সমললৈ যাওক

দুধনৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুধনৈ
গাঁও
Country  ভাৰত
ৰাজ্য অসম
জিলা গোৱালপাৰা জিলা
উচ্চতা
৪৪ মিটাৰ (১৪৪ ফুট)

দুধনৈ অসমৰ গোৱালপাৰা জিলাৰ এক অঞ্চল। দুধনৈ গোৱালপাৰা জিলাৰ এক ৰাজহ চক্ৰ আৰু উন্নয়ন খণ্ড।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

এই অঞ্চলৰ মাজেৰে দুধনৈ নামৰ নদী এখন মেঘালয়ৰ পৰা বৈ গৈ ব্ৰহ্মপুত্ৰ নদত পৰিছে। এই নদীখনৰ নামেৰে ঠাইখনৰ নাম দুধনৈ হ'ল।

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

দুধনৈ গোৱালপাৰা জিলাৰ পূব প্ৰান্তত অৱস্থিত। ইয়াৰ ভৌগোলিক অৱস্থান 25°59′0″N 90°44′0″E / 25.983333°N 90.733333°E / 25.983333; 90.733333। দুধনৈ সাগৰ পৃষ্ঠৰ পৰা ৪৪ মিটাৰ উচ্চতাত অৱস্থিত।[1] ইয়াৰ মাজেৰে দুধনৈ নদী পাৰ হৈ গৈয়ে। জুলাই-আগষ্ট মাহত ইয়াৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৩° চেলচিয়াচলৈকে উঠে আৰু জানুৱাৰী মাহত নিম্নতম ৭° চেলচিয়াচলৈ নামে। দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত ইয়াত ধাৰাষাৰ বৰষুণ হয়।

ৰাজনীতি

[সম্পাদনা কৰক]

দুধনৈ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত। বৰ্তমান ইয়াৰ সাংসদ ভাৰতীয় জনতা পাৰ্টিৰ কুইন ওজা।[2] সেইদৰে ই বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু এই সমষ্টি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত।

দুধনৈত ৰাভা হাচং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত।[3] ৰাভা জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। ৰাভা জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে এই পৰিষদে কাম কৰে।

দুধনৈ অঞ্চলৰ চৰকাৰী ভাষা অসমীয়া। এই অঞ্চলত কথিত ৰূপত গোৱালপাৰীয়া উপভাষা প্ৰচলিত। ইয়াৰ লগতে ৰাভা অধ্যুষিত অঞ্চল বাবে ইয়াত ৰাভা ভাষায়ো প্ৰচলিত।

যাতায়ত

[সম্পাদনা কৰক]

দুধনৈৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ই স্থলপথেৰে গোৱালপাৰা আৰু গুৱাহাটীৰ লগত সংযোজিত। ইয়াত ৰঙিয়া ৰে'ল সংমণ্ডলৰ অন্তৰ্গত দুধনৈ ৰে'ল ষ্টেচন আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ[4][5] দুধনৈৰ পৰা প্ৰায় ৯০ কিঃমিঃ নিলগত অৱস্থিত।

দুধনৈত প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ আৰু বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰ উল্লেখযোগ্য প্ৰাথমিক বিদ্যালয় সমূহ হল: ভালপাৰা সোণাপুৰ প্ৰাথমিক বিদ্যালয়, দুধনৈ অভ্যাৰ্থী প্ৰাথমিক বিদ্যালয়, দুধনৈ শৰণাৰ্থী প্ৰাথমিক বিদ্যালয়, খাড়া মেধি পাৰা প্ৰাথমিক বিদ্যালয়, খাড়া মণ্ডলগ্ৰাম প্ৰাথমিক বিদ্যালয়, টেঙাবাৰী প্ৰাথমিক বিদ্যালয় ইত্যাদি।[6] সেইদৰে দুধনৈ অঞ্চলৰ উল্লেখযোগ্য উচ্চ মাধ্যমিক বিদ্যালয় সমূহ হল: ডন বস্ক' স্কুল,[7] দুধনৈ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়,[8] দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়,[9] জৱাহৰ নবোদয় বিদ্যালয়, নতুন দুধনৈ শিশু বিদ্যালয়,[10] চেইণ্ট পিটাৰ্ছ নেচনেল একাডেমী, দুধনৈ আদি। উচ্চ শিক্ষাৰ বাবে ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত দুধনৈ মহাবিদ্যালয় আছে। তদুপৰি ইয়াত বেচিক ট্ৰেনিং চেণ্টাৰ, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু এটা কৃষি বিজ্ঞান কেন্দ্ৰ আছে।[11][12]

২০১৭ চনৰ ২৩ ডিচেম্বৰ তাৰিখে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ইয়াত এখনি আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।[13]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. http://www.fallingrain.com/world/IN/3/Dudhnai.html Map and weather of Dudhnai
  2. "Archived copy". Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf আহৰণ কৰা হৈছে: 2008-10-06. Election Commission of India, 2001
  3. Rabha Council Act challenged in SC Archived 2016-03-04 at the Wayback Machine , The Assam Tribune
  4. https://www.aai.aero/en/airports/guwahati
  5. http://aera.gov.in/content/airports/guwahati-airport.php
  6. http://goalpara.gov.in/data/education/Elementary_School_wise_Teacher_List_Goalpara_July_2017.pdf
  7. "St Michael's Church, Damra". Archdiocese of Guwahati. Archived from the original on 15 April 2019. https://web.archive.org/web/20190415115026/http://www.guwahatiarchdiocese.org/parishes/damra.pdf আহৰণ কৰা হৈছে: 15 April 2019.
  8. https://schools.org.in/assam/goalpara/dudhnoi/dudhnoi
  9. https://schools.org.in/assam/goalpara/dudhnoi/dudhnoi
  10. https://schools.org.in/assam/goalpara/dudhnoi/dudhnoi
  11. "Krishi Vigyan Kendra Knowledge Network". kvk.icar.gov.in. https://kvk.icar.gov.in/kvk_profile_new_1.aspx?kvkid=k0175&kvk_name=Krishi%20Vigyan%20Kendra,Dudhnoi,Distt.%20Goalpara আহৰণ কৰা হৈছে: 2019-04-02.
  12. "Krishi Vigyan Kendra, Dudhnoi, Goalpara". www.kisaanhelpline.com. Archived from the original on 2019-04-02. https://web.archive.org/web/20190402062203/https://www.kisaanhelpline.com/agritourism/agro_spot_details/246/blog-detail.html আহৰণ কৰা হৈছে: 2019-04-02.
  13. https://www.time8.in/breaking-hbs-lays-fouundation-oof-second-ayurvedic-college-of-assam/

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]