সমললৈ যাওক

কন্যাদান (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কন্যাদান
পৰিচালক মুনিন বৰুৱা
চিত্ৰনাট্য মুনিন বৰুৱা
কাহিনী মুনিন বৰুৱা
প্ৰযোজক চি এছ নাৰায়ণ,
স্বৰাজ দাস (বাবা)
অভিনয়ত যতীন বৰা
মৃদুলা বৰুৱা
ভাস্কৰ বৰা
পূৰবী শৰ্মা
মাধুৰীমা চৌধুৰী
ঋতুপৰ্ণা কটকী
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
১৯ মাৰ্চ, ২০০২
দেশ  ভাৰত
ভাষা অসমীয়া
বাজেট ₹ ২৫ লাখ
সৰ্বমুঠ আয় ₹ ৫৫ লাখ[1]

কন্যাদান ২০০২ চনত মুক্তি প্ৰাপ্ত এখন অসমীয়া পাৰিবাৰিক চলচ্চিত্ৰ। চি এছ নাৰায়ণ আৰু স্বৰাজ দাসৰ দ্বাৰা প্ৰযোজিত আৰু মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ খনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, মৃদুলা বৰুৱা, ভাস্কৰ বৰা, পূৰবী শৰ্মা, মাধুৰীমা চৌধুৰী আৰু ঋতুপৰ্ণা কটকীয়ে।

বকুলপুৰ নামৰ এখন ঠাইৰ যৌথ পৰিয়ালৰ আধাৰত কাহিনীটো নিৰ্মিত। চিনেমাখনৰ নায়ক উৎপল (যতীন বৰা) নগৰৰ চহকী পটভূমিৰ এগৰাকী ছোৱালীৰ প্ৰেমত পৰা পৰিয়ালটোৰ কনিষ্ঠ পুত্ৰ। তেওঁৰ তিনিজন ভায়েক আৰু তিনিজনী ভনীয়েক আছে। ছোৱালীজনীৰ প্ৰতি তেওঁৰ মোহৰ কথা বায়েকহঁতে জানে যদিও ভাইটিহঁতে সেই বিষয়ে অৱগত নহয়। মধ্যবিত্তীয় পটভূমিৰ এটা সাধাৰণ পৰিয়ালক প্ৰক্ষেপ কৰা সামাজিক চিনেমা।

অভিনয়ত

[সম্পাদনা কৰক]
  • যতীন বৰা (উৎপল)
  • ঋতুপৰ্ণা কটকী (ৰীমা)
  • অৰুণ নাথ (বিজয় বৰুৱা)
  • মৃদুলা বৰুৱা (জয়া)
  • জয়ন্ত দাস (বিনন্দ বৰুৱা)
  • মাধুৰীমা চৌধুৰী (নীৰা)
  • ভাস্কৰ বৰা (বিজয় বৰুৱা)
  • পূৰবী শৰ্মা (ৰুবি)
  • চেতনা দাস
  • হিৰণ্য ডেকা (ফণীধৰ)
  • তপন দাস (ৰঞ্জিত ফুকন)
  • মঞ্জুলা বৰুৱা
  • জগদীশ ভূঞা
  • ৰশ্মি ৰেহাই
কন্যাদান
ছাউণ্ডট্ৰেক
মুক্তি ২০০২
বাণীবন্ধন ২০০২
ভাষা অসমীয়া
লেবেল সংগম পিকচাৰ্ছ
প্ৰযোজক চি এছ নাৰায়ণ,
স্বৰাজ দাস (বাবা)
জুবিন গাৰ্গ কালক্ৰম
প্ৰেম আৰু প্ৰেম
২০০২
'কন্যাদান
(২০০২)
জোনাকী মন
২০০২

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীতিকাৰ আছিল জুবিন গাৰ্গ, দিগন্ত ভাৰতী আৰু মানস ৰবীন। কণ্ঠশিল্পী সকল আছিল জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, মহালক্ষ্মী আয়াৰ, শাশ্বতী ফুকন, নিৰ্মালী দাস, মিতালী বৰকটকী, জংকী বৰঠাকুৰ আৰু মানস ৰবীন। মুঠ ৬টা গানৰ প্ৰায় সকলো কেইটা গানেই যথেষ্ট জনপ্ৰিয়।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "ঊল গুঁঠিব জানেনে"  মানস ৰবীনশাশ্বতী ফুকন, মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ ৪:৪০
2. "বান্ধৈ ঐ"  দিগন্ত ভাৰতীজুবিন গাৰ্গ ৪:১৮
3. "চোৱাঁ চোৱাঁ"  জুবিন গাৰ্গজুবিন গাৰ্গ, মিতালী বৰকটকী ৫:২০
4. "সোণ-ৰূপেৰেও"  দিগন্ত ভাৰতীজ্যোতি প্ৰকাশ দাস, জুবিন গাৰ্গ, মানস ৰবীন, জংকী বৰঠাকুৰ ৫:৪২
5. "লহিয়ালে ৰঙা বেলি"  মানস ৰবীনজুবিন গাৰ্গ, নিৰ্মালী দাস ৫:২৫
6. "নীলা নীলা"  জুবিন গাৰ্গজুবিন গাৰ্গ, কল্পনা পাটোৱাৰী ৫:০০

তথ্যসূত্ৰ

[সম্পাদনা কৰক]