সীতাহৰণ কাব্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সীতাহৰণ কাব্য গ্ৰন্থখন ৰচনা কৰিছে ভোলানাথ দাসে। দাসে এই গ্ৰন্থখন মাইকেল মধুসূদন দত্তৰ অমিত্ৰাক্ষৰ ছন্দৰ আৰ্হিত ৰচনা কৰিছে। কাব্যখনৰ ৰচনা আৰম্ভ ১৮৭১ চনত হ'লেও শেষ হয় ১৮৮৮ চনতহে। কোনো কোনোৱে এই কাব্যখনক অসমীয়া সাহিত্যৰ প্ৰথম অমিত্ৰাক্ষৰী ছন্দৰ সাহিত্যিক মহাকাব্য বুলি কৈছে যদিও ৰচনাৰ সমাপ্তিলৈ চাই এইখন কাব্যক দ্বিতীয় কাহিনী কাব্য বুলিহে কোৱা উচিত। কোনো কোনো সমালোচকৰ মতে এই কাব্যখন ১৯০৩ চনত প্ৰকাশ পায়।[1] কিন্তু গ্ৰন্থখনৰ প্ৰকাশকৰ মতে ইয়াৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ১৯০২ চনত। কাব্যখনৰ দ্বিতীয় সংস্কৰণ ১৯৫৮ চনত প্ৰকাশ পাইছিল। জ্বলতিৰাম লহকৰৰ মতে এই কাব্যখন অসমীয়া নৰ্মাল স্কুলৰ পাঠ্যপুথিৰূপে ব্যৱহৃত হৈছিল। দাসে ছাত্ৰ অৱস্থাতে ৰচনা আৰম্ভ কৰা ‘সীতাহৰণ কাব্য’ৰ কিছু অংশ আসাম বিলাসিনী (আলোচনী)ত প্ৰকাশ হৈছিল।[2]

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ভোলানাথ দাস (১৮৫৮-১৯২৯) এগৰাকী অসমীয়া কবি। তেখেতে ১৮৫৮ চনৰ জুলাই মাহত নগাঁৱত জন্মগ্ৰহণ কৰে। পিতৃৰ নাম আছিল বাপিৰাম দাস আৰু মাতৃৰ নাম পদ্মাৱতী। [3]

গ্ৰন্থখনৰ বিষয়বস্তু[সম্পাদনা কৰক]

কবিয়ে ‘সীতাহৰণ কাব্য’খনৰ ৰচনাৰ আদৰ্শ আৰু অনুপ্ৰেৰণা গ্ৰহণ কৰিছে বঙ্গীয় কবি মাইকেল মধুসূদন দত্তৰ কাব্যৰ পৰা। এই কাব্যৰ বিষয়বস্তু পৃথক হ'লেও ৰচনাৰীতি, শব্দ চয়ন আৰু উপমা আদি প্ৰয়োগত মধুসূদনৰ দৰেই প্ৰভাৱ মন কৰিবলগীয়া। কবিয়ে কাব্যৰ আৰম্ভণিতে কাব্য ৰচনাৰ উদ্দেশ্য আৰু অনুপ্ৰেৰণা সম্পৰ্কে উল্লেখ কৰি কৈছে এনেদৰে : ‘‘সেহি ৰামায়ণ গীত গাইবে বাঞ্চিছো আমি মূঢ় অকিঞ্চন অমিত্ৰ অক্ষৰ ছন্দে, হে মাতা বাগ্দেবি! যি ছন্দে গাইলা বহু মধুময় গীত তব অনুগ্ৰহে অতি প্ৰিয় পুত্ৰ তব শ্ৰী মধুসূদন বঙ্গ কবি কূলমণি।’’ ৰামায়ণৰ কাহিনীৰ আধাৰত এই কাব্য কাহিনী নিৰ্মিত যদিও কোনখন ৰামায়ণৰ পৰা ইয়াৰ কাহিনী গ্ৰহণ কৰা হৈছে, সেই কথা স্পষ্টভাৱে জনা নাযায়। কবিয়ে এই সম্পৰ্কে কোনো ঠাইতে একো উল্লেখ কৰা দেখা নাযায়। ‘সীতাহৰণ’ কাব্য সাতটা সৰ্গত বিভক্ত। কাব্যখনত লক্ষ্মণৰ দ্বাৰা ৰাৱণ ভগ্নী শূৰ্পনখাৰ নাক-কাণ ছেদনৰ পৰা আৰম্ভ কৰি ৰাম-লক্ষ্মণৰ লগত যুদ্ধ কৰি খৰ-দূষণ আৰু ৰাক্ষস সেনা নিহত হোৱা, ভগ্নীৰ বিলাই বিপত্তি আৰু ৰাক্ষস সেনাৰ মৃত্যু সংবাদ শুনি ৰাৱণৰ প্ৰতিশোধৰ আয়োজন, ৰাৱণৰ সৈতে মাৰীচৰ দণ্ডকাৰণ্যলৈ গমন আৰু কিষ্কিন্ধ্যাত ও বান্দৰসকলৰ ত্ৰাস, লংকাত ৰাক্ষস সকলৰ মাজত শূৰ্পনখাৰ নাসা-কৰ্ণ ছেদন আৰু ৰাৱণৰ দণ্ডক যাত্ৰা সম্পৰ্কে লঘু আলোচনা, দেৱতাসকলৰ আশংকা আৰু সীতাহৰণত ৰাৱণৰ মৃত্যু নিশ্চিত বুলি জানি মাৰীচ আৰু সীতাক সেই কাৰ্যত সহায় কৰিবলৈ ক্ৰমে মায়া আৰু সৰস্বতীক প্ৰেৰণ আৰু ৰাৱণৰ দ্বাৰা সীতা হৰণলৈকে ৰামায়ণৰ এইবোৰ ঘটনা কাব্যখনত ঠাই পাইছে।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শিৱনাথ ভট্টাচাৰ্য,'সীতাহৰণ' কাব্যৰ প্ৰথম সংস্কৰণ (১৯০২ চন)ৰ ‘প্ৰকাশকৰ কথা’পূৰ্বোল্লিখিত গ্ৰন্থ, সম্পা, অতুল চন্দ্ৰ ধৰুৱা পৃ. ৪৪৫
  2. সত্যেন্দ্ৰনাথ শৰ্মা, 'অসমীয়া কাহিনী কাব্যৰ প্ৰবাহ, পৃ. ১৭৩
  3. অতুল চন্দ্ৰ বৰুৱা, সম্পা.,মোৰ জীৱন স্মৃতি টোকা,ভোলানাথ দাস ৰচনাৱলী, পৃষ্ঠা ৪১২
  4. শিৱনাথ ভট্টাচাৰ্য,'সীতাহৰণ' কাব্যৰ প্ৰথম সংস্কৰণ (১৯০২ চন)ৰ ‘প্ৰকাশকৰ কথা’পূৰ্বোল্লিখিত গ্ৰন্থ, সম্পা, অতুল চন্দ্ৰ ধৰুৱা পৃ. ৪৪৫