অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত
চমু  নাম ASFFDC
প্ৰতিষ্ঠা ৪ ছেপ্টেম্বৰ ১৯৭৪ (1974-09-04)
সক্ৰিয়তা সক্ৰিয়
প্ৰধান  কাৰ্যালয় পাঞ্জাবাৰী, গুৱাহাটী, অসম
মুখ্য  ব্যক্তি সভাপতি: সীমান্ত শেখৰ
উপ-সভাপতি: অলেক্ষ্য‌ বৰুৱা
ৱেবছাইট filmfinance.assam.gov.in/as

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (ইংৰাজী: Assam State Film (Finance and Development) Corporation Ltd.}) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংস্থা। কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে ইয়াক গঠন কৰিছিল।[1]

ASFFDC-এ বিগত বৰ্ষবোৰত অন্য প্ৰযোজনা সংস্থাৰ সৈতে যুটীয়াভাবে জাহ্নু বৰুৱাৰ 'বান্ধোন' (২০১২), ৰজনী বসুমতাৰীৰ 'ৰাগ' (২০১৪) আদিকে ধৰি বহুকেইখন অসমীয়া ছবিৰ প্ৰযোজনা কৰিছে।[2][3]

কাৰ্যাৱলী[সম্পাদনা কৰক]

ASFFDC-এ নিম্নোক্ত কাৰ্যাৱলী সম্পাদন কৰে।

  • অসমীয়া ছবি প্ৰযোজনা কৰিবলৈ বিত্তৰ যোগান
  • শিল্পী কল্যাণ নিধি যোগে চলচ্চিত্ৰৰ সৈতে জড়িত শিল্পী, কলা-কুশলীলৈ আৰ্থিক সহযোগিতা আগবঢোৱা
  • চলচ্চিত্ৰ সংগ্ৰহালয় যোগে চলচ্চিত্ৰ সম্পৰ্কীয় সামগ্ৰী, নথি আদিৰ সংৰক্ষণ, প্ৰদৰ্শন।
  • ফিল্ম আৰ্কাইভত ছবিৰ প্ৰিণ্ট সংৰক্ষণ
  • ভাৰাৰ বিনিময়ত ১০০জনীয়া আসনৰ বাতানুকুল প্ৰেক্ষাগৃহৰ ব্যৱস্থা কৰা
  • ভাৰাৰ বিনিময়ত শ্বুটিং জেনেৰেটৰ ভেনৰ যোগান[4]

প্ৰযোজনা কৰা ছবিৰ তালিকা[সম্পাদনা কৰক]

মুক্তিৰ বৰ্ষ ছবিৰ নাম সহযোগী প্ৰযোজক পৰিচালক বঁটা-বাহন
২০০০ নিষিদ্ধ নদী - বিদ্যুৎ চক্ৰৱৰ্তী ২০০৫ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা
২০১৩ বান্ধোন - জাহ্নু বৰুৱা শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
২০১৪ ৰাগ ৰজনী বসুমতাৰী ৰজনী বসুমতাৰী
২০১৪ পানী যদুমণি দত্ত যদুমণি দত্ত
২০১৪ শৃংখল প্ৰবীন হাজৰিকা, প্ৰীতি শইকীয়া প্ৰবীণ হাজৰিকা
২০১৪ টি আৰ পি আৰু জে আৰ এ্ণ্টাৰপ্ৰাইজ মৃদুল গুপ্তা
২০১৬ সাত নম্বৰৰ সন্ধানত - আব্দুল মজিদ
২০১৬ দিকচৌ বনত পলাশ ‍‍‍‍ উৎপল দাস (কেনভাস্ক'প) সঞ্জীৱ সভাপণ্ডিত
২০১৭ তুমি আহিবানে প্ৰেৰণা ক্ৰিয়েচন প্ৰেৰণা বৰবৰুৱা
২০১৭ সোণাৰ বৰণ পাখি বসন্ত কুমাৰ বৰুৱা, ববী শৰ্মা বৰুৱা ববী শৰ্মা বৰুৱা[5]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "ASFFDC - Right To Information". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304120405/http://asffdc.in/rti.html। আহৰণ কৰা হৈছে: 4 January 2016. 
  2. "Post 'Baandhon', ASFFDC plans to revive Assam film industry". Business Standard. Press Trust of India (Panaji). 21 November 2012. http://www.business-standard.com/article/pti-stories/post-baandhon-asffdc-plans-to-revive-assam-film-industry-112112100506_1.html। আহৰণ কৰা হৈছে: 4 January 2016. 
  3. "Film body works on returns". The Telegraph (Guwahati). 27 November 2014. http://www.telegraphindia.com/1141127/jsp/northeast/story_19090879.jsp#.Voyob_l97Dc। আহৰণ কৰা হৈছে: 6 January 2016. 
  4. "Functions and Objectives". THE ASSAM STATE FILM (FINANCE AND DEVELOPMENT) CORPORATION. https://filmfinance.assam.gov.in/about-us/detail/functions-and-objectives-28। আহৰণ কৰা হৈছে: 18 May 2020. 
  5. "List of Feature Films Produced/Co-produced by ASFFDC". DEPARTMENT OF CULTURAL AFFAIRS, ASSAM GOVT.. https://filmfinance.assam.gov.in/information-services/feature-films। আহৰণ কৰা হৈছে: 18 May 2020.