আসাম বিলাসিনী (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আসাম বিলাসিনী ১৮৭১ চনত মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ প্ৰচেষ্টাত মাজুলীৰ ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা প্ৰকাশ পায়৷[1] প্ৰথমাৱস্থাত মাহেকীয়া আলোচনীখন সাদিনীয়াকৈ প্ৰকাশ পাইছিল৷ মাহেকীয়া আলোচনী হৈ থকা অৱস্থাত ই আউনীআটি সত্ৰৰ মুখপত্ৰ হিচাপে প্ৰকাশ পাইছিল৷ সম্পাদনা কৰিছিল শ্ৰীধৰ ওজাই৷ প্ৰধানকৈ ধৰ্ম বিষয়ৰ প্ৰবন্ধই ইয়াত ঠাই পাইছিল যদিও আন আন বিষয়ৰ প্ৰবন্ধও আলোচনীখনত অন্তৰ্ভূক্ত হৈছিল৷ ১৮৭১ চনৰ পৰা ১৮৮৩ চনলৈ বাৰ বছৰ কাল এই আলোচনীখন ওলোৱাৰ পিছত বিশেষ কাৰণত ১৮৮৩ চনৰ পৰা এই কাকতখন ওলোৱাটো বন্ধ হয়৷ আসাম বিলাসিনীত ধৰ্ম বিষয়ৰ উপৰি ৰাজনীতিৰ চৰ্চা কৰা বুলি তেতিয়াৰ শিৱসাগৰ জিলাৰ জিলাধিপতি এ,চি, কেম্পবেলে ভাবুকি দি কাকতখন বন্ধ কৰোৱা[2] বুলিও বহুতে কয়৷ ১৯১১ চনত কৃষ্ণকান্ত ভট্টাচাৰ্য্যই যোৰহাটৰ তৰাজানত ’আসাম প্ৰেছ’ স্থাপন কৰি তাৰপৰাই ৩০ বছৰৰ বিৰতিত পুনৰ ১৯১৩ চনত সাদিনীয়াকৈ ’আসাম বিলাসিনী’ প্ৰকাশ কৰিবলৈ লয়৷ দ্বিতীয় পৰিক্ৰমাত আসাম বিলাসিনীত ৰাজনৈতিক প্ৰবন্ধ আদি লিখা হৈছিল আৰু তাৰ বাবে সম্পাদক কৃষ্ণকান্ত ভট্টাচাৰ্য্য ইংৰাজক জৰিমণাও দিব লগা হৈছিল৷[3]

যোৰহাটৰ পৰা প্ৰকাশ পোৱা ’আসাম বিলাসিনী’য়ে প্ৰকাশ্যে চৰকাৰৰ বিৰুদ্ধে লিখিছিল৷ চৰকাৰৰ লগত যুঁজ দি দি হাৰ মানি অৱশেষত কাকতখন বন্ধ হৈ পৰিছিল৷ আসাম বিলাসিনী কাকতৰ লগত জড়িত থকা বাবে কৃষ্ণকান্ত ভট্টাচাৰ্য্যৰ পৰিয়ালৰ লোকসকলে স্বাধীনতা পূৰ্বৰ সময়ত চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈ ৰৈছিল৷ সম্পাদক ভট্টাচাৰ্য্য আছিল চৰকাৰী চাকৰিয়াল, প্ৰথমে পেস্কাৰ পিছত চিৰস্তাদাৰ হোৱাৰ বাবে আলোচনীখনৰ পাণ্ডুলিপি নিজে নিলিখি আনৰ হতুৱাই লিখাইছিল৷ কেইটামান সম্পাদকীয় কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মায়ো লিখি দিছিল৷ [4] চৰকাৰৰ বিৰোধিতা কৰা বাবে ৰোষৰ বলি হোৱা কাকত/আলোচনীখন সম্পাদক ভট্টাচাৰ্য্যই বৰ কষ্টেৰে মানুহৰ ওচৰ পোৱাইছিল৷ হকাৰৰ পৰিৱৰ্তে তেওঁ শাক-পাচলি বিক্ৰী কৰিবলৈ যোৱা মানুহৰ ভাৰখনতে কাকতখন দি বিতৰণ কৰিছিল৷ ইংৰাজ প্ৰশাসনে আসাম বিলাসিনীৰ প্ৰেছত তলা লগোৱাত সম্পাদক ভট্টাচাৰ্য্যই প্ৰেছৰ ওচৰৰ পুখুৰীৰ ভিতৰেদি সুৰঙ্গ খান্দি প্ৰেছৰ ভিতৰত সোমাই আসাম বিলাসিনীৰ বা-বাতৰি কম্পোজ কৰিছিল৷[5]

আসাম বিলাসিনীৰ সাজসজ্জা বৰ মনোগ্ৰাহী নাছিল আৰু বাতৰিবোৰতো তথ্যপাতিৰ অভাৱ আছিল৷ কেৱল সম্পাদকীয়টোৱেই সেই সময়ৰ সমস্যাসমূহক আলোকিত কৰিছিল৷ ন’ন ক’পাৰেচনৰ প্ৰচাৰ নামৰ এটি বিশেষ সংখ্যা প্ৰকাশ কৰি মানুহক ব্যৱসায়-চাকৰি ত্যাগ কৰিবলৈ বুজনি দিছিল৷ সম্ভৱতঃ তেতিয়া সম্পাদক ভট্টাচাৰ্য্যই চাকৰিৰ পৰা অৱসৰ লৈছিল৷[6]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ডিম্বেশ্বৰ নেওগ, পৃ:নং; ৩৫৪, শুৱনী প্ৰকাশ, ১৯৯৯
  2. কৃষ্ণকান্ত ভট্টাচৰ্য্য, এজন অসমীয়া সাংবাদিক, শ্ৰী কীৰ্তিনাথ হাজৰিকা, নতুন অসমীয়া, ১৭ জুলাই, ১৯৪৯
  3. অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন, প্ৰসন্ন কুমাৰ ফুকন, পৃ:নং; ৭, প্ৰকাশক: অশ্বিনীকুমাৰ বৰঠাকুৰ, মধু প্ৰকাশ, ১৯৯৪
  4. কৰ্ম্মবীৰ চন্দ্ৰনাথ শৰ্মা, সম্পা: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, পৃ:নং; ২২১, অসম প্ৰকাশন পৰিষদ
  5. অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন, প্ৰসন্ন কুমাৰ ফুকন, পৃ:নং; ৯, প্ৰকাশক: অশ্বিনীকুমাৰ বৰঠাকুৰ, মধু প্ৰকাশ, ১৯৯৪
  6. আসাম বিলাসিনীৰ পাতত স্বৰাজৰ কথা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, নতুন অসমীয়া, ২৬ জুন, ১৯৫২