সৰাপাত (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সৰাপাত
Sarapat
Sarapat.jpg
সৰাপাত ছবিৰ এটা দৃশ্যত জ্ঞানদা কাকতি
পৰিচালক আনোৱাৰ হুছেইন
প্ৰযোজক আনোৱাৰ হুছেইন
লেখক অনিল চৌধুৰী
চিত্ৰনাট্য আনোৱাৰ হুছেইন
কাহিনী আনোৱাৰ হুছেইন
সংগীত পৰিচালক মুকুল বৰুৱা
চিত্ৰগ্ৰহণকাৰী সুবোধ বেনাৰ্জী
সম্পাদনা কমল গাঙ্গুলী
মুক্তি ৩ মাৰ্চ ১৯৫৬
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

সৰাপাত (ইংৰাজী: Sarapat) ১৯৫৬ চনত মুক্তি পোৱা আৰু আনোৱাৰ হুছেইনৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। এইখন পৰিচালকগৰাকীৰ প্ৰথম ছবি। ছবিখন মুক্তি পোৱাৰ সময়ত পৰিচালকগৰাকীৰ বয়স হৈছিল ২১ বছৰ। ভাৰতত তেতিয়ালৈ ইমান কম বয়সতে ছবি পৰিচালনা কৰাৰ উদাহৰণ নাছিল। আনোৱাৰ ফিল্মচৰ বেনাৰত হুচেইনে ছবিখন প্ৰযোজনাও কৰিছিল।[1] সৰাপাত আছিল এখন নাৰীকেন্দ্ৰিক সামাজিক ছবি।[2][3]

কাহিনী[সম্পাদনা কৰক]

ৰত্নকান্ত মৌজাদাৰৰ একমাত্ৰ পুত্ৰ জীৱন। মৌজাদাৰৰ ঘৰতে আশ্ৰয় লৈছিল এজনী ঘাট-মাউৰা ছোৱালী শেৱালী। আশ্ৰিতা যদিও আপোন জীয়ৰীৰ দৰে শেৱালী মৰম আৰু লাহ-বিলাহত ডাঙৰ হ'বলৈ ধৰিলে আৰু জীৱনৰ সৈতে এক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল। উচ্চশিক্ষাৰ বাবে জীৱন গুৱাহাটীলৈ গ'ল। ইতিমধ্যে মৌজাদাৰনীৰ মৃত্যু হোৱা মৌজাদাৰে সাবিত্ৰী নামৰ আন এজনী ছোৱালী বিয়া কৰালে। তাই জীৱন আৰু শেৱালীৰ মাজত বাধা হৈ থিয় দিলে। তাইৰ চক্ৰান্তত জীৱন আঘাটপ্ৰাপ্ত হৈ হাস্পাতালত পৰি থাকিল আৰু শেৱালী গৈ কাৰ্তিক নামৰ দ্ৰৰিদ্ৰ আৰু পঙ্গু লোক এজনৰ ঘৰত আশ্ৰয় ল’লে। তাতেই শেৱালীয়ে জীৱনৰ সৈতে হোৱা দৈহিক সম্পৰ্কৰ পৰিণতি স্বৰূপে এটা ল'ৰাৰ জন্ম দিলে।[1]

এফালে সাবিত্ৰী আছিল অসৎ চৰিত্ৰৰ তিৰোতা। তাই বিয়া হৈ অহাৰ পিছতো পূৰ্বৰ প্ৰেমিক হেমেনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। ঘটনাক্ৰমে মৌজাদাৰে তাইক হেমেনৰ সৈতে অসংযত অৱস্থাত ধৰা পেলালে আৰু খঙৰ ভমকত গুলীয়াই মাৰি জেইললৈ গ'ল।[1]

জীয়াই থকাৰ তাড়নাত শেৱালীয়ে শিল ভাঙিবলৈ ল'লে। এদিন কাম কৰি থাকোঁতে হঠাৎ তাইৰ ল'ৰা সোণটি নাইকীয়া হ'ল। তাৰপিছতে এক দীঘলীয়া অনুসন্ধানৰ পৰিক্ৰমা। মৌজাদাৰে বিচাৰি ফুৰিছে জীৱনক, জীৱনে বিচাৰি ফুৰিছে শেৱালীক আৰু শেৱালীয়ে বিচাৰি ফুৰিছে সোণটিক। এদিন প্ৰত্যেকে প্ৰত্যেকক লগ পালে যদিও শেৱালী তেতিয়া ৰুগ্ন অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে। তাতেই তাইৰ মৃত্যু হ'ল। তাই আৰু আকৌ জোৰা লগা ঘৰখনলৈ উভতি যাব নোৱাৰিলে।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

গীত[সম্পাদনা কৰক]

সৰাপাতৰ সঙ্গীত পৰিচালনা কৰিছে মুকুল বৰুৱাই। ছবিখনত ছটা গীত অন্তৰ্ভূক্ত হৈছে। গীত লিখিছে মুকুল বৰুৱা আৰু লক্ষহীৰা দাসে। কণ্ঠদান কৰিছে বীৰেণ দত্ত, লক্ষহীৰা দাস, জ্যোতিৰ্ময় কাকতি আৰু গুণদা দাসে।[4]

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
পূৰ্বাঞ্চলবাসিনী সোণৰে অসম ভূমি, ৰূপে মনোহৰা প্ৰকৃতিৰে লীলাভূমি মুকুল বৰুৱা বীৰেণ দত্ত, লক্ষহীৰা দাস, জ্যোতিৰ্ময় কাকতি আৰু গুণদা দাস
আলোকৰে পাৰাপাৰে মাতিছে দূৰৈত মোক, এৰি দিয়া প্ৰিয় মই যাওঁ মই যাওঁ লক্ষহীৰা দাস লক্ষহীৰা দাস
অনুৰাগে ৰঞ্জিত মন, পৰাণত সেউজীয়া বন লক্ষহীৰা দাস লক্ষহীৰা দাস
সোণৰে পুতলি বাচা শোৱা বাচা মোৰ, নিদাৰুণ বিধাতাই হেৰা কপালত লিখিলে, এনুৱা বিলাইৰে কথা মুকুল বৰুৱা লক্ষহীৰা দাস
তোমাৰ সুৰে সুৰে গাই যাওঁ দুয়ো ৰচা যত গীত, মোৰ বেদনাৰ সুৰৰ বুকুত যুগে যুগে তুমি ৰ’বা মুকুল বৰুৱা লক্ষহীৰা দাস
ঘোৰ অমানিশা কিয়নো ওলালি অ' বলিয়া, হেৰুৱা সপোন বিচাৰি অ' বলিয়া তন্দ্ৰা ভাঙিলি আজি তোৰ হায় মুকুল বৰুৱা বীৰেণ দত্ত

তথ্য উংস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, পৃঃ ৫৩-৫৪, অৰুণলোচন দাস, শশী-শিশু প্ৰকাশন. 2013. 
  2. "Interview with Anowar Hussain". http://14.139.13.47:8080/jspui/bitstream/10603/55929/9/09_chapter%204.pdf. 
  3. 3.0 3.1 মঞ্চলেখা, পৃঃ ৩১২, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুকষ্টল, গুৱাহাটী, ১৯৯৫. 
  4. অসমীয়া বোলছবিৰ গীতৰ সংকলন,পৃঃ ৩৭-৪০, সংকলক/সম্পাদন বাবুল দাস, বাণী মন্দিৰ, ডিব্ৰুগড়. 1985.