দেবেন্দ্ৰ নাথ আচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেবেন্দ্ৰ নাথ আচাৰ্য
জন্ম ৩ মাৰ্চ, ১৯৩৭
গৰখীয়া দ'ল, যোৰহাট, অসম
মৃত্যু ২৯ ছেপ্টেম্বৰ, ১৯৮১ (৪৪ বছৰ)
পেচা অভিযন্তা, সাহিত্যিক
দাম্পত্যসঙ্গী মহাশ্বেতা আচাৰ্য
পিতৃ-মাতৃ নগেন্দ্ৰ নাথ আচাৰ্য
জয়ন্তীপ্ৰিয়া দেৱী

দেবেন্দ্ৰ নাথ আচাৰ্য (১৯৩৭ – ১৯৮১ চন) এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক।[1] তেখেত ঘাইকৈ অসমৰ বুৰঞ্জী ভিত্তিক উপন্যাসৰ ৰচয়িতা। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস 'জংগম'-এ মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[2]

বাল্যকাল[সম্পাদনা কৰক]

দেবেন্দ্ৰ নাথ আচাৰ্যৰ জন্ম হৈছিল যোৰহাটৰ ওচৰৰ গৰখীয়া দ'লত। পিতৃৰ নাম আছিল নগেন্দ্ৰনাথ আচাৰ্য, আৰু মাতৃৰ নাম জয়ন্তীপ্ৰিয়া দেৱী।[3]। দহ বছৰ বয়সতে তেওঁৰ পিতৃবিয়োগ ঘটাত তেওঁ ডাঙৰজন খুড়াকে তালি তুলি ডাঙৰ দীঘল কৰে।[4]

শিক্ষা[সম্পাদনা কৰক]

তেখেতৰ শিক্ষা জীৱন আৰম্ভ হয় গৰখীয়া দ'ল বালক প্ৰাথমিক বিদ্যালয়ত। তাৰ পাছত তেওঁ জগন্নাথ বৰুৱা আৰ্য বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ককাক মুক্তিনাথ ঠাকুৰৰ তত্ত্বাৱধানত পঢ়ি এম ই পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে।[4] ১৯৫৩ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত, ১৯৫৫ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা আই এছ ছি উত্তীৰ্ণ হয়। খড়গপুৰভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা বি.টেক. ডিগ্ৰী লৈ আচাৰ্যদেৱে ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন'ল'জী ডি আই চি আৰু তাৰ পাছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা আভিযান্ত্ৰিক বিষয়ৰ স্নাতকোত্তৰ উপাধি লয়। তাৰ পাছত অসমলৈ ঘূৰি আহে।

উচ্চ শিক্ষা[5]
  • ১৯৫৯ - আই আই টি খড়গপুৰৰ পৰা সন্মানসহ বি টেক ডিগ্ৰী
  • ১৯৬২ - লণ্ডনৰ পৰা D.I.C.
  • ১৯৬৪ - লণ্ডনৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী ( বিশেষজ্ঞতা= ষ্ট্ৰাকচাৰেল এণ্ড ফাউণ্ডেছন ইঞ্জিনিয়াৰিং)
  • ১৯৬৮ - গৱেষণাৰ বাবে আমেৰিকাৰ জইণ্ট কাউন্সিল অৱ ইঞ্জিনিয়াৰিঙৰ পৰা Wason International Medal প্ৰাপ্তি
কৰিকৰী সদস্যপদ
  • ফেল' - ইন্সটিটিউট অৱ ইঞ্জিনিয়াৰ্চ (ভাৰত)
  • সদস্য - এমেৰিকান কংক্ৰিট ইন্সটিটিউট
  • সদস্য- এমেৰিকা চচাইটি অৱ চিভিল ইঞ্জিনিয়াৰ্চ

কৰ্ম জীৱন[সম্পাদনা কৰক]

আচাৰ্যদেৱ ১৯৫৯ চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপকৰ পদত নিযুক্ত হয়।[2]। ১৯৬৩-৬৪ চনত লণ্ডনত চিনিয়ৰ ৰিচাৰ্চ ইঞ্জিনিয়াৰ হিচাপে কাম কৰাৰ পাছত ১৯৬৫ চনত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে নিযুক্ত হয়। ১৯৬৮ চনত তেওঁ অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ত উপ-নিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰে।

মৃত্যুৰ সময়ত তেখেত দুলীয়াজানস্থিত অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালকৰ পদত নিযুক্ত হৈ আছিল।[2]

সংক্ষিপ্তৰূপত কৰ্মজীৱন[5]
  • ১৯৫৯-৬১ - অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰৱক্তা
  • ১৯৬৩-৬৪ - লণ্ডনৰ চিমেণ্ট কংক্ৰিট এছোচিয়েচনৰ জ্যেষ্ঠ গৱেষক অভিযন্তা
  • ১৯৬৫-৬৭ - যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক
  • ১৯৬৮-৬৯ - উপনিৰ্দেশক, কাৰিকৰী শিক্ষা, অসম
  • ১৯৬৮-৭১ - অসম গেচ কোম্পানীত ক্ষেত্ৰ প্ৰবন্ধক (ফিল্ড মেনেজাৰ)
  • ১৯৭১-৭৯ - অসম গেচ কোম্পানীত মহা প্ৰবন্ধক (জেনেৰেল মেনেজাৰ)অসম
  • ১৯৭৯- আমৃত্যু - অসম গেচ কোম্পানীত পৰিচালন সঞ্চালক (মেনেজিং ডিৰেক্টৰ)

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৬৭ চনত দেবেন্দ্ৰ নাথ আচাৰ্যদেৱে মহাশ্বেতা গোস্বামী (আচাৰ্য) ৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। মহাশ্বেতা আচাৰ্য সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু এই বিভাগৰে মুৰব্বী অধ্যাপক ৰূপে তেওঁ অৱসৰ গ্ৰহণ কৰে। বিবাহসূত্ৰে এওঁলোক চাৰিগৰাকী জীয়ৰীৰ পিতৃ-মাতৃ।

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

অসম বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি দেবেন্দ্ৰ নাথ আচাৰ্যই কেবাখনো উপন্যাস ৰচনা কৰিছিল। ১৯৭১ চনত "অন্য যুগ অন্য পুৰুষ" উপন্যাসেৰে তেখেতে সাহিত্যিক জীৱনৰ পাতনি মেলে[2] এই উপন্যাসত ব্ৰিটিছৰ আগমণত অসমৰ পৰম্পৰাগত সামাজিক পৰিবেশৰ পৰিৱৰ্তন এজন তৃতীয় পুৰুষৰ মুখেৰে বৰ্ণিত হৈছে। ১৯৭৬ চনত প্ৰকাশিত দ্বিতীয় উপন্যাস "কালপুৰুষ"ত মধ্য ১৭শ শতিকাৰ আহোম-শাসিত অসম চিত্ৰিত হৈছে। তেখেতৰ অন্তিম উপন্যাস "জংগম"ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সৈন্যই ম্যানমাৰ অধিকাৰ কৰোঁতে তাত থকা এচাম ভাৰতীয়ই অসমলৈ কৰা যাত্ৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে।[6]

স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৭৯ চন - অসম প্ৰকাশন পৰিষদৰ বঁটা, কালপুৰুষ উপন্যাসৰ বাবে।[2]
  • ১৯৮৪ চন - সাহিত্য অকাডেমি বঁটা, জংগম উপন্যাসৰ বাবে[7]
  • ১৯৭২ চন - অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা,[3] ৰামধেনু কাৰধেনু শিশু পুথিৰ বাবে[4]

মৃত্যু[সম্পাদনা কৰক]

১৯৮১ চনৰ ২৯ ছেপ্টেম্বৰ তাৰিখে, ৪৪ বছৰ বয়সত দেবেন্দ্ৰ নাথ আচাৰ্যৰ মৃত্যু হয়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Debendra Nath Acharya". Assams.info. 29 October, 2013. https://www.assams.info/people/debendra-nath-acharya. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, ১৯৯২, পৃ: ২২৭
  3. 3.0 3.1 বৰেণ্য, নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ, ২০১২
  4. 4.0 4.1 4.2 মইনা মেল, দৈনিক জনমভূমি, ৩০ জানুৱাৰী, ২০১৯
  5. 5.0 5.1 কালপুৰুষ (A historical novel based on History of Assam from 1639 AD to 1673 AD written by Debendranath Acharya, and published by Mahashweta Devi, Bonti Prakashan- Guwahati, First Publication March 1976) লেখক পৰিচিতি, in front inner cover)
  6. Datta, Amaresh (Editor) (1987). "Encyclopaedia of Indian Literature: A-Devo". Sahitya Akademi. পৃষ্ঠাসমূহ: 14-15. https://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA15&lpg=PA15&dq=govinda+prasad+sharma+assamese+author&source=bl&ots=mXFVZADSu6&sig=ACfU3U0LmqMlQVGxc9R-C4CuHRlE8pyj5A&hl=en&sa=X&ved=2ahUKEwjhgtKRjt_iAhUW7XMBHf3-Bsc4ChDoATAFegQICRAB#v=onepage&q=govinda%20prasad%20sharma%20assamese%20author&f=false। আহৰণ কৰা হৈছে: 10 June 2019. 
  7. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.