জুমণি নেওগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুমণি নেওগ

'য়ে মেৰা ইণ্ডিয়া' বোলছবিৰ প্ৰীমিয়াৰত জুমণি
জন্ম ৩ জুন,১৯৮৪ চন
বিশ্বনাথ চাৰিআলি, অসম
ছদ্মনাম "নন্দিনী জুমণি"
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি ক্ৰেজি কেট ,'কলগেট জেল' আৰু 'চেনচুই টিভি'ৰ মডেল।
ৱেবছাইট http://www.nandinijumani.com/

জুমণি নেওগ বা 'নন্দিনী জুমণি' বলিউডৰ এগৰাকী অসমীয়া মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল জন্ম বিশ্বনাথ চাৰিআলিৰ লেহু গাঁৱত। পুণা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নন্দিনী এগৰাকী IPS বিষয়া হোৱাৰ মন আছিল। কিন্তু বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে তেওঁ গ্লেমাৰৰ জগতত নামি পৰে[1]। বলিউডত তেওঁ "ক্ৰেজী কেট" নামেৰেও পৰিচিত[2]

কৰ্মৰাজী[সম্পাদনা কৰক]

'কলগেট জেল' আৰু 'চানচুই টিভি'ৰ মডেল হিছাপে মডেলিংৰে কেৰিয়াৰ আৰম্ভ কৰা নন্দিনী বৰ্তমান মুম্বাই চলচিত্ৰ জগতৰ চিনাকি নাম।

ভিডিঅ' এলবাম[সম্পাদনা কৰক]

  1. বিকিনি লাউঞ্জ
  2. ক্ৰেজিকেট
  3. ৰিটাৰ্ণ অব ক্ৰেজিকেট
  4. কুল ক্ৰেজিকেট [3]

অসমীয়া চলচিত্ৰ[সম্পাদনা কৰক]

তুমিয়ে মোৰ কল্পনাৰ

হিন্দী চলচিত্ৰ[সম্পাদনা কৰক]

  1. 'কচক'(লাকী আলিৰ সৈতে)
  2. 'বনি এণ্ড বাবলু'(কে.কে মেননৰ সৈতে)

ইতিমধ্যে নন্দিনীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত পাঁছশৰো অধিক মঞ্চ অনুষ্ঠান পৰিবেশন কৰিছে। তেওঁ 'হিন্দুস্তান টাইমচ কাফেৰ' এগৰাকী স্তম্ভ লেখিকা আছিল।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Nandini Jumani Biography". ApunKaChoice. http://www.apunkachoice.com/names/nan/nandini_jumani/cid_341960/biography/। আহৰণ কৰা হৈছে: January 13, 2012. 
  2. "Krazy Kat - Nandini Jumani". BollyBite. June 17, 2008. http://www.bollybite.com/2008/06/krazy-kat-nandini-jumani.html। আহৰণ কৰা হৈছে: January 13, 2012. 
  3. "আৰ্কাইভ কপি". Archived from the original on 2016-11-22. https://web.archive.org/web/20161122153838/http://www.cineindya.com/spicy/nandini-jumani-hot-spicy-song-kat-sapera-been-baja/। আহৰণ কৰা হৈছে: 2012-02-22. 
  4. "Workography". Official webpage. Archived from the original on January 7, 2012. https://web.archive.org/web/20120107030006/http://www.nandinijumani.com/workography.htm। আহৰণ কৰা হৈছে: January 13, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]