পদ্মাৱতী দেৱী ফুকননী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পদ্মাৱতী দেৱী ফুকননী
জন্ম ৯ জানুৱাৰী, ১৮৫৩ চন
বৰপেটা
মৃত্যু ১৯২৭ চন
ভৰলুমুখ, গুৱাহাটী
পেচা সাহিত্যিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী সুধৰ্মাৰ উপাখ্যান
দাম্পত্যসংগী নন্দীশ্বৰ বৰুৱা

পদ্মাৱতী দেৱী ফুকননী (ইংৰাজী: Padmavati Devi Phukanani; ১৮৫৩-১৯২৭)­ আছিল অসমীয়া সাহিত্যৰ প্ৰথম লেখিকা।[1] ষোল্ল শতিকাৰ একমাত্ৰ মহিলা কবি পদ্মপ্ৰিয়াৰ পাছৰ দুই শতিকাত কোনো অসমীয়া নাৰীয়ে সাহিত্য চৰ্চাত ভাগ লোৱা দেখা নাযায়[2] যদিও ঊনবিংশ শতিকাৰ শেষৰ ফালে পদ্মাৱতী দেৱীয়ে আগৰ পৰম্পৰাৰ পৰা আঁতৰি আহি এক ভিন্নৰীতিৰে সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্যক্ষেত্ৰত এখনি নিজস্ব আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

জন্ম আৰু শৈশৱ[সম্পাদনা কৰক]

১৮৫৩ চনৰ ৯ জানুৱাৰীত বৰপেটাত পদ্মাৱতী দেৱীৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল অসমৰ বিখ্যাত পণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন আৰু মাতৃ মাহিন্দ্ৰী দেৱী। সেই সময়ত অসমত স্ত্ৰী শিক্ষা তেনেই চালুকীয়া অৱস্থাত আছিল। নাৰীৰ সামাজিক স্থিতিও বিশেষ উন্নত নাছিল। কিন্তু কলিকতাত শিক্ষা লাভ কৰা আৰু বংগীয় নৱজাগৰণৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত আনন্দৰাম ঢেকিয়াল ফুকনে নিজ পত্নীক নিজেই লিখা পঢ়া শিক্ষা দিয়াৰ উপৰিও কন্যা পদ্মাৱতীক পঞ্চম বৰ্ষতেই বিদ্যাৰম্ভ কৰি দিছিল।

অসমত সেই সময়ত বাল্যবিবাহ প্ৰথাৰ দুৰ্ঘোৰ প্ৰচলন আছিল আৰু পদ্মাৱতীৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নাছিল। ৯ বছৰ বয়সতেই পদ্মাৱতী বিবাহপাশত আৱদ্ধ হ'বলগীয়া হয়।

দাম্পত্য জীৱন[সম্পাদনা কৰক]

৯ বছৰ বয়সতে নন্দীশ্বৰ বৰুৱাৰ লগত পদ্মাৱতীৰ বিয়া হয়। ৩৩ বছৰীয়া দাম্পত্য জীৱনৰ অন্তত তেওঁৰ ৪২ বছৰ বয়সত অৰ্থাত্‍ ১৮৯৫ চনত তেওঁৰ পতিৰ মৃত্যু হয়। দেৱীৰ আজোনাতিনী শ্ৰীযুতা মেৰী চক্ৰৱৰ্তীৰ মতে তেওঁৰ কমলিনী, লাৱণ্যপ্ৰভা, হীৰাৱতী, মুক্তৱতী নামৰ চাৰিগৰাকী কন্যা আৰু এক পুত্ৰসন্তান আছিল।[2] পদ্মাৱতী দেৱীৰ জীৱিতকালতেই এই পুত্ৰসন্তান,বোৱাৰী আৰু হীৰাৱতী দেৱীৰ মৃত্যু হয়। সৰু কন্যা মুক্তৱতীও বিধৱা হোৱাত তেওঁ মাকৰ লগত থাকিবলৈ লয়।

পদ্মাৱতী দেৱী ফুকননীৰ স্বামীৰ প্ৰকৃত উপাধি বৰুৱাহে।[3] কিন্তু ইংলেণ্ডলৈ যোৱা বাবে ফুকন বংশটিৰ জাত নাই বুলি ভবা হৈছিল। শূলপাণি ভড়ালি বৰুৱাৰ ঘৰৰ নন্দীশ্বৰ বৰুৱাই ফুকনৰ ঘৰৰ ছোৱালী বিয়া কৰোৱাত তেওঁৰো জাত যোৱা বুলি ভাবি ঘৰৰ সকলোৱে তেওঁক আতৰ কৰি থয় আৰু তেৱোঁ "বৰুৱা" উপাধি এৰি "ফুকন" উপাধি লেখিবলৈ ল'লে।[3]

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

ককা হলিৰাম ঢেকিয়াল ফুকন তথা পিতৃ আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰাই নিশ্চয় পদ্মাৱতীয়ে সাহিত্য সৃষ্টিৰ আন্তৰিক তাগিদা লাভ কৰিছিল। তদুপৰি দেউতাকে কলিকতাৰ পৰা আনি পুথিভঁৰালত থাক থাক কৈ সজাই থোৱা বাংলা, সংস্কৃত ভাষাৰ কিতাপবোৰ আৰু অৰুণোদইত প্ৰকাশ পোৱা দেউতাকৰ লিখনিসমূহে তেওঁৰ মনত বিশেষ সাঁচ বহুৱাইছিল। আনহাতে সুধৰ্মাৰ উপাখ্যান উপন্যাসখন তেওঁ ৩১ বছৰ বয়সত, স্বামীগৃহতহে লিখিছিল, গতিকে তেওঁ স্বামীৰ পৰাও নিশ্চয় অনুপ্ৰেৰণা পাইছিল। সেইখিনি সময়তে ধৰ্ম প্ৰচাৰৰ বাবে খ্ৰীষ্টান মিছনেৰীসকলে অসমীয়া সাহিত্যৰ পথ বাছি লৈছিল। দেৱীৰ লিখনিত ইয়াৰ প্ৰভাৱো দেখিবলৈ পোৱা যায় কেৱল তেওঁ খ্ৰীষ্টান ধৰ্মৰ পৰিৱৰ্তে হিন্দু আদৰ্শৰ কথা প্ৰচাৰ কৰিছিল।[4]

পদ্মাৱতী দেৱী ফুকননী ৰচিত পুথিসমুহ হ'ল সুধৰ্মাৰ উপাখ্যান (১৮৮৪), হিতসাধিকা(১৮৮৫)। ইয়াৰ উপৰিও ১৮৩৫ শকৰ শাওন মাহৰ নৱম সংখ্যা বাঁহীত "বিধবা" নামৰ উল্লেখযোগ্য প্ৰবন্ধ ৰচনা কৰিছিল। বাঁহীৰ উপৰিও তেওঁ মৌ, জোনাকী, আসাম বন্ধু আৰু অসম সাহিত্য সভা পত্ৰিকা আদিত কবিতা, প্ৰবন্ধ আদি লিখিছিল।

সুধৰ্মাৰ উপাখ্যানৰ পিছত দ্বিতীয় এখন উপন্যাস ৰচনা নকৰিলেও তেওঁ জীৱনৰ শেষ বয়সলৈকে লিখা পঢ়া কৰিছিল।

সুধৰ্ম্মাৰ উপাখ্যান[সম্পাদনা কৰক]

(অসমীয়া ৱিকিউৎসত সুধৰ্ম্মাৰ উপাখ্যান)

১৮৮৪ চনত প্ৰকাশ হোৱা সুধৰ্ম্মাৰ উপাখ্যান ৰচনাৰ দ্বাৰা পদ্মাৱতী দেৱীয়ে আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম উপন্যাস লেখিকা হিচাপে খ্যাতি লাভ কৰে। ৪২ পৃষ্ঠাৰ এই পুথিখনত ৬টা অধ্যায় আছিল।[5] সুধৰ্ম্মাৰ উপাখ্যানত তিনিযোৰ দম্ততীৰ বিচ্ছেদ আৰু পুনৰ্মিলনৰ কাহিনী বৰ্ণিত হৈছে। অৱশ্যে ইয়াৰ কাহিনীকথনৰ ৰীতি পুৰণি সাধুকথা বা উপাখ্যানৰ দৰেই। ইয়াত সত্যৱান-সুধৰ্ম্মা আৰু লীলাৱতী-মাধৱচন্দ্ৰ প্ৰাকৃতিক দুৰ্যোগত পৰি পৰস্পৰৰ পৰা বিচ্ছিন্ন হৈ পৰে। আকৌ অত্যাচাৰী স্বামী মনোহৰৰ অত্যাচাৰত ঘৰৰ পৰা বিতাড়িত হৈ অনাই বনাই ঘূৰি ফুৰা মনোৰমাই অৰণ্যত সন্ন্যাসিনীৰ আশ্ৰমত আশ্ৰয় লাভ কৰে। ইয়াতেই তাই সুধৰ্ম্মা আৰু লীলাৱতীকো লগ পায় আৰু সন্ন্যাসিনীৰ হিন্দুধৰ্মীয় পৰম্পৰাৰ বিষয়ে উপদেশ শুনে। এই কাহিনীৰ যোগেদি লেখিকাই সত্‍ পথত তথা ধৰ্মত থাকিলে যে মানুহ বিপদত পৰিলেও শেষত উদ্ধাৰ হ'বই সেয়া বুজাইছে।

আনহাতে কাহিনীত নৱবিবাহিত দুই ডেকাবন্ধু সত্যৱান আৰু মাধৱচন্দ্ৰ বিদেশলৈ বেপাৰ কৰিবলৈ যাঁওতে নিজ পত্নীকো লগত লৈছে....ইয়ে কাহিনীত আধুনিকতাৰ প্ৰভাৱ পৰা বুজাইছে।[6]

হিতসাধিকা[সম্পাদনা কৰক]

হিতসাধিকা পুথিখন ১৮৮৫ চনত ৰচনা কৰা হৈছিল। এইখন সৰু সৰু ল'ৰা-ছোৱালীৰ বাবে লিখা এক নৈতিক শিক্ষা তথা উপদেশমূলক পুথি।

বিধবা[সম্পাদনা কৰক]

বাঁহীৰ ১৮৩৫ শকৰ চতুৰ্থ বছৰ, শাওন মাহৰ নৱম সংখ্যাত ফুকননীৰ বিধবা নামৰ উল্লেখযোগ্য প্ৰবন্ধ এটা প্ৰকাশ পাইছিল। সেইটো তেখেতৰ নিজ অভিজ্ঞতাৰ এক প্ৰতিচ্ছবিৰ দৰে আছিল। এই প্ৰবন্ধটিত সমাজত বিধবা নাৰীৰ মৰ্মভেদি যাতনাৰ কথা প্ৰকাশ পাইছে। লেখিকাৰ ভাষাত

" 'বিধবা' এই তিনিটা আখৰ বৰ ভয়ঙ্কৰ। এই শব্দটি বৰ কৰ্কশ। কত জন্মৰ তপস্যাৰ বলেৰেহে ভাগ্যৱতীসকলে স্বামীত চিৰ বিদায় লৈ এই সংসাৰৰ মোহমায়া বিসৰ্জ্জন দি স্বামীৰ অপূৰ্ব্ব প্ৰীতি বুকুত বান্ধি লৈ প্ৰভুৰ শ্ৰী চৰণত স্বামীৰ মঙ্গল প্ৰাৰ্থনা কৰিবলৈ স্বৰ্গধামলৈ যাব পাৰে। সধৱা থাকি মৰা কি ধন্য।"

মৃত্যু[সম্পাদনা কৰক]

জীৱনৰ শেষচোৱা ফুকননীয়ে সৰু জীয়ৰী মুক্তাৱতীৰ সৈতে গুৱাহাটীৰ ভৰলুমুখৰ পিতৃভিঠাত কটাইছিল আৰু তাতেই ১৯২৭ চনত ৭৪ বছৰ বয়সত তেখেতে মৃত্যু বৰণ কৰে।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড° অঞ্জলি শৰ্মা. "পদ্মাৱতী দেৱী ফুকননীৰ জীৱন আৰু সাহিত্য". সাতসৰী, পৃষ্ঠা ২৬ (মাৰ্চ,২০১৩). 
  2. 2.0 2.1 ড° অঞ্জলি শৰ্মা. "পদ্মাৱতী দেৱী ফুকননীৰ জীৱন আৰু সাহিত্য". সাতসৰী,পৃষ্ঠা ২৫ (মাৰ্চ,২০১৩). 
  3. 3.0 3.1 ড° অঞ্জলি শৰ্মা. "পদ্মাৱতী দেৱী ফুকননীৰ জীৱন আৰু সাহিত্য". সাতসৰী, পৃষ্ঠা ২৭ (মাৰ্চ,২০১৩). 
  4. 4.0 4.1 ড° অঞ্জলি শৰ্মা. "পদ্মাৱতী দেৱী ফুকননীৰ জীৱন আৰু সাহিত্য". সাতসৰী, পৃষ্ঠা ২৮,মাৰ্চ,২০১৩). 
  5. হিমাদ্ৰী দেৱী(সম্পাদনা: শীলা বৰঠাকুৰ). পৃষ্ঠা ২৭,পদ্মাৱতী দেৱী ফুকননী(লেখিকাৰ জিৱনী). 
  6. গোৱিন্দ প্ৰসাদ শৰ্মা. উপন্যাস আৰু অসমীয়া উপন্যাস, পৃষ্ঠা ২১-২২. ষ্টুডেণ্টছ ষ্টোৰ্চ.