চাবুৱা
চাবুৱা
Hiloidhari | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
অসমৰ জিলাসমূহ | ডিব্ৰুগড় জিলা |
উচ্চতা | ১০৬ m (348 ft) |
জনসংখ্যা (2011) | |
• মুঠ | ৭৭২৩০ |
চাবুৱা (ইংৰাজী: Chabua) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন ঠাই৷
ইতিহাস
[সম্পাদনা কৰক]১৮২০ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে অসমত চাহৰ উৎপাদন আৰম্ভ কৰে৷ পোনপ্ৰথমে অসমৰ চাহবাগান পতা হৈছিল চাবুৱাত ১৮৩৭ চনত৷ চাবুৱা নামটো, 'চাহ' আৰু 'বুৱা' (অৰ্থাৎ বাগান) ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়৷
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]চাবুৱা ভৌগোলিকভাৱে 27°29′N 95°11′E / 27.48°N 95.18°E.[1]ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ১০৬ মিটাৰ (৩৪৭ ফুট)৷
আন্ত:গাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি চাবুৱাৰ মুঠ জনসংখ্যা ৭৭২৩০ জন৷ ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা[2]৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷
চাবুৱাৰ গড় সাক্ষৰতাৰ হাৰ ৮৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮৩% আৰু ৭২%৷
যাতায়ত ব্যৱস্থা
[সম্পাদনা কৰক]চাবুৱাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে অন্যান্য ঠাইসমূহৰ সৈতে সংযোগ কৰিছে৷
শিক্ষা
[সম্পাদনা কৰক]বিদ্যালয়-
- জাতীয় বিদ্যালয়, চাবুৱা
- ৰাষ্ট্ৰীয় হিন্দী বিদ্যালয়
- অসম বিদ্যাপীঠ
মহাবিদ্যালয়
- দেখাদেৱী ৰাছিৱাচিয়া মহাবিদ্যালয়( D.D.R. COLLEGE)
- চাবুৱা কনিষ্ঠ মহাবিদ্যালয়
ৰাজনীতি
[সম্পাদনা কৰক]চাবুৱা লক্ষীমপুৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷[3]
উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]উল্লেখযোগ্য স্থান
[সম্পাদনা কৰক]- জেৰাই গাঁও
- ভঁৰলুৱা গাঁও
- মুদৈ গাঁও
- আলহী গাঁও
- মৰিছা গাঁও
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Falling Rain Genomics, Inc - Chabua". Archived from the original on 2006-11-03. https://web.archive.org/web/20061103104848/http://www.fallingrain.com/world/IN/3/Chabua.html। আহৰণ কৰা হৈছে: 2014-03-18.
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "List of Parliamentary & Assembly Constituencies". অসম. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.