ৰুদ্ৰৰাম বড়দলৈ
অৱয়ব
ৰুদ্ৰৰাম বড়দলৈ | |
---|---|
জন্ম | ১৮৩৬ |
মৃত্যু | ১৮৯৯ |
পেচা | লেখক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
ধৰণ | অসমীয়া সাহিত্য |
উল্লেখনীয় কৰ্মৰাজি | বঙাল-বঙালনী |
ৰুদ্ৰৰাম বড়দলৈ (১৮৩৬-১৮৯৯) নগাঁৱৰ এগৰাকী অসমীয়া লেখক। ১৮৭১ চনত তেখেতে "বঙাল-বঙালনী" নামৰ এখন নাটক প্ৰকাশ কৰে। এইখনক আধুনিক অসমীয়া নাটকৰ ভিতৰত তৃতীয় বুলি গণ্য কৰা হয়।[1]
অসমলৈ অহা বহিৰাগত মানুহক বঙাল নাম দিয়া হৈছিল। নাটকখনত লেখকে ব্ৰিটিছৰ সময়ত অসমলৈ অহা বঙালে অসমৰ কিছুমান অসৎ তিৰোতাৰ লগত অবৈধ সম্পৰ্ক ৰাখি সামাজিক সমস্যাৰ সৃষ্টি কৰাৰ কথা চিত্ৰিত কৰিছে।[2] কোনো কোনো ঠাইত শ্বেইক্সপীয়েৰৰ কৌশল ব্যৱহাৰ হ'লেও নাটকখনত সূত্ৰধাৰৰ উপস্থিতিও আছে। নাটকখনত অসমীয়াৰ লগতে বাংলা আৰু মাৰোৱাৰী ভাষাও ব্যৱহাৰ কৰা হৈছে।
১৮৮৫ চনত তেখেতৰ "ৰত্নমণি" নামৰ এখন গ্ৰন্থ প্ৰকাশ হয়। ইয়াত হীৰা, পান্না, মুক্তা আদি নানা ৰত্নৰ গুণাৱলী বৰ্ণনা কৰা হৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Datta, Amaresh (Editor) (1987). "Encyclopaedia of Indian Literature: A-Devo". Sahitya Akademi. পৃষ্ঠাসমূহ: 386. https://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA15&lpg=PA15&dq=govinda+prasad+sharma+assamese+author&source=bl&ots=mXFVZADSu6&sig=ACfU3U0LmqMlQVGxc9R-C4CuHRlE8pyj5A&hl=en&sa=X&ved=2ahUKEwjhgtKRjt_iAhUW7XMBHf3-Bsc4ChDoATAFegQICRAB#v=snippet&q=assam&f=false। আহৰণ কৰা হৈছে: 10 June 2019.
- ↑ Pathak, Namrata (2015). "Trends in Contemporary Assamese Theatre". Partridge Publishing. https://books.google.co.in/books?id=VLwYCAAAQBAJ&pg=PT54&lpg=PT54&dq=bongal+bongalini+play+assamese&source=bl&ots=eurbL8F651&sig=ACfU3U1KFY95ZC7zTd2xwo-PgI9TyaIBxA&hl=en&sa=X&ved=2ahUKEwjJ1N2Om9_iAhUYcCsKHYVoA-wQ6AEwBnoECAkQAQ#v=onepage&q=bongal%20bongalini%20play%20assamese&f=false। আহৰণ কৰা হৈছে: 10 June 2019.