হেমচন্দ্ৰ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
হেমচন্দ্ৰ গোস্বামী
জন্ম ৮ জানুৱাৰী ১৮৭২
গৌৰাং সত্ৰ, গোলাঘাট
মৃত্যু ২ মে ১৯২৮
গুৱাহাটী
পেচা সাহিত্যিক

হেমচন্দ্ৰ গোস্বামী (ইংৰাজী: Hemchandra Goswami; ১৮৭২-১৯২৮) অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি

জন্ম আৰু বংশ পিৰচয়[সম্পাদনা কৰক]

হেমচন্দ্ৰ গোস্বামীৰ জন্ম গোলাঘাটৰ ঢেকিয়াল মৌজাৰ গৌৰাং সত্ৰত, ১৮৭২ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে হয়। তেখেতৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী আৰু মাতৃ নাম ঘনকান্তী দেৱী। ডম্বৰুধৰ গোস্বামী গৌৰাংগ সত্ৰৰ সত্ৰাধিকাৰ আৰু ঢেকিয়াল মৌজাৰ মৌজাদাৰ আছিল।

শিক্ষা[সম্পাদনা কৰক]

হেমচন্দ্ৰ গোস্বামী গাঁৱৰ বিদ্যালয়ৰ পৰাই তিনিটকীয়া বৃত্তি লাভ কৰি প্ৰাথমিক বিদ্যালয় পাছ কৰে। ইয়াৰ পাছত গোলাঘাটৰ উইলিয়ামচন মাইনৰ স্কুলত ভৰ্তি হয়। প্ৰবেশিকা পৰীক্ষা ১৮৮৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তেখেতৰ মেধা শক্তিৰ বাবে এটা কুৰিটকীয়া জলপানীও লাভ কৰিবৈল সক্ষম হৈছিল । তাৰ পিছত উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ ৰাওণা হয় আৰু প্ৰেচিডেন্সি কলেজত নাম লগায়। তাত তেখেতে চাৰি বছৰ কাল অধ্যয়ন কৰে, কিন্তু বি এ ডিগ্ৰী লাভ নকৰাকৈ গুৱাহাটীলৈ উভিত আহে ।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৮৯৪ চনত হেমচন্দ্ৰ গোস্বামীয়ে গুৱাহাটীত সোণাৰাম হাইস্কুলত প্ৰধান শিক্ষক ৰূপে কৰ্মজীৱনৰ পাতনিন মেলে । কিন্তু স্কুল কৰ্ত্তৃপক্ষৰ লগত মত বিৰোধ হোৱাত, তেখেতে এই পদ ত্যাগ কৰে । ১৮৯৫ চনত তেখেতে এডৱাৰ্ড গেইটৰ সহায়ত শ্বিলঙৰ সচিবালয়ত এটি চাকৰিত নিযুক্তি লাভ কৰে । ১৮৯৭ চনৰ পৰা চাব্ ডেপুটি কালেক্টৰ, পিছত ই এ চি আৰু ডেপুটি মেজিষ্ট্ৰেট হয় । ১৯২৫ চনত তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কেৰ ।

মৃত্যু[সম্পাদনা কৰক]

হেমচন্দ্ৰ গোস্বামীয়ে ১৯২৮ চনৰ ২ মে’ত, গুৱাহাটীৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

সাহিত্যচৰ্চা[সম্পাদনা কৰক]

আলোচনী সম্পাদকৰূপে হেমচন্দ্ৰ গোস্বামী[সম্পাদনা কৰক]

কলকাতাত এফ এ পঢ়ি থাকোতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে লগ লাগি ১৮৮৮ চনত হেমচন্দ্ৰ গোস্বামীয়ে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ গঠন কৰে । এই সভাৰ মুখপত্ৰ ‘জোনাকী আলোচনী । ১৮৮৯ চনৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ হয় । দ্বিতীয় বছৰৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে হেমচন্দ্ৰ গোস্বামীয়ে । তৃতীয় আৰু চতুৰ্থ বছৰৰ দায়িত্বভাৰ পালন কৰে লক্ষ্মীনাথ বেজবৰুৱাই । ১৯১৬ চনত হেমচন্দ্ৰ গোস্বামীয়ে ‘অকণ’ নামৰ শিশু আলোচনী এখন সম্পাদনা কৰিছিল ।

কবি হেমচন্দ্ৰ গোস্বামী[সম্পাদনা কৰক]

নগাঁৱত পঢ়ি থকা সময়ৰে পৰা হেমচন্দ্ৰ গোস্বামীয়ে ‘আসাম বন্ধু’ লেখাবলৈ লৈছিল । তেখেতৰ কবিতা সংকলন ‘ফুলৰ চানেকি’ ১৯০৭ চনত প্ৰকাশ হয় । ‘কাকো আৰু হিয়া নিবিলাওঁ’, ‘পুৱা’, ‘কাকূতি’, ‘প্ৰিয়তমাৰ চিঠি’ আদি তেখেওৰ উত্কৃষ্ট মানৰ কবিতা। ‘প্ৰিয়তমাৰ চিঠি’ গোস্বামীদেৱৰ ছনেট বা চতুৰ্দশপদী কবিতা । এই কবিতাকেইটাৰ মাজেৰে প্ৰণয়ৰ এক সুৰ ভাঁহি উঠা দেখা যায় । তেখেত অসমীয়া ভাষাত ৰোমান্টিক কবিতাৰ অন্যতম ৰচক আৰু প্ৰৱৰ্তক । ‘পুৱা’ কবিতাক আধুনিক কাব্য আন্দোলনৰ প্ৰথম খোজৰূপে চিহ্নিত ।

পুথি সংগ্ৰাহক আৰু পুথি প্ৰণেতা হেমচন্দ্ৰ গোস্বামী[সম্পাদনা কৰক]

হেমচন্দ্ৰ গোস্বামীয়ে তেখেতৰ চাকৰি জীৱনত চৰকাৰৰ নিৰ্দেশত বহুতো পুৰণি পুথি সংগ্ৰহ কৰে । তেওঁ অসমৰ গাওঁ-ভুঁই, নগৰ-চহৰ, সত্ৰ আদি ফুৰি ৬ মাহ মানৰ ভিতৰতে প্ৰায় বাৰশমান পুথি সংগ্ৰহ কৰে । এই পুথিবোৰ কামৰূপ অনুসন্ধান সমিতিৰ পুথিভঁৰালত সংৰক্ষিত হৈ আছে । তেখেতে ১৩৩৪ খন সাঁচিপতীয়া পুথি অধ্যায়ান কৰি ২৩৩ খন পুথিৰ বিষয় বস্তুৰ আভাস দিয়া এখিন বৰ্ণনামূলক তালিকা ‘A Descriptive Catalogue of Assamese Manuscripts’ নামেৰে অসম চৰকাৰে ১৯২৭ চনত প্ৰকাশ কৰে । কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আশুতোষ মুখাৰ্জীৰ অনুৰোধ মতে ১৯১৮ চনৰ পৰা ‘অসমীয়া সাহিত্যৰ চানেকি’ যুগুত কৰা কামত ব্ৰতী হয় আৰু এই গ্ৰন্থ ১৯২৯ চনত প্ৰকাশ পায় । তিনিটা ভাগত সম্পাদিত এই গ্ৰন্থ সাউদ ভোলানাথ বৰুৱাৰ দানৰ টকাৰে প্ৰকাশ হয় । কৰ্ণেল পি টি আৰ গৰ্ডনৰ তত্পৰতাত ১৯০০ চনত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত হেমচন্দ্ৰ বৰুৱাহেমকোষ প্ৰকাশ কৰে । তেখেতৰ আন এখন মূল্যৱান সম্পাদিত গ্ৰন্থ হ’ল ‘ভট্টদেৱৰ কথাগীতা’ (১৯১৮) । সূৰ্যখৰি দৈবজ্ঞৰ ‘দৰং ৰাজবংশাৱলী’, ‘হস্তিবিদ্যাৰ্ণৱ’, ‘শ্ৰীহস্তমুক্তাৱলী’, ‘পুৰণি অসমীয়া বুৰঞ্জী’(১৯২১) আৰু ‘কাম ৰত্নতন্ত্ৰ’ তেখেতৰ সম্পাদিত প্ৰাচীন গ্ৰন্থ ।

অসম সাহিত্য সভা আৰু হেমচন্দ্ৰ গোস্বামী[সম্পাদনা কৰক]

হেমচন্দ্ৰ গোস্বামী ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰ লগত জন্ম লগ্নৰে পৰা জড়িত । ১৮৮৮ চনৰ ২৫ আগষ্টত কলিকতাৰ ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেছতে চাহমেলৰ সভাত হেমচন্দৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা মিলি প্ৰধান ভূমিকা লৈ এই সভা গঠন কৰে । ‘অঃ ভাঃ উঃ সাঃ সঃ’ গঠন হোৱাৰ পিছত অসমীয়া সকলৰ মাজত এক নতুন জাতীয় জাগৰণৰ সূচনা হয় । ১৯১৪ চনত এই সভাই গুৱাহাটীত সদৌ অসম ভিত্তিত একত্ৰিত হৈ এখন বৃহত্তৰ সাহিত্য সন্মিলন পতাৰ কথা চিন্তা কৰে । ই চিন্তাই বাস্তৱ ৰূপ লৈ ১৯১৭ চনৰ ২৬, ২৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছোচিয়েশ্যনৰ ৰভাতে ‘সদৌ অসম সাহিত্য সন্মিলনী’ ৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। পাছলৈ এই ‘সদৌ অসম সাহিত্য সন্মিলনী’য়েই ‘অসম সাহিত্য সভা’ ৰ নাম পায় । ১৯২০ চনৰ তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশৰ হেমচন্দ্ৰ গোস্বামীয়ে সভাপতিৰ আসন অলংকৃত কৰিছিল[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।