পদ্ম কৈৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
পদ্ম কৈৰী
জন্ম পদ্মনাথ কৈৰী
১৯৫২[1]
সাকোমঠা চাহ বাগিচা, বিশ্বনাথ চাৰিআলি, শোণিতপুৰ জিলা (বৰ্তমান বিশ্বনাথ জিলা)
মৃত্যু ৮ জুন ২০২০
ডাউন টাউন হস্পিটেল, গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
নাগৰিকত্ব ভাৰতীয়
শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়
পেচা চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা, কণ্ঠশিল্পী
দাম্পত্যসঙ্গী লিলি কৈৰী
পিতৃ-মাতৃ বালুৱ কৈৰী (পিতৃ)
কাঞ্চন কৈৰী (মাতৃ)
সন্তান পুত্ৰ: ৰাজীৱ কৈৰী, সঞ্জীৱ কৈৰী
কন্যা: সংগীতা কৈৰী

পদ্ম কৈৰী (ইংৰাজী: Padma Koiri, ১৯৫২ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী। তেওঁ ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।[2] তেওঁ অসমৰ চাহ জনগোষ্ঠীৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰু ছবি নিৰ্মাতা আছিল। তেওঁ 'বুধু অৰ্জুন' চলচ্চিত্ৰ নিৰ্মাণ কৰি চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী পৰিচালক হিচাপে পৰিগণিত হৈছিল।[2] পৰিচালক তথা অভিনেতা পদ্ম কৈৰীয়ে 'ৰঙানদী', 'ৰতনলাল', 'মায়া', 'মা' আদি চিনেমা নিৰ্মাণ কৰাৰ লগতে ইয়াৰে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। তদুপৰি জনপ্ৰিয় ধাৰাবাহিক 'শিৰীষ' প্ৰযোজনা, পৰিচালনা কৰাৰ লগতে কেইবাটাও খণ্ডত অভিনয় কৰিছিল।[3] তেওঁ অসম আন্দোলনৰ অন্যতম সক্ৰিয় নেতা আছিল। ১৯৭৯ চনত বিশ্বনাথ চাৰিআলিত প্ৰতিষ্ঠা হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য পদ্মনাথ কৈৰী বিশ্বনাথ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতো জড়িত আছিল।[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৫২ চনত শোণিতপুৰ জিলাৰ বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত পদ্মনাথ কৈৰীৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ বালুৱ কৈৰী আৰু মাতৃ কাঞ্চন কৈৰী চাহ বাগিচাৰ শ্ৰমিক আছিল।[2] পদ্ম কৈৰী তেওঁলোকৰ তৃতীয় সন্তান আছিল। তেওঁ সাকোমঠা চাহ বাগিচাৰ বিদ্যালয়তে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

সৰুৰে পৰা তেওঁৰ অভিনয়ৰ প্ৰতি ৰাপ আছিল। হাইস্কুলত পঢ়ি থকা সময়ত বিদ্যালয় সপ্তাহত কেইবাখনো তেওঁ নাটকত অভিনয় কৰিছিল। বিশ্বনাথ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত অধ্যাপক ৰাজেন বৰঠাকুৰৰ তত্ত্বাৱধানত কেইবাখনো জনপ্ৰিয় নাটকত পদ্ম কৈৰীয়ে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল।[2] ১৯৭১ চনত হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ আশাৰে মুম্বাইলৈ যায় আৰু হিন্দী চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা প্ৰেমনাথৰ ঘৰত প্ৰায় ৯ বছৰ লগুৱা হিচাপে থাকে। কিন্তু চলচ্চিত্ৰত অভিনয়ৰ সুযোগ নাপাই তেওঁ অসমলৈ ঘূৰি আহে।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৭৯ চনত মুম্বাইৰ পৰা ঘূৰি আহি পদ্ম কৈৰীয়ে সদৌ অসম চাহ জনজাতি সাংস্কৃতিক গোষ্ঠী নামেৰে এক অনুষ্ঠান প্ৰতিষ্ঠা কৰি অসমত নাট্যযাত্ৰা আৰম্ভ কৰিছিল। পিছলৈ অসম আন্দোলনৰ বাবে তেওঁ সেই অনুষ্ঠানটো বন্ধ কৰি আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। তেওঁ অসম আন্দোলনৰ ফলত চাহ জনগোষ্ঠীৰ লোকসকলে অসম ত্যাগ কৰিব লাগিব বুলি বাগিচাত চলা অপপ্ৰচাৰ ব্যৰ্থ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ চাহ বাগিচাৰ যুৱক–যুৱতীসকলক অসম আন্দোলনত সহযোগিতা আগবঢ়াবলৈ প্ৰেৰণা আগবঢ়াইছিল। তদুপৰি তেওঁ বাগিচা অঞ্চলৰ উপৰি অন্যান্য ঠাইতো সভা–সমিতি অনুষ্ঠিত কৰি ৰাইজৰ মাজত এগৰাকী যুৱ নেতা হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হয়। অসম আন্দোলনৰ অন্তত ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে।[5]তেওঁৰ জনপ্ৰিয়তাৰ বাবে চৌদিশে অসম গণ পৰিষদৰ জয়জয়–ময়ময় অৱস্থাতো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হ'বলৈ সক্ষম হয়। বিধায়ক হিচাপে পাঁচবছৰীয়া কাৰ্যকালত তেওঁ চাহ জনজাতিৰ কল্যাণৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল।[2] ১৯৭৯ চনত বিশ্বনাথ চাৰিআলিত প্ৰতিষ্ঠা হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য পদ্মনাথ কৈৰী বিশ্বনাথ আটছাৰ লগতো জড়িত আছিল।[1]

তেওঁ চাহ জনগোষ্ঠীয় ধাৰাবাহিক 'শিৰীষ' পৰিচালনা কৰিছিল। তাৰপিছত পদ্ম কৈৰীয়ে 'বুধু অৰ্জুন' ছবিখন নিৰ্মাণ কৰিছিল।[5] এই ছবিখন অত্যন্ত জনপ্ৰিয় হৈছিল আৰু সেই সময়ত একো একোটা চিত্ৰগৃহত দুমাহপৰ্যন্ত চলিছিল। তেওঁৰ আন এখন কথাছবি 'মা' একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছিল। তেওঁৰ দ্বাৰা নিৰ্মিত আন কেইখনমান ছবি হৈছে ক্ৰমে 'ৰঙানদী', 'ৰতনলাল' আৰু 'মায়া'।[6] তেওঁ গুৱাহাটী দূৰদৰ্শন যোগে প্ৰচাৰিত 'শিৰীষ'ৰ পাছত ক্ৰমে 'দয়াৰাম', 'মন ফুলাৰ মালা', 'চাহ বাগান মোৰ মা' আদি ধাৰাবাহিকৰ প্ৰযোজনা–পৰিচালন কৰাৰ লগতে অভিনয় কৰিছিল। ইয়াৰ লগতে তেওঁ 'ব'হাগতে চিত', 'ত্ৰিকাল', 'মণ্ডিৰ ৰাধাচূড়া কি ফুল', 'ৰাম চৰণৰ সংসাৰ' আৰু 'লালটেলি' ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল। তেওঁ অসমীয়া চলচ্চিত্ৰ 'অভিযান', 'অনুতাপ', 'ৰতনলাল', 'দূৰণিৰ ৰং', 'ঊৰ্ৱশী', 'বুধু অৰ্জুন', 'মা', 'মায়া' আৰু 'দেখৱ–চুনৱ'ত অভিনয় কৰিছিল। তদুপৰি তেওঁ অসমীয়া ভিচিডি ছবি 'চম্পা', 'পেহলা প্যাৰ', 'ঝুমকা', 'চম্পাফুল', 'হাচিনা', 'চামেলীৰ মন', 'হীৰা' আৰু 'চলগ'ৰি' আদিতো অভিনয় কৰিছিল। ১৯৮০ চনৰ পৰা গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰযোগে তেওঁৰ কেইবাখনো নাটক সম্প্ৰচাৰ হৈছিল।[2][6]

সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা সাধনাৰ বাবেই অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অবিভক্ত শোণিতপুৰ জিলা ভিত্তিত অনুষ্ঠিত চাহ জনগোষ্ঠীয় সমাৰোহ 'কাচা সনা–২০২০' শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁক চেনিৰাম কুৰ্মী সোঁৱৰণী সাংস্কৃতিক বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

পদ্মনাথ কৈৰীয়ে লিলি কৈৰীৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। লিলি কৈৰী এগৰাকী অভিনেত্ৰী। তেওঁলোকৰ দুগৰাকী পুত্ৰ ৰাজীৱ কৈৰী আৰু সঞ্জীৱ কৈৰী আৰু কন্যা সংগীতা কৈৰী।

মৃত্যু[সম্পাদনা কৰক]

২০২০ চনৰ ৮ জুন তাৰিখে ৬৮ বছৰ বয়ত পুৱা গুৱাহাটীৰ ডাউন টাউন হাস্পতালত দেহাৱসান ঘটে।[4] বিশ্বনাথৰ গোপ সাধাৰু নদীৰ পাৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয়।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "প্ৰাক্তন বিধায়ক, অভিনেতা-প্ৰযোজক পদ্মনাথ কৈৰীৰ মৃত্যু". https://janambhumi.in/VGxSQmVrMXFSVDA9/প্ৰাক্তন-বিধায়ক,-অভিনেতা-প্ৰযোজক-পদ্মনাথ-কৈৰীৰ-মৃত্যু.html. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 niyomiyabarta.org (9 June 2020). "প্ৰাক্তন বিধায়ক–সম আন্দোলনৰ নেতা–পৰিচালক পদ্ম কৈৰীৰ বিয়োগ". নিয়মীয়া বাৰ্তা. https://niyomiyabarta.org/assam/padma-koreai-death/। আহৰণ কৰা হৈছে: 12 June 2020. 
  3. "বিশিষ্ট শিল্পী, অভিনেতা, ছবি নিৰ্মাতা, চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালক তথা বিশ্বনাথৰ প্ৰাক্তন নিৰ্দলীয় বিধায়ক পদ্ম কৈৰীৰ মৃত্যু…". https://www.asomiyapratidin.in/padma-kairi-is-no-more/. 
  4. 4.0 4.1 "বিশিষ্ট অভিনেতা, ছবি নিৰ্মাতা, প্ৰাক্তন বিধায়ক পদ্ম কৈৰীৰ বিয়োগ". https://www.assambulletin.com/assam/renowned-film-producer-actor-and-former-mla-padma-koiri-dies-at-the-of-70/. 
  5. 5.0 5.1 "পদ্ম কৈৰীৰ দেহাৱসান". https://assam.news18.com/amp/news/assam/ex-mla-and-noted-artist-of-assam-padma-koiri-passes-away-skd-61465.html. 
  6. 6.0 6.1 "চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী পৰিচালক পদ্ম কৈৰীৰ মৃত্যুঃ". http://rupaliparda.com/archives/16177.