গোলাঘাট
গোলাঘাট | |
---|---|
— চহৰ — | |
City Skyline - Golaghat.png | |
ভৌগোলিক স্থানাংক: 26°31′N 93°58′E / 26.52°N 93.97°Eস্থানাংক: 26°31′N 93°58′E / 26.52°N 93.97°E | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | গোলাঘাট জিলা |
উচ্চতা | ৯৫ মিটাৰ (৩১১.৬৮ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৬০,৭৮২ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 785 621 |
Telephone code | 91 (0) 3774 |
যানবাহনৰ নম্বৰ | AS-05 |
ৱেবছাইট | www |
গোলাঘাট অসমৰ এখন উল্লেখযোগ্য চহৰ। ১৯৮৭ চনৰ ১৫ আগষ্টত গোলাঘাট জিলা গঠন হোৱাৰ পিছত ই জিলাখনৰ সদৰ হয়।
ইতিহাস[সম্পাদনা কৰক]
গোলাঘাট নামৰ উৎপত্তিৰ এক মনোৰম কাহিনী আছে। ১৯শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে কিছু 'গোলা' অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে।
ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি[সম্পাদনা কৰক]
গোলাঘাটৰ স্থানাংক হৈছে 26°31′N 93°58′E / 26.52°N 93.97°E আৰু গড় উচ্চতা ৯৫ মিটাৰ (৩১১ ফুট)। গোলাঘাট জিলাৰ পূবে যোৰহাট জিলা, পশ্চিমে নগাঁও জিলা আৰু কাৰ্বি আংলং জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে নগা পাহাৰ। ২০১১ চনৰ লোকপিয়ল মতে গোলাঘাট নগৰৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬০,৭৮২। পুৰুষ আৰু মহিলাৰ অনুপাত ক্ৰমে ৫৩% আৰু ৪৭%।
শিক্ষা[সম্পাদনা কৰক]
গোলাঘাট অসমীয়া কলা সংস্কৃতিত গুৰুত্বপূ্ৰ্ণ অৱদান আগবঢ়োৱা বহুতো ব্যক্তিৰ বাবে বিখ্যাত। ইয়াত বহুতো ন পুৰণি শিক্ষানুষ্ঠান আছে।
- মহাবিদ্যালয়
- দেৱৰাজ ৰয় মহাবিদ্যালয়
- গোলাঘাট বাণিজ্য মহাবিদ্যালয়
- হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়
- গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়
- গোলাঘাট জাতীয় মহাবিদ্যালয়
- ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়
- গোলাঘাট আইন মহাবিদ্যালয়
- বিদ্যালয়
- গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- গোলাঘাট জাতীয় বিদ্যালয়
- ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়
- দন্দধৰ বৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
- জৱাহৰ নবোদয় বিদ্যালয়, গোলাঘাট, চিনাতলী
- বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়
- মহাত্মা বাল্য ভৱন
- চেকৰেড হাৰ্ট হাই স্কুল
- কুশল কোঁৱৰ বাল্য ভৱন
- খ্ৰীষ্টীয়ান হাইস্কুল
- টাউন হিন্দী হাইস্কুল
- বেংগলী হাইস্কুল
যাতায়ত[সম্পাদনা কৰক]
- বিমান
গোলাঘাটৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ।
- ৰেল
গোলাঘাট ভাৰতীয় ৰেলসেৱাৰ উত্তৰ-পূব সীমান্ত ৰেলসেৱাৰ অন্তৰ্গত। গোলাঘাট ৰেল ষ্টেচন নগৰৰ ভিতৰত আৰু ফৰকাটিং জংচন গোলাঘাট নগৰৰ পৰা কিছু আঁতৰত আছে। ফৰকাটিং জংছনৰ মাজেদি কেইবাখনো দীঘলীয়া পথৰ ৰেল চলাচল কৰে।
- পথ
অসমৰ আন প্ৰধান নগৰ-চহৰসমূহৰ লগত পথেৰে গোলাঘাটৰ সু-সংযোগ আছে। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ নুমলীগড়ৰ পৰা আৰম্ভ হৈ গোলাঘাট নগৰৰ কাষেদি পাৰ হৈ গৈছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথে গোলাঘাটক দেৰগাঁৱৰ সৈতে সংযোগ কৰিছে। গোলাঘাট জিলাৰ কমাৰগাৱৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক ধোদৰ আলি (বৰ্তমানৰ ১ নং ৰাজ্যিক ঘাইপথ)।
উল্লেখযোগ্য স্থান[সম্পাদনা কৰক]
গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এশিঙীয়া গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।
গৰমপানী হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য। ইয়াৰ মুঠ মাটিকালি হৈছে ৬.০৫-বৰ্গ-কিলোমিটাৰ (৬,৫১,০০,০০০ ফুট২)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি। এই অভয়াৰণ্য গৰমপানীৰ উঁহ আৰু জলপ্ৰপাতৰ বাবে বিখ্যাত।
- বীৰাংগনা সাধনী কলাক্ষেত্ৰ
এই কলাক্ষেত্ৰ চুতীয়া ৰাজ্যৰ শেষ ৰাণী বীৰাংগনা সতী সাধনীৰ স্মৃতিত গোলাঘাট নগৰৰ সমীপৰ মইনাপাৰাত নিৰ্মাণ কৰা হৈছে। সাধনী কলাক্ষেত্ৰত অসমৰ বিভিন্ন কলা-সংস্কৃতি, সংগীতৰ বিভিন্ন নিদৰ্শন দাঙি ধৰাৰ উপৰিও বীৰাংগনা সতী সাধনীৰ জীৱনৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
- ৰবীন বেনাৰ্জী সংগ্ৰহালয়
বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা স্বৰ্গীয় ৰবীন বেনাৰ্জীৰ গোলাঘাটৰ মিছন ৰোড স্থিত বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে। ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহ এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।
- যমুনা উদ্যান
গোলাঘাটৰ মাজ মজিয়াত অৱস্থিত যমুনা উদ্যানত নৌকা বিহাৰৰ ব্যৱস্থা আছে।
- নামবৰ দৈগ্ৰুং অভয়াৰণ্য
৯৭.১৫ বৰ্গ-কিলোমিটাৰ আগুৰি এই অভয়াৰণ্য বিৱৰি এই অভয়াৰণ্য অৱস্থিত। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি।
- শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত।
ৰাজনীতি[সম্পাদনা কৰক]
গোলাঘাট কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। গোলাঘাট জিলাৰ বিধানসভা সমষ্টিৰ সংখ্যা ৫টা। বোকাখাট, দেৰগাওঁ, খুমটাই, গোলাঘাট আৰু সৰুপথাৰ। গোলাঘাট, খুমটাই আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ ক্ৰমে অজন্তা নেওগ, মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকন। ইয়াৰোপৰি অসম গণ পৰিষদ দলৰ অতুল বৰা (কেবিনেট মন্ত্ৰী) আৰু ভবেন্দ্ৰ নাথ ভৰালী ক্ৰমে বোকাখাট আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|