বিশ্বনাথ চাৰিআলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


বিশ্বনাথ চাৰিআলি
চাৰিআলি
—  নগৰ  —
বিশ্বনাথ চাৰিআলি
বিশ্বনাথ চাৰিআলিৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°45′N 94°13′E / 26.75°N 94.22°E / 26.75; 94.22
দেশ  ভাৰত
অঞ্চল উজনি অসম
ৰাজ্য অসম
জিলা বিশ্বনাথ জিলা
উপায়ুক্ত
জনসংখ্যা 19,145 (2011)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)

বিশ্বনাথ চাৰিআলি বিশ্বনাথ জিলাৰ সদৰ আৰু বিশ্বনাথ চাৰিআলি নগৰ বৰ্তমান বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অন্তৰ্গত। ই তেজপুৰৰ পৰা প্ৰায় ৭৫ কিঃমিঃ আৰু গুৱাহাটীৰ পৰা প্ৰায় ২৫৫ কিঃমিঃ নিলগত অৱস্থিত। বিশ্বনাথ মন্দিৰ বা গুপ্তকাশী আৰু বিশ্বনাথ ঘাট পৰ্যটকৰ বাবে এক আকৰ্ষণীয় ঠাই। বিশ্বনাথ চাৰিআলিৰ অন্তৰ্গত মোনাবাৰী চাহ বাগান এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ চাহ বাগান[1]

ভৌগোলিক তথ্য[সম্পাদনা কৰক]

বিশ্বনাথ চাৰিআলিৰ স্থানাংক হৈছে 26°40′N 93°10′E / 26.67°N 93.17°E / 26.67; 93.17[2] আৰু গড় উচ্চতা 72 মিটাৰs (236 ফুট)। বিশ্বনাথ চাৰিআলিৰ পূবে বৰগাং নৈ, পশ্চিমে ঘিলাধাৰী নৈ, উত্তৰে অৰুণাচল প্ৰদেশ আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদী অৱস্থিত।

জনগাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি নগৰ সমিতি অঞ্চলৰ জনসংখ্যা আছিল ১৯,১৪৫জন য'ৰ ৫১% পুৰুষ আৰু ৪৯% মহিলা। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ স্বাক্ষৰতাৰ হাৰ ৮০%[3]। পুৰুষ আৰু মহিলাৰ স্বাক্ষৰতাৰ হাৰ ক্ৰমে ৮৫% আৰু ৭৫%।

যোগাযোগ[সম্পাদনা কৰক]

বিশ্বনাথ চাৰিআলিৰ মাজেৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈছে। এই পথেৰে পূবে লখিমপুৰ আৰু পশ্চিমে গুৱাহাটিলৈ যাব পাৰি। বিশ্বনাথ চাৰিআলি নগৰৰ মাজ বা কেন্দ্ৰৰ পৰা উত্তৰলৈ পাভৈ চাহ বাগিচা হৈ অৰুনাচললৈ যাব পাৰি। এই পথৰে ৩কিঃমিঃ উত্তৰলৈ বিশ্বনাথ ৰে'ল ষ্টেশ্যন পাব পাৰি। আনহাতে চাৰিআলিৰ কেন্দ্ৰৰ পৰা দক্ষিনলৈ যোৱা গড়কাপ্টানি বিভাগৰ পথেৰে প্ৰায় ৬কিঃমিঃ দূৰলৈ গ'লে বিশ্বনাথ ঘাট পোৱা যায়। নগৰৰ সোমাজতে 'অসম ৰাজ্যিক পথ পৰিবহন নিগম'ৰ বাছ আস্থান অৱস্থিত। ইয়াৰে আশে-পাশে বেচৰকাৰী বাছ সেৱাৰ বাবে বিভিন্ন আস্থান আছে।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

এই নগৰৰ নিচেই ওচৰত থকা বুৰঞ্জী প্ৰসিদ্ধ বিশ্বনাথ অঞ্চলৰ নাম অনুসৰি এই নগৰৰ নাম বিশ্বনাথ চাৰিআলি হয়। পূৰ্বতে ব্ৰিটিছ শাসনকালত এই নগৰৰ আশে-পাশে থকা চাহ বাগিচাসমূহত উৎপাদিত চাহ কলিকতাৰ বন্দৰলৈ নিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ জলপথ একমাত্ৰ পথ আছিল। সেয়ে সেই সময়ত বিশ্বনাথ ঘাট উল্লেখযোগ্য স্থান আছিল। গতিকে বৰ্তমানৰ চাৰিআলি নগৰৰ মাজ মজিয়াত থকা চাৰিআলিটোক বিশ্বনাথ চাৰিআলি বোলা হয়।

সাহিত্য-সংস্কৃতি[সম্পাদনা কৰক]

বীণাপাণি নাট্য সমাজ
মূৰ্চ্ছনা কলা নিকেতন

বিশ্বনাথ চাৰিআলি এখন সাংস্কৃতিকভাৱে আগবঢ়া ঠাই। ইয়াত দুটা ছবিঘৰ আৰু এটা ৰাজহুৱা প্ৰেক্ষাগৃহ আছে।বৰ্তমান এটা ছবিঘৰ বন্ধ হৈছে। "বীণাপাণি নাট্য মন্দিৰ"এ বহুকাল ধৰি সাংস্কৃতিক ক্ষেত্ৰত উদ্যোগ লৈ আহিছে। সূৰ্য্য বৰা একান্ক নাট প্ৰতিযোগিতা চাৰিআলিৰ নাট্য জগতৰ ভোটাতৰা হৈ জিলিকি থাকিব ৷ এই প্ৰতিযোগিতাৰ হেতু লৈ বহুতু পাছলৈ অসমৰ বহল সাংস্কৃতিক জগতখনত সোমাব পাৰিলে ৷ কিছুমানৰ নাম তলত উল্লেখ কৰা হৈছে ৷ বিভিন্ন নামঘৰ বোৰত মহাপুৰুষীয়া ভাউনা অনুষ্থিত হৈ আহিছে, যৰ পৰা বহুতো অনামি অভিনেতা স্থান খনে জন্ম দিছে ৷ "মুৰ্চ্ছনা" বিশ্বনাথ চাৰিআলিৰ আন এটি উল্লেখযোগ্য সামাজিক-সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানৰ জন্ম হৈছিল ২০ জুন, ১৯৯৭ চনত। অনুষ্ঠানটিৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে কন কন শিশু সকলৰ সবল মানসিকতা গঢ়ি তোলাৰ লগতে উঠি অহা যুৱক যুৱতী সকলক বিভিন্ন সাহিত্য-সংস্কৃতিৰ জ্ঞাণ দি সৰ্বাঙ্গীন উন্নতি সাধন কৰা।

নগৰখনৰ উল্লেখযোগ্য ব্যক্তিসকল[সম্পাদনা কৰক]

  1. স্বৰ্গীয় চেনিৰাম দাস
  2. প্ৰমোদ বৰুৱা
  3. ড: সুশীল গোস্বামী
  4. পদ্ম কৈৰী: বিশ্বনাথ চাৰিআলিৰ কাষৰ সাধাৰু চাহ বাগিছাৰ পদ্ম কৈৰী এজন কথাছৱি নিৰ্মাতা আৰু চিত্ৰ-পৰিচালক। পদ্ম কৈৰীয়ে "অনুতাপ" নামৰ কথাছবিৰ যোগেদি এই জগতত প্ৰৱেশ কৰে। কৈৰীয়ে ইয়াৰ পাছত 'ৰতনলাল' ছবিত অভিনয় কৰে। তেখেতে নিজে 'বুধু-অৰ্জুন' আৰু 'মা' কথাছবি নিৰ্মাণ কৰে। তেখেতৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে কেইবাখনো ধাৰাবাহিক নিৰ্মাণ কৰিছিল। বৰ্তমানও তেখেত বোলছৱি আৰু ধাৰাবাহিক নিৰ্মাণৰ কামত লাগি আছে। তেখেতৰ পত্নী লিলি কৈৰী আৰু পুত্ৰও একোজন অভিনেতা। চাহ বাগিছাৰ মাজতে জন্ম আৰু জীৱন অতিবাহিত কৰি নিজকে এজন চলচিত্ৰ পৰিচালক হিছাবে নিজকে গঢ়ি তুলিবলৈ তেখেতে কঠোৰ শ্ৰম কৰিব লগা হৈছিল। এসময়ত তেখেত বিশ্বনাথ চাৰিআলি বিধান সভা সমষ্টিৰ পৰা ৰাইজৰ প্ৰতিনিধি হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
  5. অসীম বোথ্ৰা (ৰাজ্যিক বঁটা প্ৰাপ্ত চলচিত্ৰ কৰ্ম্মী):- অসমৰ বিশ্বনাথ চাৰিআলিৰ পৰা ৪.৫ কি:মি: উত্তৰলৈ থকা বৰকুৰা গাৱত জন্ম লোৱা অসীম বোথ্ৰা, স্বৰ্গীয় নবিন চন্দ্ৰ বোথ্ৰা আৰু স্বৰ্গীয় মণিবালা বোথ্ৰাৰ ৪নং সন্তান। বিশ্বনাথ মহাবিদ্যালয়ত থকাৰ পৰাই সাংস্কৃতিক জগতৰ লগত ওত:প্ৰোত ভাবে জড়িত। তেখেত এজন চলচ্চিত্ৰ কৰ্মী। বহুবছৰ ধৰি নাট্যজগতত অভিনেতা, ৰূপসজ্জাকাৰ, দৃশ্য সজ্জাকাৰ, পৰিচালক হিছাপে কাম কৰি ১৯৭৩ চনত অভিযান (পৰিচালক: সুজিত সিংহ) কথাছবিত সহকাৰী পৰিচালক হিচাপে চলচিত্ৰ জগতত প্ৰৱেশ কৰে। উক্ত কথাছবিত 'গোসাই' নামৰ এটি চৰিত্ৰত অভিনয় কৰিছিল। ১৯৭৩ চনত অতুল বৰদলৈ পৰিচালিত "অনুতাপ" কথাছবিত মুখ্য-সহকাৰি পৰিচালকৰ দায়িত্ব পালন কৰে। ইয়াৰ পাছত 'উপপথ' (পৰিচালক: হেমন্ত দত্ত) আৰু 'বুধু-অৰ্জুন' (পৰিচালক: পদ্ম কৈৰী) কথাছবিত অভিনয়ৰ লগতে মুখ্য সহকা্ৰী পৰিচালক হিচাপে কাম কৰে। ব্ৰজেন বৰা পৰিচালিত তিনিখন কথাছবি ক্ৰমে 'গৰম বতাহ' , 'সত্যম শিৱম সুন্দৰম' আৰু 'মহাপুৰূষ' (মুক্তি পোৱা নাই)-ত অভিনয়ৰ লগতে ৰূপসজ্জাকাৰ হিছাপে দায়িত্ব পালন কৰে। সুমন হৰিপ্ৰয়াৰ 'ককা দেউতাৰ ঘৰজোঁৱাই' আৰু ৰাষ্ট্ৰীয় চলচিত্ৰৰ শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা প্ৰাপ্ত ছবি 'কদমতলে কৃষ্ণ নাচে'ত কলা নিৰ্দ্দেশক ৰূপে কাম কৰে।
  6. অকু বোথ্ৰা (ৰূপসজ্জাকাৰ)
  7. ব্ৰজেন কলিতা
  8. ৰিমঝিম বৰা
  9. দ্বিজেন মহন্ত (চলচ্চিত্ৰৰ লগত জড়িত)
  10. মৃদুলা বৰুৱা
  11. হীৰা নেওগ
  12. জুমণি নেওগ (অভিনত্ৰী)
  13. ৰবিন নেওগ
  14. খগেন বৰদলৈ (চিত্ৰশিল্পী, ভাস্কৰ্যবিদ)
  15. জীমনি হাজৰিকা (চলচ্চিত্ৰ অভিনেত্ৰী, সাহিত্যিক)

উল্লেখযোগ্য সাহিত্যিক সকল[সম্পাদনা কৰক]

  1. কমলাকান্ত ভট্টাচাৰ্য্য:- এখেতক অগ্নিকবি বুলি জনা যায়।১৮৫৩ চনত বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত এখেতৰ জন্ম হয়।এখেত একেধাৰে কবি, প্ৰৱন্ধকাৰ আৰু সমাজ সংস্কাৰক আছিল। "চিন্তানল" আৰু "চিন্তাতৰঙ্গ" তেখেতৰ দুখন গভীৰ জাতীয় চেতনাৰ উদ্বুদ্ধ কবিতা পুথি।তেখেতৰ চিন্তাত সদায় এখন কৰ্ম্মমুখী, স্বাধীন আৰু সমতাৰ ভাৰত গঢ়াৰ গভীৰ চিন্তা দেখা ষায়।১৯২২ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি বিশ্বনাথ চাৰিআলিৰ গৌৰৱ বঢ়াইছিল।১৯৩৬ চনত এইজনা মহান সাহিত্যিকৰ মৃত্যু হয়।
  2. লক্ষ্মীধৰ শৰ্মা:- এই অঞ্চলৰ আন এজন সাহিত্যিক হ'ল দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা।এখত দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা নামে জনাজাত। তেখেত এজন স্বাধীনতা সংগ্ৰামী আছিল।তেখেতৰ প্ৰধান সাহিত্য সম্ভাৰ হ'ল:- "বৰ্থতাৰ দান", "দেশৰ কথা", "নিৰ্মলা" আদি।'চিৰাজ' আৰু 'বিদ্ৰোহিনী' গল্প তেওঁৰ অমৰ সৃষ্টি। 'ছিৰাজ' গল্পৰ আলমত ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ) কথাছবি নিৰ্মাণ হৈছিল। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ ১৯৩৪ চনত মৃত্যু হয়।
  3. দীননাথ শৰ্মা:- বিশ্বনাথ চাৰিআলিৰ আন এগৰাকী সাহিত্যিক হ'ল ৰ্স্বগীয় দীননাথ শৰ্মা। হাইস্কুলত পঢ়িথকা সময়ৰ পৰাই এখেতে আৱাহনত লিখামেলা কৰিছিল। এখেতক ১৯৪০ চনত সত্যনাথ বৰা দেৱৰ জীৱনীৰ বাবে অসম সাহিত্য সভাৰ 'কমলা দেৱী শিশু সাহিত্য' পুৰস্কাৰৰে পুৰস্কৃত কৰা হয়।পূবভৰলী অঞ্চলৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ।
  4. জীৱন চন্দ্ৰ বৰুৱা
  5. স্নেহলতা দেবী
  6. সুৰেশ ভট্টাচাৰ্য্য:- এখেত কমলাকান্ত ভট্টাচাৰ্য্যৰ ভতিজা পুত্ৰ।এখেতে ব্ৰহ্মদেশৰ(বৰ্তমান ম্যানমাৰ)পৰা প্ৰকাশিত 'ৰেংগুন মেইল' নামৰ দৈনিক বাতৰি কাকতখনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল।২য়মহাসমৰৰ সময়ত জাপানী আক্ৰমনৰ সময়ত তেখেত অসমলৈ প্ৰত্যাবৰ্তণ কৰে।
  7. তৰুণ শইকীয়া(সৰ্বভাৰতীয় বঁটাপ্ৰাপ্ত নাট্যকাৰ)
  8. ৰঞ্জু হাজৰিকা
  9. পবিত্ৰ কুমাৰ শৰ্মা:- গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, শিক্ষাবিদ শৰ্মা এজন চিন্তাশীল প্ৰৱন্ধকাৰ। এখেতে ভালেমান বিজ্ঞান বিষয়ৰ গ্ৰন্থ লিখিছে।ইতিমধ্যে এখেতৰ কেবাখনো গ্ৰন্থ প্ৰকাশ পাইছে।
  10. ক্ষীৰধৰ বৰুৱা (বিজ্ঞান লেখক):- বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বৰুৱা এজন বিজ্ঞান সাহিত্যৰ সুপ্ৰতিষ্ঠিত লেখক। এখেত কিছুদিন অসমৰ জনপ্ৰিয় বিজ্ঞান আলোচনী "বিজ্ঞান জেউতি"ৰ সম্পাদকৰ দায়িত্বত আছিল। জনসাধাৰণৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে এখেতে বহুদিন ধৰি কাম কৰি আহিছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে এখেতে ২০০৪ চনত, "বিজ্ঞান জনপ্ৰিয়কৰণ"ৰ ৰাষ্টীয় বঁটা লাভ কৰি চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিছে।
  11. ফতিক হাজৰিকা
  12. শশী ফুকন ( অসমীয়া আলোচনী "বিস্ময়"ৰ সম্পাদক)
  13. মাইনী মহন্ত (অসমীয়া আলোচনী "নন্দিনী"ৰ সম্পাদক)[4]
  14. জীমণি চৌধুৰী(অসমীয়া আলোচনী "প্ৰিয় সখী'ৰ সম্পাদক)
  15. স্বৰ্ন হাজৰিকা (হিন্দী ভাষাৰ পৰা বহুতো গ্ৰন্থৰ অনুবাদিকা, সুসাহিত্যিকা, চাৰিআলিৰ প্ৰথম মহিলা সাংবাদিকা )

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

  1. বিশ্বনাথ ঘাট
  2. মোনাবাৰী চাহ বাগান
  3. গাংমৌ থান
  4. কুৱঁৰী পুখুৰী
  5. প্ৰতাপগড়

শৈক্ষিক প্ৰতিষ্ঠান[সম্পাদনা কৰক]

বিশ্বনাথ উন্নয়ন খণ্ড, সাকোমঠা উন্নয়ন খণ্ড আৰু বিশ্বনাথ চাৰিআলি নগৰত থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১০৩ খন।

  1. উত্তৰ পূব ভাৰত কৃষি যন্ত্ৰ পৰীক্ষণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (North Eastern Region Farm Machinery Training and Testing Institute) : বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণে বিশ্বনাথ ঘাট ৰোডেৰে প্ৰায় ৪ কিমি. নিলগত অৱস্থিত ভাৰত চৰকাৰৰ এক উল্লেখযোগ্য প্ৰতিষ্ঠান । ইয়াত কৃষি বিষয়ক বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি যেনে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ৰটাভেটৰ ইত্যাদিৰ পৰীক্ষণৰ লগতে কৃষি বিষয়ক যন্ত্ৰ পাতি চালনাৰ বাবে প্ৰশিক্ষণ দিয়া হয় ।
  2. জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ:-১৯৫৫ চনত প্ৰতিস্থা কৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোৰ ঠাইত চৰকাৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ(DIET) প্ৰতিস্থা কৰে।ইয়াৰ প্ৰথম অধক্ষ্য আছিল ড: লোহিত গোস্বামী।

মহাবিদ্যালয় সমুহ[সম্পাদনা কৰক]

  1. বিশ্বনাথ মহাবিদ্যালয়;-১৯৬০ চনত প্ৰথম কলা শাখাৰে এই মহাবিদ্যালয় আৰম্ভ কৰা হয়।১৯৭০ চনত বিজ্ঞান শাখা খোলা হয়।মহাবিদ্যালয়ৰ প্ৰথম অধক্ষ্য আছিল কমল নাৰায়ন দাস।
  2. বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়।:- ১৯৮৮ চনত এই মহাবিদ্যালয় স্থাপন হয়।এই মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধক্ষ্য আছিল তীৰ্থেশ্বৰ শৰ্ম্মা।
  3. বিশ্বনাথ কৃষি মহাবিদ্যালয়:-১৯৮৮ চনত বিশ্বনাথ চাৰিআলিত এই কৃষি মহাবিদ্যালয় স্থাপন হয়।
  4. বিশ্বনাথ কলেজ অৱ এডুকেশ্বন:-১৯৯২ চনত স্থাপন হয়।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমুহ[সম্পাদনা কৰক]

  1. চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় :-১৯৪১ চনত স্থাপন হোৱা এই বিদ্যালয়ে ২০০৫ চনত হীৰক জয়ন্তী বৰ্ষ পালন কৰিছে।প্ৰতিস্থাপক প্ৰধান শিক্ষক ৰমেশ শৰ্ম্মা।
  2. চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়:- এই বিদ্যালয় ১৯৫৬ চনত স্থাপন হয়।প্ৰতিস্থাপক প্ৰধান শিক্ষয়িত্ৰী বীণা আগৰৱালা।১৯৯১ চনত এই বিদ্যালয় উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয়।
  3. চাৰিআলি একাডেমী:- ১৯৬০ চনত স্থাপন হোৱা এই বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক তুলসী ফুকন।
  4. চাৰিআলি আদৰ্শ বিদ্যাপীঠ :- ১৯৮২ চনত স্থাপন হোৱা এই বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক নগেন চন্দ্ৰ বৰা।
  5. জৱাহৰ নৱোদয় বিদ্যালয়:-১৯৯৪ চনত এই বিদ্যালয় স্থাপন হয়। বিদ্যালয়খন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনস্থ।

ব্যক্তিগত খণ্ডৰ উল্লেখযোগ্য বিদ্যালয়/মহাবিদ্যালয়[সম্পাদনা কৰক]

  1. শংকৰ দেৱ শিশু/বিদ্যা নিকেতন
  2. লিটিল ষ্টাৰ স্কুল
  3. দ্য ইষ্ট ইণ্ডিয়া স্কুল
  4. জ্ঞান ভাৰতী স্কুল
  5. চেইণ্ট জেভিয়াৰ্চ স্কুল
  6. চাৰিআলি অভ্যসন বিদ্যাপীঠ
  7. পাৰ্ল একাডেমী
  8. অৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ
  9. ডেফনি জুনিয়ৰ কলেজ
  10. তৰুণ চন্দ্ৰ ভট্টাচাৰ্য সোঁৱৰণী কনিষ্ঠ মহাবিদ্যালয়

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Bishwanath Chariali, Sonitpur". অসম. Indianetzone. http://www.indianetzone.com/6/bishwanath_chariali.htm। আহৰণ কৰা হৈছে: ২০১১-১১-২৮. 
  2. [1]Biswanath, India page
  3. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999
  4. books.jamini.co.in, access date: October 26, 2012