সীমান্ত শেখৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সীমান্ত শেখৰ

২০১৬ চনত তেজপুৰত সীমান্ত শেখৰ
প্ৰাথমিক তথ্য
জন্মৰ নাম সীমান্ত বৰ্মন
আন নাম Sim
জন্ম ১৮ মে', ১৯৮২ (৪১ বছৰ)
টিহু, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ লোক সংযোজন, ভাৰতীয়/অসমীয়া শাস্ত্ৰীয সংগীত়, ভাৰতীয়/অসমীয়া লোক লোকসংগীত, এক'ষ্টিক লোকসংগীত, নেপথ্য গায়ন, ইণ্ডি-প'প
পেচা কণ্ঠশিল্পী, সংগীতজ্ঞ, সংগীত প্ৰযোজক, সুৰকাৰ
বাদ্যযন্ত্ৰ কণ্ঠসংগীত, এক'ষ্টিক গীটাৰ, হাৰমনিয়াম
কাৰ্যকাল ২০০৫ - বৰ্তমানলৈকে
ৰেকৰ্ড লেবেল টাইমছ্ মিউজিক
ৱেবছাইট www.simantashekhar.com


সীমান্ত শেখৰ (ইংৰাজী: Simanta Shekhar, জন্ম: ১৮ মে' ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ।[1] সীমান্ত শেখৰৰ সংগীত শৈলী মূলতঃ লোক সংযোজন আৰু ইণ্ডি-পপেৰে গঠিত আৰু তেওঁৰ অসমীয়া একক এলবাম গীতৰ বাবে সুপৰিচিত। তেওঁৰ প্ৰথমটো ৰেকৰ্ডিং কৰা মূলসুঁতিৰ গীত 'তৰা দৈ' জনপ্ৰিয় হিট হৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৮২ চনৰ ১৮ মে' তাৰিখে অসমৰ নলবাৰী জিলাৰ টিহুত সীমান্ত বৰ্মন হিচাপে সীমান্ত শেখৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দয়া ৰাম বৰ্মন আৰু মাতৃ আৰাতি বৰ্মন।[2] স্কুলীয়া দিনৰ পৰাই তেওঁ গায়ক হ’ব বিচাৰিছিল। তেওঁ টিহু হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তাৰপিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্মাচিউটিকেল ছায়েন্স বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

২০১৩ চনত কোক ষ্টুডিঅ’ (ভাৰত)ৰ পঞ্চম খণ্ডত সীমান্ত শেখৰে বিখ্যাত ট্ৰেক ‘ঝুমূৰ’ত, সহযোগী গায়ক পাপন আৰু দুলাল মানকিৰ সৈতে কণ্ঠ দিছিল আৰু লগতে অভিনয় কৰিছিল। পখিলাকে আদি কৰি তেওঁ কেইবাখনো অসমীয়া বোলছবিত অভিনয় কৰিছে। শেখৰৰ সংগীতৰ বহুখিনি সফল আৰু জনপ্ৰিয় বুলি বিবেচিত হৈছে। তেওঁৰ উল্লেখযোগ্য গীতসমূহ হৈছে: গাঞ্জা লিয়া,[3] লৈ আনিছোঁ কেমেৰা, মুৰ বেবে, ডেগাৰ মাৰি মৰি যাম, বিউটি বেটেৰা, মোৰ বাবে তুমি, জিলেলে জিলেলে আৰু বিহুৰ সৈতে সংযোজন কৰা দেখা এক খ্যাব ইত্যাদি।

সীমান্ত শেখৰে বিশ্বৰ বিভিন্ন ঠাইৰ কনচাৰ্টত কণ্ঠদান কৰিছে। ইউনাইটেড আছাম এছ'চিয়েচন অৱ দ্য ইউনাইটেড কিংডমৰ দ্বাৰা আয়োজিত বাৰ্ষিক দুদিনীয়া অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিল।[4] সহজ পৰব- বাংলা মূল সংগীত উৎসৱটো যোগদান কৰিছিল।[5] তেওঁ গুৱাহাটীৰ ফাৰ্ষ্ট ডাইৰেক্ট হেয়াৰ ইমপ্লাণ্টেচন ক্লিনিকৰ দৰে কামকো সমৰ্থন কৰিছে।[6] সা ৰে গা মা পা বাংলা গ্ৰেণ্ড ফাইনেলত তেওঁ বিহু আৰু বলীউডৰ সংযোজন উপস্থাপন কৰিছিল আৰু বাংলা অনুৰাগীক আকৰ্ষণ কৰিছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

সীমান্ত শেখৰে প্ৰীতি কংগনাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰীতি কংগনা এগৰাকী প্ৰাক্তন মডেল আৰু জনপ্ৰিয় অসমীয়া অভিনেত্ৰী। তেওঁলোকৰ এজন পুত্ৰ আৰু তেওঁৰ নাম কাব্যিক শেখৰ। তেওঁলোকে গুৱাহাটীত বসবাস কৰে।[2]

গীতৰ তালিকা[সম্পাদনা কৰক]

এলবাম[সম্পাদনা কৰক]

বছৰ এলবাম গীত সুৰকাৰ সহ শিল্পী Ref.
২০১৬ সীমন্তজ ইণ্ডি "জিলে জিলেলে" সীমান্ত শেখৰ বৰ্ণালী কলিতা
"ডেগাৰ মাৰি"

নেপথ্য সংগীত[সম্পাদনা কৰক]

বছৰ বোলছৱি গীত সুৰকাৰ সহ শিল্পী ভাষা উৎস
২০১৭ চনত পুৰব কি আৱাজ "লুইতপৰীয়া" অজয় ফুকন, হিতেশ বৰুৱা প্ৰিয়ংকা, মাধুৰী গগৈ, অজয়, ৰিচি হিন্দী

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Coke Studio fame Simanta Shekhar's folk fusion of Bappi Lahiri's number a big success". Orissa Diary. Archived from the original on 16 September 2016. https://web.archive.org/web/20160916164244/http://orissadiary.com/showentertainmentnews.asp?id=59728। আহৰণ কৰা হৈছে: 17 June 2015. 
  2. 2.0 2.1 "Simanta Shekhar: Most Professional Singer". All About Assam. https://allaboutassam.in/2020/05/srimanta-shekhar/। আহৰণ কৰা হৈছে: 10 January 2021. [সংযোগবিহীন উৎস]
  3. "Simanta Shekhar set to release music album 'Gaanja Liya'". India TV News. 9 December 2014. http://www.indiatvnews.com/entertainment/bollywood/simanta-shekhar-to-album-gaanja-liya-19074.html। আহৰণ কৰা হৈছে: 9 December 2014. 
  4. "Sahaj Parab — A gala fest of Bengal's root music". Times of India. http://timesofindia.indiatimes.com/entertainment/bengali/music/Sahaj-Parab-A-gala-fest-of-Bengals-root-music/articleshow/48453418.cms। আহৰণ কৰা হৈছে: 10 January 2021. 
  5. Goswami, Nina. "Talent and fundraising take centre stage at Assam Day 2013". Assam Times. http://www.assamtimes.org/node/8796। আহৰণ কৰা হৈছে: 30 August 2013. 
  6. "North East Briefcase". The Shillong Times. 14 October 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015133232/http://www.theshillongtimes.com/2015/10/14/north-east-briefcase-465/। আহৰণ কৰা হৈছে: 14 October 2015.