সমললৈ যাওক

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত
সংক্ষিপ্ত ASFFDC
গঠন  ছেপ্টেম্বৰ ১৯৭৪ (1974-09-04)
Legal status সক্ৰিয়
Focus অসমীয়া চলচ্চিত্ৰৰ প্ৰসাৰ
Headquarters পাঞ্জাবাৰী, গুৱাহাটী, অসম
Owner অসম চৰকাৰ
Key people
সভাপতি: সীমান্ত শেখৰ
উপ-সভাপতি: অলেক্ষ্য‌ বৰুৱা
ৱেবছাইট filmfinance.assam.gov.in/as

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (ইংৰাজী: Assam State Film (Finance and Development) Corporation Ltd.}) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংস্থা। কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে ইয়াক গঠন কৰিছিল।[1]

ASFFDC-এ বিগত বৰ্ষবোৰত অন্য প্ৰযোজনা সংস্থাৰ সৈতে যুটীয়াভাবে জাহ্নু বৰুৱাৰ 'বান্ধোন' (২০১২), ৰজনী বসুমতাৰীৰ 'ৰাগ' (২০১৪) আদিকে ধৰি বহুকেইখন অসমীয়া ছবিৰ প্ৰযোজনা কৰিছে।[2][3]

কাৰ্যাৱলী

[সম্পাদনা কৰক]

ASFFDC-এ নিম্নোক্ত কাৰ্যাৱলী সম্পাদন কৰে।

  • অসমীয়া ছবি প্ৰযোজনা কৰিবলৈ বিত্তৰ যোগান
  • শিল্পী কল্যাণ নিধি যোগে চলচ্চিত্ৰৰ সৈতে জড়িত শিল্পী, কলা-কুশলীলৈ আৰ্থিক সহযোগিতা আগবঢোৱা
  • চলচ্চিত্ৰ সংগ্ৰহালয় যোগে চলচ্চিত্ৰ সম্পৰ্কীয় সামগ্ৰী, নথি আদিৰ সংৰক্ষণ, প্ৰদৰ্শন।
  • ফিল্ম আৰ্কাইভত ছবিৰ প্ৰিণ্ট সংৰক্ষণ
  • ভাৰাৰ বিনিময়ত ১০০জনীয়া আসনৰ বাতানুকুল প্ৰেক্ষাগৃহৰ ব্যৱস্থা কৰা
  • ভাৰাৰ বিনিময়ত শ্বুটিং জেনেৰেটৰ ভেনৰ যোগান[4]

প্ৰযোজনা কৰা ছবিৰ তালিকা

[সম্পাদনা কৰক]
মুক্তিৰ বৰ্ষছবিৰ নামসহযোগী প্ৰযোজকপৰিচালকবঁটা-বাহন
২০০০নিষিদ্ধ নদী-বিদ্যুৎ চক্ৰৱৰ্তী২০০৫ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা
২০১৩বান্ধোন-জাহ্নু বৰুৱাশ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
২০১৪ৰাগৰজনী বসুমতাৰীৰজনী বসুমতাৰী
২০১৪পানীযদুমণি দত্তযদুমণি দত্ত
২০১৪শৃংখলপ্ৰবীন হাজৰিকা, প্ৰীতি শইকীয়াপ্ৰবীণ হাজৰিকা
২০১৪টি আৰ পি আৰুজে আৰ এ্ণ্টাৰপ্ৰাইজমৃদুল গুপ্তা
২০১৬সাত নম্বৰৰ সন্ধানত-আব্দুল মজিদ
২০১৬দিকচৌ বনত পলাশ ‍‍‍‍উৎপল দাস (কেনভাস্ক'প)সঞ্জীৱ সভাপণ্ডিত
২০১৭তুমি আহিবানেপ্ৰেৰণা ক্ৰিয়েচনপ্ৰেৰণা বৰবৰুৱা
২০১৭সোণাৰ বৰণ পাখিবসন্ত কুমাৰ বৰুৱা, ববী শৰ্মা বৰুৱাববী শৰ্মা বৰুৱা[5]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "ASFFDC - Right To Information". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304120405/http://asffdc.in/rti.html আহৰণ কৰা হৈছে: 4 January 2016.
  2. "Post 'Baandhon', ASFFDC plans to revive Assam film industry". Business Standard. Press Trust of India (Panaji). 21 November 2012. http://www.business-standard.com/article/pti-stories/post-baandhon-asffdc-plans-to-revive-assam-film-industry-112112100506_1.html আহৰণ কৰা হৈছে: 4 January 2016.
  3. "Film body works on returns". The Telegraph (Guwahati). 27 November 2014. http://www.telegraphindia.com/1141127/jsp/northeast/story_19090879.jsp#.Voyob_l97Dc আহৰণ কৰা হৈছে: 6 January 2016.
  4. "Functions and Objectives". THE ASSAM STATE FILM (FINANCE AND DEVELOPMENT) CORPORATION. Archived from the original on 9 August 2020. https://web.archive.org/web/20200809104752/https://filmfinance.assam.gov.in/about-us/detail/functions-and-objectives-28 আহৰণ কৰা হৈছে: 18 May 2020.
  5. "List of Feature Films Produced/Co-produced by ASFFDC". DEPARTMENT OF CULTURAL AFFAIRS, ASSAM GOVT.. Archived from the original on 23 September 2020. https://web.archive.org/web/20200923231447/https://filmfinance.assam.gov.in/information-services/feature-films আহৰণ কৰা হৈছে: 18 May 2020.