আসাম বন্ধু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আসাম বন্ধু
সম্পাদক গুণাভিৰাম বৰুৱা
প্ৰকাৰ সাহিত্য
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক কলিকতা, ১০০ নম্বৰ ৰৌৰাজাৰ ষ্ট্ৰীট, কলিকতা
প্ৰথম সংখ্যা জানুৱাৰী, ১৮৮৫
শেষ সংখ্যা এপ্ৰিল, ১৮৮৬
দেশ  ভাৰত
ভাষা অসমীয়া

আসাম বন্ধু (ইংৰাজী: Assam Bandhu) হ'ল গুণাভিৰাম বৰুৱাৰ সম্পাদনাত প্ৰকাশিত অসমৰ প্ৰথম মাহেকীয়া আলোচনী।[1] ১৮৮৫ চনৰ জানুৱাৰী মাহৰ পৰা ১৮৮৬ চনৰ এপ্ৰিল মাহলৈকে প্ৰকাশিত এই আলোচনীখনক আধুনিক অসমীয়া সাহিত্যৰ ভেটি গঢ়োতা বুলি কোৱা হয়। নগাঁওত সম্পাদিত আৰু কলিকতাত ছপা হোৱা আলোচনীখনত লক্ষ্মীনাথ বেজবৰুৱা, লম্বোদৰ বৰা, হেমচন্দ্ৰ গোস্বামীকে আদি সাহিত্যিক সকলৰ বিবিধ বিষয়্ক লিখনি প্ৰকাশ হৈছে।

চমু ইতিহাস[সম্পাদনা কৰক]

১৮৮৫ চনৰ জানুৱাৰী মাহৰ পৰা আসাম বন্ধু নামৰ মাহেকীয়া আলোচনী খন প্ৰকাশ হয়। ১৮৮৫ চনত বাৰটা সংখ্যা আৰু ১৮৮৬ চনত জানুৱাৰীৰ পৰা এপ্ৰিললৈকে দুটা সংখ্যা প্ৰকাশিত হয়। অৰ্থাৎ আসাম বন্ধুৰ জীৱনকাল ষোলমাহ হ’লেও বাৰটা সংখ্যাহে প্ৰকাশ হয়। ১/১৬ ক্ৰাউন আকাৰৰ আলোচনীখনৰ প্ৰথম বছৰত ৪৩২ টা পৃষ্ঠা আৰু দ্বিতীয় বছৰত ১৪২ টা পৃষ্ঠা সৰ্বমুঠ ৫৭৪ পৃষ্ঠা প্ৰকাশিত হয়। ‘কলিকতা, ১০০ নম্বৰ ৰৌৰাজাৰ ষ্ট্ৰীট’ ঠিকনাৰ পৰা প্ৰকাশিত হোৱা আলোচনীখনৰ আদৰ্শ আছিল ‘ন চ জ্ঞানাৎ পৰং বলম’।[2] পূৰ্বসূৰী অৰুণোদই, আসাম বিলাসিনি,আসাম নিউচ এই আটাইকেইখনেই সম্বাদ পত্ৰ হোৱাৰ বিপৰীতে আসাম বন্ধু এখন মাহেকীয়া আলোচনীহ আছিল। আসাম বন্ধুৰ পিছত ১৮৮৬ চনত প্ৰকাশ হোৱা মৌ দ্বিতীয় আৰু জোনাকী তৃতীয় মাহেকীয়া আলোচনী।[1] ১৮৭২ চনত কলিকতা হাইকোৰ্টে অসমৰ ন্যায় পালিকা আৰু ৰাজহৰ সকল কাম অসমীয়া ভাষাত হ'ব বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত অসমীয়া সমাজত সেই সময়ত গা কৰি উঠা জাতীয় চেতনাই অসমীয়া ভাষা আৰু ঐতিহ্যৰ প্ৰতি প্ৰতিমানুহৰ প্ৰীতি বঢ়াই তোলে। ইয়াৰ উপৰিও অৰুণোদইক ভেটি কৰি এক সাহিত্য চেতনা গঢ়ি উঠাত আসাম বন্ধুৱে কম সময়তে সফলতা অৰ্জন কৰে। এই সাহিত্য চেতনাই মানুহক কাহিনী লিখিবলৈ, গ্ৰন্থ সমালোচনা কৰিবলৈ, নাট ৰচনা কৰিবলৈ প্ৰেৰিত কৰে আৰু ইয়াৰ ফলশ্ৰুতিত ডেৰ বছৰকালত আসাম বন্ধুত প্ৰকাশ হোৱা লিখনিসমূহে অসমীয়া সাহিত্যৰ বুৰঞ্জীত বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হয়।

উদ্দেশ্য[সম্পাদনা কৰক]

আসাম বন্ধুৰ সম্পাদকীয়ত বতৰা কোৱা আমাৰ বাব নহয় বুলি কোৱা হৈছে। প্ৰথম বছৰৰ প্ৰথম সংখ্যাৰ আৰম্ভন ত গুণাভিৰাম বৰুৱাই লিখিছে আন আন দেশত সাধাৰণৰ উন্নতিৰ নিমিত্তে অনেক পন্থা আছে। বৈজ্ঞানিক সভা, শিল্পকৰ্মৰ মেলা আৰু সাময়িক পত্ৰিকা- এইবিলাকৰ দ্বাৰাই সভ্য দেশত সাধাৰণৰ বৰ উপকাৰ হয়। কিন্তু দুৰ্ভগীয়া আসাম দেশত এই বিলাকৰ অনুষ্ঠান নোহোৱা বাবে ইয়াৰ মানুহৰ মন নীচেই সঙ্কীৰ্ণ। তেওঁ আকৌ লিখিছে- আমি এই পত্ৰত সাহিত্য, বিজ্ঞান আৰু শিল্প সম্বন্ধে আলোচনা কৰিম। এই বিষয়ে সকলোৱে নিজৰ মত ইয়াত প্ৰকাশ কৰিব পাৰিব। অনুকুল প্ৰতিকূল সকলো প্ৰকাৰৰ মতে ইয়াত ঠাই পাব। কোনো শ্ৰেণী বা কোনো বিশেষ সমাজৰ মানুহৰ আমি মুখপাত্ৰ নহওঁ।

লেখক লেখিকা সকল[সম্পাদনা কৰক]

আসাম বন্ধুৱে লেখক-লেখিকাসকল্ৰ সম্পূৰ্ণ নাম নিদি নাম-সংকেত ব্যৱহাৰ কৰি অৰুণোদইৰ নিয়ম অনুসৰণ কৰিছিল। কিন্তু ইয়াৰ কিছুসংখ্যক সংকেতৰ সম্পূৰ্ণ নাম অনুমান কৰা কঠিন। এই লেখাসমূহৰ বহুসংখ্যকেই গুণাভিৰাম বৰুৱাৰ ৰচনা বুলি অনুমান কৰা হয়। আন আন লেখক-লেখিকাবোৰৰ ভিতৰত কমলাকান্ত ভট্টাচাৰ্য, ভোলানাথ দাস, ৰত্নেশ্বৰ মহন্ত, ৰুদ্ৰৰাম বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা, স্বৰ্ণলতা বৰুৱা, লম্বোদৰ বৰা, হেমচন্দ্ৰ গোস্বামী আদি উল্লেখযোগ্য। সংখ্যাৰ ফালৰ পৰা ৰত্নেশ্বৰ মহন্তৰ ৰচনা সৰ্বাধিক।[1]

লেখাসমূহ[সম্পাদনা কৰক]

আসাম বন্ধুত ছপা হোৱা লেখা সমূহৰ ভিতৰত বিভিন্ন বিষয়ত প্ৰকাশ হোৱা কবিতাসমূহ প্ৰধান। জোনাকীত পৰিপূৰ্ণতা লাভ কৰাৰ আগেয়ে আসাম বন্ধুত অসমীয়া কবিতাৰ ভেটি স্থাপন হয়। দেশপ্ৰেমমূলক, ঈশ্বৰবিশ্বাসমূলক, ভাৱমূলক, চিন্তামূলক, নাট্যধৰ্মী, প্ৰকৃতি বিষয়ক আদি বিভিন্ন ভাগত আসাম বন্ধুৰ কবিতাসমূহ ভগাব পাৰি। তাৰ ভিতৰত ভোলানাথ দাসৰ আসামবাসী, মধুহাঁসি, ৰজনী, কাৰাবন্ধ ৰাজপুত্ৰ, মেঘ আদি, লক্ষ্মীনাথ বেজবৰুৱাসন্ধ্যা, মৃত্যুশয্যা, সত্যনাথ বৰাফুলনি, শান্তি আৰু আশা, ধুমুহা বতাহ, মোৰ চিন্তা, ডেকা কাল আদি, ৰত্নেশ্বৰ মহন্তৰ দুপৰ নিশা,পত্নী বিলাপ, কমলাকান্ত ভট্টাচাৰ্য্যমনৰ ভাব আদি কবিতা প্ৰধান। আসাম বন্ধুত অৰুণোদইৰ ৮.৬ মাত্ৰাৰ পয়াৰ ছন্দৰ বিপৰীতে পয়াৰ আৰু দুলড়ি ছন্দৰ ব্যৱহাৰ আৰু নতুন সম্পৰীক্ষাৰে ছন্দ-স্তৱকত লিখা কবিতাই অসমীয়া কবিতাৰ বিৱৰ্তনত বিশেষ ভূমিকা লয়। আসাম বন্ধুত প্ৰকাশিত গদ্য সমূহৰ ভিতৰত বিবেক, প্ৰমীলা, প্ৰকৃত লাজ কি এইবোৰৰ কথা ক’ব পাৰি। এই লেখাসমূহৰ মাজেৰে গল্পৰ লক্ষণ বোৰ ফুটি উটিছে। নাটকৰ ভিতৰত আসাম বন্ধুত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী নাট ধাৰাবাহিকভাৱে প্ৰকাশ হয়। দ্বিতীয় বছৰত বিবাহ ৰহস্য নাটকৰ প্ৰথম অংকৰ প্ৰথম আৰু দ্বিতীয় দৰ্শন প্ৰকাশিত হয়। এই নাটখন প্ৰাচীন সংস্কৃত নাটকৰ শৈলীত লিখা।

বিশেষ কোনো আলোড়নকাৰী যুগৰ সৃষ্টি নকৰিলেও এই আলোচনীয়ে অসমীয়া আলোচনী সাহিত্যৰ ক্ষেত্ৰত এক মচিব নোৱাৰা স্বাক্ষৰ ৰাখি থৈ গৈছে।

- চন্দ্ৰপ্ৰসাদ শইকীয়া, পাতনি, আসাম বন্ধু

আসাম বন্ধুত প্ৰকাশ হোৱা লেখা সমুহৰ ভিতৰত সাহিত্য সমালোচনাই উল্লেখযোগ্য স্থান দখল কৰিছে। ইয়াৰ ভিতৰত প্ৰথম বছৰত প্ৰকাশ হোৱা ৰিপুঞ্জয়কৃত পূৰ্ণচন্দ্ৰ নামক প্ৰায়শ্চিত্ত নিৰূপণ,কালীৰাম বৰুৱাই কৰা গীত-গোবিন্দৰ অনুবাদ গ্ৰন্থৰ, ৰত্নৰথ চৌধুৰীৰ চাণক্য শ্লোক গ্ৰন্থৰ সমালোচনা উল্লেখযোগ্য। গোবিন্দৰাম চৌধুৰীয়ে পদ্যছন্দত লিখা ধাত্ৰীশিক্ষাৰ চমু পৰিচয় আৰু যজ্ঞৰাম দাস দ্বাৰা সংগৃহীত ডাক-ভনিতা গ্ৰন্থৰ বিস্তাৰিত সমালোচনাও উল্লেখনীয়। ইয়াৰ উপৰিও আসাম বন্ধুত শংকৰদেৱসীতা সয়ম্বৰ নাট আৰু কীৰ্তনৰ আলোচনাও প্ৰকাশ হয়। আসাম বন্ধুত কেতবোৰ বুৰঞ্জীমূলক লেখাও প্ৰকাশিত হয়। অজ্ঞাত লেখকে লিখা অসমীয়া ভাষা বুৰঞ্জী লেখাটিত অসমীয়া ভাষাৰ এক পদ্ধতিগত ৰচনা। ইয়াত শংকৰদেৱৰ পৰা আৰম্ভ কৰি অসমত বাংলা ভাষাৰ প্ৰচাৰ হোৱালৈকে এক চমু ইতিহাস ৰচিত হৈছে। আকৌ গুনাভিৰাম বৰুৱাৰ আগৰ দিন এতিয়াৰ দিনত অসমৰ ৰাজকীয়, সামাজিক, সাংস্কৃতিক দিশ ফুটি উঠিছে। ইয়াৰ লগতে পুৰণি গুৱাহাটী নগৰ, কটকী উকীল তোলা, পৌৰাণিক আৰু তান্ত্ৰিক কামৰূপ আদি ৰচনাতো ইতিহাসৰ বিভিন্ন দিশ প্ৰকাশ পাইছে। আসাম বন্ধুত প্ৰকাশিত ব্যংগাত্মক ৰচনাৰ ভিতৰত লম্বোদৰ বৰাসদানন্দৰ কলাঘুমটি, সদানন্দৰ সানমিহলি টোকা, সদানন্দৰ সমাচাৰ আদি উল্লেখযোগ্য। এই সদানন্দ চৰিত্ৰটি বেজবৰুৱাৰ কৃপাবৰ বৰবৰুৱাৰ পূৰ্বৰূপ বুলি কোৱা হয়। সামাজিক ৰচনাৰ ভিতৰত স্বাধীনতা নে স্বেচ্ছাচাৰ, নাৰীৰ মুক্তাৱস্থা আদি উল্লেখযোগ্য। আসাম বন্ধুত কোনো সাম্প্ৰদায়িক লেখা প্ৰকাশ কৰা হোৱা নাই। গুণাভিৰামেও ধৰ্মীয় ঐতিহ্য, ব্ৰাহ্মধৰ্ম আদি সম্প্ৰৰ্কে কোনো লেখা লেখা নাই। বিজ্ঞান বিষয়ক ৰচনাৰ ভিতৰত ভূমিকম্প, উন্নতিৰ চাৰিখান দুৱাৰ, কৈশিকাকৰ্ষণ, ৰাসায়নিক আকৰ্ষণ বা সম্বন্ধ, চৌম্বকাকৰ্ষণ আদি লেখা আসাম বন্ধুত প্ৰকাশ হৈছে। এই লেখাসমূহৰ দ্বাৰা আলোচনীখনৰ উদ্দেশ্য সফল হৈছে। দেশৰ মানুহৰ মাজত এই বিষয় সমূহৰ প্ৰচাৰৰ দ্বাৰা নতুন জ্ঞানৰ প্ৰসাৰ ঘটাবলৈ চেষ্টা কৰা হৈছে। অন্যান্য বিষয়ক ৰচনাৰ ভিতৰত ক্ষেতি, শাৰীৰিক শ্ৰম, কৃষক, পিয়াহ মৰা বস্তু, সমাজিক আদি উল্লেখযোগ্য।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

লগত চাওক[সম্পাদনা কৰক]