সমললৈ যাওক

জ্ঞানদা কাকতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জ্ঞানদা কাকতীৰ পৰা পুনঃনিৰ্দেশিত)
জ্ঞানদা কাকতি

২০১৩ চনত জ্ঞানদা কাকতি
জন্ম জ্ঞানদা দাস
১৯৩২
শ্বিলং (অবিভক্ত অসম)
মৃত্যু ০৮/০১/২০২৫
বেথানি হাস্পতাল, শ্বিলং, মেঘালয়
বাসগৃহ শ্বিলং
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৯-৯৬
উল্লেখযোগ্য কৰ্ম
দাম্পত্যসঙ্গী লোহিত কাকতি
পিতৃ-মাতৃ দেৱেন দাস (পিতৃ),
বিৰজা দাস (মাতৃ)[1]


জ্ঞানদা কাকতি (ইংৰাজী: Gyanada Kakati) এগৰাকী অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পূবেৰুণ ছবিখন প্ৰদৰ্শিত হৈছিল।[2] ২০০২ চনত তেওঁ অসম চৰকাৰবিষ্ণু ৰাভা বঁটা লাভ কৰে।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জ্ঞানদা কাকতিৰ জন্ম হয়।[3] তেওঁ পিতৃ আছিল দেৱেন দাস আৰু মাতৃ বিৰজা দাস।[2] তেওঁৰ পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃ চাকৰিসূত্ৰে শ্বিলঙত থকাত লাবানত তেওঁলোক স্থায়ীভাৱে বসবাস কৰিছিল। অভিনেত্ৰীগৰাকীৰ পিতৃও মঞ্চাভিনয়ৰ লগত জড়িত আছিল৷ শ্বিলঙত সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলাত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল৷ পিতৃ মঞ্চাভিনেতা হোৱা সূত্ৰে জ্ঞানদা কাকতিয়ে সৰুৰে পৰা এক অভিনয়ৰ পৰিৱেশ পাইছিল। দেৱেন দাসে শ্বিলঙৰ অসম ক্লাৱ নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ উদ্যোগত হোৱা নাটকত অভিনয় কৰিছিল। তেওঁ সৰু থাকোঁতে সতী বেউলা নামৰ নাটক এখনত নৃত্য পৰিৱেশন কৰিছিল। এই নৃত্য দেখি বিষ্ণু ৰাভাই তেওঁৰ প্ৰশংসা কৰিছিল। শৈশৱকালতেই জ্ঞানদা কাকতিয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত আমি অসমীয়া নহওঁ দুখীয়া শীৰ্ষক গীতটো পৰিৱেশন কৰিছিল৷[1]

কৰ্ম জীৱন

[সম্পাদনা কৰক]
পূবেৰুণ ছবিত মাৰ্গাৰেট এণ্ডাৰছনৰ সৈতে জ্ঞানদা কাকতি

সেই সময়ত শ্বিলঙৰ প্ৰখ্যাত 'কামৰূপী নৃত্য সংঘ'ত জীৱেশ্বৰ গোস্বামীৰ অধীনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। কাকতিয়ে বিবাহৰ পিছতহে প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰে। ১৯৪৮ চনত মুক্তি লাভ কৰা পাৰঘাট ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ প্ৰশংসা বোটলে। ইয়াৰ পিছত তেওঁ পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ, পূবেৰুণ, চাকনৈয়া, প্ৰথম ৰাগিনী, পুৱতি নিশাৰ সপোন, নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ-বিৰাগ আদি জনপ্ৰিয় ছবিত অভিনয় কৰে। ইয়াৰে ১৯৫৯ চনৰ পূবেৰুণত কৰা অভিনয় দৰ্শকৰ মাজত জনপ্ৰিয় হয়। ১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পূবেৰুণ প্ৰদৰ্শিত হয়।[4] এই মহোৎৱত অংশগ্ৰহণ কৰি কাকতিয়ে কেৰী গ্ৰাণ্ট, ছ’ফিয়া লৰেন আদি হলীউদৰ শিল্পীক ঘনিষ্ঠভাৱে লগ পায়।[5] তেওঁ নীলাচলেৰ মহাপ্ৰভু, গড়েৰ মাঠে, বৰমা আদি বঙালী ছবিতো অভিনয় কৰে। বন্দীনী নামৰ হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও সেই প্ৰস্তাৱ তেওঁ প্ৰত্যাখান কৰে।[5] কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল। দুয়োটা কেন্দ্ৰতে গীত পৰিৱেশন কৰাৰ লগতে তেওঁ গ্ৰামোফোন ৰেকৰ্ডতো গীত বাণীবদ্ধ কৰিছে।[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ লোহিত কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[2]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা
  • অসম চৰকাৰৰ ৰাজ্যিক শিল্পী পেন্সন
  • সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা
  • শিল্পীপ্ৰাণ চন্দ্ৰ ফুকন বঁটা[6]

২০২৫ চনৰ ৮ জানুৱাৰী, বুধবাৰে বাৰ্ধক্যজনিত কাৰণত ৯২ বছৰ বয়সত জ্ঞানদা কাকতিৰ শ্বিলঙৰ বেথানি চিকিৎসালয়ত[2] মৃত্যু হয়।[3]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
মুক্তিলাভ চলচ্চিত্ৰ ভূমিকা টোকা
১৯৪৮ পাৰঘাট প্ৰথম ছবি
১৯৫৫ পিয়লি ফুকন
১৯৫৬ সৰাপাত
১৯৫৬ লখিমী
১৯৫৮ ৰঙা পুলিচ
১৯৫৯ পুৱতি নিশাৰ সপোন
১৯৫৯ পুবেৰুণ মেঘালী ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক
বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন
১৯৫৯ চাকনৈয়া লখিমী
১৯৬২ নৰকাসুৰ নৰকাসুৰৰ মাতৃ বসুমতী
১৯৭১ শেষ বিচাৰ
১৯৭২ ওপৰ মহলা
১৯৮৭ প্ৰথম ৰাগিনী শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
১৯৯৩ প্ৰিয়জন
১৯৯৬ ৰাগ-বিৰাগ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "যশস্বী অভিনেত্ৰী জ্ঞানদা কাকতিৰ বিয়োগ". দৈনিক অসম. প্ৰকাশক গুৱাহাটী. ১০ জানুৱাৰী, ২০২৫. পৃষ্ঠা ১, ৮. 
  2. 2.0 2.1 2.2 2.3 2.4 এন ই নাও নিউজ (৯ জানুৱাৰী, ২০২৫). "অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী, কণ্ঠশিল্পী জ্ঞানদা কাকতিৰ দেহাৱসান". নৰ্থ ইষ্ট নাও. https://assam.nenow.in/renowned-assamese-actress-and-singer-gyanada-kakati-passes-away/। আহৰণ কৰা হৈছে: 9 January 2025. 
  3. 3.0 3.1 3.2 "বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান...". অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক. ৯ জানুৱাৰী, ২০২৫. পৃষ্ঠাসমূহ: মুখ্য পৃষ্ঠা. https://www.asomiyapratidin.in/homepage/actress-gyanada-kakati-died-8603346। আহৰণ কৰা হৈছে: 9 January 2025. 
  4. দাস, অৰুণলোচন (২০০১) , 'এবাৰ উভতি চাওঁ' , শিশুসাৰথি প্ৰকাশন, গুৱাহাটী।. 
  5. 5.0 5.1 কমল কুমাৰ ভাগৱতী (২৭ মাৰ্চ, ২০১৬). "জ্ঞানদা কাকতি". দৈনিক অসম. http://www.assamtribune.com/scripts/spd.asp?id=2016/mar2716/BigPage16.jpg। আহৰণ কৰা হৈছে: 22 April 2020. [সংযোগবিহীন উৎস]
  6. Dibya J Borthakur (Sep 18, 2007). "Dulal Roy, Gyanada Kakati felicitated By". (Web link). সংগ্ৰহ কৰা হৈছে: 22 April 2020.

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]