অসমীয়া গীতি সাহিত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মৌখিক সাহিত্যৰ সময়ছোৱাৰপৰাই অসমীয়া গীতি সাহিত্যৰ ইতিহাস আৰম্ভ হয়। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ আৰম্ভণিৰেপৰা ৮০০ শকাব্দলৈকে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগটোক 'গীতি যুগ' বুলি উল্লেখ কৰিছে।[1] তেওঁ এই বুলিও কৈছে- অসমীয়া গীতি-সাহিত্যৰ যুগ বৈষ্ণৱী সাহিত্য আৰু প্ৰাক-বৈষ্ণৱী সাহিত্যৰ বহুত আগতে আৰু মন্ত্ৰ বা তান্ত্ৰিক সাহিত্যৰ কিছুদিন পিছতে।[2] অসমীয়া লোকগীতবোৰ গীতি সাহিত্যৰ প্ৰথম নিদৰ্শন। লোকগীতবোৰক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল অনুষ্ঠানমূলক লোকগীত, আখ্যানমূলক লোকগীত আৰু বিবিধ বিষয়ক লোকগীত[3] অনুষ্ঠানমূলক লোকগীতবোৰ হ'ল- বিহুগীত, আইনাম, বিয়ানাম আদি। আখ্যানমূলক লোকগীতবোৰ হ'ল- মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, বাৰমাহী গীত, বৰফুকনৰ গীত আদি। বিবিধ বিষয়ক গীতবোৰৰ হ'ল- নিচুকণি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত আদি। ইয়াৰোপৰি বনগীত হৈছে অনাখৰী লোকৰ সৃষ্টি, যি গীতি সাহিত্যৰ প্ৰথম স্তৰৰ নিদৰ্শন বহন কৰে।[4] শংকৰদেৱ, মাধৱদেৱবৰগীত, ভটিমা, নাটকত ব্যৱহাৰ কৰা স্তুতি, ৰাগ আদিও গীতি সাহিত্যৰ প্ৰথমছোৱা সময়ৰ নিদৰ্শন। কীৰ্তন ঘোষা, নামঘোষাও গীতি সাহিত্যৰ প্ৰথম পৰ্বৰ নিদৰ্শন।[5]

গীতি সাহিত্যৰ প্ৰথম স্তৰ[সম্পাদনা কৰক]

আধুনিক অসমীয়া গীতি সাহিত্যৰ সময়সীমা বুলি ক'লে জোনাকী আলোচনীৰ উদ্ভাৱনৰ সময়লৈকে নিৰ্দেশ কৰিব পাৰি। কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰসকলৰ প্ৰচেষ্টাতে অসমীয়া সমাজলৈ আধুনিক গীতৰ ৰচনাৰ ধাৰাটোৰ আগমন হয়। এইক্ষেত্ৰত 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' বা চমুকৈ 'অঃ ভাঃ উঃ সাঃ' ৰ সৈতে জড়িত ব্যক্তিসকল আৰু কেইজনমান আগ্ৰহী যুৱক যেনে- বেণুধৰ ৰাজখোৱা, লক্ষ্মীৰাম বৰুৱা, কীৰ্তিনাথ শৰ্মা বৰদলৈ আদিৰ নাম উল্লেক্ষণীয়। অসমীয়া আধুনিক গীতক সাহিত্যত গ্ৰন্থ আকাৰে প্ৰথম স্থান দিয়া ব্যক্তিগৰাকী হ'ল- সত্যনাথ বৰা। বৰাই ১৮৮৮ চনত গীতাৱলী পুথি ৰচনাৰ মাধ্যমেৰে অসমীয়া আধুনিক গীতি সাহিত্যৰ শুভাৰম্ভ কৰে। অৱশ্যে অসমীয়া আধুনিক গীতৰ প্ৰথম বিকাশ আৰু প্ৰসাৰ কিন্তু নাটকৰ মাধ্যমেৰে হৈছিল। নাটকত হাঁহিৰ খোৰাক যোগাবলৈ কিছুমান গীতৰ ব্যৱহাৰ কৰা হৈছিল আৰু সম্ভৱত নাটকৰ সেই আৰম্ভণিয়েই আধুনিক গীতৰ প্ৰথম শুভাৰম্ভ। অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰত ঐতিহাসিক গুৰুত্ব থকা সৰ্বপ্ৰথম গীতটো হ'ল সত্যনাথ বৰাৰ গীতাৱলী পুথিৰ অন্তৰ্গত এই গীতটো-

 আজি মজাছে পেটুৱা পেটভৰি খা
পেটভৰি পেটভৰি পেটভৰি খা।
ঔ থেকে টেঙা
ৰহৰ দি দাল
আলু ভজা খাব মজা পকা খৰিচা[6]

গীতাৱলী পুথিখনত সত্যনাথ বৰাদেৱে লিখিছে এইদৰে- 'আজিকালি আসাম দেশৰ মানুহে গীত গাব লাগিলে বাঙালা গীতহে গায়। ইয়াৰ কাৰণ বোধকৰো অসমীয়া গানৰ অভাৱ। অসমীয়া গীত থকা হ'লে অসমীয়া মানুহে বঙলাগীতৰ প্ৰতি ইমান দৰদ নেদেখুৱালেহেঁতেন। তথাপি এইকেইটা গীত মই সাহৰ ওপৰত ভৰ দি প্ৰকাশ কৰিলো। জনসাধাৰণৰ ওচৰত ইহঁত কিমান আদৰণীয় হয় দুই চাৰিদিনতে জনা যাব। '[7] অসমীয়া আধুনিক গীতক সাহিত্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সমালোচকসকলে লক্ষ্মীৰাম বৰুৱাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। গীতাৱলী পুথিৰ পিচত একমাত্ৰ লক্ষ্মীৰাম বৰুৱাই গীত বিষয়ক দুখন অমূল্য গ্ৰন্থ ৰচনা কৰি অসমীয়া গীতি সাহিত্যক সমৃদ্ধ কৰিছে। সেই গ্ৰন্থদুখন হ'ল- সংগীত কোষ আৰু সংগীত সাধনা। লক্ষ্মীৰাম বৰুৱাই বাট দেখুৱাই যোৱা পথেৰে পৰৱৰ্তী সময়ত বহুকেইগৰাকী লিখকে গীতি সাহিত্য সম্পৰ্কীয় গ্ৰন্থ ছপা কৰে। তেওঁলোকৰ ভিতৰত ভকতৰাম চৌধুৰীৰ 'প্ৰণয় গান'(১৯০৩), বেণুধৰ ৰাজখোৱাৰ 'বাঁহী' (১৯০৬), দুৰ্লভচন্দ্ৰ দাসৰ 'দুৰ্লভ প্ৰেম সংগীত'(১৯২৬)ৰ নাম উল্লেখ কৰিব পাৰি। তেওঁলোকৰ পৰৱৰ্তী সময়ৰ অম্বিকাগিৰী ৰায়চৌধুৰী, উমেশচন্দ্ৰ চৌধুৰী, ইন্দেশ্বৰ বৰঠাকুৰ, কমলানন্দ ভট্টাচাৰ্য, কুমুদ শৰ্মা, মিত্ৰদেৱ মহন্ত আদিৰপৰা 'গীত লহৰী', 'প্ৰতিধ্বনি', 'মন্দাকিনী', 'বেউলা', 'শতদল', 'গীতাৱলী' আদি পুথিৰ নাম উল্লেখযোগ্য। পৰৱৰ্তী সময়ত কীৰ্তিনাথ শৰ্মা বৰদলৈ আৰু তেওঁৰ বৰপুত্ৰ মুক্তিনাথ বৰদলৈৰ যৌথ প্ৰচেষ্টাত 'বাসন্তীৰ অভিষেক', 'লুইত কোঁৱৰ', 'সুৰ বিজয়', 'মেঘাৱলী' আদি সংগীত আলেক্ষ্যৰ পৰীক্ষামূলক প্ৰচেষ্টাই অসমীয়া গীতি সাহিত্যৰ এক নতুন পৰিমণ্ডল ৰচনা কৰে। তদুপৰি কীৰ্তিনাথ শৰ্মা বৰদলৈৰ 'সুৰ পৰিচয়' (১৯২৮) আৰু 'কামৰূপীয়া সংগীত' (১৯৩৮)আদি গীতৰ পুথিৰ নাম উল্লেখযোগ্য।[8]

অম্বিকাগিৰী ৰায়চৌধুৰী আধুনিক গীত ৰচনাৰ প্ৰথম পৰ্বৰ এজন শক্তিশালী গীতিকাৰ। তেওঁৰ ভাষা প্ৰয়োগ আৰু সূক্ষ্ম সাংগিতিক চেতনা অতিশয় আছিল। গীতবোৰ স্নিগ্ধ, সমাহিত আৰু সতেজ আছিল। তেওঁ দেশাত্মবোধৰ গান ৰচনা কৰিছিল। তেওঁৰ এটা গীত হ'ল- 'আজি বন্দো কি ছন্দেৰে সমাগত বিৰাট নৰনাৰায়ন ৰূপ'। এইজন গীতিকাৰৰ গীতত প্ৰচুৰ সাহিত্যিক উপাদান পোৱা যায়। গীতি সাহিত্যৰ প্ৰথম স্তৰৰ অন্যান্য গীতিকাৰসকলৰ ভিতৰত নবীন চন্দ্ৰ বৰদলৈ, মিত্ৰদেৱ মহন্তও অন্যতম। নবীন চন্দ্ৰ বৰদলৈৰ 'শ্যাম বৰণীয়া অসম আই ধুনীয়া ভাৰতৰ নুমলী জী', 'বীৰ সন্তানকে কোলাত ল'বলৈ, 'আজি তোৰ বিলাই কি' আদি গীতৰ লগতে মিত্ৰদেৱ মহন্তই এই সময়তে 'চিৰ চেনেহী মোৰ ভাষা জননী' নামৰ প্ৰবল দেশ আৰু ভাষাৰ প্ৰতি আনুগত্য প্ৰকাশক গীত ৰচনা কৰিছিল। এই সময়ৰ সাহিত্যিক মূল্য থকা আন এটা উল্লেখযোগ্য গীত হল- কমলানন্দ ভট্টাচাৰ্যৰ 'বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ' গীতটি। এই গীতৰ আহি লৈ পৰৱৰ্তী সময়ত পাপৰি কবি গণেশ গগৈয়ে 'পাপৰি' কবিতাটি ৰচনা কৰে। পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ 'গৰখীয়া হেৰগৰখীয়া', বেজবৰুৱাৰ 'কোনেনো বাইছে বাঁহী', 'প্ৰেম প্ৰেম বুলি জগতখন ঘূৰিলো', মলিন বৰাৰ 'ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি দান', তফজ্জুল আলিৰ 'বহুদিন বকুলৰ গোন্ধ পোৱা নাই' আদি গীতৰ নাম উল্লেখযোগ্য।[9] এই গীতিকাৰ সকলৰ সৰহসংখ্যক গীততে ভাষাৰ স্নিগ্ধতা, সাৱলিলতা, প্ৰাকৃতিক শোভা বৰ্ণনা, বিষয় বেদনা মিশ্ৰিত প্ৰেমৰ বৰ্ণনা, প্ৰেমৰ ওপৰত গভীৰ আস্থা, সৌন্দৰ্য প্ৰতি কাতৰ দৃষ্টিভংগী আদি সাহিত্যিক মৰ্যাদা সম্পূৰ্ণ গুণবোৰ দেখা যায়।

গীতি সাহিত্যৰ দ্বিতীয় স্তৰ[সম্পাদনা কৰক]

প্ৰাক স্বাধীনতাৰ সময়ৰ পৰা একবিংশ শতিকাৰ প্ৰথমভাগলৈ অসমীয়া গীতি সাহিত্যক সমৃদ্ধ কৰা লোকসকলৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাকে মুখ্য কৰি পাৰ্বতি প্ৰসাদ বৰুৱা, শিৱ ভট্ৰাচাৰ্য, ভূপেন হাজৰিকা, ৰুদ্ৰ বৰুৱা, কেশৱ মহন্ত, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, লক্ষ্যহীৰা দাস, মুকুল বৰুৱা, হেমেন হাজৰিকা, আনন্দিৰাম দাস, কমল নাৰায়ন চৌধুৰী, নৱ বৰুৱা, ব্ৰজেন বৰুৱা, ৰাণী পাল, নিৰ্মলপ্ৰভা বৰদলৈ, মিহিৰ বৰদলৈ, জ্যোতিষ ভট্টাটাৰ্য, হীৰেন ভট্টাচাৰ্য, দ্বিজেন্দ্ৰ মোহন শৰ্মা, ৰিদিপ দত্ত, জয়ন্ত হাজৰিকা, দিপালী বৰঠাকুৰ, খগেন মহন্ত, অৰ্চনা মহন্ত, বীৰেন্দ্ৰ নাথ দত্ত, জ্যোতিৰ্ময় কাকতি, দীপালী বৰঠাকুৰ, হেমন্ত দত্ত, হীৰেন গোহাঁই, সূৰ্য দাস, পাৰবিন চুলতানা, নন্দ বেনাৰ্জী, পুলক বেনাৰ্জী, নগেন বৰা, মহেন্দ্ৰ বৰা, কৰবী ডেকা হাজৰিকা, ৰাজেন গোহাঁই, চৈয়দ চাদুল্লা, মনোৰমা বৰগোহাঁই, সূৰ্য হাজৰিকা আদিৰ অৱদান উল্লেখযোগ্য।[10]

এইসকল লোকে অসমীয়া আধুনিক গীতৰ ধাৰাটোক জাতীয় প্ৰেম, দেশ প্ৰেম, মানবিক, গণতান্ত্ৰিক মূল্যৰে নিপোটল কৰি তোলাৰ লগতে থলুৱা সুৰসঞ্চাৰ, তাল-মান, লয়ৰ সাংগীতিক উপাদানৰ সৈতে পশ্চিমীয়া সংগীতৰ সুষম সমাহাৰেৰে অসমীয়া সংগীতক বিশ্বৰ অন্যান্য ঠাইৰ সংগীতৰ সৈতে ফেৰ মাৰিব পৰাকৈ সজাই পৰাই তোলে। অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰখনত প্ৰবল সাহিত্যিক মূল্য থকা গীতিকাৰ সকলৰ ভিতৰত নামোল্লেখ কৰাৰ পিছত তেওঁলোকৰ অৱদানসমূহৰ দিশলৈ লক্ষ্য কৰা হল- প্ৰসন্নলাল চৌধুৰীৰ গীতত সাহিত্যৰ ৰূপ বিশেষভাৱে প্ৰতিফলিত হৈছিল। তেওঁৰ 'শিকলি মুকলি হ'ল' গীতটো সেই সময়ত অতি জনপ্ৰীয় আছিল। ৰুদ্ৰ বৰুৱাৰ 'পকা ধানৰ মাজে মাজে', 'তাঁতৰে দোৰেপতি চলাই ঘনেপতি', কেশৱ মহন্তৰ 'কাউৰী পৰে', 'মা আমি শদিয়ালৈ যামেই', 'অ' আই শিপিনী কেঁচাঁ ৰ'দৰ ৰেঙণি', নৱকান্ত বৰুৱাৰ- 'আকাশ আমাক অকণি আকাশ দিয়া', 'মনত পৰেনে অৰুন্ধতী', ফণী তালুকদাৰৰ- 'চম্পা জাগা ফুলনি শুৱাই', 'ফাগুণ বনত পলাশে অগনি জ্বলাই', নিৰ্মলপ্ৰভা বৰদলৈৰ- 'ফাগুণ মাহৰ নিজম ৰাতি কাৰ বিয়া যায়', 'সোণোৱালী বুটাবছা অসমীয়া পাট', পদ্ম বৰকটকীৰ 'জগতত আজি শত মমতাজ', তফজ্জুল আলীৰ 'শেৱালিৰ সতে উমলি জামলি', লক্ষ্যহীৰা দাসৰ 'আন্ধাৰ পথত তুমি হ'বা দীপ' সূৰ্য দাসৰ 'মানুহ দেখিছো আজি বহুত মানুহ' আদি জনপ্ৰীয় গীতৰ লগতে অন্যান্য সাহিত্যিক মূল্য থকা প্ৰতিনিধিত্বমূলক গীতসমূহৰ নাম উল্লেখ কৰিব পাৰি। এওঁলোকতকৈ কিছু ব্যতিক্ৰম আৰু আধুনিক অসমীয়া গানৰ সাহিত্যিক মূল্য নিৰূপনত মৰ্যাদা প্ৰাপ্ত তিনিজন প্ৰধান গীতিকাৰ হ'ল- জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকা। জ্যোতিপ্ৰসাদৰ সংগীত চৰ্চাই অসমীয়া গীতক সুকীয়া মৰ্যাদা প্ৰদান কৰি থৈ গৈছে। আনকি তেওঁৰ গীতৰ স্বকীয়তাৰ ওপৰত প্ৰসন্ন হৈ তেওঁৰ গুন মুগ্ধসকলে জ্যোতি সংগীত নামেৰে তেওঁৰ গীতৰ নামকৰণ কৰি এক বিৰল মৰ্যাদা দিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত প্ৰবল সমাজ চেতনা আৰু সুন্দৰৰ সাধনা আছে। তদুপৰি আধুনিক গীতত নিভাঁজ অসমীয়া লোক সংগীতৰ সুৰ প্ৰয়োগ জ্যোতিপ্ৰসাদেই প্ৰথম কৰিছিল। সেইদৰে আধুনিক বাদ্য যন্ত্ৰ সফল প্ৰয়োগো জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত দেখা যায়। তেনেদৰে বিষ্ণুপ্ৰসাদ ৰাভাই গীতত স্বাধীনতাৰ বিজয়ৰ গান, মুক্তিকামী জনতাৰ শোষণ নিষ্পেষণৰ প্ৰতিবাদ কৰাৰ উপৰিও শিল্পী আৰু সৈনিকৰ অপূৰ্ব মিলন ঘটাইছিল। বিষ্ণুৰাভাই অসমীয়া গীতক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ পদ্ধতিৰে সমৃদ্ধ কৰিছিল। লোক জীৱনৰপৰা সমল আহৰণ কৰি বিষ্ণুৰাভাৰ পৰৱৰ্তী সময়ত আনন্দ ৰাম দাসে বনগীতক অসমীয়া গীতি সাহিত্যৰ মৰ্য্যদা প্ৰদান কৰিছিল। বনগীতত অসমৰ প্ৰাকৃতিক চিত্ৰণ বিশেষভাৱে মন কৰিবলগীয়া। সেইদৰে জ্যোতি আৰু বিষ্ণুৰ আদৰ্শ লৈ অসমীয়া গীতক বিশ্ব দৰবাৰ আৰু বিশ্ব সাহিত্যত প্ৰতিষ্ঠা কৰা অগ্ৰনী হোতা স্বৰূপ ব্যক্তিগৰাকী হ'ল- ভূপেন হাজৰিকা। হাজৰিকাই তেওঁৰ উত্তৰাধিকাৰীসকলৰ পৰা এক উন্নত পৃষ্ঠভূমি লাভ কৰিছিল যাৰ ফলস্বৰূপে তেওঁৰ গীতত প্ৰবল সাহিত্যিক মূল্য নিহিত হৈ আছে। ভূপেন হাজৰিকাই জ্যোতিৰপৰা সৌন্দৰ্য চেতনা আৰু ৰাভাৰপৰা সংগ্ৰামী দৃষ্টিভংগী আয়ত্ত কৰিছিল। তেওঁৰ কেইটামান জনপ্ৰসিদ্ধ গীত যেনে- বিমূৰ্ত মোৰ নিশাটি, কহুৱা বন মোৰ অশান্ত মন, তোমাৰ উশাহ কহুৱা কোমল, মানুহে মানুহৰ বাবে, বিস্তৃৰ্ণ পাৰৰে, মহাবাহু বহ্মপুত্ৰ, গোদাবৰী পাৰৰে পৰা অসমী আইলৈ যাচো প্ৰণাম আদি শতাধিক গীতত প্ৰবল দেশাত্মকতাবোধ, জাতীয়তাবাদ আৰু সাহিত্যিক গুণ পোৱা যায়। তদুপৰি ভূপেন হাজৰিকাই প্ৰেমক এক সুস্থিৰ ৰুচীবোধৰ মাজেৰে গীতত প্ৰতিফলন ঘটাইছিল। এখন নতুন সমাজ গঢ়াৰ আদৰ্শ হাজৰিকাৰ গীতত পোৱা যায়। হাজৰিকাৰ গীতে তেনেদৰে অসমৰ কলা-সংস্কৃতিকো সমৃদ্ধ কৰি গৈছে। সমগ্ৰ বিশ্ব জুৰি গীতৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰা একাধাৰে সুৰকাৰ, গীতিকাৰ, প্ৰযোজক, পৰিচালক ভূপেন হাজৰিকা অসমৰ সমাজ-সাহিত্য-কৃষ্টি-সংস্কৃতিৰ মহীৰূহ স্বৰূপ। মানুহ, মানুহৰ অস্তিত্ব, সৌৰ্য-বীৰ্য, বল-পৰাক্ৰম, মানবৃতা আদিৰ উৎকৃষ্ট সমাহাৰ ঘটিছে হাজৰিকাৰ গীতত। তেওঁ সেই গীত গাইছিল যি গীতে পাহাৰ ভৈয়ামৰ মাজৰ গুৰত্ব হ্ৰাস কৰিছিল।

গীতি সাহিত্যৰ তৃতীয় স্তৰ[সম্পাদনা কৰক]

এই স্তৰটোত আলোচনাত একবিংশ শতিকাৰ গীতিকাৰসকলক গীতি সাহিত্যৰ তৃতীয় স্তৰটোত অন্তৰ্ভুক্ত কৰা হৈছে। এই সময়ৰ গীতিকাৰ সকলৰ ভিতৰত কৰবী ডেকা হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, ভূপেন উজীৰ (সংগীতকাৰ), জয় প্ৰকাশ দাস (জে পি দাস), জাহ্নু বৰুৱা, দিগন্ত ভাৰতী, বিপিন চাউদাং, প্ৰশান্ত বৰদলৈ, কৃষ্ণমনি নাথ, কৃষ্ণমনি চুতীয়া, ৰবচন বৰুৱা, ইবচনলাল বৰুৱা, জুবিন গাৰ্গ, মানস ৰবিন, অংগৰাগ মহন্ত, ধ্ৰুৱজ্যোতি ৰাজখোৱা, জয় বৰুৱা আদিৰ নামোল্লেখ কৰিব পাৰি। এওঁলোকৰ কিছু সংখ্যক গীততো সাহিত্যিক মূল্য নিহিত হৈ আছে। উদাহৰণস্বৰূপে মহেন্দ্ৰ হাজৰিকাৰ প্ৰতিটো ৰূমাণ্টিক গীতেই সাহিত্যৰ দিশেৰেও গুৰুত্বপূৰ্ণ। ৰিহাৰে আচলত, বুজনে নুবুজ বুকুৰ কলিজা ঐ, দূৰণিত বাজিছে আদি গীতৰ নাম উল্লেখযোগ্য। দিগন্ত ভাৰতীৰ- মনলে উভতি আহে ল'ৰালি, পলৰীয়া তই পলৰীয়া, আহে বা নাহে ঘুমতি, জুবিন গাৰ্গৰ- সোণেৰে সজোৱা পজা, একবিংশ শতিকাৰ প্ৰেম কাহিনী, গানে কি আনে, অলপ শান্তি দিয়া, গান দিয়া- কবিতা দিয়া আদি গীতৰ নামোল্লেখ কৰিব পাৰো। তদুপৰি ঊনবিংশ শতিকাৰ বহুকেইজন গীতিকাৰে বৰ্তমান সময়তো আধুনিক গীত ৰচনা কৰি অসমীয়া গীতি সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰিছে। কৰবী ডেকা হাজৰিকাই আজি পৰ্যন্ত সস্তীয়া ৰুচীৰ গীত লিখা নাই। সেইদৰে জাহ্নু বৰুৱাই তেওঁৰ ফ্লিমৰ বাবে নিজে গীত ৰচনা কৰি নিজে সুৰ প্ৰদান কৰে। তেওঁৰ গীতত প্ৰবল সাহিত্যিক মূল্য বিচাৰি পোৱা যায় উদাহৰণ স্বৰূপে হালধীয়া চৰায়ে বাও ধান খায় ফ্লিমখনৰ গীতকেইটাৰ নামোল্লেখ কৰিব পাৰি। তদুপৰি বৰ্তমান সময়ৰ দূৰদৰ্শনৰ ধাৰাবাহিক চিৰিয়েলবোৰৰ বাবে ৰচনা কৰা গীত (Title song) খিনিটো প্ৰচুৰ সাহিত্যিক সময় পোৱা যায়।

পৰ্যালোচনা[সম্পাদনা কৰক]

যদিও গীতাৱলী পুথিৰ পৰা অসমীয়া গীতি সাহিত্যৰ সময়সীমা ধৰা হৈছে, প্ৰকৃততে জ্যোতিপ্ৰসাদৰ শোণিত কুঁৱৰী নাটকৰ সময়ৰ পৰাই আধুনিক গান যথাৰ্থ প্ৰয়োগ হয়। অসমীয়া আধুনিক গীতবোৰত প্ৰকাশিত সাহিত্যিক গুণ সমূহলৈ লক্ষ্য কৰিলে দেখা পাওঁ যে আধুনিক গীতত পূৰ্বৰ দৰে কেৱল ধৰ্মীয় আদৰ্শকে মুখ্য ভাৱে গ্ৰহণ কৰি থকাহোৱা নাই। তাৰ পৰিৱৰ্তে সমাজ চেতনা,ৰোমাণ্টিক ভাৱ-অনুভূতিৰ বিস্তাৰ, প্ৰেম-অনুৰাগৰ বাহ্যিক আৰু মাজিৰ্ত প্ৰতিফলন, মানৱ মনৰ অৱচেতন মনৰ বৰ্ণন, প্ৰকৃতিৰ সৌন্দৰ্যৰ বণৰ্না, নদ-নদী, সময় বছৰ, ঋতু আদিৰ বৰ্ণনাকে আদি কৰি নানা বিষয় সামৰি লোৱা দেখা গৈছে। প্ৰকৃততে মধ্যযুগীয় পৰম্পৰাগত চিন্তা চৰ্চাৰ পৰিসমাপ্তি ঘটাই আধুনিক গানেই আধুনিক সমাজ ব্যৱস্থালৈ এক নব্য ধাৰাৰ আগমন ঘটোৱাই। আধুনিক গীতৰ এক নিৰ্দিষ্ট ধৰাবন্ধা নিয়ম নাই, সেইদৰে বৰগীত, বিয়ানাম বা আইনাম আদিৰ দৰে একোটা নিৰ্দিষ্ট সুৰ, লয়, তাল আদিত আবদ্ধ নহয়, সেইদৰে বাদ্যযন্ত্ৰ ব্যৱহাৰতো কোনো বাধ্যবাধকতা নাই, গতিকে এই গীতবোৰে মুক্ত আৰু স্বাধীন ভাৱে এক নৈতিক আদৰ্শ প্ৰতিফলিত কৰিব পাৰে। অসমীয়া আধুনিক গীতি সাহিত্যলৈ অসমীয়া সকলৰ অৱদানৰ লগতে মিছনেৰীসকলৰ অৱদানো যথেষ্ট পৰিমাণৰ। অৰুণোদয় আলোচনীৰ পাততো অসমীয়া গীত সম্পৰ্কত দুই এক আলোচনা কৰা হৈছিল। অৱশ্যে অসমীয়া আধুনিক গান সৃষ্টিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে কিন্তু গীতি সাহিত্যৰ মাজত আবদ্ধ কৰিব নোৱাৰি। ৰচনা হোৱা গীতবোৰৰ ভিতৰত প্ৰতিনিধিত্বমূলক একাংশৰ গীতত হে এনে সাহিত্যিক মূল্য নিহিত হৈ আছে যিবোৰ গীতকগীতি সাহিত্যৰ অন্তৰ্গত কৰিব পাৰি। তদুপৰি গীতৰ সাহিত্যিক মূল্য নিৰূপণ কৰোঁতে গীতটোৰ জনপ্ৰীয়তাৰ ওপৰত গুৰুত্ব দিয়া নহয়। গুৰুত্ব দিয়া হয় গীতৰ কথা, পটভূমি, বিষয়বস্তু, গীতৰ গভীৰতা আদি দিশবোৰৰ। গতিকে অসমীয়া আধুনিক গীতৰ সকলো গীতেই গীতি সাহিত্যৰ পৰিসীমাৰ ভিতৰৰ নহয়। ওপৰৰ সৰহ সংখ্যক আলোচনা মাথোঁ গ্ৰন্থত সন্নিৱিষ্ট গীত সম্পৰ্কীয় আলোচনাতে সিমাবদ্ধ হৈ আছে। কিন্তু অসমীয়া গীতৰ সাহিত্যিক মুল্য যে কেৱল গ্ৰন্থত সন্নিৱিষ্ট গীতবোৰত হে আছে এনে নহয়। অসমীয়া গীতি সাহিত্যৰ সমল থকা অন্যান্য উৎসবোৰ হ'ল-

  • ৰেডিঅ'
  • গ্ৰামোফোন ৰেকৰ্ড
  • বোলছবি
  • এম. পি. থ্ৰি প্লেয়াৰ

তদুপৰি বিভিন্ন সংগঠন আৰু অনুষ্ঠানবোৰৰ নিৰ্দিষ্ট কেতবোৰ নিদ্ধাৰিত গীত থাকে বা কলেজ বিশ্ববিদ্যালয়বোৰৰো একে-একোটা নিৰ্দিষ্ট গীত থাকে। এই গীতবোৰৰো যথেষ্ট সাহিত্যিক মূল্য আছে। এটা সময়ত ছিলং ৰেডিঅ'কেন্দ্ৰৰ প্ৰতিষ্ঠাই আধুনিক অসমীয়া গীত সৃষ্টিত বিশেষ অৰহণা যোগাইছিল। সেইদৰে পিছলৈ ডিব্ৰুগড় আৰু গুৱাহাটীত ৰেডিঅ' কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত তাত বজাবলৈ বহুখিনি গীতৰ সৃষ্টি কৰা হৈছিল। আৰু ফলশ্ৰুতিত এচাম গীতিকাৰৰ সৃষ্টি হৈছিল। এইসকল গীতিকাৰৰ বহুতো গীতত সাহিত্যিক মূল্য পোৱা যায়। সেইদৰে জয়মতী বোলছবিৰ পিছৰ পৰা সাম্প্ৰতিক সময়লৈকে হাজাৰতকৈয়ো অধিক অসমীয়া বোলছবিৰ সৃষ্টি হ'ল। এই বোলছবিসমূহৰ বাবে ৰচনা কৰা গীতসমূহতো বহুতো সাহিতিক সমল পোৱা যায়। ৰেডিঅ'ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা গীতিকাৰসকলৰ ভিতৰত অনুবাধা দাস, হেমন্ত দত্ত, লক্ষ্যহীৰা দাস, বিৰিঞ্চি কুমাৰ মেধি, প্ৰবোধ শৰ্মা, মুনিন দত্ত, কেশৱ মহন্ত, ইদ্ৰিছ আলি, নগেন বৰা, চৈয়দ চান্দুল্লা, দীজেন্দ্ৰ মোহন শৰ্মা, বিউতি শৰ্মা বৰুৱা, সত্য বৰুৱা, ৰীতা বৰুৱা আদিৰ নাম উল্লেখযোগ্য।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমীয়া গীতি সাহিত্য, মহেশ্বৰ নেওগ, চতুৰ্থ প্ৰকাশ, ২০০৮, পৃষ্ঠা-২
  2. http://assameseonline.com/web/?url=home/read/18[সংযোগবিহীন উৎস]
  3. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, সত্যেন্দ্ৰ নাথ শৰ্মা, সৌমাৰ প্ৰকাশ, পৃষ্ঠা-২১
  4. অসমীয়া গীতি সাহিত্য, পৃষ্ঠা-২
  5. অসমীয়া গীতি সাহিত্য, পৃষ্ঠা-২
  6. উৎস- কবি আৰু কবিতা, পৃষ্ঠা- ৫৯
  7. অসমীয়া আধুনিক গান, সম্পাদনা- লোকনাথ গোস্বামী,পৃষ্ঠা- ৪১
  8. অসমীয়া আধুনিক গান,পৃষ্ঠা- ৪২
  9. অসমীয়া আধুনিক গান, পৃষ্ঠা- ৪৩
  10. অসমীয়া আধুনিক গান, পৃষ্ঠা-৪৩