অসমীয়া উপন্যাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া সাহিত্য




চৰ্যাপদ পুথি
শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা
হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া সাহিত্য
(শ্ৰেণী: সাহিত্য)
অসমীয়া ভাষা
সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যিকসকলৰ তালিকা
কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা
অসমীয়া সাহিত্যিক
ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ
সাহিত্যধাৰা
প্ৰাচীন আৰু মধ্যযুগীয়
চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য
আধুনিক যুগৰ সাহিত্য
উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান
প্ৰতিষ্ঠান আৰু পুৰস্কাৰ
ভাষা শিক্ষায়ন
সাহিত্য পুৰস্কাৰ
সম্পৰ্কীয় প্ৰবেশদ্বাৰ
সাহিত্য প্ৰবেশদ্বাৰ
অসম প্ৰবেশদ্বাৰ

অসমীয়া উপন্যাস অসমীয়া সাহিত্যৰ এক আধুনিক সৃষ্টি। পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ আৰু প্ৰত্যক্ষ অনুকৰণত জন্ম হ’লেও[1] অতি সোনকালে ই অসমীয়া সাহিত্যৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। এটা বিশ্বাসযোগ্য কাহিনী,পৰিচিত নৰনাৰী,সমাজৰ বাস্তৱ সমস্যা আৰু মানুহৰ হৃদয়বেদনা আৰু আশা-আকাংখ্যাই যেতিয়া সুগঠিত,সুসংহত ৰূপত প্ৰকাশ লাভ কৰে তাক উপন্যাস বোলা হয়।[2] অৱশ্যে আজি আধুনিক অসমীয়া উপন্যাসে এই সংজ্ঞা অতিক্ৰম কৰিছে[উদ্ধৃতিৰ প্ৰয়োজন]। আহোমৰ ছশ বছৰীয়া শাসনৰ পৰা আৰম্ভকৰি অসম আন্দোলনৰ দৰে বিভিন্ন ঘটনা-পৰিঘটনাই সৃষ্টি কৰা পৰিবেশ-পৰিস্থিতিয়ে উপন্যাস সৃষ্টিৰ কাৰকহিচাপে কাম কৰি আহিছে আৰু আজি অসমীয়া উপন্যাসে ভাৰতৰ আন আন ভাষাসমূহৰ মাজতো জিলিকি উঠিব পাৰিছে[উদ্ধৃতিৰ প্ৰয়োজন]

অসমীয়া উপন্যাসৰ জন্ম[সম্পাদনা কৰক]

ঊনবিংশ শতাব্দীৰ দ্বিতীয়াৰ্দ্ধত অসমীয়া সাহিত্যলৈ অসমীয়া উপন্যাসৰ আগমন ঘটে। কিন্তু প্ৰকৃত উপন্যাসৰ গঠন আৰু বিকাশৰ বাবে যি পটভূমি আৰু পৰিবেশৰ প্ৰয়োজন সেয়া অসমত বিংশ শতাব্দীতহে সৃষ্টি হয়। সেয়েহে অসমীয়া সাহিত্যত উপন্যাসৰ অকাল বোধন হয় বুলি কোৱা হয়।[3] অসমীয়া উপন্যাস প্ৰকৃততে ইংৰাজী শিক্ষা আৰু সাহিত্যৰ ফল। ইংৰাজৰ দেশ শাসন কালত বঙালী ভাষাৰ অবাধ প্ৰচলনে অসমীয়া ভাষাৰ গতি ৰূদ্ধকৰিবলৈ লোৱাৰ সময়তে কিছুমান চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰিবলৈ লয়। খ্ৰীষ্টধৰ্মৰ প্ৰচাৰেই ইয়াৰ প্ৰধান লক্ষ্য আছিল যদিও ই মানুহৰ মনত কথা-সাহিত্যৰ প্ৰতি স্পৃহা জগাই তোলে। মিছনেৰি সকলে মুদ্ৰণযন্ত্ৰৰ প্ৰতিষ্ঠা, সংবাদপত্ৰৰ প্ৰকাশ(অৰুণোদই দ্ৰষ্টব্য),ব্যাকৰণ আৰু অভিধান প্ৰণয়ন আৰু বিভিন্ন গদ্য পুথি প্ৰকাশৰ যোগেদি দৈনন্দিন জীৱনত ব্যৱহৃত ভাষাক সাহিত্যিক মৰ্যাদা প্ৰদান কৰি উপন্যাস ৰচনাৰ পথ সুগম কৰি তোলে। আনহাতে ১৮৬৪ চনত বংগত বংকিম চন্দ্ৰ চট্টোপধ্যায়ৰ উপন্যাস ‘দুৰ্গেশনন্দিনী’ প্ৰকাশ হয়। এই ঘটনাই সেই সময়ৰ অসমীয়া শিক্ষিত যুৱসমাজক উপন্যাস ৰচনাৰ ক্ষেত্ৰত উদ্বুদ্ধ কৰে।

অসমীয়া উপন্যাসৰ বিকাশ[সম্পাদনা কৰক]

অসমীয়া ভাষাত ৰচিত উপন্যাসৰ ৰচনাকালৰ ওপৰত ভিত্তি কৰি ইয়াক ‘প্ৰাকযুদ্ধ’ আৰু ‘যুদ্ধোত্তৰ’ এই দুই ভাগত ভগোৱা হৈছে। প্ৰাকযুদ্ধ অৰ্থাত জন্মৰপৰা দ্বিতীয় মহাসমৰলৈ আৰু যুদ্ধোত্তৰ অৰ্থাত দ্বিতীয় মহাসমৰৰ পৰা বৰ্তমানলৈ। সময়ৰ হিচাপত প্ৰাকযুদ্ধ যুগটি বেছি দীঘল হ’লেও যুদ্ধোত্তৰ যুগতহে অধিক উপন্যাস ৰচিত হয়।

প্ৰাকযুদ্ধ যুগ[সম্পাদনা কৰক]

অসমীয়া ভাষাত উপন্যাসৰ লেখীয়া প্ৰথম গ্ৰন্থ ওলায় ’জাত্ৰিকৰ জাত্ৰা’। জন বুনিয়নৰ ‘‘পিলগ্ৰিম্ছ প্ৰগ্ৰেছ’’ৰ ড0 নাথান ব্ৰাউন আৰু এ.এইচ ডেনফোৰ্ডৰ এই অনুবাদ অৰুণোদয়ত প্ৰকাশ পায়। ইয়াৰ পিছত মিছনেৰী এ.কে.গাৰ্ণীৰ তত্ত্বাৱধানত কামিনীকান্ত,ফুলমণি আৰু কৰুণা,এলোকেশী বেশ্যাৰ বিষয়(১৮৭৭ চন) আদি কাহিনীমূলক গ্ৰন্থ ৰচিত আৰু প্ৰকাশিত হয়। ইয়াৰ আগতে হেমচন্দ্ৰ বৰুৱাই ১৮৭৬ চনত ‘‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’’ নামৰ এক উপন্যাসধৰ্মী ৰচনা প্ৰকাশ কৰে। ১৮৮০ চনত পদ্মাৱতী দেৱী ফুকননীয়ে ৰচনা কৰা সুধৰ্মাৰ উপাখ্যানকো প্ৰকৃত উপন্যাস আখ্যা দিব নোৱাৰি। কিন্তু ইয়াৰ পিছতেই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম(১৮৮৮),জোনাকী(১৮৮৯) বিজুলী(১৮৯০) আদিৰ প্ৰচলনে অসমীয়া ভাষাত জোনাকী যুগৰ সূচনা কৰে।

উপন্যাসৰ আঙ্গিকৰ পৰা চাবলৈ গ’লে পদ্মনাথ গোহাঞিবৰুৱা ৰচিত ভানুমতীয়েই প্ৰথম অসমীয়া উপন্যাস।

১৮৯১ চনত বিজুলীৰ পাতত পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস ভানুমতী আৰু ১৮৯২ চনত লাহৰী প্ৰকাশিত হয়। উপন্যাসৰ আঙ্গিকৰ পৰা চাবলৈ গ’লে ভানুমতীয়েই প্ৰথম অসমীয়া উপন্যাস।[4] আহোম বুৰঞ্জীৰ পটভূমিত ৰচিত হ’লেও প্ৰকৃততে ইয়াক সামাজিক উপন্যাস আখ্যা দিব পাৰি।[5] অৱশ্যে ইয়াৰ পিছৰ হৰেশ্বৰ শৰ্মাৰ কুসুম কুমাৰী(১৮৯৯) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুৱৰী(১৯০৫) প্ৰকৃতাৰ্থত উপন্যাস বুলিব নোৱাৰি। ১৮৯৪ চনত ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত ‘মিৰি জীয়ৰী’য়ে প্ৰকৃত অসমীয়া উপন্যাসৰ ভেটি প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছতো ৰজনীকান্ত বৰদলৈয়ে মনোমতী,ৰঙিলী,নিৰ্মল ভকত,ৰহদৈ লিগিৰী,তাম্ৰেশ্বৰীৰ মন্দিৰ,দন্দুৱা দ্ৰোহ আদি উপন্যাস ৰচনা কৰে। ইয়াৰ পিছত দণ্ডিনাথ কলিতাৰ ফুল(১৯০৮),সাধনা(১৯২৮) আদি আৰু দৈৱচন্দ্ৰ তালুকদাৰৰ ধুৱঁলী-কুৱঁলী(১৯১২),আগ্নেয়গিৰি(১৯২৪),অপূৰ্ণ(১৯৩০) আদি উল্লেখযোগ্য উপন্যাস। তাৰ উপৰিও প্ৰাকযুদ্ধ যুগৰ আন আন উল্লেখ্যোগ্য উপন্যাসসমূহ হ’ল-শৰত্‍চন্দ্ৰ গোস্বামীৰ পানিপথ(১৯৩০),হৰিনাৰায়ণ দত্তবৰুৱাৰ চিত্ৰ দৰ্শন,নবীনচন্দ্ৰ ভট্টাচাৰ্যৰ চন্দ্ৰপ্ৰভা, বিনন্দৰাম গগৈৰ প্ৰেম কুহি,চিন্তাহৰন পাটগিৰিৰ সংসাৰ চিত্ৰ,স্নেহলতা ভট্টাচাৰ্যৰ বীণা,দীননাথ শৰ্মাৰ ঊষা আদি উল্লেখযোগ্য।

যুদ্ধোত্তৰ যুগ[সম্পাদনা কৰক]

দ্বিতীয় মহাসমৰৰ সময়ছোৱাত ৰচিত অসমীয়া উপন্যাসৰ সংখ্যা তেনেই তাকৰ যদিও ১৯৪৪ চনত বীণা বৰুৱা(বিৰিঞ্চি কুমাৰ বৰুৱা) ৰচিত ‘জীৱনৰ বাটত’ এক উল্লেখযোগ্য উপন্যাস। একে লেখকৰে ৰাস্না বৰুৱা ছদ্মনামত ৰচিত ‘সেউজী পাতৰ কাহিনী’(১৯৫৮) আন এক উল্লেখ্যোগ্য উপন্যাস। যুদ্ধৰ পিছৰেপৰা অসমীয়া উপন্যাসে নৱজাগৰণৰ পোহৰ দেখে। মহম্মদ পিয়াৰৰ ‘প্ৰীতি-উপহাৰ’, ‘সংগ্ৰাম’, প্ৰফুল্লদত্ত গোস্বামীৰ ‘কেঁচা পাতৰ কঁপনি’, ৰাধিকামোহন গোস্বামীৰ ‘চাকনৈয়া’, প্ৰেমধৰ ৰাজখোৱাৰ ‘ভুলৰ সমাধি’, যোগেশ দাসৰ ‘ডাৱৰ আৰু নাই’, হিতেশ ডেকাৰ আজিৰ মানুহ, ভাড়াঘৰ,বৈৰী মানুহ,কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা আদি উপন্য্যসৰ এই নতুন ঢৌ দেখিবলৈ পোৱা যায়। তদুপৰি ৰথৰ চকৰি ঘূৰে, ছবিঘৰ, সূৰুযমুখীৰ স্বপ্ন, অঘৰী আত্মাৰ কাহিনী আদি অসমীয়া ভাষাত সৰ্বাধিক উপন্যাস ৰচোঁতা চৈয়দ আব্দুল মালিকৰ উল্লেখনীয় উপন্যাস। ১৯৬৯ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই বিয়াল্লিছৰ আন্দোলনক কেন্দ্ৰ কৰি লিখা ‘মৃতুঞ্জয়’ উপন্যাসে পোন-প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। ইয়াৰ উপৰিও ভট্টাচাৰ্যই প্ৰতিপদ, শতঘ্নী, ৰাজপথে ৰিঙিয়াই, কবৰ আৰু ফুল আদি কুৰিৰো অধিক উপন্যাস ৰচনা কৰে।

ইয়াৰ পিছত অসমীয়া উপন্যাসে সামাজিক জীৱন এৰি ব্যক্তিগত জীৱনৰ পৰিধিত প্ৰৱেশ কৰে। ইয়াৰ ভিতৰত যৌন-জীৱন আৰু মনস্তাত্ত্বিক অভিব্যক্তি চিত্ৰ ফুটি উঠা কুমাৰ কিশোৰৰ শতাব্দীৰ স্বপ্ন, শেষ সীমান্তৰ সূৰ্য, প্ৰবাল প্ৰাচীৰ,নতুন পুৰণিৰ সন্ধিক্ষণৰ কথা বৰ্ণিত শীলভদ্ৰৰ মধুপুৰ,আগমনিৰ ঘাট,সহানুভূতি আৰু আদৰ্শধৰ্মিতাৰ ছাঁ পৰা লক্ষ্মীনন্দন বৰাৰ গঙা চিলনীৰ পাখি, মেঘালী দূপৰ,বলুকাত বিজুলী আদি,আধুনিকতা আৰু প্ৰাচীনতাৰ দ্বন্দ্ব্ব আৰু যৌন-জীৱনে প্ৰকাশৰ মুখ দেখা হোমেন বৰগোহাঞিৰ সুবালা, তান্ত্ৰিক, হালধীয়া চৰায়ে বাওধান খায়, পিতাপুত্ৰ আদি,মনস্তাত্ত্বিক বিশ্লেষণ সমৃদ্ধ নিৰোদ চৌধুৰীৰ স্তব্ধ বৃন্দাবন,জুই আদি,সমাজৰ বিভিন্ন শ্ৰেণীৰ সাহসিকতা আৰু সহানুভূতিৰে উদ্বাস্তু মহেন্দ্ৰ বৰঠাকুৰৰ বেগমপাৰা,বেলিফুল আদি উল্লেখযোগ্য। ঠিক সেইদৰে লুম্মেৰ দাইৰ পাহাৰৰ শিলে শিলে,পৃথিৱীৰ হাঁহি,ৰংবং টেৰাঙৰ ৰংমিলিৰ হাঁহি, জয়ন্ত ৰংপিৰ পুৱাতে এজাক ধনেশ আদি উপন্যাসত জনজাতীয় জীৱনে সুস্পষ্ট ৰূপ লৈছে। আশীৰ দশকৰ শেষৰফালৰ উপন্যাসমূহৰ ভিতৰত যোগেশ দাসৰ এনাজৰী(১৯৮৭),আব্দুল মালিকৰ স্বপ্নভংগ(১৯৮৬),লক্ষ্মীনন্দন বৰাৰ পাতাল ভৈৰৱী (১৯৮৬),জিতেন শৰ্মাৰ উদ্দাম উন্মীলন (১৯৮৭),ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ অনুৰাধাৰ দেশ (১৯৮৯) আদি উল্লেখনীয়। নব্বৈৰ দশকতো পৰাগ কুমাৰ দাসৰ ছাংলট ফেন্লা,অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং আদি বহুকেইখন উপন্যাস প্ৰকাশ পায়। একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ য়েছে দৰ্জে ঠংচিমৌন ওঁঠ মুখৰ হৃদয়(২০০১),শৱ কটা মানুহ(২০০৪), ধ্ৰুৱজ্যোতি বৰাৰ কথা ৰত্নাকৰ(২০০৪) আদিকে ধৰি উপন্যাসৰ সংখ্যা দিনেপতি বাঢ়ি আছে।

মামণি ৰয়ছম গোস্বামী যুদ্ধোত্তৰ যুগৰ এক উল্লেখ্যোগ্য মহিলা ঔপন্যাসিক

যুদ্ধোত্তৰ যুগৰ মহিলা ঔপন্যাসিক সকলৰ ভিতৰত হিৰণ্যময়ী দেৱী (জীৱন সংগ্ৰাম) আৰু শুচিব্ৰতা ৰায়্চৌধুৰী (বা-মাৰলী) প্ৰথম। নাৰী চৰিত্ৰই প্ৰাধান্য লাভ কৰা নিৰুপমা বৰগোহাঞিৰ উপন্যাসসমূহৰ ভিতৰত সেই নদী নীৰৱধি, ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ, এজন বুঢ়া মানুহ,দিনৰ পাছত দিন, চিনাকি অচিনাকি আদি অন্যতম। সপ্তম দশকৰ আগভাগত উপন্যাস লিখিবলৈ আৰম্ভ কৰা মামণি ৰয়ছম গোস্বামীয়ে চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, দঁতালহাতীৰ উয়ে খোৱা হাওদা আদি উপন্যাসেৰে অসমীয়া উপন্যাসক এক নতুন পৰিভাষা প্ৰদান কৰে যাৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰে। আন আন মহিলা ঔপন্যাসিক ভিতৰত ৰুণু বৰুৱাৰ নিজান ঘাট, প্ৰবীণা শইকীয়াৰ উত্তৰায়ণ, ফুল বৰাৰ চন্দন সুবাস, দীপালী ভট্টাচাৰ্যৰ মাতৃ, পূৰবী বৰমুদৈশান্তনুকূলনন্দন, ৰূপোৱালি নৈ সোণোৱালী ঘাট, অৰূপা পটংগীয়া কলিতাৰ ফেলানী আদি উল্লেখনীয়। সময়ৰ পৰিপক্বতাৰ লগে লগে অসমীয়া মহিলা উপন্যাসিকৰ সংখ্যা ক্ৰমে বৃদ্ধি পায়। অনুৰাধা শৰ্মা পূজাৰীহৃদয় এক বিজ্ঞাপন, নাহৰৰ নিৰিবিলি ছা, চাহেবপুৰাৰ বৰষুণ, ব’ৰাগী নদীৰ ঘাট, মণিকুন্তলা ভট্টাচাৰ্যৰ দস্তখত, সন্ধ্যা, অৰুন্ধতী, ৰীতা চৌধুৰীৰ এই সময় সেই সময়, দেও লাংখুই, মাকাম, ৰাজীৱ ঈশ্বৰ, ৰাগ মালকোশ আদি উপন্যাসে অসমীয়া সাহিত্যক অন্য এক মাত্ৰা প্ৰদান কৰে। সাম্প্ৰতিক কালৰ আন আন মহিলা ঔপন্যাসিক সকলৰ ভিতৰত গীতালি বৰা (বুদ্ধজায়া, অন্তৰতম) চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ),মনালিছা শইকীয়া (আন্দোলিত আকাশ), আৰাধনা পটংগীয়া গোস্বামী (দুৰ্গী), নন্দিতা দেৱী, তুলিকা শইকীয়া (চাৰিশাল গোঁসানীৰ তেজ), লীনা শৰ্মা (সাগৰিকা) আদিৰ নাম উল্লেখযোগ্য।

প্ৰাকযুদ্ধ যুগত শিশু উপন্যাস ৰচনাৰ নিদৰ্শন পোৱা নাযায় যদিও যুদ্ধোত্তৰ যুগত জ্ঞানদাভিৰাম বৰুৱাৰ দদাইৰ পজাঁ, অতুলচন্দ্ৰ হাজৰিকাৰ ৰাণী হিমানী, নীলা চৰাই, নিৰুপমা বৰগোহাঞিৰ অকণমাণি কোঁৱৰ আদি অন্যতম। কুমুদেশ্বৰ বৰঠাকুৰে গোলাই ছিৰিজৰ নামত অসমীয়া ডিটেক্টিভ উপন্যাসৰ জন্ম দিলেও আজিও ই বিশেষ উন্নতি লাভ কৰিব পৰা নাই। তাৰ ভিতৰত প্ৰেম নাৰায়ন দত্তৰ পা-ফু ছিৰিজ, শক্তিশেল, নাৰীদস্যু আদি, সত্যৰঞ্জন কলিতাৰ নৃশংস,স্পাই, কিদনেপ আদি উল্লেখযোগ্য। বৰ্তমান কালত ৰঞ্জু হাজৰিকাই ভালেমান ৰহস্য উপন্যাস লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শৰ্মা হেমন্ত কুমাৰ. অসমীয়া সাহিত্যত দৃষ্টিপাত. পৃষ্ঠা. ২৭১. 
  2. শৰ্মা সত্যেন্দ্ৰ নাথ (১৯৮২). অসমীয়া উপন্যাসৰ ভূমিকা. পৃষ্ঠা. ১. 
  3. শৰ্মা সত্যেন্দ্ৰ নাথ (১৯৮২). অসমীয়া উপন্যাসৰ ভূমিকা. পৃষ্ঠা. ৩৩. 
  4. শৰ্মা সত্যেন্দ্ৰ নাথ. অসমীয়া উপন্যাসৰ ভূমিকা. পৃষ্ঠা. ৫৬. 
  5. শৰ্মা হেমন্ত কুমাৰ. অসমীয়া সাহিত্যত দৃষ্টিপাত. পৃষ্ঠা. ২৭৭.