বিস্ময়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিস্ময়
সম্পাদক শশী ফুকন
মাহেকীয়া/পষেকীয়া মাহেকীয়া
প্ৰকাশক বিস্ময় প্ৰকাশ
দেশ ভাৰতভাৰত অসম
ভাষা অসমীয়া

বিস্ময় অসমীয়া ভাষাগুৱাহাটীৰ পৰা প্ৰকাশিত এখন বিনোদনধৰ্মী আলোচনী। আলোচনীখনৰ সম্পাদক শশী ফুকন আৰু সহকাৰী সম্পাদক প্ৰমোদ কলিতা।[1][2] ২০১৮ চনত আলোচনীখনে ৫০ বছৰত ভৰি দিয়ে। ই অসমীয়া সাহিত্যত ৰোমাঞ্চকৰ,ৰহস্যমূলক, সত্য কাহিনী আদি প্ৰকাশৰ দিশটো প্ৰথমবাৰৰ বাবে মুকলি কৰি দিয়ে।[3]

পৃষ্ঠভূমি[সম্পাদনা কৰক]

১৯৬৮ চনত শশী ফুকন নামৰ এজন ডেকা ল'ৰা গুৱাহাটীত এটা ঘৰভাৰা লৈ আছিল। তাতেই তেওঁ ভাৰা থকা ঘৰটোৰ মালিকৰ পুত্ৰ উমেশ বৈশ্যৰ পৰা এখন আলোচনী উলিওৱাৰ প্ৰস্তাব পায়। সেই মৰ্মে শশী ফুকনৰ সম্পাদনাত সময় নাম দি এখন আলোচনী উলিওৱা হ'ল, য'ত অসমৰ বহুকেইজন প্ৰখ্যাত লেখকৰ লেখা প্ৰকাশ হৈছিল। কিন্তু ধনৰ অভাৱত এটা সংখ্যা উলিওৱাৰ পিছতে আলোচনীখন বন্ধ হৈ গ'ল। ইয়াৰ পিছত ন-কৈ ছপাশালৰ ব্যৱসায আৰম্ভ কৰা যোগেশ শৰ্মা নামৰ ব্যক্তি এগৰাকীয়ে আলোচনীখন ছপা কৰাৰ দায়িত্ব ল'লে। কিন্তু পূৰ্বৰ প্ৰকাশকে আলোচনীখনৰ স্বত্ব এৰি দিয়াৰ বাবদ অধিক টকাৰ দাবী কৰাত "বিস্ময়" নামেৰে ন-কৈ আলোচনী এখন উলিওৱাৰ পৰিকল্পনা কৰা হ'ল। প্ৰস্তাবিত আলোচনীখনৰ নাম কি হ'ব, সেইটো নিৰ্দ্ধাৰণ কৰিবলৈ বহুকেইটা নামৰ তালিকা লৈ শশী ফুকন তথা আলোচনীখনৰ প্ৰকাশৰ লগত জড়িত কেইজনমান ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ওচৰলৈ যায় আৰু তেওঁ নিৰ্দ্বিধাই বিস্ময় নামটো বাচনি কৰি দিয়ে।[3]

১৯৬৯ৰ জানুৱাৰীত বিস্ময়ৰ প্ৰথমটো সংখ্যা প্ৰকাশ পায়। কপি ছপোৱা হৈছিল এহেজাৰ। প্ৰথম বছৰ ই দুমাহৰৰ অন্তৰে অন্তৰে প্ৰকাশ পাইছিল। ১৯৭০ৰ জানুৱাৰীৰ পৰা ই মাহেকীয়া হয়। ক্ৰমে চাৰ্কুলেচনো বাঢ়ি পাঁচ হাজাৰ হৈছে। মাহেকীয়া সংখ্যা ছয়-সাতটামান ওলোৱাৰ পিছত যোগেশ শৰ্মাই আলোচনীখন ছপা কৰাৰ বাবে অপাৰগতা প্ৰকাশ কৰিলে। ইয়াৰ পিছতে ছপাৰ দায়িত্ব লয় নীলাচল কাকতৰ প্ৰকাশক মুনীন্দ্ৰ নাৰায়ণ দত্তবৰুৱাই। ১৯৭৩ চনত বিস্ময়ৰ প্ৰকাশক গোষ্ঠীয়ে ভৰলুমুখত নিজাকৈ এটা সৰু প্ৰেছ বহুৱায় আৰু আলোচনীখনৰ কাৰ্যালয় তালৈ স্থানান্তৰ কৰে। সময়ৰ লগে লগে পৰিৱৰ্তন আহিল, কাৰ্যালয়ৰ স্থানো সলনি হৈ থাকিল। প্ৰথমে ব্যৱহাৰ কৰা হেণ্ড কম্পজদ মেচিনৰ পৰা অফচেট হ'ল। কম্পিউটাৰ কম্পজদ আৰম্ভ হ’ল। চাৰ্কুলেচনো বাঢ়িবাঢ়ি ১৯৯২ চনমানত এক লাখ কপি হৈছিল। কিন্তু পিছলৈ টিভি, মোবাইল আৰু ইণ্টাৰনেটৰ আগ্ৰাসনৰ ফলত ছপামাধ্যমৰ গুৰুত্ব কমি আহিল আৰু তাৰ প্ৰভাৱ বিস্ময়ৰ ওপৰতে পৰিল। আলোচনীখন প্ৰথমটো সংখ্যাৰ পৰা বৰ্তমানলৈ শশী ফুকনেই সম্পদনা কৰি আহিছে।[3]

বিস্ময়ৰ প্ৰথম সংখ্যাটোৰ বেটুপাত অঙ্কণ কৰাৰ কথা আছিল চিত্ৰশিল্পী বেণু মিশ্ৰই। কিন্তু বেণু মিশ্ৰ সেইসময়ত চাকৰি সংক্ৰান্তত দিল্লীত থকাত শিল্পীগৰাকীয়ে অঁকা এটা জুৱেলাৰীৰ বি়জ্ঞাপন আৰু বিস্ময়ৰ লেটাৰহেড দুয়োটা মিলাই এটা বেটুপাতৰ ডিজাইন তৈয়াৰ কৰা হ'ল।[3] বিস্ময়ৰ প্ৰথম সংখ্যাটোৰ সূচী পত্ৰখন আছিল এনেধৰণৰ – সুৰেন্দ্ৰকুমাৰ শৰ্মাৰ ‘বাসনাৰ ফুল’ নামৰ এখন ৰহস্য উপন্যাসৰ প্ৰথম খণ্ড, শৰৎ গোস্বামীৰ উপন্যাস ‘চিমিলি’, বিজ্ঞানভিত্তিক উপন্যসিকা ‘গুডবাই আলফা’, যতীন্দ্ৰমোহন দস্তিদাৰৰ লেখা – ‘পুলিচ ডায়েৰী’, পবিত্ৰ কুমাৰ ডেকাৰ ‘ৰাজনৈতিক বিস্ময়’, বিজয়কৃষ্ণ দেৱশৰ্মাই অনুবাদ কৰা এইচ-জি-ৱেলচ ৰচিত ‘অন্য তৰঙ্গ’৷ ইয়াৰ উপৰিও ভিন্নস্বাদৰ লেখাসমূহ – ‘এটা বিস্ময়কৰ সপোন’, ‘চাৰ্লক হোমচ : বিশ্বসাহিত্যৰ এটা বিস্ময়কৰ চৰিত্ৰ’, ‘হত্যা নে আত্মহত্যা?’। লগতে আছিল 'এটা শিশুৰ কাহিনী’ শীৰ্ষক এটা লেখা আৰু চিনেমাৰ শিতান।[4] বিস্ময়ৰৰ প্ৰথমটো সংখ্যা হাতত লৈ তদানীন্তন প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ, সাহিত্যিক তীৰ্থনাথ শৰ্মাই এখন চিঠিত লিখিছিল যে তেওঁ কৈছিল যে ৰে’লে বাছে পঢ়িব পৰা, জেপতে লৈ ফুৰিব পৰা এখন অসমীয়া আলোচনীৰ অভাৱ আছিল৷ বিস্ময়ে সেই অভাৱ পূৰ কৰিলে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বিস্ময়, নৱেম্বৰ ২০১১। পৃষ্ঠা ৬
  2. অসম বিচিত্ৰা, শান্তনু কৌশিক বৰুৱা
  3. 3.0 3.1 3.2 3.3 3.4 "‘বিস্ময়’ৰ সম্পাদক শ্ৰী শশী ফুকনদেৱৰ সৈতে সাক্ষাৎকাৰ". http://www.xahitya.org/2017/12/17/interview-3/। আহৰণ কৰা হৈছে: 11 August 2019. 
  4. জ্যোতিৰূপম দত্ত. "‘বিস্ময়’ৰ বিস্ময়কৰ যাত্ৰা – জ্যোতিৰূপম দত্ত". http://www.xahitya.org/2017/12/17/bismoi/। আহৰণ কৰা হৈছে: 11 August 2019.