সমললৈ যাওক

মন যায় (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মন যায়
'I Feel Like'
মন যায়ৰ পোষ্টাৰ
পৰিচালক এম মণিৰাম
ৰচনা এম মনিৰাম
চিত্ৰনাট্য এম মনিৰাম
প্ৰযোজক এম মনিৰাম
সবিতা সনম
জয়ন্ত গোস্বামী
অভিনয়ত জুবিন গাৰ্গ
পবিত্ৰ মাৰ্ঘেৰিটা
জ্ঞানেন্দ্ৰ পল্লব
নৱদ্বীপ বৰগোঁহাই
নিশিতা গোস্বামী
ৰিম্পী দাস
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা গৌতম ঘোষ
সংগীত পৰিচালক জুবিন গাৰ্গ
প্ৰযোজনা
কোম্পানী
মৈৰঙঠম মুভিজ
পৰিবেশক দৰ্পন চিনে প্ৰডাকচন
ছনম মিডিয়া
মুক্তি
১২ ছেপ্টেম্বৰ, ২০০৮
দৈৰ্ঘ্য
১৭৮ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মন যায় (ইংৰাজী: I Feel Like) হৈছে, ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। 'মৈৰঙঠম মুভিজ'ৰ বেনাৰত নিৰ্মিত আৰু এম মণিৰাম পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী দাস ইত্যাদি। ছবিখনে '৫৬-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে[1]

ছবিখনৰ কাহিনী গঢ় লৈ উঠে তিনিচুকীয়া চহৰৰ চাৰিজন নিবনুৱা শিক্ষিত যুৱক মানব (জুবিন গাৰ্গ), নয়ন (পবিত্ৰ মাৰ্ঘেৰিটা), তপন (জ্ঞানেন্দ্ৰ পল্লব) আৰু অকনক (নৱদ্বীপ বৰগোহাঁই)ক কেন্দ্ৰ কৰি। টকা দিব নোৱাৰাৰ ফলত মানব, নয়নহঁতে চাকৰি হেৰুৱাব লগা হয়। হতাশাৰ বলি হৈ তেওঁলোকে (নয়নৰ বাহিৰে) সহজে ধন ঘটাৰ উদ্দেশ্যি এজন ধনী ব্যৱসায়ীক অপহৰণ কৰে, পিছে ঘটনাৰ পাকচক্ৰত পৰি তেওঁলোকে ব্যৱসায়ীজনক হত্যা কৰি পেলায়।

অভিনয় শিল্পী

[সম্পাদনা কৰক]

ছবিখনৰ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গে। ছবিখনৰ মন যায় শীৰ্ষক গীতটিয়ে লাভ কৰে বিপুল জনপ্ৰিয়তা।

গীতৰ তালিকা

[সম্পাদনা কৰক]
  • আবেলিৰ ৰ'দালি
  • অনুৰাগ এতিয়া
  • মন যায়
  • হাঁহি হেৰুৱায়
  • ব'হাগ
  • মৰম দিলা মোক

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]