ইয়াত এখন অৰণ্য আছিল
ইয়াত এখন অৰণ্য আছিল | |
---|---|
লেখক | অনুৰাধা শৰ্মা পূজাৰী |
প্ৰচ্ছদ শিল্পী | প্ৰদীপ নাথ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | অসমীয়া উপন্যাস |
প্ৰকাশক | বনলতা |
প্ৰকাশ | ডিচেম্বৰ,২০১৮ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ১৭৬ |
আই.এচ.বি.এন. | ৯৭৮-৯৩-৮৭৯৫৬-৪৯-০ |
অসমীয়া উপন্যাস সাহিত্যক সমৃদ্ধিশালী কৰা এগৰাকী উল্লেখযোগ্য লেখিকা হ'ল অনুৰাধা শৰ্মা পূজাৰী। তেখেতে বিভিন্ন সময়ত বিভিন্ন বিষয় লৈ উপন্যাস ৰচনা কৰি পাঠকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনত প্ৰকাশিত তেখেতৰ ইয়াত এখন অৰণ্য আছিল উপন্যাসখনে পাঠকৰ বিপুল সমাদৰ লাভ কৰিছে। সম্পূৰ্ণ বাস্তৱৰ পটভূমিত ৰচিত উপন্যাসখনত লেখিকাই জীৱনৰ চাক্ষুষ অভিজ্ঞতাক নিজৰ কথাৰে বৰ্ণনা কৰিছে। উল্লেখযোগ্য যে গ্ৰন্থখনে ২০২১ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।[1] [2]
লেখিকাৰ পৰিচয়
[সম্পাদনা কৰক]অনুৰাধা শৰ্মা পূজাৰী অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অফ ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কৰ্মৰত হৈ আছে।[3]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]অনুৰাধা শৰ্মা পূজাৰীৰ " ইয়াত এখন অৰণ্য আছিল" উপন্যাসখনৰ নামকৰণেই এক বাৰ্তা বহন কৰিছে। প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক অতি নিবিড়, এখন অৰণ্যই মানৱ জীৱনৰ সকলো প্ৰয়োজন পূৰণ কৰিব পাৰে। পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ লগতে এখন অৰণ্যত মানুহে নিজৰ জীৱিকাৰ পৰা আদি কৰি সকলো বস্তুয়েই আহৰণ কৰিব পাৰে। এখন অৰণ্যই হৈছে জীৱ-জন্তু বিলাকৰ নিৰাপদ আশ্ৰয়স্থল। কিন্তু বৰ্তমান সময়ত যেন অৰণ্য হৈ পৰিছে মৰুভূমি। প্ৰাকৃতিক দুৰ্যোগ, ৰাজনীতি, অৰ্থনৈতিক সংকট, গোষ্ঠী সংঘৰ্ষ আদিৰ ফলত মানুহ পদে পদে গৃহহাৰা হৈছে আৰু অৰণ্য, জলাশয়সমূহ দখল কৰিবলৈ বাধ্য হৈছে। ফলত জীৱ-জন্তুসমূহ বাসস্থান, খাদ্যৰ সংকটে দেখা দিছে। এই সকলোবোৰেই মানৱ সভ্যতালৈ এক অশুভনীয় সংকেত কঢ়িয়াই আনিছে। কিন্তু এই সকলো সমস্যাই মানৱসৃষ্ট। বৰ্তমান সময়ত মানুহে বিশুদ্ধ বায়ুৰ বাবে, পানীৰ বাবে সংগ্ৰাম কৰাৰ দিন আহিছে। এনেকুৱা এক বাস্তৱ অভিজ্ঞতাক আধাৰ হিচাপে লৈ লেখিকাই গ্ৰন্থখন ৰচনা কৰিছে। এখন অৰণ্য ধ্বংস হৈ যোৱা দৃশ্যই লেখিকাৰ মনত হাহাকাৰৰ সৃষ্টি কৰিছে। গৃহহাৰা মানুহে অৰণ্যৰ মাজত গৈ বাসস্থান পাতি লৈছে কিন্তু চৰকাৰৰ নিৰ্দেশমৰ্মে সেই ঘৰবোৰ, ঠাইবোৰ উচ্ছেদ কৰি পেলোৱা হৈছে। জীৱ-জন্তুবিলাকে খাদ্য, বাসস্থানৰ অভাৱত মানুহক আমনি কৰিবলৈ লৈছে। লেখিকাৰ মনটোৱে অৰণ্য ৰক্ষা হোৱাটো বিচাৰিছে যদিও তেওঁ সেই গৃহহাৰা হোৱা মানুহবোৰৰ চিন্তাই তেওঁক হতাশাগ্ৰস্ত কৰি পেলাইছে। এনে বহু বাস্তৱ অভিজ্ঞতাক কেন্দ্ৰ কৰি লেখিকাই উপন্যাসখন ৰচনা কৰিছে।
উপন্যাসখনৰ খণ্ডসমূহ
[সম্পাদনা কৰক]"ইয়াত এখন অৰণ্য আছিল" গ্ৰন্থখনত লেখিকাই কেইবাটাও খণ্ডত ভাগ কৰি বৰ্ণনা কৰিছে। পৃথিৱী বিচাৰি...., দক্ষিণৰ খিৰিকীৰে, এজাক মানুহ এখন পাহাৰ, কোনো কাৰো নহয়, যুদ্ধৰ সৈতে প্ৰেমৰ পখিলা, উচ্ছেদৰ দ্বিতীয় দিন, পাৰ বাহৰ সেউজ ৰুমাল....., হঠাতে হাত এৰি দিয়ে জীৱনে....., গছৰ শিপা উভালিব পাৰি; মনৰ শিপা নোৱাৰি, শান্তিৰ পথ তেজ আৰু চকুপানীৰে গঢ়া, এখন অৰণ্যৰ সন্ধানত, অৰণ্য-সপোন, গছ ডাঙৰ নে মানুহ?, আমচিং, আমচাং ...., বনৰ জুই মনৰ জুই, এজাক নতুন বতাহ, যদি চৰাই হ'লোহেঁতেন, সকলো পৰিবৰ্তন ভালৰ বাবে নহয়.., জোনাকত এটা হাতী, চিমেণ্টৰ গছ, শিয়ালি এ...., প্ৰেমে বিচাৰে প্ৰকৃতি, আকৌ এটা নৃশংস খবৰ, মনবৰৰ খং, আৰু হে পাহাৰ বিদায়; এই আটাইকেইটা খণ্ডত বৰ্ণনা কৰিছে। গ্ৰন্থখনৰ প্ৰতিটো খণ্ডই যেন মনত এটা নতুন সঞ্চাৰৰ সৃষ্টি কৰিব পাৰে। মানুহৰ দুৰ্নীতি, দুষ্কাৰ্য আদি সকলো অভিজ্ঞতা লেখকে বৰ্ণনা কৰিছে যদিও শেষত তেওঁ নতুন প্ৰজন্মৰ মাজেৰে এক আশাবাদী মনোভাৱৰ পৰিচয় দিছে।
গ্ৰন্থখনৰ 'এজাক মানুহ, এখন পাহাৰ' নামৰ খণ্ডটোৱে মনত এক বিষাদৰ ছাঁ পেলায় যায়। পাঞ্জাবাৰী নামৰ ওচৰৰ ঠাইখনৰ পাহাৰখনত বসবাস কৰা মানুহে বহুতো সমস্যাত ভুগিব লগা হৈছে। অৰণ্যখনত মানুহবোৰে অতীজৰে পৰা বসবাস কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ ঘৰবোৰ উচ্ছেদ কৰি পেলাইছে। সেই ঠাইৰ মানুহখিনি ক'লৈ যাব, কি কৰিব সেইটো এটা গভীৰ প্ৰশ্ন হৈয়ে থাকি গৈছে। আনফালে অৰণ্য কাটি ধ্বংস কৰি ঘৰ সজাৰ ফলত জীৱ-জন্তুবোৰৰ খাদ্য আৰু বাসস্থানৰ অভাৱত ওলাই আহি মানুহক অশান্তি কৰিবলৈ লৈছে। অৰণ্য ৰক্ষাৰ নামত চৰকাৰে সেই কাৰ্যসূচী হাতত লৈছে যদিও সেই মানুহবিলাকৰ সংস্থাপনৰ কথা এবাৰো চিন্তা কৰা নাই। এনেধৰণৰ বিভিন্ন মানুহ আৰু জীৱ-জন্তুৰ বিভিন্ন সমস্যাক লৈ লেখিকাই উপন্যাসখন ৰচনা কৰিছে।[4]
উপন্যাসখনৰ চৰিত্ৰ
[সম্পাদনা কৰক]উপস্যাখনৰ চৰিত্ৰ চিত্ৰায়ণো উল্লেখযোগ্য। চৰিত্ৰসমূহৰ বিভিন্ন দিশৰ মাজেৰে লেখিকাই মনস্তাত্বিক দিশৰ উদ্ঘাটন কৰিছে। উপন্যাসখনৰ মুখ্য চৰিত্ৰ নাই, সকলো চৰিত্ৰক বিভিন্ন দিশৰ মাজেৰে ৰসোত্তীৰ্ণ ৰূপেৰে দাঙি ধৰিছে। উপন্যাসখনৰ এটা উল্লেখযোগ্য চৰিত্ৰ হ'ল 'জ্যোতি'। জ্যোতি লোখিকাৰ এগৰাকী অন্তৰংগ বান্ধৱী। জ্যোতিৰ চৰিত্ৰটোৱে আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাব ধৰিছে, কিন্তু জ্যোতিৰ ছোৱালী ছন্দ্ৰাই প্ৰকৃতিক আপোন কৰি লৈছে, অৰণ্যক ভাল পাবলৈ লৈছে। ইয়াৰ দ্বাৰা লেখিকাই নতুন প্ৰজন্মক লৈ যেন এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। তেওঁ আশাবাদী, নতুন প্ৰজন্মই অৰণ্যক ভাল পাবলৈ শিকিব, অৰণ্যক ৰক্ষা কৰিব, পৃথিৱীখন আকৌ সেউজীয়া হ'ব। এনেদৰে উপন্যাসখনৰ আন আন চৰিত্ৰ ৰঞ্জন, ৰাণু, বাবলা, শশাংক, সুগতা, মাধুৰী, ৰাজবংশী, নিৰঞ্জন, বাহাদুৰ আদি চৰিত্ৰসমূহৰ মাজেৰে চৰিত্ৰৰ মনস্তাত্বিক দিশৰ লগতে প্ৰতৃতিপ্ৰেমী মনটোকো উদ্ভাসিত কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ https://www.dainandinbartagroup.in/here-one-forest-was-g/ ৰ পৰা আহৰণ কৰা হৈছে
- ↑ https://dailyassamnews.com পৰা আহৰণ কৰা হৈছে
- ↑ https://voice24x7.in/news/sahitya-academy-to-anuradha-sharma-pujari/ ৰ পৰা আহৰণ কৰা হৈছে
- ↑ ইয়াত এখন অৰণ্য আছিল, লেখিকাঃ অনুৰাধা শৰ্মা পূজাৰী, প্ৰকাশকঃ অনন্ত হাজৰিকা, বনলতা।