খগেন মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খগেন মহন্ত
আন নাম বিহু সম্ৰাট
জন্ম ১৭ আগষ্ট, ১৯৪২
নগাঁও জিলাৰ জাজৰি বগৰিগুৰি
মূল অসম, ভাৰত
মৃত্যু ১২ জুন, ২০১৪ (৭১ বছৰ)
সংগীতৰ প্ৰকাৰ আধুনিক, লোক-সংগীত
পেচা কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ
ৰেকৰ্ড লেবেল বিভিন্ন
পিতৃ-মাতৃ হৰেন্দ্ৰ নাথ মহন্ত, লক্ষ্মীপ্ৰিয়া দেৱী[1]

খগেন মহন্ত (ইংৰাজী: Khagen Mahanta, জন্ম: ১৭ আগষ্ট, ১৯৪২ - মৃত্যু: ১২ জুন, ২০১৪) অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ। অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছিল। অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে তেওঁক King of Bihu[2] বা বিহু সম্ৰাট বুলি কোৱা হয়। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই খগেন মহন্ত সংগীত সাধনাত ব্ৰতী হৈছিল। তেওঁ বিহুগীতক জনপ্ৰিয় কৰাত অপ্ৰতিদ্বন্দ্বী ভূমিকা লৈছিল। লোকগীতৰ সম্ৰাটজন ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা, সংগীতাচাৰ্য বঁটা আদিৰে সন্মানিত।[3][4]

শৈশৱ[সম্পাদনা কৰক]

খগেন মহন্ত আৰু পৰিয়াল

১৯৪২ চনৰ ১৭ আগষ্ট (শাওন-ভাদৰ সংক্ৰান্তি তিথি)ত নগাঁও জিলাৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত তেওঁৰ জন্ম হৈছিল।[5] পিতৃ প্ৰয়াত হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী। তেওঁ শৈশৱতে পিতৃৰ পৰাই নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। সত্ৰীয়া নৃত্যৰ লগতে খোলবাদ্যতো তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল।[6]

কৰ্মজীৱন[সম্পাদনা কৰক]

বাঁওফালৰ পৰা ক্ৰমে খগেন মহন্ত, অৰ্চনা মহন্ত আৰু হীৰেণ ভট্টাচাৰ্য্য

আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে তেখেতে ১৯৬৫ চনৰ পৰাই গীত গাবলৈ লয় আৰু ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। ১৯৭৬ চনৰ পিছত তেখেতে আকাশবাণীত কম্প'জাৰৰ চাকৰীত যোগদান কৰে আৰু বিভিন্ন শিল্পীক গীত-মাত শিকাবলৈ লয়। পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ ডেপুটী ডাইৰেক্টৰ হিচাপে ২০০১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেওঁ ফ্ৰী-লান্সাৰ হিচাপে নিজকে সংগীতৰ জগতত নিয়োগ কৰি ৰাখিছে। গুৱাহাটী আকাশবাণী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতক শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছিল। ইয়াৰোপৰি অকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালেখ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে অনেক নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল।[6]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

খগেন মহন্ত ১৯৬৫ চনত অৰ্চনা মহন্তৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ পুত্ৰ অংগৰাগ মহন্তও এগৰাকী সংগীত শিল্পী।

মৃত্যু[সম্পাদনা কৰক]

২০১৪ চনৰ ১২ জুন তাৰিখে বিয়লি ৩ বাজি ৩০ মিনিটত গুৱাহাটীৰ নিগাজীপামৰ নিজ বাসগৃহত ৭২ বছৰ বয়ষত খগেন মহন্তৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতে পত্নী অৰ্চনা মহন্ত, পুত্ৰ অংগৰাগ মহন্ত (পাপন) আৰু কন্যা কিংকিনীক এৰি যায়।[4][1]

সংগীত জগতলৈ অৱদান[সম্পাদনা কৰক]

খগেন মহন্ত আৰু অৰ্চনা মহন্ত

১৯৬০ চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস আৰু যুগল দাসৰ দ্বাৰা নিৰ্মাণ কৰা হাৰ্মনি দল (Harmony Group)-ৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল।[5][2] অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী অথবা চিৰসেউজ গীতসমূহৰ ভিতৰৰ কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি, পাহাৰৰ জুৰিটি পিৰীতি সাৱটি, আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল। তেওঁ অসমৰ গাঁৱে-ভূঞে গৈ সহজ-সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতৰ লেছেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এয়ে মোৰ শেষ গান গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল।[6]

অনুষ্ঠান পৰিৱেশন[সম্পাদনা কৰক]

  • মহীশূৰত অনুষ্ঠিত সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোত্সৱত খোলবাদন প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী। (১৯৫৯)
  • গুৱাহাটী আকাশবাণীৰ জৰিয়তে প্ৰথম গ্ৰামোফোন ৰেকৰ্ড[4] (১৯৬১)
  • সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত নেপাল যাত্ৰা আৰু সংগীত পৰিৱেশন। (১৯৬৫)
  • বিট্ৰেইনত সংগীত পৰিৱেশন। (১৯৯৬)[6]

চলচ্চিত্ৰ[সম্পাদনা কৰক]

  • ২৩খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান। মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিশি উজাগৰ (টেলিফিল্ম) আদিৰ সংগীত পৰিচালনা।
  • শকুন্তলা চিনেমাত অভিনয়। (১৯৬১)
  • ৰেডিঅ' ডুকুমেণ্টৰী 'লিজেণ্ড অৱ লোহিত'ৰ বাবে সন্মানীত। (১৯৮৯)
  • ১৯৯০ চনত তেখেতৰ দ্বাৰা প্ৰস্তুত 'অ' মোৰ আপোনাৰ দেশ' গীতটো এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ পঠোৱা হয়।[6]

গ্ৰামোফোন ডিস্ক আৰু কেছেট[সম্পাদনা কৰক]

  • গ্ৰামোফোন ডিস্কত সহস্ৰাধিক লোকসংগীত, পৰম্পৰাগত-ধৰ্মীয়, সুগম সংগীত আদি এইচ এম ভিৰ দ্বাৰা ৰেকৰ্ড কৰা হয়।
  • প্ৰায় ৪৫টা বিভিন্ন কেছেটযোগে ৩৫০টাতকৈও অধিক গীত প্ৰচাৰ।[6]

বঁটা-সন্মান[সম্পাদনা কৰক]

  • প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি। (১৯৭২)
  • ফিল্ম ক্ৰাফ্‌ট বঁটা (১৯৮৮)
  • ৰজত কমল বঁটা (১৯৯০) টেলিফিল্ম 'NISI UJAGAR' (নিশি উজাগৰ) আৰু 'Juj' (যুঁজ)ৰ সংগীত নিৰ্দেশনাৰ বাবে।
  • সংগীত নাটক একাডেমী বঁটা (১৯৯২)
  • শ্ৰীক্ষয় বঁটা (১৯৯৪)
  • সংগীতাচাৰ্য বঁটা (১৯৯৯)[6]
নেপালত সন্মান

১৯৬৫ চনত নেপালৰ তেতিয়া ৰজা মহেন্দ্ৰ উপস্থিতিত ৰয়েল থিয়েটাৰত ‘মুৰেলী বাজো বনমা/ ল কৃষ্ণা চমজানা মনমা’ নামৰ নেপালী চহা জীৱনৰ এটি গীত খগেন মহন্তই গাইছিল। তেতিয়াৰ কণমানি খগেন মহন্তৰ কণ্ঠত নেপালৰ ভিতৰুৱা অঞ্চলৰ অখ্যাত গীত শুনি সকলো তেওঁৰ প্ৰশংসাত বিভোৰ হৈছিল আৰু ৰজাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছিল। আনহাতে গীত শুনি আনন্দিত হৈ নেপালৰ লোকগীতৰ সম্ৰাট ধৰমৰাজ থাপাই মৰমৰ চিনস্বৰূপে খগেন মহন্তৰ শিৰত এটি টুপী পিন্ধাই দিছিল। নেপালৰ পৰা লাভ কৰা সেই টুপীটো শিৰত সন্মান সহকাৰে পিন্ধি থাকিছিল।[3]

আত্মজীৱনী[সম্পাদনা কৰক]

খগেন মহন্তই চিত্ৰ সংবাদ নে শিল্পীৰ পৃথিৱীত ১৮টা মান খণ্ড তেওঁ নিজ জীৱনৰ বিষয়ে লিখিছিল। কিন্তু সেই আলোচনী কিবা কাৰণত বন্ধ হৈ গ’ল। ফলত তেওঁৰ লেখাও বন্ধ হ’ল।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 AT News (Thu, 12/06/2014). "Khagen Mahanta no more". assamtimes. http://www.assamtimes.org/node/11086। আহৰণ কৰা হৈছে: 12 জুন 2014. 
  2. 2.0 2.1 http://www.vedanti.com/Legends/khagen_mahanta.htm[সংযোগবিহীন উৎস]
  3. 3.0 3.1 3.2 দেৱজিত শৰ্মা, গুৱাহাটী ((১ ভাদ, ১৯৩৫ শক) ১৮ আগষ্ট, ২০১৩). "৭২ত ভৰি দিলে বিহু সম্ৰাট, গণ শিল্পী খগেন মহন্তই". দৈনিক জনমভূমি, যোৰহাট: দহ পৃষ্ঠা. 
  4. 4.0 4.1 4.2 Press Trust of India (Jun 12, 2014). "Assam's popular folk singer Khagen Mahanta dead". ibnlive.in.com. Archived from the original on 2014-06-15. https://web.archive.org/web/20140615120232/http://ibnlive.in.com/news/assams-popular-folk-singer-khagen-mahanta-dead/478642-3-251.html। আহৰণ কৰা হৈছে: 12 জুন 2014. 
  5. 5.0 5.1 "King of Bihu’ Khagen Mahanta no more". news time assam. June 12th, 2014. Archived from the original on 2014-06-26. https://web.archive.org/web/20140626071601/http://www.newstimeassam.co.in/newsupdates/index.php?aID=1282#.U5nOYPmSxvA। আহৰণ কৰা হৈছে: 12 জুন 2014. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 6.6 আজিৰ দৈনিক বাতৰি, অনুভূতি, গুৱাহাটী, ২৪ জুন ২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]