আমাৰ অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমাৰ অসম
আমাৰ অসম
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
গৰাকী জি. এল. পাব্লিকেশ্বনছ লিমিটেড
প্ৰকাশক পি. এল. আগৰৱালা
সম্পাদক প্ৰধান মনোজ কুমাৰ গোস্বামী
প্ৰতিষ্ঠা ২১ এপ্ৰিল ১৯৯৭
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম
চাৰ্কোলেচন ৭০,৪৪৭[উদ্ধৃতিৰ প্ৰয়োজন]
ভগ্নী কাকত দ্য নৰ্থ ইষ্ট টাইমছ্
ৱেবছাইট amarasom.glpublications.in

আমাৰ অসম (ইংৰাজী: Amar Asom অথবা Aamar Asom) হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। এই কাকতখনৰ প্ৰকাশক হ’ল জি. এল. পাব্লিকেশ্বনছ লিমিটেড (G. L. Publications Ltd.)। ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা[1] এই বাতৰি কাকতখন সমসাময়িকভাৱে গুৱাহাটী, যোৰহাট আৰু উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশ পাই আহিছে। নতুন দিল্লী, কলকাতা, শ্বিলঙত ইয়াৰ শাখা কাৰ্যালয় আছে।[1]

সমল[সম্পাদনা কৰক]

এই কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে।

কাকতখনত সাধাৰণতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে,[1] য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।[1]

পৰিপূৰক সমূহ[সম্পাদনা কৰক]

মুখ্যত বাতৰি কাকতখনক বাহিৰেও, কাকতখনে সময়ে সময়ে কিছুমান পৰিপূৰকো প্ৰকাশ কৰি আহিছে, তাৰে কেইখনমান হৈছে

  • কাকতখনৰ লগত প্ৰত্যেক শনিবাৰে এখন ৪ পৃষ্ঠাৰ পৰিপূৰিকা য’ত স্বাস্থ্য, সংস্কৃতি, প্ৰকৃতি আৰু যুৱ প্ৰজন্ম সম্পৰ্কীয় লেখনি প্ৰকাশ পায়।[1]
  • পূৰ্বাচল, এখন ৩২ পৃষ্ঠাৰ আলোচনী, এইখন প্ৰত্যেক দেওবাৰে নিয়মিতভাৱে প্ৰকাশ পায়। সাহিত্য, পৰ্যটন আদি বিভিন্ন দিশ এই পৰিপূৰিকাত উপলব্ধ।
  • প্ৰত্যেক বছৰৰ এপ্ৰিল-মে মাহত (ব’হাগ বিহুৰ বিশেষ) এখন বছৰেকীয়া পৰিপূৰিকা প্ৰকাশ পায়। ইয়াত মুখ্যত সাহিত্য, সংস্কৃতি আদি বিষয়ৰ লেখনি প্ৰকাশ পায়।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]