পৃথিৱীৰ অসুখ
Jump to navigation
Jump to search
পৃথিৱীৰ অসুখ | |
---|---|
লেখক | যোগেশ দাস |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | গল্প সংকলন |
প্ৰকাশ | ১৯৭৯ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃথিৱীৰ অসুখ (ইংৰাজী: Prithivir Oxukh) হৈছে অসমৰ সাহিত্যিক, গল্পকাৰ তথা ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি অসমীয়া ভাষাৰ গল্প সংকলন। ষোল্লটা গল্প সন্নিৱিষ্ট হোৱা এই গল্প সংকলনখনি ১৯৭৯ চনত প্ৰকাশিত হৈছিল। সংকলনটিৰ বাবে তেখেতে ১৯৮০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[1]
গ্ৰন্থকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]
প্ৰধান প্ৰবন্ধ: যোগেশ দাস
যোগেশ দাস (১৯২৭-১৯৯৯) হৈছে অসমৰ এজন চুটিগল্প আৰু ঔপন্যাসিক। তেখেতে ১৯৮০ চনত পৃথিৱীৰ অসুখ শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৮৫ চনত তেখেত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।
গ্ৰন্থৰ চমু পৰিচিতি[সম্পাদনা কৰক]
পৃথিৱীৰ অসুখত মুঠতে ষোল্লটা গল্প সন্নিৱিষ্ট হৈছে।[1]
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
গ্ৰন্থখনে ১৯৮০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[1]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০৭. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
|