বনফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বনফুল  
লেখক যতীন্দ্ৰ নাথ দুৱৰা
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কবিতাপুথি
প্ৰকাশ ১৯৫২

বনফুল হৈছে কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।[1]

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

যতীন্দ্ৰনাথ দুৱৰা (১৮৯২-১৯৬৪) এগৰাকী প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতালক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ আদি কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[2]

বঁ‌টা[সম্পাদনা কৰক]

বনফুল কবিতাপুথিখনৰ বাবে কবি যতীন্দ্ৰ নাথ দুৱৰাই ১৯৫২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ডেকা, ড॰ নমিতা. "যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’". http://assameseonline.com/web/?url=home/read/10। আহৰণ কৰা হৈছে: 28 May 2020. [সংযোগবিহীন উৎস]
  2. ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ৭৫, ৭৬, ৭৮.