হীৰেন ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হীৰেন ভট্টাচাৰ্য
জন্ম ২৮ জুলাই ১৯৩২
যোৰহাট, অসম
মৃত্যু ৪ জুলাই, ২০১২
পেচা কবি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
সময় ১৯৫৭-২০১২
উল্লেখনীয় কৰ্মৰাজি সুগন্ধি পখিলা
শ‍ইচৰ পথাৰ মানুহ
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৯২)[1]
অসম উপত্যকা সাহিত্য বঁটা (২০০০)

হীৰেন ভট্টাচাৰ্য (ইংৰাজী: Hiren Bhattacharyya; ২৮ জুলাই, ১৯৩২ - ৪ জুলাই, ২০১২) অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল 'হীৰুদা'।[2] তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। হীৰুদাৰ বিষয়ে প্ৰসিদ্ধ সমালোচক হীৰেন গোহাঁইয়ে কৈছে যে, "তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ, আশাৰ, আস্থাৰ আকাশ দেখুৱাই থাকিব। "[3]

জন্ম আৰু শৈশৱ[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৩২ চনত অসমৰ যোৰহাটত। পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল[4]

ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলত হীৰেন ভট্টাচাৰ্যৰ পঢ়াশলীয়া জীৱন আৰম্ভ হয়। পিছে তাত শিক্ষা শেষ নৌহওঁতেই দেউতাক পুনৰ বদলি হয় তেজপুৰলৈ। সেয়েহে তেওঁ শিক্ষা শেষ হয় তেজপুৰত। অকল তেজপুৰেই নহয়, মঙলদৈ, গোলাঘাট, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি. বৰুৱা কলেজত নামভৰ্তি কৰে।[5]

ল'ৰালিৰ কালছোৱাত হীৰেন ভট্টাচাৰ্যৰ এটা প্ৰিয় কাম আছিল শাক-পাচলি ৰোৱা আৰু ফুলৰ খেতি কৰা। দেউতাক জেইলাৰ হোৱাৰ বাবে তেওঁ জেলৰ ভিতৰত প্ৰিয় কামখিনি কৰি থাকিবলৈ সুবিধা পাইছিল। কিন্তু পঢ়া-শুনা, ঘৰুৱা কাম-কাজ আদি কৰাৰ পাছতো তেওঁ বেছিভাগ সময় আনমনা, অস্থিৰ আৰু কেতিয়াবা বিমৰ্ষ আছিল। বন্ধুহঁতে হৈ-হাল্লা কৰি উৎফুল্ল হৈ থকা সময়ত তেওঁ দূৰণিৰপৰাই সেই দৃশ্য চাই থাকে নাইবা ঘৰৰ এচুকত চকী এখনত মনে মনে বহি থাকে। কেতিয়াবা আঁঠুটোতে মূৰটো গুজি থয়।[5]

বিভিন্ন সংঘ আৰু সংগঠনৰ লগত হীৰেন ভট্টাচাৰ্য[সম্পাদনা কৰক]

হীৰেন ভট্টাচাৰ্যই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়তেই অসমত গণনাট্য সংঘৰ প্ৰভাৱ প্ৰতিফলিত হৈছিল। ১৯৫৪ চনৰ পৰা তেওঁ গণনাট্য সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। গুৱাহাটী মহানগৰীৰ কাৰ্যকৰী সমিতিৰো তেওঁ এজন সদস্য হৈ পৰে। বামপন্থী ধাৰাৰ বাহক হিচাপে গণনাট্য সংঘৰ ভূমিকা আৰু কাৰ্যপ্ৰণালীয়ে সেইসময়ৰ প্ৰায় সকলো লেখক আৰু শিল্পীকে একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। সেই বাতাৱৰণৰ ফলত এখন মঞ্চৰ সৃষ্টি হৈছিল। বিশিষ্ট শিল্পী হেমাংগ বিশ্বাস আছিল এইখন মঞ্চৰ অন্যতম চালিকা শক্তি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, দিলীপ শৰ্মা, সুদক্ষিণা হাজৰিকা, হীৰেন চৌধুৰী, জয়ন্ত বৰুৱা আৰু হীৰেন ভট্টাচাৰ্যৰ সক্ৰিয় সহযোগে এই অনুষ্ঠানক এক নতুন গতি প্ৰদান কৰিছিল। ১৯৬২ চনত বেণু মিশ্ৰ এইখন মঞ্চৰ সদস্য হয়। অধ্যাপক অনন্ত লহকৰ, উমেশ ভট্টাচাৰ্য, চিত্ৰকৰ দিবাকৰ চৌধুৰী, বেণু মিশ্ৰ, প্ৰভাত দত্ত আৰু হীৰেন ভট্টাচাৰ্য এই আটাইকেইজন পৰস্পৰৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হয় আৰু এটা Core Group হিচাপে বিবেচিত হয়।[5]

১৯৬৪-৬৫ চনৰ ভিতৰত হীৰেন ভট্টাচাৰ্য "অসম প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘ"ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। এই সংঘৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ বৰ আন্তৰিকতাৰে কাম কৰিছিল। সংঘৰ প্ৰথমজন সভাপতি আছিল ত্ৰৈলোক্যনাথ গোস্বামী, দ্বিতীয়জন আছিল প্ৰসন্নলাল চৌধুৰী আৰু তৃতীয়জন আছিল নৱকান্ত বৰুৱা। বৰ্তমানৰ আমবাৰীত থকা অসম গণ পৰিষদৰ কাৰ্যালয়ৰে "মংগল বেৰেক" নামৰ এলানি ঘৰৰে এটা কোঠাত এই সংঘৰ কাম-কাজ চলিছিল। দুই-এজন ব্যক্তিৰ অৰ্থ-সাহায্যত 'লুইত' নামৰ আলোচনী এখনৰ কামো তেওঁলোকে সম্পূৰ্ণ কৰি উলিয়াইছিল। আলোচনীখন সম্পাদনা কৰিছিল কেশৱ মহন্তই। উল্লেখযোগ্য যে,এনেবোৰ সাহিত্য-সংস্কৃতি বিষয়ক কামৰ জৰিয়তে আহৰণ কৰা ৫০০০ টকাৰ এক আৰ্থিক সহায় বিষ্ণু ৰাভালৈ আগবঢ়োৱা হৈছিল।[5]

চাকৰিকাল[সম্পাদনা কৰক]

১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য বোৰ্কালৈ যায়। কোনোবা এজনৰ পৰা লাভ কৰা খবৰ অনুসৰি, বোৰ্কা হাইস্কুলত শৰৎচন্দ্ৰ গোস্বামী আছে। গতিকে হীৰেন ভট্টাচাৰ্যৰো তাতেই শিক্ষকৰ চাকৰি এটা হ'ব। বোৰ্কাত সাংবাদিক আৰু গল্পকাৰ সদা শইকীয়াই নিজৰ কোঠালিতে তেওঁক ৰখোৱাৰ ব্যৱস্থা কৰি দিলে। তেওঁ ক'লে-" আপুনি আহিলে বৰ ভাল হ'ল। ময়ো ইয়াত বৰ অকলশৰে থাকো। "[5]

স্কুলৰ সময়খিনি স্কুলতেই পাৰ হয়। বাকীখিনি সময়ত মানুহক লগ ধৰা, কথা-বতৰা হোৱা, সমস্যাৰ বুজ লোৱা, গাঁৱৰ শিপিনীৰ বাবে সূতা কিনা আদি অনেক কাম। কেতিয়াবা মৰ্টন এগাল কিনি গাঁৱৰ ল'ৰা-ছোৱালীৰ মাজত বিলাই দিয়ে। ইতিমধ্যেই গীতিকাৰৰূপে অলপ-অচৰপ পৰিচিত হৈ উঠা হীৰেন ভট্টাচাৰ্যক বোৰ্কাৰ মানুহে বৰ মৰম দিলে। উল্লেখযোগ্য যে, এইখিনি সময়তে তেওঁ কমিউনিজমত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। শিক্ষক হিচাপে তেওঁৰ বিশেষ দক্ষতা নথকা সত্ত্বেও ছাত্ৰ-ছাত্ৰীয়ে তেওঁক আৱৰি ধৰি বৰ আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছিল। ল'ৰাবোৰ নিশ্চুপ হৈ থাকিলে হীৰেন ভট্টাচাৰ্যই কৈ উঠে-"তোমালোক ইমান মনে-মনে আছা কিয়? চিঞৰ-বাখৰ কথা। আমাৰ দিনতো আমি চিঞৰ-বাখৰ কৰিছিলোঁ। " শ্ৰেণীকোঠাত তেতিয়া হাঁহিৰ ৰোল উঠে।

ব্ৰঙ্কাইটিছে তেওঁক মাজে-সময়ে আমনি দিয়ে। অথচ তেওঁ চিগাৰেট হুঁপিবলৈ নেৰে। এটাৰ পাছত এটাকৈ লেথাৰি নিছিগাকৈ তেওঁ চাৰমিনাৰ জ্বলাই যায়। কাহি কাহি মানুহজন ভাগৰি যোৱাৰ পাছত সদা শইকীয়াই আহি তেওঁৰ পিঠিত আৰু বুকুত হেঁচা মাৰি ধৰি সকাহ দিবলৈ চেষ্টা কৰে।[5]

হীৰেন ভট্টাচাৰ্যই বোৰ্কাত এবছৰ শিক্ষকতা কৰিলে। পিছৰ বছৰ তেওঁ ঘৰলৈ উভতি আহিল।[5]

বোৰ্কাৰ চাকৰি বাদ দি তেওঁ কিছুদিনৰ বাবে কাপোৰৰ দোকান এখনত ছেলছমেনৰ চাকৰিও কৰিছিল।[5]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

হীৰুদা

বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ'দ (১৯৭৬) আৰু তোমাৰ গান (১৯৭২) সংকলনকেইখন প্ৰকাশ পায়। কবিৰ সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু শইচৰ পথাৰ মানুহ (সংগ্ৰহীত কবিতা ১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জ্বল দিশ[4]। ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়। প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু। ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ল'ৰা ধেমালি আৰু অকণ ধেমালি প্ৰকাশ কৰে। ‘চিত্ৰবন’, ‘মনন’ আৰু ‘আন্তৰিক’ নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল। তেখেতৰ একমাত্ৰ গীতৰ সংকলন হল তোমাৰ গান (১৯৭২)।[উদ্ধৃতিৰ প্ৰয়োজন] তেখেতে সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন।

তেওঁৰ প্ৰকাশিত কাব্য-সংকলনসমূহ হ'ল:

  • মোৰ দেশ মোৰ প্ৰেমৰ কবিতা
  • বিভিন্ন দিনৰ কবিতা
  • কবিতাৰ ৰ'দ
  • সুগন্ধি পখিলা
  • শইচৰ পথাৰ মানুহ
  • মোৰ প্ৰিয় বৰ্ণমালা
  • ভালপোৱাৰ বোকা-মাটি
  • ভালপোৱাৰ দিক্‌চৌ বাটেৰে
  • বাচকবনীয়া কবিতা
  • সুগন্ধি শিপা
  • শিপাৰ পৰা পাতলৈ
  • কেইটামান গান
  • জোনাকী মন ও অন্যান্য (বঙালী)
  • শস্যেৰ মাঠ ও অন্যান্য (বঙালী)([6])

শিশুৰ বাবে ৰচনা কৰা সংকলনসমূহ হ'ল:

  • ল'ৰা ধেমালি
  • আকৌ ধেমালি
  • ৰৈ ৰৈ ধেমালি।[6]

হীৰেন ভট্টাচাৰ্যৰ ব্যক্তিত্ব আৰু কবিতাৰ সম্পৰ্কে সমালোচনা[সম্পাদনা কৰক]

অসমৰ যশস্বী সাহিত্য-সমালোচক ড॰ হীৰেন গোহাঁইয়ে হীৰেন ভট্টাচাৰ্যৰ জীৱন সম্পৰ্কে কৈছে

ওপৰে ওপৰে চালে হীৰেন ভট্টাচাৰ্যৰ জীৱন খেয়ালী আৰু বিশৃংখল। কিন্তু তেওঁৰ শিল্পী জীৱন বান্ধি ৰাখিছিল সহজে চকুত নপৰা ৰুচিবোধ আৰু সংযমেৰে।… কাৰো লগত বিবাদ-বিতৰ্কত লিপ্ত হোৱাটো তেওঁৰ বাবে আছিল সময়ৰ অপচয়। অথচ অসমীয়া ভাষা সংস্কৃতিৰ ঐতিহ্যৰ বাবে তেওঁ সচেতনভাৱে দায়বদ্ধ আছিল।

তেওঁৰ এটা বিশেষ কবিতা ধানে যেতিয়া থোৰ মেলেৰ সমালোচনা কৰি ড॰ হীৰেন গোহাঁয়ে কৈছে যে

মাত্ৰ এমুঠি শব্দেৰে এটা বৰ্ণগন্ধময় আৰু মাদকতাভৰা পৰিৱেশ সৃষ্টি কৰি কবিয়ে সাব্যস্ত কৰিছে তেওঁৰ তুলনাহীন কবিপ্ৰতিভা। এপিনে অতি সহজ, অথচ ব্যঞ্জনাৰে ভৰপূৰ। এক মুহূৰ্ততে তেওঁ আমাৰ মনপ্ৰাণ ভৰাই তুলিলে, সৃষ্টিৰ উদ্দাম কল্লোল আৰু সাতবৰণীয়া ভাবৰ তৰংগেৰে সোঁৱৰাই দিলে যে সহজেই অতি দুৰ্লভ, অতি আপুৰুগীয়া।[3]

বিশিষ্ট লেখিকা ড॰ মালিনী গোস্বামীয়ে '৭৫ত লিখা এটা বহুজনসমাদৃত কবিতা অসম্ভৱ অনুবাদৰ বিষয়ে মত আগবঢ়াই এইদৰে-

তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতিয়ে অকণমান পাঠকক সন্দেহৰ ফালে ঠেলি দিয়ে যদিও কবিৰ লক্ষ্য স্পষ্ট হৈ পৰে চতুৰ্থ চৰণত মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা নিৰ্ভৰ ছায়াৰ সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি। ...বুজা যায় হয়তো কোনোবা কবি-সন্মিলন নহয়তো কোনোবা কবিৰ সম্বৰ্ধনা সভা, নহয়তোবা তেনে কোনো উৎসৱ। ওপৰত উদ্ধৃত চৰণ কেইটাৰ প্ৰতিটো শব্দ ভালকৈ ভাবি চালে বুজিবই পাৰি কবিতা লিখাৰ নিৰ্জন মুহূৰ্তবোৰে কবিৰ প্ৰতিভাৰ পথ মুক্ত কৰে।[3]

অসমীয়া সাহিত্যৰ অন্যতম সমালোচক হীৰেন্দ্ৰ নাথ দত্তৰ মতে-

আদিৰে পৰা তেওঁৰ কবিতাৰ শব্দচয়নৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা অপ্ৰত্যাশিত গতিবেগ আৰু লালিত্যই পাঠকক চমৎকৃত কৰিছিল...এই শক্তিৰ অন্তৰালত নিহিত থকা কবিসত্তাৰ জীৱনবোধ আছিল ডেকা তেজৰ পৰা উদ্ভূত তপ্ত দেশপ্ৰেম আৰু শোষণত কোঙা হৈ পৰা মানৱতাক পুনৰ্জীৱিত কৰাৰ বাবে বিপ্লৱৰ প্ৰস্তুতি।[3]

হীৰেন ভট্টাচাৰ্যই শইচৰ পথাৰ আৰু মানুহক বিষয় কৰি অনেক স্মৰণীয় কবিতা আৰম্ভণিৰেপৰাই লিখি আহিছিল। ২০০৯ চনত লিখিত এটা কবিতা শব্দশস্যৰে বৈ আহিছে আকাশৰ সমালোচনা আগবঢ়াই বিশিষ্ট সমালোচক ড॰ আনন্দ বৰমূদৈয়ে কৈছে যে-

এই ভাষা কবিতাৰ ভাষা হয়, কিন্তু এই কাব্যভাষাৰ ছন্দ, লয়, উপমা, অলঙ্কাৰ আদি আমাৰ পৰম্পৰাগত কবিতাৰ ভাষাৰ পৰা পৃথক। সেই ছন্দ আৰু লয়ৰ অস্তিত্ব পৃথিৱীত থাকি অনুভৱ কৰিব পাৰিলেও তাৰ উৎপত্তি পৃথিৱীৰ পৰা নিলগত।[3]

কবিৰ এটা বিশেষ কবিতা শৰ-সন্ধানৰ সম্পৰ্কে সন্মানীয় সমালোচক ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে অভিমত ব্যক্ত কৰে এইদৰে-

...ঘোঁৰাৰ ৰূপক, আফ্ৰিকা-তেলেংগানাৰ ঘুমটি-আঁজোৰা স্মৃতি আৰি জীৱনানন্দ দাশৰ আকাশ-ঘাঁহেৰে চহকী এই কবিতাৰ লয়ত কিন্তু নিৰ্ভুলভাৱে বিদ্যমান জোনাকী যুগে নিৰ্দিষ্ট কৰা সেই ধন্যে ধন্যে হৃৎপাৱনী অসমীয়া ভাষাৰ কালিকা।

মৃত্যু[সম্পাদনা কৰক]

শেষ শয়নত হীৰুদা, চিত্ৰখনত তেখেতৰ সৰ্বশেষ অৰ্ধলিখিত কবিতাটো দেখা গৈছে

২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে।

অন্যান্য[সম্পাদনা কৰক]

মেক্সিম গৰ্কীৰ শতবাৰ্ষিকীত লিখা কবিতা, জ্যোতিপ্ৰসাদৰ সোঁৱৰণীত, বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰোগ্য কামনাত, পুনৰ ৰাভাদেউৰ বিয়োগত, পাবলো নেৰুদাৰ স্মৰণত তেখেতে কেইবাটাও কবিতা ৰচনা কৰিছিল। তেখেতে ভাৰতীয় গণনাট্য সংঘত তেওঁ ৫০ৰ দশকতে সক্ৰিয়ভাৱে জড়িত হৈছিল। তাতেই তেওঁ হেমাংগ বিশ্বাস, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ব্যক্তিক লগ পাইছিল[7]

১৯৮৬ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নগাঁও, কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰৰ কবি সন্মিলনৰ তেখেত সভাপতি আছিল।

বঁটা আৰু পুৰস্কাৰ[সম্পাদনা কৰক]

তেওঁৰ সাহিত্য কৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতক নিম্নোক্ত বঁটাসমূহৰে সন্মান জনোৱা হয়:

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. "Article at Vedanti.com". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304023117/http://www.vedanti.com/Legends/hiren_bhattacharjya.htm। আহৰণ কৰা হৈছে: 2015-07-04. 
  3. 3.0 3.1 3.2 3.3 3.4 ভট্টাচাৰ্য, তৃপ্তি আৰু খাটনিয়াৰ দিব্যৰঞ্জন (১ ছেপ্টেম্বৰ,২০১৩). শব্দৰ মৌ-বিচনী. প্ৰকাশক গুৱাহাটী: চিত্ৰবন প্ৰকাশন. ISBN ৮১-৮৮৪৪৮-০৫-২. 
  4. 4.0 4.1 মনোজ বৰপূজাৰী. "হীৰেন ভট্টাচাৰ্যৰ জীৱন আৰু কৃতি". ASSAMESE ONLINE. http://assameseonline.com/Content.php?recordID=6। আহৰণ কৰা হৈছে: January 14, 2012. [সংযোগবিহীন উৎস]
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 বৰুৱা,দীপালী ভট্টাচাৰ্য (অক্টোবৰ,১৯৯৮). ৰ'দে-বৰষুণে. প্ৰকাশক গুৱাহাটী: শৰাইঘাট প্ৰকাশন. 
  6. 6.0 6.1 হীৰেন ভট্টাচাৰ্য (জুলাই,২০১৫). হীৰেন ভট্টাচাৰ্যৰ কবিতা-প্ৰথমৰ পৰা আটাইবোৰ. প্ৰকাশক গুৱাহাটী: ভৱানী বুক‌্ছ. পৃষ্ঠা. বেটুপাত. ISBN ৯৭৮-৯৩-৮২৬২৪-২৬-৪. 
  7. assameseonline.com
  8. আমাৰ অসম'- ৫ জুলাই, ২০১২