যোগেশ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
যোগেশ দাস
জন্ম ১ এপ্ৰিল, ১৯২৭
অসম
মৃত্যু ৯ ছেপ্তেম্বৰ, ১৯৯৯
পেচা লেখক, সাংবাদিক, অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ.
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
সময় ১৯৫৩-১৯৯৯
ধৰণ কাল্পনিক
উল্লেখনীয় কৰ্মৰাজী পৃথিৱীৰ অসুখ
ডাৱৰ আৰু নাই
উল্লেখযোগ্য বঁটা ১৯৮০: সাহিত্য অকাডেমি বঁটা[1]
১৯৯৪: অসম উপত্যকা সাহিত্য বঁটা

যোগেশ দাস (ইংৰাজী: Jogesh Das) অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত [2][3] । তেখেতে ১৯৮০ চনত "পৃথিৱীৰ অসুখ" গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে [3]। তেখেত ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি[4] নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল [2]

শিক্ষা আৰু চাকৰি[সম্পাদনা কৰক]

যোগেশ দাসে ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ, ডিগ্ৰী লাভ কৰে । তেখেতে সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰিলেও পিছলৈ অধ্যাপনাৰ বৃত্তি গ্ৰহণ কৰে আৰু গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে [2]

মৃত্যু[সম্পাদনা কৰক]

১৯৯৯ চনৰ ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে তেখেতৰ মৃত্যু হয়।

লেখক জীৱন[সম্পাদনা কৰক]

যোগেশ দাসে পঞ্চাছৰ দশকত এজন লেখক হিছাপে আত্মপ্ৰকাশ কৰে । চুটি গল্প আৰু উপন্যাস তেখেতে সমান দক্ষতাৰে লিখি যায় । ১৯৫৩ চনত তেখেতৰ প্ৰথম উপন্যাস "কলপটুৱাৰ মৃত্যু" প্ৰকাশ পায় । ১১৯৫৫ চনত তেখেতৰ দ্বিতীয় উপন্যাস "ডাৱৰ আৰু নাই"এ তেখেতক এজন শক্তিশালী ঔপন্যাসিক ৰূপে প্ৰতিষ্ঠা কৰে । এই গন্থখন নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা ভাৰতৰ প্ৰধান ভাষাসমূহলৈ অনুদিত হৈছে [2] । তেখেতৰ আন এখন প্ৰখ্যাত গ্ৰন্থ আছিল চুটিগল্পৰ সংকলন "পৃথিৱীৰ অসুখ"[3] । তেখেতৰ "Folklore of Assam" গ্ৰন্থখনত অসমৰ লোক-সংস্কৃতিৰ সৰল অথচ বিশদ বিৱৰণ পোৱা যায় [2]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

উপন্যাস
  • ১৯৫৩: সঁহাৰি পাই
  • ১৯৫৫: ডাৱৰ আৰু নাই
  • ১৯৫৯: জোনাকীৰ জুই
  • ১৯৬৩: নিৰুপায়-নিৰুপায়
  • ১৯৬৫: এমুঠি ধূলি
  • ১৯৬৭: হাজাৰ ফুল
  • ১৯৬৯: ছাঁ‌ জুই খেদি
  • ১৯৭০: এমুঠি ধূলি
  • ১৯৭০: উৎকণ্ঠ উপকণ্ঠ
  • ১৯৭২: নেদেখা জুইৰ ধোঁৱা
  • ১৯৭২: অবৈধ
  • ১৯৭৭: নৰেশ, মালতী আৰু...
  • ১৯৭৯: সৰু সৰু ঢৌ
  • ১৯৭৯: ডাঙৰ দা আৰু চন্দন
  • ১৯৮১: ৰজনী বিদূৰ
  • ১৯৮৩: এই অৰণ্য
  • ১৯৮৫: কাগজৰ বাঘ আৰু মানুহৰ তেজ
  • ১৯৮৭: এনাজৰী
  • ১৯৮৭: নতুন কণ্ঠ
  • ১৯৮৭: চিৰিচ গছৰ ছাঁ‌
  • ১৯৮৮: নিষ্ঠুৰ সময়
  • ১৯৮৯: সংগ্ৰাম লগ্নে
  • ১৯৮৯: এজন খঙাল মানুহ
  • ১৯৮৯: পোহৰ বিচাৰি
  • ১৯৯১: জতুগৃহ
  • ১৯৯২: একা বেঁ‌কা
  • ১৯৯২: সোঁ‌তৰ বিপৰীতে
  • ১৯৯৩: আন্ধাৰৰ কিংবদন্তি
  • ১৯৯৪: সৃষ্টি আৰু বেদনা

চুটিগল্প
  • ১৯৫৩: কলপটুৱাৰ মৃত্যু
  • ১৯৫৬: পপীয়া তৰা
  • ১৯৫৮: আন্ধাৰৰ আঁৰে আঁৰে
  • ১৯৬১: ত্ৰিবেণী
  • ১৯৬৩: মদাৰৰ বেদনা
  • ১৯৬৫: হাজাৰ লোকৰ ভিৰ
অনুবাদ গ্ৰন্থ
  • আমাৰ কবি
  • ব্ৰাহ্মণ কন্যা
  • ৰবীন হুড
  • বনে বনে
অন্যান্য
  • 1972:Folklore of Assam
  • গল্পৰ কুঁকি
  • হেম বৰুৱা
  • সমকালীন গল্প

বঁটা[সম্পাদনা কৰক]

আৰু চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. 2.0 2.1 2.2 2.3 2.4 Dutta, Amaresh (2006). The Encyclopaedia Of Indian Literature. 1. Sahitya Akademi. পৃষ্ঠা. 869. ISBN 9788126018031. http://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA869&lpg=PA869&dq=folklore+of+assam,+by+JOGESH+DAS&source=bl&ots=mUF_ZCGUwa&sig=BL6XhGE-CMlPX4Ckek_0pVRgGjA&hl=en&ei=K2ppS96hFY2wtgeFo4zfBg&sa=X&oi=book_result&ct=result&resnum=4&ved=0CA8Q6AEwAw#v=onepage&q=folklore%20of%20assam%2C%20by%20JOGESH%20DAS&f=false. 
  3. 3.0 3.1 3.2 3.3 "Assamese literature". India on web. http://www.indiaonweb.com/News1-84/ASSAMESE.html?newsid=336। আহৰণ কৰা হৈছে: 3 February 2010. 
  4. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  5. Express News Service (Tuesday, January 2, 2001). "Assam Valley literary award for Assamese poet". Indian Express. http://www.indianexpress.com/ie/daily/20010102/ina02040.html। আহৰণ কৰা হৈছে: 3 February 2010.