সমললৈ যাওক

মৃদুলা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৃদুলা বৰুৱা

ককাদেউতা নাতি আৰু হাতীৰ এটি দৃশ্যত মৃদুলা বৰুৱা
জন্ম ১৪ এপ্ৰিল
চতিয়া, শোণিতপুৰ জিলা, অসম
বাসগৃহ গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতভাৰতীয়
পেচা অভিনয়
সক্ৰিয় হৈ থকা সময় ১৯৭৮-বৰ্তমানলৈকে
সংস্থা অসমীয়া বোলছবি জগত
ধৰ্ম হিন্দু
পিতৃ-মাতৃ যোগেন্দ্ৰনাথ বৰুৱা
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • জীৱনজোৰা সাধনা বঁটা
  • বীৰাঙ্গনা মূলাগাভৰু বঁটা
  • অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা

মৃদুলা বৰুৱা (ইংৰাজী: Mridula Barooah) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।[1] চলচ্চিত্ৰৰ উপৰি মৃদুলা বৰুৱাই ৩০ খনৰো অধিক ভিচিডি ছবি[2],কেইবাখনো হিন্দী আৰু অসমীয়া দূৰদৰ্শনৰ ধাৰাবাহিক আৰু টেলিফিল্মতো অভিনয় কৰিছে। ২০০০ চনত তেওঁ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি দূৰদৰ্শনৰ দুখনমান ধাৰাবাহিকো প্ৰযোজনা কৰে। তেওঁ অসম চৰকাৰৰ বাবে দহখনমান ডকুমেণ্টৰীও প্ৰযোজনা কৰিছিল।

অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা মূল্যৱান বৰঙণিৰ বাবে মৃদুলা বৰুৱালৈ অসমৰ সামাজিক-সাংস্কৃতিক সংগঠন অসম ষ্টাৰ-এ ২০২১ বৰ্ষত জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে ৷ [3]

মৃদুলা বৰুৱাৰ জন্ম হয় অসমশোণিতপুৰ জিলাচতিয়াত। দেউতাক যোগেন্দ্ৰনাথ বৰুৱা আছিল প্ৰতাপগড় চাহ বাগিছাৰ আউটদৌৰ ইনচাৰ্জ। ছটা সন্তানৰ সৈতে মাক-দেউতাকে পাছলৈ বিশ্বনাথ চাৰিআলিত থাকিবলৈ লয়[4]

অভিনয় জগতত প্ৰৱেশ

[সম্পাদনা কৰক]

চতিয়াৰ বিদ্যালয়ত দশম শ্ৰেণীত পঢ়ি থাকোঁতে মৃদুলা বৰুৱাই প্ৰথমবাৰৰ কাৰণে বিদ্যালয়ৰ নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত ভাগ লৈ অভিনয়ত প্ৰথম পুৰস্কাৰ লাভ কৰে। ইয়াতেই চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা আব্দুল মজিদে মৃদুলা বৰুৱাৰ প্ৰতিভাক আৱিষ্কাৰ কৰে আৰু তেওঁৰ অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশৰ বাট মুকলি হয়[4]

চলচ্চিত্ৰত অভিনয়

[সম্পাদনা কৰক]

মৃদুলা বৰুৱাৰ অভিনয় জীৱন আৰম্ভ হয় হেমন্ত দত্ত পৰিচালিত আৰু প্ৰমোদ বৰুৱা প্ৰযোজিত বোলছবি উপপথৰ যোগেদি। পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ দেৱে সেই সময়তে তেওঁৰ নতুন বোলছবি মৰমীৰ কাৰণে এগৰাকী নতুন অভিনেত্ৰীৰ সন্ধানত আছিল। অভিনেতা হীৰেন চৌধুৰীয়ে তেওঁক মৃদুলা বৰুৱাৰ লগত পৰিচয় কৰায় আৰু বোলছবিখনৰ মূল চৰিত্ৰৰ কাৰণে বৰুৱা নিৰ্বাচিত হয়। গতিকে কম বয়সতে মৃদুলা বৰুৱাই মহাবিদ্যালয়ত পঢ়ি থকাৰ সমসাময়িকভাৱে দুখন চলচ্চিত্ৰৰ মুল চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। অৱশ্যে যদিও উপপথ (১৯৮০) তেওঁৰ প্ৰথম অভিনীত বোলছবি, মৰমী (১৯৭৮) তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত বোলছবি কিয়নো এইখন উপপথতকৈ আগতীয়াকৈ মুক্তি লাভ কৰে[4]

১৯৭৯ চনত তেওঁৰ মেঘ মুক্তি ছবিখনে মুক্তি পায় য'ত তেওঁ দুগৰাকী যমজ ভগ্নীৰ দ্বৈত চৰিত্ৰত অভিনয় কৰে। দ্বৈত চৰিত্ৰ সম্বলিত এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ। ইয়াৰ পাছতেই তেওঁৰ দুখন সফল বোলছবি বোৱাৰী (১৯৮২) আৰু ককাদেউতা নাতি আৰু হাতী (১৯৮৩) ছবিঘৰলৈ আহে আৰু লগে লগে তেওঁ এগৰাকী সুদক্ষা অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ পাছত তেওঁ মা (১৯৮৬) আৰু প্ৰতিমা (১৯৮৭) নামৰ দুখন নাৰীকেন্দ্ৰিক বোলছবিয়ে মুক্তি পায় য'ত তেওঁ নিজতকৈ বেছি বয়সৰ নাৰীৰ চৰিত্ৰত অভিনয় কৰে[4]

নিজৰ সুদীৰ্ঘ অভিনয় জীৱনত তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰি সফলতা পায়। প্ৰথমে মৰমলগা, নিৰ্দোষ গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰা বৰুৱাই ২০০০ চনৰ হিয়া দিয়া নিয়া বোলছবিত ঋণাত্মক চৰিত্ৰতো অভিনয় কৰে। ডo ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত হিন্দী বোলছবি কালসন্ধ্যাৰ (১৯৯৭) চৰিত্ৰটিতো (অতিথি শিল্পী) অলপ ঋণাত্মক পৰশ আছিল। আৱৰ্তন (১৯৯৩), ইতিহাস (১৯৯৬), গুণ গুণ গানে গানে (২০০২) আদি বোলছবিসমূহত কৰা অভিনয়ৰ বাবেও তেওঁ সমালোচকৰ পৰা উচ্চ প্ৰশংসা লাভ কৰে[4]

চলচ্চিত্ৰৰ উপৰিও মৃদুলা বৰুৱাই ৩০ খনৰো অধিক ভিচিডি ছবি, কেইবাখনো হিন্দী আৰু অসমীয়া দূৰদৰ্শনৰ ধাৰাবাহিক আৰু টেলিফিল্মতো অভিনয় কৰিছে[5][6]

জীৱনৰ আৰম্ভণিৰ সময়ছোৱা

[সম্পাদনা কৰক]

মৃদুলা বৰুৱাৰ জন্ম হৈছিল অসমত, শোণিতপুৰ জিলাৰ চতিয়াত। তেওঁৰ পিতৃ যোগেন্দ্ৰনাথ বৰুৱাই প্ৰতাপগড় চাহ বাগিচাৰ আউটড’ৰ ইন-চাৰ্জ হিচাপে কাম কৰিছিল। পিছলৈ তেওঁৰ পিতৃ-মাতৃ ছয় সন্তানৰ সৈতে বিশ্বনাথ চাৰিআলিলৈ গুচি যায়।

জীৱনৰ আৰম্ভণিৰ সময়ছোৱা

[সম্পাদনা কৰক]

মৃদুলা বৰুৱাৰ জন্ম হৈছিল অসমৰ, শোণিতপুৰ জিলাৰ চতিয়াত। তেওঁৰ পিতৃ যোগেন্দ্ৰনাথ বৰুৱাই প্ৰতাপগড় চাহ বাগিচাৰ আউটড’ৰ ইন-চাৰ্জ হিচাপে কাম কৰিছিল। পিছলৈ তেওঁৰ পিতৃ-মাতৃ ছয় সন্তানৰ সৈতে বিশ্বনাথ চাৰিআলিলৈ গুচি যায়।

প্ৰযোজনা

[সম্পাদনা কৰক]

২০০০ চনত তেওঁ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি দূৰদৰ্শনৰ দুখনমান ধাৰাবাহিক প্ৰযোজনা কৰে[4]। তেওঁ অসম চৰকাৰৰ বাবে দহখনমান ডকুমেণ্টৰীয়ো প্ৰযোজনা কৰিছিল[6][4]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • শ্ৰেষ্ঠা অভিনেত্ৰী, ১৯৮৪ (অসম শিল্পী সমিতিৰ দ্বাৰা), বোলছবি: ককাদেউতা নাতি আৰু হাতী[4]
  • শ্ৰেষ্ঠা সহ অভিনেত্ৰী, ১৯৮৭ (ইষ্টাৰ্ণ ইণ্ডিয়া মোছন পিক্সাৰ্ছৰ দ্বাৰা), বোলছবি: মা[4]
  • শ্ৰেষ্ঠা সহ অভিনেত্ৰী, ২০০৫ (অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা)[4]
  • অসমীয়া চলচ্চিত্ৰ জগতলৈ জীৱনজোৰা অৱদান বঁটা, ২০০৬ (জ্যোতিৰূপাৰ দ্বাৰা)[4]
  • ২০১৯ বীৰঙ্গনা মূলাগাভৰু বঁটা
  • সামাজিক-সাংস্কৃতিক সংগঠন 'অসম ষ্টাৰ'ৰ তৰফৰ পৰা চলচ্চিত্ৰ জগতৰ জীৱনজোৰা সাধনা বঁটা, ২০২১ চনত৷ [3]

অভিনীত চলচ্চিত্ৰ

[সম্পাদনা কৰক]

বঁটা আৰু সম্মান

[সম্পাদনা কৰক]
  • শ্ৰেষ্ঠ অভিনেত্ৰী, ১৯৮৪ (অসম শিল্পী সন্থাৰ দ্বাৰা), চলচ্চিত্ৰ: ককাদেউতা নাতি আৰু হাতী ।
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী, ১৯৮৭ (পূব ভাৰত চলচ্চিত্ৰৰ দ্বাৰা), চলচ্চিত্ৰ: মা ।
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী, ২০০৫ (অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ।
  • জীৱনজোৰা কৃতিত্ব বঁটা, ২০২১ (অসম ষ্টাৰৰ দ্বাৰা)।


মৃদুলা বৰুৱাৰ জন্ম হৈছিল অসমৰ, শোণিতপুৰ জিলাৰ চতিয়াত। তেওঁৰ পিতৃ যোগেন্দ্ৰনাথ বৰুৱাই প্ৰতাপগড় চাহ বাগিচাৰ আউটড’ৰ ইন-চাৰ্জ হিচাপে কাম কৰিছিল। পিছলৈ তেওঁৰ পিতৃ-মাতৃ ছয় সন্তানৰ সৈতে বিশ্বনাথ চাৰিআলিলৈ গুচি যায়।

  • শ্ৰেষ্ঠ অভিনেত্ৰী, ১৯৮৪ (অসম শিল্পী সন্থাৰ দ্বাৰা), চলচ্চিত্ৰ: ককাদেউতা নাতি আৰু হাতী ।
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী, ১৯৮৭ (পূব ভাৰত চলচ্চিত্ৰৰ দ্বাৰা), চলচ্চিত্ৰ: মা ।
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী, ২০০৫ (অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ।
  • জীৱনজোৰা কৃতিত্ব বঁটা, ২০২১ (অসম ষ্টাৰৰ দ্বাৰা)।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী মৃদুলা বৰুৱাৰ সৈতে অন্তৰংগ আলাপ". সাক্ষাৎকাৰ. ফটাঢোল. ১ জুন,২০১৯. https://fotadhol.com/?p=10160 আহৰণ কৰা হৈছে: 24 মে' 2024.[সংযোগবিহীন উৎস]
  2. "IMDb Filmography Search". IMDb. https://www.imdb.com/filmosearch/?role=nm2851856 আহৰণ কৰা হৈছে: April 16, 2024.
  3. 1 2 "২০২১ চনৰ 'অসম ষ্টাৰ এৱাৰ্ড' ঘোষণা". দৈনিক অসম. দৈনিক অসম. ২৭ অক্টোবৰ, ২০২১. পৃষ্ঠাসমূহ: ৩. Archived from the original on 28 October 2021. https://web.archive.org/web/20211028024434/https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/27/dainik-asam/2995/epaper-page-3?infinitescroll=1 আহৰণ কৰা হৈছে: 28 October 2021.
  4. 1 2 3 4 5 6 7 8 9 10 11 "Mridula Barooah". It's My North-East. Archived from the original on 2014-11-01. https://web.archive.org/web/20141101042558/http://itsmynortheast.com/2012/06/mridula-barooah/ আহৰণ কৰা হৈছে: ২২ জানুৱাৰী, ২০১৩.
  5. 1 2 "Mridula Baruah". Rupali Parda. http://www.rupaliparda.com/english/who's-who/mridula.htm আহৰণ কৰা হৈছে: ২২ জানুৱাৰী, ২০১৩.
  6. 1 2 "Mridula Baruah". Nth Wall. Archived from the original on 2014-02-10. https://web.archive.org/web/20140210073040/http://www.nthwall.com/as/5678900075 আহৰণ কৰা হৈছে: ২২ জানুৱাৰী, ২০১৩.