নলিনীধৰ ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নলিনীধৰ ভট্টাচাৰ্য
জন্ম ৪ ডিচেম্বৰ, ১৯২১
মেলেং কাঠগাঁৱ, যোৰহাট, অসম
মৃত্যু ১ ছেপ্টেম্বৰ, ২০১৬ (৯৪ বছৰ)
গুৱাহাটী
পেচা প্ৰৱক্তা, কবি, প্ৰবন্ধকাৰ, সমালোচক তথা অনুবাদক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ (অসমীয়া)
সহযোগী শশীধৰ ভট্টাচাৰ্য (পিতৃ)
আইদেউ ভট্টাচাৰ্য (মাতৃ)
আত্মীয়-স্বজন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (ভাতৃ)

নলিনীধৰ ভট্টাচাৰ্য (ইংৰাজী: Nalinidhar Bhattacharya; ১৯২১-২০১৬) অসমৰ এগৰাকী আগশাৰীৰ কবি, প্ৰবন্ধকাৰ, সমালোচক তথা অনুবাদক। জ্ঞানপীঠ বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ নলিনীধৰ ভট্টাচাৰ্যই ৰামধেনুৰ পাতত অনুবাদক হিচাপে নিজৰ সাহিত্য জীৱন আৰম্ভ কৰে। "ননী আছনে ঘৰত" নামৰ কবিতাটি ভট্টাচাৰ্য দেৱৰ অনন্য কৃতি বুলি ধৰা হয়। তেখেতে ১৯৮২ চনত অসম সাহিত্য সভাৰ ডিফু অধিবেশনৰ কবি সন্মিলনৰ সভাপতিত্ব কৰিছিল।[1][2]

জন্ম আৰু বাল্যকাল[সম্পাদনা কৰক]

১৯২১ চনৰ ৪ ডিচেম্বৰত যোৰহাটৰ ওচৰৰ মেলেং কাঠগাঁৱত নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল।[3] তেওঁৰ পিতৃৰ নাম আছিল শশীধৰ ভট্টাচাৰ্য আৰু মাতৃৰ নাম আছিল আইদেউ ভট্টাচাৰ্য। তেওঁলোক আছিল পাঁচোটা ভাই-ভণী। জ্ঞানপীঠ বঁটা প্ৰাপ্ত 'মৃত্যুঞ্জয়' গ্ৰন্থৰ ৰচক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতৰ অনুজ।

শিক্ষা জীৱন[সম্পাদনা কৰক]

দেউতাকৰ কৰ্মসূত্ৰে তেওঁলোক সোণাৰীৰ ওচৰৰ চফ্ৰাই বাগানত ডাঙৰ-দীঘল হৈছিল। চফ্ৰাই ৰেলষ্টেচনৰ ওচৰত লোকেল ব'ৰ্ডৰ অধীনত এখন পাঠশালা স্কুল আছিল, এই স্কুলতে আৰম্ভ হৈছিল ভট্টাচাৰ্যদেৱৰ পাঠশলীয়া জীৱন।[4] পিছলৈ তেওঁলোক ঢেকীয়াখোৱালৈ উঠি আহে। তাতে দেউতাকে তেওঁক কাকজান মাইনৰ স্কুলত নাম লগাই দিয়ে। মাইনৰ পাছ কৰি তেওঁ নকৈ পতা কাকজান হাইস্কুলত নামভৰ্তি কৰে। ১৯৪০ চনত কাকজান উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত হোৱা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট জে. বি. কলেজত নাম লগায়। তাৰপৰা পৰা আই এ পাছ কৰে। তাৰ পাছত ব্যক্তিগত পৰীক্ষাৰ্থী হিচাপে তেওঁ স্নাতক আৰু তাৰ পাছত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

আই এ পৰীক্ষাত উত্তীৰ্ণ হৈয়েই তেখেতে সেইসময়ত কাকজানত নকৈ পতা এম.ই স্কুল এখনত কুৰিটকা দৰমহাত চাকৰিত সোমায়। স্নাত্তকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত ভট্টাচাৰ্য দেৱে শ্বিলঙৰ চেণ্ট এন্থনীজ কলেজত অসমীয়াৰ প্ৰৱক্তা হিচাপে প্ৰায় তিনি বছৰ কাৰ্য নিৰ্বাহ কৰে। তাতে তেওঁ কমল চৌধুৰী, ৰাজেন হাজৰিকা, মোহিনী শইকীয়া আদিক লগ পায় আৰু কথা-বতৰাৰে প্ৰভাৱিত হয়। এন্থনীজ কলেজৰ লাইব্ৰেৰীয়েও তেওঁৰ জ্ঞানৰ ভঁৰালৰ পৰিসীমা বৃদ্ধিত সহায় কৰে। ১৯৬০ চনত তেখেতে গুৱাহাটীআৰ্য বিদ্যাপীঠ কলেজত যোগদান কৰে আৰু ১৯৮৩ চনলৈকে তাতে কৰ্মৰত হয়। ইয়াত কৰ্মৰত অৱস্থাত তেওঁ নীলমণি ফুকন, ইমদাদ উল্লাহ, গোৱিন্দপ্ৰসাদ শৰ্মা, শিৱনাথ বৰ্মন, উদয় দত্ত, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আদিক লগ পায় আৰু অনুপ্ৰাণিত হয়। ১৯৮৩ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে।

সাহিত্য কৃতি[সম্পাদনা কৰক]

অসমীয়া সাহিত্য জগতৰ ভালেকেইজন প্ৰজ্ঞালব্ধ ব্যক্তি আছিল নলিনী ভট্টৰ আদৰ্শ। ইয়াৰ ভিতৰতে বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা আৰু হেম বৰুৱা উল্লেখযোগ্য। আনন্দ চন্দ্ৰ বৰুৱাৰ পুথিভঁৰালটি আছিল তেখেত আৰু তেখেতৰ ভাতৃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বাবে জ্ঞানৰ আকাশৰ প্ৰথম চমকা পোহৰ। আনন্দচন্দ্ৰ বৰুৱাই তেওঁলোকক গণেশ গগৈৰ 'পাপৰি'ৰ লগত প্ৰথম পৰিচয় কৰাই দিছিল।[4] হেম বৰুৱাক তেখেতে লগ পাইছিল যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আই এ পঢ়ি থকা সময়ত ইংৰাজী আৰু অসমীয়াৰ অধ্যাপক ৰূপে। বৰুৱাৰ ব্যক্তিত্ব আৰু জীৱন্ত, ৰসাল, নাটকীয় ভাষণে ভট্টাচাৰ্যক প্ৰভাৱিত কৰিছিল। পিছৰ সময়ছোৱাত তেখেত ড॰ হীৰেন গোহাঁই, কবি নীলমণি ফুকন, ড॰ শিৱনাথ বৰ্মন আদি মনিষীৰ সান্নিধ্যত উপকৃত হৈছিল।[5] ভট্টাচাৰ্যৰ প্ৰথমটো কবিতা 'দুখীয়া' প্ৰকাশ হৈছিল আৱাহনৰ পাতত।

৫৮ বছৰ বয়সত ১৯৭৯ চনত তেখেতৰ প্ৰথমখন কাব্যগ্ৰন্থ "এই কুঁৱলীতে" প্ৰকাশ পায়।[4] কাব্যগ্ৰন্থখন প্ৰকাশ কৰিছিল হেমন্ত দাস আৰু হেমন্ত বৰ্মনে। তেখেতৰ 'চেৰাশালিৰ মালিতা'কে ধৰি একাধিক গ্ৰন্থ প্ৰকাশ কৰিছে 'চেতনা প্ৰকাশ'-এ।[5] কাব্যৰ লগতে অনুবাদ আৰু সমালোচনাৰেও ভট্টাচাৰ্যই অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি গৈছে।

প্ৰকাশিত গ্ৰন্থৰাজি[সম্পাদনা কৰক]

কাব্য
  • এই কুঁৱলীতে - ১৯৭৯
  • চেৰাশালিৰ মালিতা -১৯৮৩
  • আহত সপোন - ১৯৮৩
  • ননী আছনে ঘৰত - ১৯৯৬
  • বিদায় ফুলৰ দিন - ২০০১
  • দিনৰ পাছত দিন - ২০০৮
প্ৰবন্ধ সংকলন
  • মূল আৰু ফুল - ১৯৮৩
  • বেজবৰুৱা আৰু আধুনিকতাৰ ধাৰণা - ১৯৮৭
  • কবিতাৰ কথা - ১৯৯৩
  • কবিতা আৰু নেপথ্য - ১৯৯৩
  • মহৎ ঐতিহ্য - ১৯৯৯
অনুবাদ
  • দুই পুৰুষ - ১৯৮১
  • ঈশ্বৰী তলাৰ কাহিনী - ১৯৯৫
  • ড॰ ঝিভাগো
  • প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু সভ্যতা
সম্পাদনা
  • বিষ্ণু ৰাভা: জীৱন আৰু কৃতি - ১৯৯৫
  • মুনীন বৰকটকীৰ প্ৰসংগ সমালোচনা - ১৯৯৬

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৮৩ চনত দুই পুৰুষ গ্ৰন্থৰ বাবে 'ছোভিয়েট দেশ নেহৰু বঁটা'।
  • ১৯৮৩ চনত কবিতাৰ কথাৰ বাবে 'ভাৰতীয় ভাষা পৰিষদৰ বঁটা'।
  • ২০০১ চনত ননী আছনে ঘৰত গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ 'ছগনলাল জৈন বঁটা'।
  • ২০০২ চনত মহৎ ঐতিহ্য গ্ৰন্থৰ বাবে 'সাহিত্য অকাডেমি বঁটা'।
  • ২০০৬ চনত 'অসম উপত্যকা সাহিত্য বঁটা'।
  • ২০০৮ চনত 'গণেশ গগৈ বঁটা'।
  • ২০০৯ চনত ডাঃ ঝিভাগোৰ বাবে 'অমূল্য চক্ৰৱৰ্তী অনুবাদ বঁটা'।

সন্মান[সম্পাদনা কৰক]

  • ২০১০ চনত অসম সাহিত্য সভাৰ 'সাহিত্যাচাৰ্য' সন্মান
  • অসম সাহিত্য সভাৰ ডিফু অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. বৰেণ্য, নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট, ২০১২
  3. "মৌ-সনা সোঁৱৰণি: নলিনীধৰ ভট্টাচাৰ্য". xahitya.org. February 15, 2013. Archived from the original on September 10, 2016. https://web.archive.org/web/20160910122254/http://www.xahitya.org/2013/02/15/mou_xona_xowaroni/। আহৰণ কৰা হৈছে: February 15, 2013. 
  4. 4.0 4.1 4.2 ইছমাইল হুছেইন (ডিচেম্বৰ, ১৯৯৭). "নলিনীধৰ ভট্টাচাৰ্যৰ সৈতে অন্তৰংগ আলাপ". সুন্দৰৰ সৈনিক, নলিনীধৰ ভট্টাচাৰ্য অভিনন্দন গ্ৰন্থ. ভবাণী. 
  5. 5.0 5.1 ডা° ৰাজীৱ ভট্টাচাৰ্য (ডিচেম্বৰ,২০১৬). "দেউতাৰ সশ্ৰদ্ধ সোঁৱৰণত". গৰীয়সী. পৃষ্ঠাসমূহ: পৃষ্ঠা: ২৭. 
  6. সম্পাদক: ড॰ শিৱনাথ বৰ্মন. সুন্দৰৰ সৈনিক, নলিনীধৰ ভট্টাচাৰ্য অভিনন্দন গ্ৰন্থ. ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্‌.