ৰংমন (অসমীয়া কমিক্চ)
প্ৰকাশনৰ হাৰ | মাহেকীয়া |
---|---|
প্ৰকাশক | মালিনি পাব্লিকেছন |
প্ৰতিষ্ঠাপক | ৰোমান বৰদলৈ |
প্ৰতিষ্ঠা | ফেব্ৰুৱাৰী, ২০০৫ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ৰংমন (ইংৰাজী: Rongmon) হৈছে অসমৰ জনপ্ৰিয় কমিক্চ সমূহৰ ভিতৰত অন্যতম। ই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আৰু একমাত্ৰ ৰঙীন শিশু আলোচনী।[1] এই আলোচনীখন ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। তেতিয়াৰ পৰাই বৰ্তমানলৈকে নিয়মীয়াকৈ এই আলোচনীখন প্ৰকাশ পাই আহিছে। ২০১১ চনৰ ১৬ জুলাইত এই আলোচনীখনৰ আনুষ্ঠানিক ৱেবছাইট মুকলি কৰা হয়। তেতিয়াৰ পৰাই সকলোৰে সুবিধা হোৱাকৈ এই আলোচনীখন ডিজিটেল ৰূপতো পঢ়ুৱৈৰ বাবে প্ৰকাশ কৰা হয়[1]।
প্ৰকাশ
[সম্পাদনা কৰক]মালিনী পাব্লিকেছন নামৰ এটা প্ৰকাশন কেন্দ্ৰ ৰোমান বৰদলৈয়ে প্ৰতিষ্ঠা কৰে। এই প্ৰকাশন কেন্দ্ৰটোৱেই ৰংমন কমিকছখন প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। ২০০৫ চনত গুৱাহাটী ৰাজ্যিক সংগ্ৰাহলয়ৰ প্ৰেক্ষাগৃহত ৰংমনৰ প্ৰথম সংখ্যাটো উদ্ধোধন কৰা হয়। এই উদ্ধোধনী সভাত ড° মামণি ৰয়ছম গোস্বামী, হীৰেণ ভট্টাচাৰ্য আৰু ড° হীৰেন গোহাঁই উপস্থিত আছিল[1]।
ডিজিটেল সংস্কৰণ
[সম্পাদনা কৰক]ৰংমন কমিকছখন বৰ্তমান ডিজিটেল ৰূপত ইয়াৰ আনুষ্ঠানিক ৱেবছাইটত প্ৰকাশ কৰা হয়। ২০১১ চনৰ ১৬ জুলাইত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এখন সভাত ৱেবছাইটটো উদ্বোধন কৰা হয়। গগন চন্দ্ৰ অধিকাৰীয়ে ৰংমনৰ আনুষ্ঠানিক ৱেবছাইটটো মুকলি কৰে।[1] ৰংমন
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "ৰংমনৰ বিষয়ে চাওক". assamjournal. Archived from the original on February 2, 2012. https://web.archive.org/web/20120202173034/http://www.assamjournal.com/2011/07/rongmon-comics-assamese-children.html। আহৰণ কৰা হৈছে: November 19, 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰংমনৰ আনুষ্ঠানিক ৱেবছাইট Archived 2012-05-15 at the Wayback Machine
- ৰংমনৰ বিষয়ে চাওক Archived 2012-02-02 at the Wayback Machine
|