সমললৈ যাওক

হিয়া দিয়া নিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিয়া দিয়া নিয়া
পৰিচালক মুনিন বৰুৱা
প্ৰযোজক মেৰী লস্কৰ
(পূজা মোশ্যন পিকচাৰ্ছ)
অভিনয়ত যতীন বৰা
ৰবি শৰ্মা
প্ৰাঞ্জল শইকীয়া
লুনা লহকৰ
গীতাৱলী ৰাজকুমাৰী
মৃদুলা বৰুৱা
চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাস
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
২৫ ফেব্ৰুৱাৰী ২০০০
দেশ  ভাৰত
ভাষা অসমীয়া
সৰ্বমুঠ আয় ₹ ১ কোটি [1]

হিয়া দিয়া নিয়া হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ছবি। পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত মেৰী লস্কৰে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, ৰবি শৰ্মা, লুনা লহকৰ, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱাই। চলচ্চিত্ৰখনে বহুল জনপ্ৰিয়তা লাভ কৰি সমগ্ৰ অসমতে আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই চলচ্চিত্ৰখনৰ যোগেদিয়েই অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।[2][3]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা। [4]

অভিনয়ত

[সম্পাদনা কৰক]
হিয়া দিয়া নিয়া
চলচ্চিত্ৰ সংগীত
মুক্তি ২৫ অক্টোবৰ ১৯৯৯
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া
লেবেল পূজা মোশ্যন পিকচাৰ্ছ
জুবিন গাৰ্গ কালক্ৰম
হিয়া দিয়া নিয়া
(২০০০)
তুমি মোৰ মাথোঁ মোৰ
(২০০০)

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীতিকাৰ আছিল হেমন্ত দত্ত, দিগন্ত ভাৰতী আৰু জীমণি চৌধুৰী। গীতসমূহত কণ্ঠদান কৰিছিল জুবিন গাৰ্গ, মালবিকা বৰা, তৰালী শৰ্মা, শান্তা উজীৰ, দিগন্ত ভাৰতী, দেবজিৎ চৌধুৰী, চেতনা দাস আৰু হিৰণ্য ডেকাই। এটি থীম্ সংগীতেৰে সৈতে এলবামটিত মুঠ ৮টি গীত সন্নিবিষ্ট আছে।[5] ছবিখনৰ সকলোবোৰ গানেই চিৰসেউজ আৰু জনপ্ৰিয়।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "নহ’লে পৰিচয়"  হেমন্ত দত্তজুবিন গাৰ্গ ৪:২২
2. "বুকু ভৰা"  জীমণি চৌধুৰীমালবিকা বৰা ৪:০০
3. "মলয়াৰ দুপাখিত"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, তৰালী শৰ্মা ৫:৩৮
4. "কথাটি বুজিলোঁ"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, তৰালী শৰ্মা ৬:১৭
5. "নহ’লে পৰিচয়"  হেমন্ত দত্তশান্তা উজীৰ ৪:১৯
6. "মিছাতে মিছাতে"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, দিগন্ত ভাৰতী, চেতনা দাস, হিৰণ্য ডেকা ৩:৫১
7. "থীম্ - হিয়া দিয়া নিয়া"  জুবিন গাৰ্গজুবিন গাৰ্গ ৩:৪১
8. "মিঠা মিঠা"  জীমণি চৌধুৰীজুবিন গাৰ্গ, দেবজিৎ চৌধুৰী, শান্তা উজীৰ, মালবিকা বৰা ৪:৪০

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ??". Rupaliparda. Archived from the original on 2020-04-03. https://web.archive.org/web/20200403162204/https://rupaliparda.com/archives/11416 আহৰণ কৰা হৈছে: ২৩ এপ্ৰিল ২০২০.
  2. 1 2 "Hiya Diya Niya (2000) – Assamese Film". assams.info. http://www.assams.info/movies/hiya-diya-niya-2000 আহৰণ কৰা হৈছে: ১৩ জুন ২০১৫.
  3. 1 2 "Released Assamese Films". enajori.com. Archived from the original on 2012-03-08. https://web.archive.org/web/20120308071902/http://enajori.com/released-movies/ আহৰণ কৰা হৈছে: ১৩ জুন ২০১৫.
  4. "“হিয়া দিয়া নিয়া” ৰ সফল ২০ টা বৰ্ষঃ". Rupaliparda. http://rupaliparda.com/archives/10688 আহৰণ কৰা হৈছে: ১৮ এপ্ৰিল, ২০২০.
  5. "Hiya Diya Niya". Music India Online. Archived from the original on 2015-06-24. https://web.archive.org/web/20150624055132/http://mio.to/album/Hiya+Diya+Niya আহৰণ কৰা হৈছে: ১৩ জুন ২০১৫.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]