অপূৰ্ব কুমাৰ শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অপূৰ্ব কুমাৰ শইকীয়া
জন্ম নগাঁও, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় গল্প সাহিত্য
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (২০২০)

অপূৰ্ব কুমাৰ শইকীয়া হৈছে অসমীয়া ভাষাৰ এজন গল্পকাৰ।[1] তেওঁ পেচাত এজন চিকিৎসক। তেখেতে ‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ২০২০ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2]

জন্ম[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৬২ চনৰ ২১ অক্টোবৰত। জন্ম স্থান নগাঁও জিলাৰ ডিফলু সত্ৰত।[3][4]

শিক্ষা[সম্পাদনা কৰক]

গুৱাহাটী মেডিকেল কলেজৰপৰা এম.বি.বি.এছ.আৰু এম.এছ.(চকু বিশেষজ্ঞ)

চাকৰি জীৱন[সম্পাদনা কৰক]

মুখ্য চিকিৎসা বিষয়া ই.এছ. আই. চি. মডেল হাস্পতাল, খানাপাৰা, গুৱাহাটী।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  1. ব্যৰ্থ নায়ক, লয়াৰ্ছ বুক ষ্টল (১৯৯৮)
  2. বিষয়: প্ৰেমৰ সংবিধান, ৰেণু প্ৰকাশ (২০০০)
  3. মাটি আখৰা, ক্ৰান্তিকাল প্ৰকাশন (২০০৩)
  4. বজাৰত এদিন, বাণী মন্দিৰ (২০০৭)
  5. লিংগমুক্ত পৃথিৱীৰ সাধু, আঁক-বাক প্ৰকাশন (২০১১)
  6. বেংছতা, আঁক-বাঁক প্ৰকাশন (২০১৬)
  7. অসমীয়া মানুহৰ জিন, এক্সেল প্ৰিণ্টাৰ্ছ, (প্ৰবন্ধ সংকলন,২০১৬)
  8. চ’তৰ উৰহী, পাঞ্চজন্য প্ৰকাশন (২০১৯)
  9. ৰান্ধনি বেলি,আঁক-বাঁক প্ৰকাশন
  10. মনৰ ডাক্তৰ,আঁক-বাঁক প্ৰকাশন

সম্পাদনা[সম্পাদনা কৰক]

  1. দেশী-বিদেশী গল্প সম্ভাৰ, অসম সাহিত্য সভা (২০২১)

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ২০২০ বৰ্ষত ‘বেংছতা’ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ।[2]
  • যাদৱ শৰ্মা সোঁৱৰণী বঁটা, বজাৰত এদিনলৈ শ্ৰেষ্ঠ গ্ৰন্থৰ বাবে।
  • অন্তৰ্লিপি সাহিত্য বঁটা।
  • ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ লিটাৰেৰী এক্সলেন্স বঁটা।
  • মৰমলেণ্ড বছৰটোৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা
  • সাহিত্য একাডেমী, (নতুন দিল্লী)ৰ কথা-সন্ধি সন্মান।
  • চ’তৰ উৰহী গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. গৰীয়সী, অষ্টািবংশ বছৰ, অষ্টম সংখ্যা, জুন, ২০২১ পৃষ্ঠা-১২
  2. 2.0 2.1 "ৰাজ্যৰ ছগৰাকী সাহিত্যিকলৈ অকাডেমি". দৈনিক অসম. ১৩ মাৰ্চ, ২০২১. পৃষ্ঠা 1, 2. http://cnis.ddns.net/scripts/spd.asp?id=2021/mar1321/BigPage1.jpg। আহৰণ কৰা হৈছে: 13 March 2021. 
  3. "মানুহক বিষয় হিচাপে অধ্যয়ন কৰিব লাগিব". দৈনিক অসম. ১৩ মাৰ্চ, ২০২১. পৃষ্ঠাসমূহ: ২. http://cnis.ddns.net/scripts/spd.asp?id=2021/mar1321/BigPage2.jpg। আহৰণ কৰা হৈছে: 13 March 2021. 
  4. গৰীয়সী, অষ্টািবংশ বছৰ, অষ্টম সংখ্যা, জুন, ২০২১ পৃষ্ঠা-১২