তৰুণ শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তৰুণ শইকীয়া (২৪ ফেব্ৰুৱাৰী, ১৯৭৬) মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি। ২০১৩ চনৰ ১৮ মে তাৰিখে দোকমোকালিতে তৰুণ শইকীয়াই এভাৰেষ্টত ভৰি দি এই শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰে।[1][2]

তৰুণ শইকীয়াৰ পিতৃ প্ৰয়াত অতুল শইকীয়া আৰু মাতৃ চাৰু শইকীয়া। গুৱাহাটী, নাৰেংগীৰ শাস্ত্ৰী নগৰৰ স্থায়ী বাসিন্দা তৰুণ শইকীয়া পেচাত এজন ব্যৱসায়ী, আৰু তেখেতে গুৱাহাটীৰ গণেশগুৰি অঞ্চলত ফলৰ ৰসৰ পাৰ্লাৰৰ ব্যৱসায় কৰে।[3] ১৯৯৩ চনত মানালিত পৰ্বতাৰোহনৰ প্ৰাথমিক পাঠ্যক্ৰম লোৱাৰ পাছত তৰুণ শইকীয়াই কেবাটাও পৰ্বতাৰোহণ অভিযানত নিয়মীয়াকৈ ভাগ লয়। ২০০৩ চনত শইকীয়াই দাৰ্জিলিঙত পৰ্বতাৰোহণৰ উচ্চ পাঠ্যক্ৰম গ্ৰহণ কৰে।[4]

এভাৰেষ্ট বিজয় অভিযান[সম্পাদনা কৰক]

দুবছৰৰ আগতেই মণিপুৰৰ পৰ্বতাৰোহণ আৰু ট্ৰেকিং এছ'চিয়েশ্যনৰ উদ্যোগত ১৬ জনীয়া এটা দল গঠন কৰি এভাৰেষ্ট অভিযানৰ পাতনি মেলা হৈছিল। সম্পূৰ্ণৰূপে উত্তৰ-পূৱৰ ব্যক্তিৰে গঠিত আৰু পৰিচালিত এইটো আছিল প্ৰথমটো মাউণ্ট এভাৰেষ্ট অভিযান। উত্তৰ-পূৱ পৰিষদ আৰু মণিপুৰৰ চৰকাৰ দ্বাৰা প্ৰযোজিত[1] এই অভিযানকাৰীৰ দলটোত ১২ গৰাকী পৰ্বতাৰোহী আৰু ৪ গৰাকী সহযোগী আছিল ক্ৰমেঃ[4]

  • এল. সুৰজিৎ সিং (অধিনায়ক, মণিপুৰ)
  • কাজি শ্বেৰ্পা (ছিকিম)
  • পুয়েমছা মহন (উপঅধিনায়ক, মণিপুৰ)
  • এথকপাম ৰবাৰ্ট(মণিপুৰ)
  • এন বিদ্যাপতি দেৱী (মণিপুৰ)
  • নিমা লামা (অৰুণাচল)
  • তৰুণ শইকীয়া (অসম)
  • মণীষ কুমাৰ ডেকা (অসম)
  • ডেভিড জ'মাংগাই হা (মিজোৰাম)
  • অংশু জামচেনপা (অৰুণাচল)
  • নামেই ৰাক পাম (মণিপুৰ)
  • চিংখেই ডাংবা (মণিপুৰ)
  • ৱাংচুক মিৰথং (উত্তৰ পূৱ পৰিষদৰ প্ৰতিনিধি, মেঘালয়)
  • আনন্দ গুৰুং (ছিক্কিম)

২০১০ চনত নেপাল পীক (৭,১৬৮ মিঃ) আৰু ২০১২ বৰ্ষত পালছুৰা পীক (৭,৫০০ মিঃ) আৰোহণ কৰি কৰি এই দলটোৱে এভাৰেষ্ট অভিযানৰ প্ৰস্তুতি কৰিছিল। ২০ মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ফ্লেগ-অফ কৰি শুভাৰম্ভ কৰা অভিযানকাৰী দলটোৱে ২০১৩ চনৰ ২৬ মাৰ্চত দলটোৱে নেপালৰ নামকে নামৰ ঠাইৰপৰা মূল এভাৰেষ্ট অভিযান আৰম্ভ কৰে।[4] ৩ এপ্ৰিলত হিমালয়ৰ ২১০০০ ফুট উচ্চতাত দলটোৱে এভাৰেষ্ট বেছ কেম্প স্থাপন কৰে। ১৫ মে তাৰিখে দলৰ এঘাৰজন সদস্যই তৃত্বীয় বেছ কেম্প স্থাপন কৰে ২৪০০০ ফুট উচ্চতাত। এই এঘাৰগৰাকী সদস্য আছিল ক্ৰমে এ. চিংখেইংবা (মণিপুৰ) কাজি শ্বেৰ্পা (ছিক্কিম), অংশু জামছেন্‌পা (অৰুণাচল), ‌এ ৰাবাৰ্ট (মণিপুৰ), এন বিদ্যাপতি (মণিপুৰ), ৱাংছুক মিৰথং (মেঘালয়), নিমা লামা (অৰুণাচল), মণীষ কুমাৰ ডেকা (অসম), তৰুণ শইকীয়া (অসম), আনন্দ গুৰুং (ছিক্কিম) আৰু ডেভিড জ'মাং (মিজোৰাম)।[1]

চতুৰ্থ বেছ কেম্পৰপৰাই মাউণ্ট এভাৰেষ্ট বিজয়ৰ অন্তিম ঢাপত আৰোহণ কৰি ১৭ মেৰ দিনা দলটোৰ তিনিগৰাকী সদস্যই এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হয়। এই তিনিগৰাকী সদস্যৰ ভিতৰত ছিক্কিমৰ আনন্দ গুৰুঙৱ ভাৰতীয় মান সময় ৰাতিপুৱা ৭:৩৫ বজাত, আৰু অৰুণাচলৰ নিমা লামা আৰু মণিপুৰৰ এন বিদ্যাপতিয়ে ক্ৰমে ৮:৩০ আৰু ৯:৩০ বজাত এভাৰেষ্টত উপস্থিত হয়। এই সফল আৰোহণেৰে এন বিদ্যাপতিয়ে এভাৰেষ্ট আৰোহণ কৰা মণিপুৰৰ প্ৰথমগৰাকী মহিলা ৰূপে চিহ্নিত হয়।[5]

১৮ মেৰ দিনা ৰাতিপুৱা ৫:৩০ বজাত এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হয় তৰুণ শইকীয়াকে ধৰি দলটোৰ ৬গৰাকী সদস্যই। এই্ সদস্যসকলৰ ভিতৰত মণিপুৰৰ নামেইৰকপাম চিংখেইংবা এভাৰেষ্ট আৰোহণ কৰা সৰ্বকনিষ্ঠ ভাৰতীয়, তেখেতৰ বয়স ১৬ বছৰ। এই আৰোহণকাৰীসকলৰ ভিতৰৰ অৰুণাচল প্ৰদেশৰ অংশু জামছেপা ২টা সন্তানৰ মাতৃ হৈ তিনিবাৰকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী মহিলা। দলটোৰ আনএগৰাকী সদস্যা ৱাংছুক মিৰথং মেঘালয়ৰপৰা এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা। একেটা দিনতে মিজোৰামৰ ডেভিদ জ'মাংগাইহা-ই এভাৰেষ্ট আৰোহণ কৰি মিজোৰামৰ প্ৰথমগৰাকী এভাৰেষ্ট বিজেতা হিচাপে চিহ্নিত হয়[6], আৰু ছি্কিমৰ কাজি ছেৰ্পায়ো এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হয়।[7]

একেটা অভিযানৰে অসমৰ আন এজন পৰ্বতাৰোহী মণীষ কুমাৰ ডেকাই ১৮ মাৰ্চ তাৰিখে এভাৰেষ্ট আৰোহণ কৰিবলৈ প্ৰচেষ্টা চলায় যদিও সফল হ'ব নোৱাৰে। তেখেতে ২১ তাৰিখে দ্বিতীয়বাৰলৈ চেষ্টা চলায়,[8] আৰু ২৪ মে তাৰিখে ৰাতিপুৱা ৫:৩৫ বজাত সফলতাৰে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়।[9]

পৰ্বতাৰোহী দলটো ২০১৩ চনৰ ৩১ মাৰ্চ তাৰিখে আহি নতুন দিল্লীত উপস্থিত হয়।[7]

সফল শৃংগ আৰোহণ[4][সম্পাদনা কৰক]

  • নন্দাকোট
  • ফেলু কোটেশ্বৰ
  • সুদৰ্শন
  • ভগীৰথ-২
  • ছাট'পন্থ
  • নেপাল পীক
  • পালছুৰা

পৰ্বতাৰোহণ অভিযান[4][সম্পাদনা কৰক]

  • ভাৰ্টিকুণ্ডা (১৯৯৩)
  • কেদাৰড'ম (১৯৯৪)
  • যোগিন -এক, তিনি (১৯৯৫)
  • নন্দাকোট, ফেলু কোটেশ্বৰ (১৯৯৬)
  • কামেট (১৯৯৯)
  • সুদৰ্শন (২০০৩)
  • ভগীৰথ-২ (২০০৫)
  • মুলকিলা (২০০৭)
  • ছাট'পন্থ (২০০৯)
  • নেপাল পীক (২০১০)
  • পালছুৰা (২০১২)

তথ্য-সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Assam’s Tarun Saikia conquers Mt Everest, Assam Tribune, May 19, 2013 Archived December 23, 2014, at the Wayback Machine, আহৰণ কৰা তাৰিখঃ ১৭ জুন, ২০১৩
  2. Govt to honour Tarun Saikia, Manish Deka, Assam Tribune, June 01, 2013 Archived September 25, 2020, at the Wayback Machine, আহৰণ কৰা তাৰিখঃ ১৭ জুন, ২০১৩]
  3. Pabitra Gogoi, Proud to be an Assamese, says Tarun Saikia, Assam Tribune, May 22, 2013[সংযোগবিহীন উৎস], আহৰণ কৰা তাৰিখঃ ১৯ জুন, ২০১৩
  4. 4.0 4.1 4.2 4.3 4.4 বিমল চন্দ্ৰ গোস্বামী, অসমীয়াৰ এভাৰেষ্ট বিজয়, পূৰ্বাচল, আমাৰ অসম কাকতৰ দেওবৰীয়া পৰিপূৰিকা, ৯ জুন, ২০১৩, পৃঃ ৮-১১
  5. 3 northeast climbers scale Everest, The Times of India, ১৮ মে, ২০১৩[সংযোগবিহীন উৎস], আহৰণ কৰা তাৰিখঃ ১৯ জুন, ২০১৩
  6. Assam’s Tarun Saikia scales Mount Everest, www.newslivetv.com, ২৯ মে, ২০১৩ আহৰণ কৰা তাৰিখঃ ১৯ জুন, ২০১৩
  7. 7.0 7.1 1st North East India Mt. Everest Expedition has come to an end, e-pao.net, ২৪ মে, ২০১৩ আহৰণ কৰা তাৰিখঃ ১৯ জুন, ২০১৩
  8. Manish starts ascent The Assam Tribune, ২২ মে, ২০১৩[সংযোগবিহীন উৎস], আহৰণ কৰা তাৰিখঃ ১৯ জুন, ২০১৩
  9. Manish Deka scales Mount Everest, The Assam Tribune, ২৫ মে, ২০১৩ Archived 2016-03-04 at the Wayback Machine, আহৰণ কৰা তাৰিখঃ ১৯ জুন, ২০১৩