গোৱালপাৰীয়া উপভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
গোৱালপাৰীয়া উপভাষা
উচ্চাৰণ Goālpāriya[1]
থলুৱা অঞ্চল ভাৰত
অঞ্চল পশ্চিম অঞ্চল
জাতীয়তা গোৱালপাৰীয়া
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয় ভাষা
উপভাষা
  • পশ্চিম গোৱালপাৰীয়া
  • পূব গোৱালপাৰীয়া
লিখন প্ৰণালী অসমীয়া বৰ্ণমালা
ভাষা সংকেত
ISO 639-3
গ্লোটোলগ নাই

গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া অসমৰ গোৱালপাৰা অঞ্চলত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত গোৱালপাৰীয়া অন্যতম। আনটো উপভাষা হৈছে কামৰূপী উপভাষা বা কামৰূপীয়া। গোৱালপৰীয়া ভাষা অঞ্চলৰ পশ্চিমত উত্তৰ বংগীয় উপভাষা অঞ্চল আৰু ইয়াৰ আশে-পাশে তিব্বত-বৰ্মী ভাষাৰ সম্প্ৰদায় আছে। বিভিন্ন আঞ্চলিক ভাষাৰ শব্দ সংমিশ্ৰণ গোৱালপাৰীয়া উপভাষাৰ অন্যতম বৈশিষ্ট্য।[2][3] এই ভাষা কোৱা মানুহৰ আনুমানিক সংখ্যা প্ৰায় ২০ লাখ।[4]

গোৱালপৰীয়া লোকগীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱায়ে গোৱালপাৰীয়া ভাষাক ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি দিছিল।

ইতিহাস[সম্পাদনা কৰক]

গংগা নদীৰ উত্তৰ ফালৰ অঞ্চল সমূহত পূব মগধী প্ৰাকৃত ভাষাৰ পৰা ৰাধী,ভাৰেন্দ্ৰী, কামৰূপী আৰু ভংগ ভাষাৰ উৎপত্তি হৈছিল। কামৰূপ অঞ্চলত প্ৰচলিত ভাৰতীয়-আৰ্য ঠাঁলৰ কামৰূপী ভাষাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ গোৱালপাৰীয়া আদি ভাষা আৰু উত্তৰ বংগৰ কোচ ৰাজবংশী ভাষাৰ উৎপত্তি হৈছিল।

শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

গোৱালপাৰীয়া উপভাষাক তিনিটা গোটত শ্ৰেণী বিভাজন কৰা হয়। এই তিনিটা হ'ল;

  1. পূৰ্বীয়,
  2. মধ্যমীয়া, আৰু
  3. পশ্চিমীয়া।[5]

অসমৰ ভাষাবিদ সকলে এই তিনিটা উপভাষাক অসমীয়া ভাষাৰ উপভাষা হিচাপে উল্লেখ কৰে। কিন্তু বাংলা ভাষাবিদ চেটাৰ্জীয়ে (১৯২৬) পশ্চিম গোৱালপাৰীয়া উপভাষাক উত্তৰ বংগৰ উপভাষা সমূহৰ লগত আৰু বাকী দুটা গোটক কমতাপুৰী ভাষাৰ উপভাষা হিচাপে উল্লেখ কৰে।

বীৰেন্দ্ৰনাথ দত্তয়ে গোৱালপাৰীয়া উপভাষাক তিনিটা মুখ্য ভাগত বিভক্ত কৰিছে। পূব গোৱালপাৰীয়াক অভয়াপুৰী আৰু গোৱালপাৰা চহৰত প্ৰচলিত আৰু কৃষ্ণাই, দুধনৈ , ধূপধৰা অঞ্চলৰ ভাষা হিচাপে দুটা শাখাত ভাগ কৰিছে। স্থানীয় ভাবে এই অঞ্চলৰ ভাষা সমূহক হাব্ৰাঘাটীয়া, বাউসীয়া, নামদানীয়া আৰু বাৰাহাজাৰী হিচাপে জনা যায়।[6] পশ্চিম গোৱালপাৰীয়াক গৌৰীপুৰ অঞ্চল (স্থানীয় ভাবে ঘূলীয়া) আৰু চালকোচা অঞ্চলৰ আশে পাশে প্ৰচলিত ভাষা এই দুই শাখাত ভাগ কৰিছে। চালকোচাৰ ভাষাক তেওঁ মধ্যমীয়া গোৱালপাৰীয়া হিচাপে উল্লেখ কৰিছে।[7]

গোৱালপাৰা অঞ্চল[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অংশত গোৱালপাৰা অঞ্চলত গোৱালপাৰীয়া উপভাষা প্ৰচলিত। প্ৰাচীন কালত এই অঞ্চল কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। কামৰূপ ৰাজ্যৰ ৰত্নপীঠত গোৱালপাৰা অঞ্চল আছিল।[8] পিছলৈ এই অঞ্চল কমতা ৰাজ্য আৰু তাৰপিছত কোচ হাজোৰ অন্তৰ্ভুক্ত আছিল। ৰজা ৰঘুদেৱ আৰু পৰীক্ষিত নাৰায়ণৰ ৰাজত্বকালত গোৱালপাৰা অঞ্চল ১৫৮১ চনৰ পৰা ১৬১৫ চনলৈ মোগলৰ অধীন আছিল। ১৮শ শতিকাত ব্ৰিটিছ সকলে এই অঞ্চল বংগৰ পৰা দিৱানী হিচাপে লাভ কৰিছিল আৰু ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত এই অঞ্চল ঔপনিবেশিক অসমৰ অন্তৰ্ভূক্ত হয়। বৰ্তমান এই অঞ্চল অসমৰ গোৱালপাৰা জিলাত অৱস্থিত।

গোৱালপৰীয়া লোকগীত[সম্পাদনা কৰক]

গোৱালপৰীয়া লোকগীত অসমৰ প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল। গোৱালপৰীয়া লোকগীত ইয়াৰ সূকীয়া ভাষা (কথিত গোৱালপৰীয়া ভাষা), সুৰ, জন-জীৱনৰ দৃশ্য আৰু বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত। বৰ্তমানে বাণিজ্যিক বাবে গোৱালপৰীয়া লোকগীতৰ এলমাম মুক্তি দিয়া হয়।

তথ্য উৎস[সম্পাদনা কৰক]