অৰুণোদই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুণোদই
Arunodoi.jpg
প্ৰকাৰ মাহেকীয়া আলোচনী
প্ৰতিষ্ঠাপক আমেৰিকান ব্যপ্টিষ্ট মিছনেৰীসকল
সম্পাদক নাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক)
প্ৰতিষ্ঠা জানুৱাৰী, ১৮৪৬
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় শিৱসাগৰ

অৰুনোদই (ইংৰাজী: Orunodoi) অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰ তথা আলোচনী।[1] এই সংবাদ পত্ৰখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে’ছৰ পৰা প্ৰথম প্ৰকাশ পায়। এইখন সংবাদ পত্ৰই আধুনিক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক’ব পাৰি কাৰণ এই আলোচনীৰ দ্বাৰা অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি কৰিছিল। অৰুণোদইৰ পাততে আনন্দৰাম ঢেকিয়াল ফুকন, পণ্ডিত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ দৰে লোকে সাহিত্যিক ৰূপে ভূমুকি মাৰিছিল। মূলতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে এই সংবাদ পত্ৰ প্ৰকাশ কৰা হৈছিল যদিও গদ্য-পদ্য-ভূগোল-বুৰঞ্জী-নীতি কথা, দেশ-বিদেশৰ বতৰা, জীৱনী, কাহিনী আদি বিবিধ ৰচনা ইয়াত প্ৰকাশিত হৈছিল। ১৮৮৩ চনত মিছন প্ৰেছ বন্ধ হোৱাৰ লগে লগে এই আলোচনীখনৰ প্ৰকাশো স্তব্ধ হৈ পৰে।[2][3]

ইতিহাস[সম্পাদনা কৰক]

ইং ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ শাসনাধীস্থ হোৱাৰ পাছত অসমৰ ৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক পৰিবৰ্তনৰ সূচনা হ’ল। সাহিত্যতো ইয়াৰ স্পষ্ট প্ৰভাব পৰিস্ফুট হয়। [4]

১৮৩৬ চনত ইংৰাজে প্ৰশাসনীয় সুবিধাৰ দোহাই দি অসমৰ বিদ্যালয়-মহাবিদ্যালয় আদি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিবৰ্তে বঙালী ভাষা প্ৰচলন কৰে। ইয়াৰ কাৰণ আছিল ইংৰাজক শাসনত সহায় কৰা, পশ্চিমবংগৰ পৰা অহা বঙালী কাৰ্যবাহীসকলৰ যাতে সুবিধা হয়। বঙালী কৰ্মচাৰীসকলেও ইয়াৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। ইতিমধ্যে অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰেন্সিছ জনকিন্সৰ আমন্ত্ৰণ ক্ৰমে অসমৰ শদিয়াত এটা খ্ৰীষ্টান মিছন পতাৰ উদ্দেশ্যেৰে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল অসমলৈ আহে।[5] জেনকিন্সে ঘাইকৈ শ্যান আৰু খামতি জাতিৰ বাবে এটি মিশ্যন স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে৷ সেইমৰ্মে, ৰেভাৰেণ্ড নেথান ব্ৰাউন আৰু অলিভাৰ টি কট্টৰে এটা “আখৰ চেপা কল’’ লৈ সপৰিয়ালে কলিকতাৰ পৰা অসমলৈ যাত্ৰা কৰে৷ ১৮৩৯ চনৰ ২৩ মাৰ্চত তেওঁলোক ব্ৰহ্মপুত্ৰইদি ড° মাইলছ্ ব্ৰন্সন আৰু ৰেভাৰেণ্ড জেকব থমাছ বষ্টন চহৰৰ পৰা অসমলৈ আহি শদিয়া পায়হি৷ তেওঁলোক দুয়োৰে পৰিবাৰে ল’ৰাৰ আৰু ছোৱালীৰ বাবে দুখন পঢ়াশালি পাতে৷ ১৮৪৬ চনত তেওঁলোকৰ উদ্যোগতে ‘অৰুণোদই’ প্ৰকাশ কৰা হয়। ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে'ছৰ পৰা মাহেকীয়া ‘অৰুণোদই সংবাদ পত্ৰ’ প্ৰথম প্ৰকাশ পায়। প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন। ‘অৰুণোদই’তেই প্ৰথম ‘দেওধাই অসম বুৰঞ্জী’, কামৰূপ বুৰঞ্জী, গুণাভিৰাম বৰুৱাৰ আধুনিক নাট ‘ৰাম নৱমী’ প্ৰকাশ হৈছিল। [6] অভিমুখে আহে৷ দুয়ো ব্ৰাউন আৰু কট্টৰক অনুসৰণ কৰি শদিয়ালৈ যায়৷ বাটত দুয়োটা পৰিয়ালে অসুখত ভোগে৷ ব্ৰন্সনৰ অসুখ টান হোৱাত থমাছে তেওঁলৈ ঔষধ আনিবলৈ যাওঁতে নাও বুৰি মৃত্যুমুখত পৰে৷ ১৮৩৭ চনৰ ৭ জুলাইত ব্ৰন্সন আৰু বাকী মানুহ শদিয়া পায়গৈ৷ প্ৰথমতে ব্ৰন্সনে জয়পুৰৰ চিংফৌসকলৰ মাজত ধৰ্মপ্ৰচাৰৰ কাম আৰম্ভ কৰে৷ কিন্তু “খামতি’’সকলৰ আক্ৰমণত তেওঁলোক নামচাঙলৈ যায়৷ কিন্তু পাহাৰীয়া ঠাইত ধৰ্মপ্ৰচাৰ কাৰ্য সুচল নোহোৱা দেখি তেওঁলোক ভৈয়ামলৈ আহে আৰু শিৱসাগৰ, তেজপুৰ, গুৱাহাটী, নগাঁও আদিত থিতাপি লয়৷[7] অসমত অসমীয়া ভাষা পুনৰুদ্ধাৰ আৰু অৰুনোদইৰ প্ৰকাশৰ আঁৰত কেইগৰাকীমান আমেৰিকান মিশ্যনেৰীৰ নাম স্মৰণীয়৷

নাথান ব্ৰাউন[সম্পাদনা কৰক]

১৮০৭ চনৰ ২২ জুনত আমেৰিকাৰত জন্মগ্ৰহণ কৰা নাথান ব্ৰাউন ন বছৰতে খ্ৰীষ্ট ধৰ্মত দীক্ষা লয় আৰু কুৰি বছৰত “উইলিয়ামচ্ কলেজ’ৰ পৰা গ্ৰেজুৱেট হয়৷ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ ১৮৩৩ চনত ব্ৰহ্মদেশলৈ আহে আৰু তেতিয়াৰ অসমৰ কমিচনাৰ জেনকিন্সৰ আমন্ত্ৰণত তেওঁ সপৰিয়ালে অসমলৈ আহে৷ ১৮৩৫ চনত তেওঁ অসম সোমায়৷ প্ৰথমে তেওঁ শদিয়াত ধৰ্ম প্ৰচাৰৰ চেষ্টা চলায়৷ শদিয়াত খামতিসকলৰ আক্ৰমণত থাকিব নোৱাৰি ব্ৰাউন আৰু কট্টৰৰ পৰিয়াল কেইবাঠাইতো ঘূৰি শেষত ১৮৪৩ চনত শিৱসাগৰলৈ যায় আৰু তাতে ছপাকল বহুৱাই ধৰ্মপ্ৰচাৰৰ লগতে অসমীয়া ভাষাত পুথি-পুস্তিকা আদি ছপাবলৈ ধৰে৷ ১৮৪৬ চনত অৰুনোদই সম্পাদনা কৰি প্ৰকাশ কৰে৷[8] অৰুনোদই দুটা ৰূপত প্ৰকাশ পাইছিল৷ ধৰ্ম, বিজ্ঞান আৰু সাধাৰণ খবৰ আৰু সাধাৰণ জ্ঞান বিষয়ক মাহেকীয়া কাকত বা সম্বাদপত্ৰ আৰু জ্ঞান-ভাণ্ডাৰ বা আলোচনীৰূপে অৰুনোদই ১৮৭৯ চনলৈকে চলি আছিল৷[9] ১৮৭২ চনত তেওঁ আমেৰিকালৈ উভতি যায় আৰু তাৰ পোন্ধৰ বছৰৰ পাছত ১৮৮৬ চনৰ ১ জানুৱাৰীত তেওঁৰ মৃত্যু ঘটে৷ অৰুনোদই সম্পাদনা কৰাৰ উপৰি তেওঁ বাইবেলনিউ টেষ্টামেণ্টখন অসমীয়ালৈ অনুবাদ, “খৃষ্টৰ বিবৰণ আৰু শুভবাৰ্তা’’ৰ বাহিৰে ৬০টামান খৃষ্টৰ তুতিগীত অসমীয়াত ৰচনা কৰিছিল৷ তেওঁ অসমৰ পুৰণি পুথি, যেনে, কাশীনাথ তামুলী ফুকনৰ “অসম বুৰঞ্জী সাৰ’’, বকুল কায়স্থৰ “পাটীগণিত’’, “চুতীয়া বুৰঞ্জী’’ আদি সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল৷ অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ হিচাপে পৰিগণিত "Grammatical Notes on the Assamese Language ব্ৰন্সনে ৰচনা কৰিছিল৷[8]

ড° মাইলছ্ ব্ৰন্সন[সম্পাদনা কৰক]

এলিজা ব্ৰাউন[সম্পাদনা কৰক]

অ টি কট্টৰ[সম্পাদনা কৰক]

এই মাহেকীয়া আলোচনীখনৰ সুদীৰ্ঘ ৩৭ বছৰৰ সম্পাদক আছিল ড॰ নাথান ব্ৰাউন, এছ এম হোৱাইটিং, মাইলছ ব্ৰনছন, মিছেছ ৱাৰ্ড, ৰেভাৰেণ্ড ক্লাৰ্ক আৰু এ.কে. গাৰ্নি। বছৰেকীয়া বৰঙনি ক্ৰমে ১ টকা আৰু পাছলৈ ২ টকা আছিল। আলোচনীখনৰ সৰ্বোচ্চ গ্ৰাহকৰ সংখ্যা ৭০০জন হৈছিল। [10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সাঁচ:Https://www.google.com/amp/s/niyomiyabarta.com/amp/special-writing/arunodoi-paper/
  2. "Orunoidoi/Arunodoi". Onlinesivasagar.com. http://onlinesivasagar.com/media/arunodoi.htm। আহৰণ কৰা হৈছে: 28 March 2010. 
  3. "Special Postage Stamp on 150 years of Newspapers in Assam". PIB. http://pib.nic.in/archieve/lreleng/l0299/r010299.html। আহৰণ কৰা হৈছে: 30 March 2010. 
  4. প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী, পৃষ্ঠা-৪
  5. প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী
  6. প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী
  7. নেওগ, ডিম্বেশ্বৰ (১৯৯৯(অষ্টম প্ৰকাশ)). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. শুৱনী প্ৰকাশন. পৃষ্ঠা. ২৮১. 
  8. 8.0 8.1 চেতিয়া, উমেশ (২০১৬). সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী. কিৰণ প্ৰকাশন. 
  9. নেওগ, ডক্টৰ মহেশ্বৰ (১৯৮৬). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২২৭. 
  10. প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰ, পৃষ্ঠা-১০

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • অৰুনোদই প্ৰকাশৰ এশ পঁইসত্তৰ বছৰ হোৱা উপলক্ষে প্ৰকাশ আলোচনী বিশেশ সংখ্যা হিচাপে প্ৰকাশ কৰা হয়৷ এই সংখ্যাটোত অৰুনোদই আলোচনীখনৰ বিষয়ে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আছে৷ প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী