেশৰ বাসিন্দাৰ তুলনাত বহুতো পিছ পৰি ৰ’ল। বৃটিছে ৰাজ্য লোৱাৰ পৰা অসমীয়া ভাষা পুনৰ পঢ়াশালি আৰু আদালতৰ ভাষাৰূপে পৰিগণিত হোৱালৈকে প্ৰায় পঞ্চাশ বছৰ কালৰ ভিতৰত যি ভাষা আৰু সাহিত্যৰ চৰ্চা হ’ল, সেয়েই অসমীয়া সাহিত্যৰ আধুনিকতাৰ ভেটি স্থাপন কৰিলে।