সমললৈ যাওক

মামৰে ধৰা তৰোৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মামৰে ধৰা তৰোৱাল  
লেখক মামণি ৰয়ছম গোস্বামী
দেশ  ভাৰত
ভাষা অসমীয়া ভাষা

মামৰে ধৰা তৰোৱাল মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাইনদীৰ ওপৰত একুৱাডাক্ট বন্ধা কামেই উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেওঁ‌ ৰচনা কৰিছে।

চৰিত্ৰসমূহ

[সম্পাদনা কৰক]

উপন্যাসখনৰ প্ৰধান চৰিত্ৰসমূহ:

  • যশোৱন্ত নাৰায়ণী
  • শম্ভু পাছোৱান
  • বসুমতী বুঢ়ী
  • শিবু ধাছলা
  • লিচু লেঙেৰা

  • বামু-ৰামু
  • ঠাকুৰ চাহাব
  • শাস্ত্ৰী
  • বলবীৰ স্বামী

শ্ৰমিকসকলক ‘চাটাই’ কৰা কাম আৰম্ভ কৰাত তাৰেই প্ৰতিবাদত শ্ৰমিক লীডাৰ সকলে শ্ৰমিক আন্দোলন গঢ়ি তুলিছে। দীৰ্ঘদিনীয়া ধৰ্মঘটৰ ফলত শ্ৰমিকসকলৰ নাজল-নাথল অৱস্থা হোৱা আৰু অৱশেষত সুযোগ সন্ধানী ধুৰন্ধৰ লীডাৰসকলে শ্ৰমিকসকলক প্ৰতাৰণা কৰি মূৰ পোলোকা মৰা কাহিনীৰে উপন্যাসখন গঢ়ি তুলিছে।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

উপন্যাসখনৰ বাবে গোস্বামীয়ে ১৯৮২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[1]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]