ভোলানাথ দাস
ভোলানাথ দাস (১৮৫৮-১৯২৯) এগৰাকী অসমীয়া কবি। তেখেতে ১৮৫৮ চনত নগাঁৱত জন্মগ্ৰহণ কৰে। ১৮৭৯ চনত প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হৈ জলপানি লাভ কৰে আৰু কলিকতাৰ মেট্ৰ'পলিটান কলেজলৈ পঢ়িবলৈ যায়। কিন্তু মাতৃৰ অসুস্থতাৰ বাবে তেখেতে পঢ়া বাদ দি ঘৰলৈ ঘূৰি আহে। ১৮৮০ চনত তেখেতৰ নগাঁৱৰ ডিচ্ট্ৰিক্ট চাৰ্ভেয়াৰ পদত নিযুক্ত হয় যদিও স্বাস্থ্য বেয়া হোৱাত চাকৰি ত্যাগ কৰে। তাৰ পাছত তেখেতে নগাঁৱৰ শিক্ষা বিভাগৰ কেৰাণী পদত অস্থায়ীভাৱে সেৱা আগবঢ়োৱাৰ লগতে নগাঁও হাইস্কুল, নগাঁও আৰু শিৱসাগৰৰ চাৰ্ভে স্কুলত কিছুকাল শিক্ষকতা কৰে। ১৮৮৮ চনত তেখেত চাব্ ডেপুটী কলেক্টৰ পদত নিযুক্ত হয়। ১৯১২ চনত তেখেতে গুৱাহাটীত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯২৯ চনত গুৱাহাটীতে মৃত্যু বৰণ কৰে।[1]
তেখেতে তিনিবাৰ বিবাহপাশত আবদ্ধ হৈছিল। প্ৰথম আৰু দ্বিতীয়া পত্নীৰ মৃত্যুৰ পাছত ১৮৮৭ চনত গোলাঘাটৰ ৰাজখোৱা বংশৰ যজ্ঞেশ্বৰী আইদেউৰ লগত তেখেতৰ বিয়া হয়। ১৮৯৩ চনত তেওঁলোকৰ পুত্ৰ লক্ষ্মীনাথ দাসৰ জন্ম হয়।
প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]
- কবিতা-মালা: প্ৰথম ভাগ
- কবিতা-মালা: দ্বিতীয় ভাগ
- চিন্তা-তৰঙ্গিনী: প্ৰথম ভাগ
- চিন্তা-তৰঙ্গিনী: দ্বিতীয় ভাগ
- সীতাহৰণ কাব্য
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ বৰুৱা, অতুলচন্দ্ৰ (সম্পাদনা) (১৯৭৭). ভোলনাথ দাস ৰচনাৱলী. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৭-৮. https://archive.org/details/in.ernet.dli.2015.451469.