আকাশীতৰাৰ কথাৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আকাশীতৰাৰ কথাৰে

ছবিখনৰ এটি মুহূৰ্ত
ৰচনা মঞ্জু বৰা
চিত্ৰনাট্য মঞ্জু বৰা
কাহিনী মঞ্জু বৰা
প্ৰযোজক সংগীতা তামুলী
অভিনয়ত বিষ্ণু খাৰঘৰীয়া, অৰ্পণা দত্ত চৌধুৰী, প্ৰাঞ্জল শইকীয়া
চিত্ৰগ্ৰহণকাৰী ৰাজু মিশ্ৰ
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক তৰালি শৰ্মা
মুক্তি
১৪ নৱেম্বৰ, ২০০৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

আকাশীতৰাৰ কথাৰে... (ইংৰাজী: A Tale told thousand times) হৈছে ২০০৩ চনৰ ১৪ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু গৱেষণা হৈছে মঞ্জু বৰাৰ। চিত্ৰা কমিউনিকেচনচৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখনৰ এটি গীতত কণ্ঠদান কৰি ছবিখনৰ সংগীত পৰিচালক তৰালি শৰ্মাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।[1]

কাহিনী[সম্পাদনা কৰক]

ছবিখনৰ কাহিনী উচ্চশিক্ষিতা আৰু উচ্চাকাংক্ষী যুৱতী আকাশীতৰাৰ জীৱনৰ আধাৰত গঢ়ি উঠিছে। স্বাধীনচিতীয়া মনোভাৱৰ আকাশীতৰাই বৈবাহিক বান্ধোনত সাঙুৰ খোৱাৰ পাছতেই তেওঁৰ স্বতন্ত্ৰতাত বাধা আহি পৰে। স্বামী ৰাঘৱ চৌধুৰীৰ স্বেচ্ছাচাৰী আৰু অবাঞ্ছিত ব্যৱহাৰে আকাশীতৰাৰ মৰ্যাদা প্ৰতিটো মুহূৰ্ততে বিনষ্ট কৰে। ব্যক্তিস্বাধীনতাৰ এনে অনাকাংক্ষিত অৱমূল্যায়নে আকাশীতৰাক ক্ৰমাৎ হতাশাগ্ৰস্ত কৰি তোলে আৰু বৈবাহিক জীৱনটোৰ পৰা তেওঁ লাহে লাহে পৃথক হৈ আহে।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

কলা-কুশলী[সম্পাদনা কৰক]

  • ছবিখনৰ শব্দগ্ৰহণঃ যতীন শৰ্মা
  • কলা নিৰ্দেশনাঃ ফটিক বৰুৱা[1]

সন্মান[সম্পাদনা কৰক]

  • চেঞ্চৰ বৰ্ডৰ পৰা 'এ' প্ৰমাণপত্ৰ লাভ কৰা ছবিখনে আঞ্চলিক ভিত্তিত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰে। ২০০৪ চনত অনুষ্ঠিত হোৱা ৫১ সংখ্যক ৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছবিখনৰ পৰিচালক মঞ্জু বৰা আৰু প্ৰযোজক সংগীতা তামুলীয়ে পুৰস্কাৰ হিচাপে ৰজত কমলৰ লগতে ২০,০০০ টকাকৈ নগদ বঁটা লাভ কৰে। ছবিখনৰ প্ৰসংগত প্ৰশস্তি-পত্ৰত লিখা হয়, “The award for the best feature film in Assamese of 2003 is given to Akashitoraar Kathare, for its juxtaposition of a woman's search for her cultural heritage and her loss of identity.[2]
  • ছবিখনত মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষাৰ এটি কাকূতি ঘোষাত পৰম্পৰাগত শৈলীৰে কণ্ঠদান কৰা হয়। কণ্ঠদান কৰে ছবিখনৰ সংগীত পৰিচালক তৰালি শৰ্মাই। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। উল্লেখ্য যে, কোনোধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ নকৰাকৈয়ে তেখেতে ছবিখনৰ সেই গীতটিত কণ্ঠদান কৰিছিল। পুৰস্কাৰ হিচাপে তেখেতে ৰজত কমলৰ লগতে ১০,০০০ টকাৰ নগদ বঁটা লাভ কৰে। তৰালি শৰ্মাক প্ৰদান কৰা প্ৰশস্তি-পত্ৰত লিখা আছে, “The Award for the Best Playback Singer of 2003 is given to Tarali Sarma in Akashitoraar Kathare, for her tuneful rendition of a devotional song without instrumental accompaniment.[2]
  • ছবিখন ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত অডিয়েন্স এৱাৰ্ড লাভ কৰে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 দাস, অৰুণলোচন. ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. প্ৰকাশক গুৱাহাটী: শিশু-শশী প্ৰকাশন. পৃষ্ঠা. ৪৭৮-৪৮০. 
  2. 2.0 2.1 "51st Natioanl FIlm Awards, 2004". Directorate of Film Festivales. 2004. http://dff.nic.in/images/Documents/66_51stNfacatalogue.pdf। আহৰণ কৰা হৈছে: 5 August 2020.