পদুম বৰুৱা
পদুম বৰুৱা | |
---|---|
সম্পাদনা কক্ষত পদুম বৰুৱা | |
জন্ম | ৯ জুলাই অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চলচ্চিত্ৰ পৰিচালক |
পদুম বৰুৱা (ইংৰাজী: Padum Barua) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে গঙা চিলনীৰ পাখি। ১৯৭৬ চনত এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। ২৫ জুলাই ২০০৬ ত নিজ বাসভৱনত তেখেতৰ মৃত্যু হয়।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]জ্যোতিপ্ৰসাদৰ জয়মতী আৰু পদুম বৰুৱাৰ চলচ্চিত্ৰপ্ৰীতি
[সম্পাদনা কৰক]১৯৩৫ চনত প্ৰথমখন অসমীয়া কথাছবি জয়মতীয়ে মুক্তি লাভ কৰে৷ সেই সময়ত পদুম বৰুৱাৰ বয়স আছিল এঘাৰ বছৰ৷ ছবিখন চোৱাৰ সুযোগ এটা তেওঁলৈ আহিল আৰু জ্যোতিৰ জয়মতীয়ে তেতিয়াই তেওঁক প্ৰভাৱিত কৰিলে৷ [2]পদুম বৰুৱাই কৈছে-
“জয়মতীয়ে সৃষ্টি কৰা বাস্তৱতকৈও অধিক বাস্তৱ ছাঁ-পোহৰৰ জগতখনে মোক বিস্ময়াভূত কৰিছিল। দৰাচলতে ‘জয়মতী’ দৰ্শনৰ অভিজ্ঞতাতেই অংকুৰিত হৈছিল ‘গঙা চিলনীৰ পাখি’ ছবিৰ বীজ।” [3]
একেদৰে চলচ্চিত্ৰ প্ৰসংগ শীৰ্ষক গ্ৰন্থৰ পাতনিতে চলচ্চিত্ৰকাৰগৰাকীয়ে লিখিছিল–
চেমনীয়া কালতে জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ ছবি চাই চলচ্চিত্ৰৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ পৰিছিলোঁ।[2]
উপন্যাসৰ আধাৰত চলচ্চিত্ৰ
[সম্পাদনা কৰক]পদুম বৰুৱাৰ ড০ লক্ষ্মীনন্দন বৰাৰ উপন্যাস গঙা চিলনীৰ পাখিৰ আধাৰত একে নামৰ ছবি এখন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল৷ সেই উদ্দেশ্যে তেখেতে এবছৰৰ ভিতৰত চিত্ৰনাট্য লিখি উলিয়াইছিল৷ উল্লেখ্য যে, গঙা চিলনীৰ পাখি প্ৰকাশিত হৈছিল ১৯৬৩ চনত৷ [3] তেতিয়ালৈ পদুম বৰুৱাই বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি চাই অভিজ্ঞতা অৰ্জন কৰিছিল৷ ১৯৬৫ চনত তেখেতে সেই অভিজ্ঞতাৰে আলম লৈ উপন্যাসখনৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিবলৈ মনস্থ কৰে৷
অভিনয়-শিল্পী বিচাৰি প্ৰত্যাহ্বান
[সম্পাদনা কৰক]পদুম বৰুৱাই অভিনেতা-অভিনেত্ৰীৰ সন্ধানত অসমৰ বিভিন্ন চুক-কোণ পৰিভ্ৰমণ কৰিছিল বুলি ক'ব পাৰি৷ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ প্ৰশিক্ষণ শিবিৰৰ পৰা আৰম্ভ কৰি বাতৰিকাকতত বিজ্ঞাপন দিয়ালৈকে প্ৰতিটো প্ৰচেষ্টাই হাতত লোৱা হৈছিল৷ বহু বিচাৰ-খোচাৰৰ অন্ততত ছবিখনৰ নায়িকা হিচাপে বাছনিত উঠিচিল টিয়ক মহাবিদ্যালয়ৰ ছাত্ৰী বীণা বাৰুৱতী৷ ছবিখনত অতিথি শিল্পী ৰূপে আইদেউ সন্দিকৈ আৰু আনন্দ চন্দ্ৰ বৰুৱাই অংশ লৈছিল। [3]
অৰ্থসংকট
[সম্পাদনা কৰক]ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়তো পদুম বৰুৱা অনেক অভাৱ আৰু অনাটনৰ সমুখীন হৈছিল৷ প্ৰযোজক বিচাৰি নাপাই তেখেতে ১৯৬৮ চনৰ মে' মাহত নিজৰেই সাঁচতীয়া ধনেৰেই ছবি নিৰ্মাণৰ দিশে আগবাঢ়ি যায়৷ কিন্তু ইয়াৰ পিছতো অৰ্থ-সংকটৰ বাবে দহমাহমান দৃশ্যগ্ৰহণ স্থবিৰ হৈ থাকে৷ ১৯৭১ চনত বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ধনেৰে তেখেতে ছবিৰ তৃতীয় পৰ্যায়ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰে৷ পিছে আৰ্থিক সংকটৰ বাবে পুনৰ কিছুদিনৰ পাছতেই তেখেতৰ দৃশ্যগ্ৰহণত বিঘিনি আহি পৰে৷ ডেৰবছৰৰ বাবে পুনৰ দৃশ্যগ্ৰহণ স্তব্ধ হৈ পৰে৷ দ্বিতীয় পৰ্যায়ৰ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰতো একেটাই অসুবিধাই দেখা দিছিল৷ চিনেমা নিৰ্মাণ কৰিবলৈ গৈ পদুম বৰুৱাই আনকি পত্নীৰ অলংকাৰ পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল৷ ১৯৭২ চনৰ মাজভাগত অসম চৰকাৰৰ ল’টেৰী ফাণ্ডে এটা সৰু অনুদান আগবঢ়ায়৷ ইয়াৰ জৰিয়তে পদুম বৰুৱাই দৃশ্যগ্ৰহণৰ বাকী থকা কাম আৰু সম্পাদনাৰ কাম কৰিছিল৷ আৱহ সংগীত আৰু শব্দ পুনৰ্সংযোজনৰ কামত অৰ্থ-সহায় বিচাৰি তেখেতে অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহক সাক্ষাৎ কৰে আৰু তেখেতৰ পৰামৰ্শ মানি নৱপ্ৰতিষ্ঠিত ‘অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰপৰা এটা ঋণ লয়৷ এইদৰেই ১৯৭৫ চনৰত ছবিখনৰ কাম পদুম বৰুৱাই সম্পূৰ্ণ কৰি উলিয়ালে৷ [3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.telegraphindia.com/1060726/asp/northeast/story_6525062.asp
- ↑ 2.0 2.1 বৰবৰা, বিতোপন (০৯-০১-২০১৭). "যুগদ্ৰষ্টা চলচ্চিত্ৰকাৰ পদুম বৰুৱা". মুক্তচিন্তা. http://muktosinta.org/jugodrosta-solositrokar-padum-baruah/। আহৰণ কৰা হৈছে: 11 June 2021.
- ↑ 3.0 3.1 3.2 3.3 দলীয় কৰ্ম (২৬ জুলাই ২০২০). "অসমত ৰীয়েলিষ্টিক ছবিৰ বাটকটীয়া পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ৰ আঁৰৰ সংঘৰ্ষৰ কথা". জলিউদকাফে. Archived from the original on 11 June 2021. https://web.archive.org/web/20210611113118/https://thejollywoodcafe.com/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A6%A4-%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87%E0%A6%B2%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%95-%E0%A6%9B%E0%A6%AC%E0%A6%BF%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%9F/। আহৰণ কৰা হৈছে: 11 June 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Padum Barua Archived 2012-12-15 at the Wayback Machine
|