সমললৈ যাওক

গীতাৱলী ৰাজকুমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গীতাৱলী ৰাজকুমাৰী
জন্ম ৮ অক্টোবৰ[1]
যোৰহাট জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয়
সংস্থা অসমীয়া বোলছবি জগত
ধৰ্ম হিন্দু

গীতাৱলী ৰাজকুমাৰী (ইংৰাজী: Gitawali Rajkumari) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল অসমৰ যোৰহাট জিলাত।[2] তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” আদি অন্যতম।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

গীতাৱলীয়ে মৃদুল গুপ্তাৰ দ্বাৰা পৰিচালিত ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ কৃষ্ণচূড়াৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০০০ চনত মুক্তিপ্ৰাপ্ত মুনিন বৰুৱাৰ চুপাৰহিট ছবি হিয়া দিয়া নিয়া তেখেতৰ অভিনয় জীৱনৰ উল্লেখযোগ্য ছবি। তেওঁ বহুকেইখন অসমীয়া ভিচিডি ছবি আৰু ধাৰাবাহিকতো অভিনয় কৰিছে।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
চনছবিৰ নামঅভিনীত চৰিত্ৰঅন্যান্য
১৯৯৮কৃষ্ণচূড়াগীতাৱলীৰ প্ৰথম চলচ্চিত্ৰ
২০০০হিয়া দিয়া নিয়াসুনিতা
২০০১কইনা মোৰ ধুনীয়াগায়ত্ৰী
২০০২ককাদেউতাৰ ঘৰ জোঁৱাইগীতা
২০০২ত্যাগতৰামাই[1]
২০০৩হিট লিষ্ট
২০০৩হেঁপাহ
২০০৩পত্নীৰুমা
২০১২তুলা আৰু তেজা
২০১২ঘৰ সংসাৰভিচিডি
২০২২ৰাজনীতি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]